অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আকাশ কুসুম

আকাশ কুসুম (Akash Kusum) ১৯৬৫ চনত সমান্তৰাল চলচ্চিত্ৰ পৰিচালক মৃণাল সেনৰ দ্বাৰা পৰিচালিত নিৰ্মিত এখন ভাৰতীয় বঙালী ছবি।

হালনাগাদ: ১৬ এপ্ৰিল ২০২৫ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

আকাশ কুসুম (Akash Kusum) ১৯৬৫ চনত সমান্তৰাল চলচ্চিত্ৰ পৰিচালক মৃণাল সেনৰ দ্বাৰা পৰিচালিত নিৰ্মিত এখন ভাৰতীয় বঙালী ছবি।১

কাহিনী

অজয় এজন স্নাতক, কিন্তু তেওঁ দুখীয়া পৰিয়ালৰ ল’ৰা। এদিন এখন বিয়াত মণিকা নামৰ ছোৱালী এজনীক লগ পায় আৰু অজয়ৰ তাইক ভাল লাগি যায়। অজয়ে মনিকাৰ ওচৰত এজন ধনী পৰিয়ালৰ সন্তান আৰু সামাজিকভাবে প্ৰতিষ্ঠিত এজন উচ্চ পৰ্যায়ৰ ব্যক্তি সাজে। কাৰণ মণিকা ধনী পৰিয়ালৰ ছোৱালী। অজয় আৰু মণিকা দুয়ো দুয়োৰে প্ৰেমত পৰি যায়। কিন্তু যেতিয়া অজয়ৰ প্ৰকৃত পৰিচয় উন্মোচিত হয়, তেতিয়া মণিকাৰ পৰিয়ালে অজয়ক মানি নলয় আৰু মণিকায়ো অজয়ৰ লগত প্ৰেমৰ সম্পৰ্ক অব্যাহত নৰখাৰ সিদ্ধান্ত লয়, যদিও মণিকা অতিকৈ ব্যথিত হয়।২

অভিনয় শিল্পী

বঁটা

ত্ৰয়োদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬৫)

  • বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক।২

তথ্যসূত্ৰ

  1. ↑ Akash Kusum (Up in thge Clouds). mrinalsen.org
  2. ↑ Recipients of State Awards for Film 1965. DIRECTORATE OF FILM FESTIVALS

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকাশ কুসুম” প্ৰবন্ধৰ সংশোধন ৫০৩৭২১ (১৬ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।