অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ন ডৰাই

ন ডৰাই (No Dorai) তনীম ৰহমান অংশুৰ পৰিচালনাত নিৰ্মিত ২০১৯ চনৰ এখন বাংলাদেশী নাট্যধৰ্মী ছবি। কক্স বজাৰৰ পটভূমিত ৰচিত ন ডৰাইৰ কাহিনীটো এগৰাকী বাংলাদেশী কণমানি ছোৱালীৰ জীৱনৰ ওপৰত আধাৰিত, যিয়ে সমাজৰ নীতি-নিয়মক অৱজ্ঞা কৰি চাৰ্ফাৰ হোৱাৰ সপোন অনুসৰণ কৰে। এইখন প্ৰথম বাংলাদেশী চাৰ্ফিং ছবি।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৬ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ন ডৰাই (No Dorai) তনীম ৰহমান অংশুৰ পৰিচালনাত নিৰ্মিত ২০১৯ চনৰ এখন বাংলাদেশী নাট্যধৰ্মী ছবি। কক্স বজাৰৰ পটভূমিত ৰচিত ন ডৰাইৰ কাহিনীটো এগৰাকী বাংলাদেশী কণমানি ছোৱালীৰ জীৱনৰ ওপৰত আধাৰিত, যিয়ে সমাজৰ নীতি-নিয়মক অৱজ্ঞা কৰি চাৰ্ফাৰ হোৱাৰ সপোন অনুসৰণ কৰে। এইখন প্ৰথম বাংলাদেশী চাৰ্ফিং ছবি। ১ ন ডৰাইৰ আক্ষৰিক অৰ্থ চাটগঞা উপভাষাত "ভয় নকৰা।" ইয়াত সুনেৰা বিণ্টে কমল আৰু ছৰিফুল ৰাজে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ২ ৩ ৪

এই ছবিখন ষ্টাৰ চিনেপ্লেক্সৰ চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰথম উদ্যোগ। ৫ ছবিখন মুক্তিৰ পূৰ্বে মোহন শ্বৰীফে গোৱা ইয়াৰ গীত ‘যন্ত্ৰণা’ই ছবিখনৰ বিষয়ে ঢৌৰ সৃষ্টি কৰিছিল। ৬ ষ্টাৰ চিনেপ্লেক্সৰ ‘ন ডৰাই’ আৰু ফৰিদুৰ ৰেজা সাগৰৰ ‘ফাগুন হাৱাই’ যৌথভাৱে ২০১৯ চনৰ শ্ৰেষ্ঠ ছবিৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ৭

সঁহাৰি

মুক্তিৰ পূৰ্বে সৃষ্টি হোৱা ঢৌ সত্ত্বেও ৮ ন ডৰাইয়ে নেতিবাচক সমালোচনা লাভ কৰিছিল। কক্সৰ বজাৰৰ সুন্দৰ দৃশ্য আৰু নৱাগত অভিনেতা-অভিনেত্ৰীৰ অভিনয়ৰ বাবে ছবিখনে প্ৰশংসা লাভ কৰিছে। কিন্তু কাহিনীটোৱে সমালোচকসকলৰ ভাল সমাদৰ পোৱা নাছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2019-11-18). 'No Dorai' to hit the shores on November 29. The Daily Star
  2. ↑ (26 November 2019). bn:শুক্ৰবাৰই আসছে ‘ন ডৰাই’. Amader Shomoy
  3. ↑ (26 November 2019). bn:ছাড়পত্ৰ পেয়েছে ‘ন ডৰাই’, শুক্ৰবাৰ মুক্তি. Prothom Alo
  4. ↑ (28 November 2019). bn:দুই নিৰ্ভীকেৰ 'ন ডৰাই'. Samakal
  5. ↑ (2019-11-29). No Dorai: A mess that fails to deliver on its promise. hifipublic.com
  6. ↑ (2019-11-29). Honest review of No Dorai: Less surfing, more melodrama. Dhaka Tribune
  7. ↑ (3 December 2020). আৰ্কাইভ কপি. banglanews24.com
  8. ↑ 'No Dorai' trailer attracts audiences. Daily Sun

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰ২০১৯ বৰ্ষৰ চলচ্চিত্ৰবাংলাদেশৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন ডৰাই” প্ৰবন্ধৰ সংশোধন ৫৭৯১২১ (১৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।