আৰোগ্য নিকেতন (Arogya Niketan) বিজয় বসু পৰিচালিত ১৯৬৭ চনৰ বঙালী ভাষাৰ এখনৰ ভাৰতীয় নাট্যধৰ্মী ছবি।১ এইখন তাৰাশংকৰ বন্দোপাধ্যায় ৰচিত একেই নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ছবিখন আৰোৰা ফিল্ম কৰ্পোৰেচনে প্ৰযোজন কৰিছে।২ মুখ্য ভূমিকাত অভিনয় কৰিছে বিকাশ ৰায়,৩ ৰুমা গুহ ঠাকুৰতা, শুভেন্দু চট্টোপাধ্যায়, সন্ধ্যা ৰায় আৰু ছায়া দেৱীয়ে। ছবিখনৰ সংগীত পৰিচালনা ৰবীন চট্টোপাধ্যায়ৰ।
১৯৬৭ চনৰ ১০ আগষ্টত মুক্তি পোৱা ছবিখনে ১৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক পায়। তাৰোপৰি এইখনে ৩৩তম বেংগল ফিল্ম জাৰ্ণেলিষ্টছ্ এচোছিয়েচন বঁটাত ৬ষ্ঠ শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰৰ খিতাপ অৰ্জন কৰে।৪
কাহিনীৰ সাৰাংশ
প্ৰদ্যুৎ সেন হৈছে আধুনিক চিন্তাধাৰাৰ এজন এলোপেথিক চিকিৎসক, যিয়ে চিকিৎসা বৃত্তিৰ বাবে নৱগ্ৰাম গাঁৱলৈ যায়। কিন্তু ইতিমধ্যে গাঁৱত অনুশীলন কৰি থকা আয়ুৰ্বেদিক ডাক্তৰ জীৱন মশাই আছেই। দুয়োজন চিকিৎসকৰ চিন্তা আৰু নৈতিক মূল্যবোধৰ সংঘৰ্ষৰ কেন্দ্ৰ কৰি ছবিখনৰ কাহিনী আৱৰ্তমান।
অভিনয় শিল্পী
- বিকাশ ৰায়
- শুভেন্দু চেটাৰ্জী
- ছায়া দেৱী
- সন্ধ্যা ৰায়
- ৰুমা গুহ ঠাকুৰতা
- বংকিম ঘোষ
- ৰবি ঘোষ
- দিলীপ ৰায়
- জহৰ গাংগুলী
- সুধাংশু বন্দোপাধ্যায়
- ৰবীন ভট্টাচাৰ্য
- শান্তি চেটাৰ্জী
- ধীৰাজ দাস
বঁটা
পঞ্চদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬৭)
- বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক।৪
৩৩তম বি.জে.এ.এফ. বঁটা
- ষষ্ঠ শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ
তথ্যসূত্ৰ
- ↑ Gupta, Ranjan Das. (2017-01-26). A gentleman actor. The Hindu
- ↑ Arogya Niketan Movie: Showtimes, Review, Trailer, Posters, News & Videos · eTimes
- ↑ (3 August 2006). Ledger is the new Joker. The Telegraph
- ↑ 15th National Film Awards. Directorate of Film Festivals
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰোগ্য নিকেতন” প্ৰবন্ধৰ সংশোধন ৫০৫০৮৫ (১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।