অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জুবেইদা আঘা

জুবেইদা আঘা (Zubeida Agha; উৰ্দু: زبیدہ آغا; ১৯২২–১৯৯৭) প্ৰথম পাকিস্তানী আধুনিক শিল্পীসকলৰ ভিতৰত অন্যতম আছিল। ১৯৪৭ চনত পাকিস্তান সৃষ্টিৰ পিছত তেওঁৰ ছবিৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা প্ৰথমগৰাকী শিল্পী আছিল। তেওঁ আধুনিক প্ৰবচনটো পাকিস্তানলৈ অনাত সহায় কৰিছিল।

হালনাগাদ: ১০ ফেব্ৰুৱাৰী ২০২৫ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জুবেইদা আঘা (Zubeida Agha; উৰ্দু: زبیدہ آغا; ১৯২২–১৯৯৭) প্ৰথম পাকিস্তানী আধুনিক শিল্পীসকলৰ ভিতৰত অন্যতম আছিল। ১৯৪৭ চনত পাকিস্তান সৃষ্টিৰ পিছত তেওঁৰ ছবিৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা প্ৰথমগৰাকী শিল্পী আছিল। তেওঁ আধুনিক প্ৰবচনটো পাকিস্তানলৈ অনাত সহায় কৰিছিল।১২

প্ৰাথমিক জীৱন

জুবেইদা আঘাৰ জন্ম হৈছিল ১৯২২ চনত পাকিস্তানৰ পঞ্জাৱৰ ফৈছালাবাদত। লাহোৰৰ কিনায়াৰ্ড কলেজ ফৰ উইমেন ইউনিভাৰ্চিটিৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৪৪ চনৰ পৰা ১৯৪৬ চনলৈকে চিত্ৰশিল্পী বি চি ছানয়ালৰ সৈতে কাম কৰিছিল। এই সময়তে তাই পিকাচোৰ ৰচনাৰ সৈতেও ভালদৰে পৰিচিত হৈছিল। সেই সময়ত ভাৰতত থকা ইটালীৰ যুদ্ধবন্দী মাৰিঅ’ পাৰ্লিংগেৰিৰ ৰচনাৰ দ্বাৰাও তেওঁ প্ৰভাৱিত হৈছিল। ১৯৪৬ চনত ছ’চাইটি অৱ ফাইন আৰ্টছে তেওঁক আধুনিক চিত্ৰকলাৰ বাবে প্ৰথম পুৰস্কাৰ প্ৰদান কৰে। ১৯৫০ চনত লণ্ডনৰ ছেইণ্ট মাৰ্টিনছ স্কুল অৱ আৰ্টত যোগদান কৰে আৰু পিছলৈ ১৯৫১ চনত পেৰিছৰ ইক'ল ডেছ বিউছ আৰ্টছলৈ যায়। ১৯৬১ চনত পাকিস্তানৰ ৰাৱালপিণ্ডিৰ কণ্টেম্পৰেৰী আৰ্ট গেলেৰীৰ কাৰ্যবাহী সঞ্চালিকা হিচাপে নিযুক্তি লাভ কৰে আৰু ১৯৬৫ চনত প্ৰাইড অৱ পাৰফৰমেন্সৰ বাবে ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰে।৩

কৃতিত্ব

জুবেইদা আঘাক পাকিস্তানৰ প্ৰিমিয়াৰ পেইণ্টাৰ হিচাপে গণ্য কৰা হয় আৰু দেশৰ আধুনিক শিল্পৰ পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। ১৯৪০ চনত তেওঁ আধুনিক শৈলীৰ চিত্ৰকলা আৰম্ভ কৰাৰ সাহস আৰু দৃঢ়তা লাভ কৰিছিল। তেওঁৰ শিল্পশৈলীয়ে প্ৰথমে শিল্প সমালোচক আৰু দৰ্শকক বিমোৰত পেলাইছিল আৰু পিছলৈ আপ্লুত কৰিছিল।২ তেওঁৰ ৰঙীন চিত্ৰকলাৰ বৈশিষ্ট্য হৈছে তীব্ৰ ৰঙৰ ব্যৱহাৰ। জুবেইদা আঘা পাকিস্তানী চিত্ৰকলাৰ ইতিহাসৰ অন্যতম মহান ৰং বিশাৰদ চিত্ৰশিল্পী আছিল।২ তেওঁ ৰং কেৱল নিজৰ বাবেই নহয়, তেওঁৰ ছবিসমূহক সত্যতা আৰু অৰ্থৰ গভীৰতা প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰে, তেওঁৰ আচৰিত কল্পনাশক্তি ব্যৱহাৰ কৰি দৰ্শকক চিন্তাত উত্তেজিত কৰে।১ ২০০২ চনৰ নৱেম্বৰ মাহত লাহোৰৰ ছাকিৰ আলী সংগ্ৰহালয়ত জুবেইদা আঘাৰ চিত্ৰৰ এক বৃহৎ প্ৰদৰ্শনী অনুষ্ঠিত হয়।৪

ডাক টিকট

২০০৬ চনৰ ১৪ আগষ্টত পাকিস্তান পোষ্টে ৪০ ডাকটিকটৰ শ্বীটলেট মৰণোত্তৰভাৱে ১০ জন পাকিস্তানী চিত্ৰশিল্পীক সন্মান জনাবলৈ জাৰি কৰে। জুবেইদা আঘাৰ উপৰিও আন নজন চিত্ৰশিল্পী আছিল: লাইলা শ্বাহজাদা, আস্কৰী মিয়ান ইৰানী, ছাডেকুইন, আলী ইমাম, ছাকিৰ আলী, আন্না মোলকা আহমেদ, জাহুৰ উল আখলাক, আহমেদ পাৰভেজ আৰু বছিৰ মিৰ্জা।

তথ্যসূত্ৰ

  1. ↑ Zubeida Agha: A Pioneer of Modern Art in Pakistan. Foundation for Museum of Modern Art website
  2. ↑ (Associated Press of Pakistan) Zubeida Agha's work serves as inspiration for women painters Daily Times (newspaper), Published 6 September 2015, Retrieved 8 October 2020
  3. ↑ (Salwat Ali) The grande dame of Pakistani art Dawn (newspaper), Published 25 January 2015, Retrieved 8 October 2020
  4. ↑ (5 November 2002). Zubeida Agha show today. Daily Times (newspaper)

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তিচিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুবেইদা আঘা” প্ৰবন্ধৰ সংশোধন ৪৭৪৩৬৯ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।