হাটে বাজাৰে ( Hatey Bazarey) ১৯৬৭ চনত মুক্তিপ্ৰাপ্ত, খ্যাতিমান বঙালী পৰিচালক তপন সিনহা পৰিচালিত এখন কলাত্মক চলচ্চিত্ৰ।১ প্ৰযোজনা কৰিছে অসীম দত্তৰ প্ৰিয়া এণ্টাৰটেইনমেণ্ট প্ৰোডাকচন লিমিটেডে। ছবিৰ গল্পৰ মূল উপজীব্য সৎ আৰু অসতৰ মাজত সংঘাত। মূল চৰিত্ৰত অভিনয় কৰিছে অশোক কুমাৰ আৰু বৈজয়ন্তীমালাই। বৈজয়ন্তীমালাৰ এইখন প্ৰথম বঙালী ছবি।২ অন্যান্য সহযোগী অভিনেতা-অভিনেত্ৰীসকল হ’ল- অজিতেশ বন্দোপাধ্যায়, ভানু বন্দোপাধ্যায়, সমিত ভঞ্জ, ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত আৰু গীতা দে।২৩
কাহিনীৰ সাৰাংশ
ডাঃ অনাদি মুখাৰ্জী বীৰভূমৰ এখন সৰু জনজাতীয় অধ্যুষিত বজাৰকেন্দ্ৰিক চহৰৰ চিভিল চাৰ্জন। তেওঁ এজন দেৱতুল্য ব্যক্তি। অঞ্চলটোৰ সাধাৰণ জনজাতীয় লোক, যেনে গাভৰু বিধৱা ছিপলি, পাচলি বিক্ৰেতা জগদম্বা, কমলীদিদি আৰু নানীৰ দৰে বসয়ীয়া মহিলা আৰু লগতে জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষক শ্ৰী পাণ্ডেৰ দৰে অঞ্চলটোৰ বিশিষ্ট লোক, উভয়ে তেওঁক ভাল পায় আৰু সন্মান কৰে। ডাঃ মুখাৰ্জী এজন কাম ভাল পোৱা মানুহ আৰু তেওঁ গাভৰু পত্নী মনুৰ সৈতে বাস কৰে, যাৰ ক্ৰ’নিক হৃদৰোগ আছে। .
তেওঁৰ পত্নী মনুৰ মৃত্যুৰ পিছত ডাঃ মুখাৰ্জীয়ে চৰকাৰী চাকৰি এৰি দিয়ে আৰু তেওঁৰ নিজৰ সঞ্চয় খৰত কৰি দৰিদ্ৰ লোকসকলৰ বাবে ভ্ৰাম্যমাণ ঔষধালয় আৰম্ভ কৰে। তেওঁক সহায় কৰে অৱসৰপ্ৰাপ্ত জজ নুতু বানু, গাড়ীচালক আলী আৰু ছিপলিয়ে। তেওঁৰ চিকিৎসা দলত ছিপলি প্ৰশিক্ষাৰ্থী নাৰ্ছ হিচাপে নিযুক্ত হয়। স্থানীয় ব্যৱয়ায়ী এজনৰ পুত্ৰ, দুৰ্বৃত্ত প্ৰকৃতিৰ লক্ষ্মণলালে ছিপলিৰ সৈতে কামনা চৰিতাৰ্থ কৰিবলৈ প্ৰচেষ্টা চলায়।
এদিন নিশা জনজাতীয় উৎসৱ এটা চলি থাকোঁতে লক্ষ্মণলালে ছিপলিক ধৰ্ষণ কৰে আৰু ডাঃ মুখাৰ্জীয়ে বচাবলৈ যাওঁতে তেওঁক হত্যা কৰে।
যদিও দেৱতুল্য ডাক্তৰগৰাকীৰ মৃত্যু হয়, তেওঁৰ দলৰ বাকীসকলে কিন্তু তেওঁৰ মিচন কিন্তু থমকি ৰবলৈ নিদিলে।৪
অভিনয় শিল্পী
- অশোক কুমাৰ (ডাঃ মুখাৰ্জী)
- বৈজয়ন্তীমালা (ছিপলি)
- অজিতেশ বন্দোপাধ্যায় (লচমনলাল)
- ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত
- সমিত ভঞ্জ
- গীতা দে (মিচেচ পাণ্ডে- অতিথিশিল্পী)
- সমিতা বিশ্বাস
- ছায়া দেৱী (নানী)
- পাৰ্থ মুখাৰ্জী
- চিন্ময় ৰায়
বঁটা আৰু সন্মান
- ১৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬৭): শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ স্বৰ্ণ পদক।
- ১৩তম এছিয়া পেচিফিক চলচ্চিত্ৰ মহোংসৱ: শ্ৰেষ্ঠ ছবি।
- ১ম নমপেন চলচ্চিত্ৰ মহোৎসৱ: চিলভাৰ ট্ৰ’ফী (কাপ অফ অনাৰ)।
- ৩২তম বাৰ্ষিক বেংগল ফেডাৰেচন অফ জাৰ্ণেলিষ্টছ্ এছোচিয়েচন বঁটা: শ্ৰেষ্ঠ ভাৰতীয় ছবি।২৫৬
বাহ্যিক সংযোগ
- Hatey Bazarey profile at Upperstall.com
- ইউটিৱত হাটে বাজাৰে
তথ্যসূত্ৰ
- ↑ (2009-01-15). Film-maker Tapan Sinha passes away. Rediff
- ↑ Tapan Sinha. upperstall.com
- ↑ Ashish Mitra. (2009-11-17). Priya Entertainment to venture into multiplexes in Bengal and Bhutan. Indiantelevision.com
- ↑ National Film Awards Archives. Directorate of Film Festivals, Govt. of India
- ↑ Ranjan Das Gupta. (2010-10-22). Romancing the camera. দ্য হিন্দু
- ↑ Pandit Shimpi. (04-05-2001). Films: 1968 files. Screen
- ↑ BFJA Awards (1968). Gomolo.com
- ↑ The Times of India, Entertainment. National Awards Winners 1967: Complete list of winners of National Awards 1967. timesofindia.indiatimes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাটে বাজাৰে” প্ৰবন্ধৰ সংশোধন ৫০৮২৬৮ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।