ৰাণী ৰাসমণি (Rani Rasmani) কালীপ্ৰসাদ ঘোষ পৰিচালিত আৰু ১৯৫৫ চনত নিৰ্মিত বঙালী ভাষাৰ এখন ভাৰতীয় জীৱনীমূলক ছবি। ৰাণী ৰাসমণিৰ জীৱনৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ইয়াত মলিনা দেৱীয়ে নাম ভূমিকাত অভিনয় কৰিছিল।১ ১৯৫৫ চনৰ ১১ ফেব্ৰুৱাৰীত চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ বেনাৰত ছবিখন মুক্তি পায়।২৩ ৰাণী ৰাসমণিয়ে তৃতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ বঙালী পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে।৪
কাহিনীৰ সাৰাংশ
ৰাণী ৰাসমণিৰ বাস্তৱ জীৱনৰ কাহিনীক কেন্দ্ৰ কৰি ছবিখন আৱৰ্তমান হৈ আছে। ৰাসমণি কলকাতাৰ নিম্ন মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘল হৈছিল আৰু জমিদাৰ ৰাজচন্দ্ৰ দাসক বিয়া কৰায়। স্বামীৰ মৃত্যুৰ পিছত সাহসী ভদ্ৰমহিলাগৰাকীয়ে জমিদাৰী আৰু ব্যৱসায়ৰ দায়িত্ব চমজি লয় আৰু নিজকে এগৰাকী ফলপ্ৰসূ নেত্ৰী হিচাপে নিজকে প্ৰমাণ কৰে। সমাজৰ অশুভ উপাদানৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম আৰু বিভিন্ন সামাজিক কাজকৰ্মৰ বাবে তেওঁ জনাজাত।
বঁটা
৩য় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৫)
- শ্ৰেষ্ঠ বঙালী পূৰ্ণদৈৰ্ঘ্য ছবি (চাৰ্টিফিকেট অফ মেৰিট)
তথ্যসূত্ৰ
- ↑ NFDC. Indian Cinema A Visual Voyage. Publications Division Ministry of Information & Broadcasting. ISBN 9788123021928
- ↑ Ashish Rajadhyaksha, Paul Willemen. (10 July 2014). Encyclopedia of Indian Cinema. Routledge. ISBN 9781135943257
- ↑ Rani Rashmoni. indiancine.ma
- ↑ (1956). State Awards for Films, Films in India, 1956
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাণী ৰাসমণি (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০৫০৮৮ (১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।