আঁধাৰে আলো (Andhare Alo) হৰিদাস ভট্টাচাৰ্যৰ পৰিচালিত আৰু ১৯৫৭ চনত ভাৰতৰ পৰা নিৰ্মিত বঙালী ভাষাৰ এখন নাট্যধৰ্মী ছবি। ছবিখন শ্ৰীমতী পিকচাৰ্ছৰ বেনাৰত কানন ভট্টাচাৰ্যই প্ৰযোজনা কৰিছিল। শৰৎ চন্দ্ৰ চেটাৰ্জীৰ ৰচনা আঁধাৰে আলো গল্পৰ আধাৰত নিৰ্মিত ছবিখনত সুমিত্ৰা দেৱী, বসন্ত চৌধুৰী আৰু বিকাশ ৰায়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।১ ১৯৫৭ চনৰ ১২ এপ্ৰিলত ছবিখন মুক্তি পায়।২ ৫ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত আঁধাৰে আলোই দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বাবে চাৰ্টিফিকেট অফ মেৰিট আৰু বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বাবে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে।৩
অভিনয় শিল্পী
- সুমিত্ৰা দেৱী - বিজলী
- বসন্ত চৌধুৰী - সত্যেন্দ্ৰ
- বিকাশ ৰায়
- যমুনা সিংহ - ৰাধাৰাণী
- নীলিমা দাস
- পদ্মা দেৱী - সত্যেন্দ্ৰেৰ মাক
- জীবন বসু
- ভানু বন্দ্যোপাধ্যায়
- অমৰ মল্লিক
- তুলসী চক্ৰবৰ্তী
- শ্যাম লাহা
- অজিত চট্টোপাধ্যায়
- খগেন পাঠক
- অনাদি বন্দ্যোপাধ্যায়
- শৈলেন মুখোপাধ্যায়
- পান্নালাল
- শ্ৰীমান বুলু
তথ্যসূত্ৰ
- ↑ আঁধাৰে আলো (১৯৫৭) / সাদা-কালো/১৩ ৰীল/৩৫ মিমি.. banglacinema100.com
- ↑ Andhare Alo. timesofindia.indiatimes.com
- ↑ 5TH NATIONAL FILM AWARD- STATE AWARDS FOR FILMS- REGIONAL AWARDS
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আঁধাৰে আলো” প্ৰবন্ধৰ সংশোধন ৫০৫০৭৫ (১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।