আন্না মোলকা আহমেদ (Anna Molka Ahmed; ১৩ আগষ্ট ১৯১৭১ – ২০ এপ্ৰিল ১৯৯৪) এগৰাকী পাকিস্তানী শিল্পী আছিল আৰু তেওঁ ১৯৪৭ চনত দেশৰ স্বাধীনতাৰ পিছত দেশখনৰ সূক্ষ্ম কলাৰ পথ প্ৰদৰ্শক আছিল। তেওঁ লাহোৰৰ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ সূক্ষ্ম কলাৰ অধ্যাপিকা আছিল।
প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ
১৯১৭ চনৰ ১৩ আগষ্টত ইংলেণ্ডৰ লণ্ডনত ইহুদী পিতৃ-মাতৃৰ ঘৰত জন্ম লাভ কৰা আন্নাৰ ল’ৰালি কালৰ নাম আছিল, মলি ব্ৰীজাৰ। আন্না মলকা আহমেদৰ মাতৃ আছিল পোলেণ্ডৰ আৰু পিতৃ ৰাছিয়ান আছিল। ১৯৩৫ চনত ১৮ বছৰ বয়সত ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত ১৯৩৯ চনৰ অক্টোবৰ মাহত সেই সময়ত লণ্ডনত অধ্যয়ন কৰা শ্বেখ আহমেদৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। লণ্ডনৰ ছেইণ্ট মাৰ্টিন স্কুল অৱ আৰ্টছত তেওঁ চিত্ৰকলা, ভাস্কৰ্য্য আৰু ডিজাইনৰ শিক্ষা গ্ৰহণ কৰে আৰু ৰয়েল একাডেমী অৱ আৰ্টত আন্নাই বৃত্তি লাভ কৰে।২৩
১৯৪০ চনত আন্না মোলকা আহমেদ লাহোৰলৈ গুচি যায় আৰু চিত্ৰকলাৰ উপৰিও পঞ্জাৱ বিশ্ববিদ্যালয়ত চাৰু কলাৰ অধ্যাপনা কৰে। অধ্যাপিকা এমেৰিটাছ আন্না মোলকা আহমেদে পঞ্জাৱ বিশ্ববিদ্যালয়ত বৰ্তমানলৈ কলেজ অৱ আৰ্টছ এণ্ড ডিজাইন নামৰ চাৰু কলা বিভাগ গঠন কৰিছিল আৰু ১৯৭৮ চনলৈকে তেওঁ এই বিভাগৰ নেতৃত্ব দিছিল।৩২
১৯৫১ চনত আন্নাৰ স্বামী শ্বেখ আহমেদৰ সৈতে বিবাহ বিচ্ছেদ হয় যদিও ১৯৯৪ চনৰ ২০ এপ্ৰিলত তেওঁৰ মৃত্যুৰ আগলৈকে তেওঁ দুগৰাকী কন্যা সন্তানৰ সৈতে পাকিস্তানত থাকে।
৫৫ বছৰীয়া শিল্পী কেৰিয়াৰত তেওঁৰ ছবিৰ বিষয়বস্তু “চিত্তাকৰ্ষক প্ৰাকৃতিক দৃশ্য, গ্ৰেণ্ড থিমেটিক ৰূপক ৰচনা আৰু পৰ্যবেক্ষক, অন্তৰ্দৃষ্টিসম্পন্ন প্ৰতিকৃতিৰ চিত্ৰশিল্পী হিচাপে সুপৰিচিত আছিল।’’ তেওঁৰৰ ৰচনাসমূহৰ বৈশিষ্ট্য হৈছে এটা আড়ম্বৰপূৰ্ণ, প্ৰাঞ্জল পেলেটত নিষ্পাদন কৰা এটা স্বাক্ষৰ ইম্পাষ্টো কৌশল।"৪
বঁটা আৰু সন্মান
চাৰু কলা শিক্ষাৰ ক্ষেত্ৰত কৰা সেৱাৰ বাবে তেওঁ পাকিস্তান চৰকাৰৰ দ্বাৰা তামঘা-ই-ইমটিয়াজ (উৎকৃষ্টতাৰ পদক) লাভ কৰে। (১৯৬৩)২
- ১৯৬৯ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰাইড অৱ পাৰফৰমেন্স বঁটা।
- Khudeja Tul Kubra Medal
- ২০০৬ চনৰ ১৪ আগষ্টত পাকিস্তান পোষ্টে ডাক টিকট জাৰি কৰে। মৰণোত্তৰভাৱে দহজন পাকিস্তানী চিত্ৰকৰক সন্মান জনোৱাৰ বাবে ৪০ টা ডাকটিকটৰ শ্বীটলেট; আন্না মোলকা আহমেদৰ উপৰিও আন নজন চিত্ৰশিল্পী আছিল: লাইলা শ্বাহজাদা, আস্কৰী মিয়ান ইৰানী, ছাডেকুইন, আলী ইমাম, ছাকিৰ আলী, জাহুৰ উল আখলাক, জুবেইদা আঘা, আহমেদ পাৰভেজ আৰু বছিৰ মিৰ্জা।৫
আন্নাৰ বাবে গুগল ডুডল
২০২০ চনৰ ১ জুনত গুগলে তেওঁক গুগল ডুডলৰ জৰিয়তে উদযাপন কৰে।২
তথ্যসূত্ৰ
- ↑ Anna Molka Ahmed | Anna Molka Ahmed Biography | History of Anna Molka Ahmed. urdubiography.com website
- ↑ (1 June 2020). Celebrating Anna Molka Ahmed (her Google Doodle). Google website
- ↑ Profile of Professor Anna Molka Ahmed. The Friday Times (newspaper)
- ↑ Bonhams: Anna Molka Ahmed (Pakistan, 1917-1994). Bonhams.com website
- ↑ (28 August 2006). Commemorative postage stamps for Ten Great Painters of Pakistan. lailashahzada.com website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্না মোলকা আহমেদ” প্ৰবন্ধৰ সংশোধন ৪৭৭৯৪২ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।