অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছাবা আজিজ

ছাবা আজিজ ( ইংৰাজী: Saba Aziz)ৰ জন্ম ১৯৮৮ চনৰ ২৬ নৱেম্বৰত। তেওঁ পাকিস্তানৰ এগৰাকী প্ৰাক্তন এক নম্বৰ মহিলা টেনিছ খেলুৱৈ। ছাবা আজিজে ২০১১-২০১৩ চনত ফেড কাপত পাকিস্তানক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ২ মে’ ২০২৬ ১৬১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ছাবা আজিজ ( ইংৰাজী: Saba Aziz)ৰ জন্ম ১৯৮৮ চনৰ ২৬ নৱেম্বৰত। তেওঁ পাকিস্তানৰ এগৰাকী প্ৰাক্তন এক নম্বৰ মহিলা টেনিছ খেলুৱৈ।১ ছাবা আজিজে ২০১১-২০১৩ চনত ফেড কাপত পাকিস্তানক প্ৰতিনিধিত্ব কৰিছিল।

এক দশকৰ অনুপস্থিতিৰ পিছত ২০১১ চনত চাৰা মনছুৰ, চাৰা মাহবুব খান আৰু উষণা চুহেইলৰ সৈতে ছাবা আজিজে পাকিস্তানৰ হৈ ফেড কাপ প্ৰতিযোগিতাত পুনৰ প্ৰৱেশ কৰি এক ইতিহাসৰ সৃষ্টি কৰিছিল।২

ছাবা আজিজ হ'ল প্ৰথমগৰাকী পাকিস্তানী মহিলা টেনিছ খেলুৱৈ যিগৰাকী আইটিএফৰ ফিচাৰৰ মূল ড্ৰ' মেচত জয়ী হয়৩ আৰু ২০০৮ চনত ৰেংকিং পইণ্ট লাভ কৰে। আইটিএফৰ জুনিয়ৰ ৰেংকিঙত ছাবাই বিশ্বৰ ৪৫৭ নম্বৰ স্থান লাভ কৰিছিল।

ছাবাই কিউটিএফ-আন্তৰ্মহাদেশীয় টেনিছ অ’পেন (ডোহা, কাটাৰ ১২ নৱেম্বৰ)ত একক খিতাপ লাভ কৰাৰ লগতে‍ স্মাছ টেনিছ একাডেমী চেম্পিয়নশ্বিপ (ডোহা, কাটাৰ ১৫ মে’)ত ডাবলছৰ খিতাপ দখল কৰিবলৈ সমৰ্থ হৈছিল।

২০১২ চনত নিউজউইক পাকিস্তানৰ ১০০ গৰাকী গুৰুত্বপূৰ্ণ মহিলাৰ তালিকাত ছাবাৰ নাম অন্তৰ্ভুক্ত হৈছিল।৪ ২০১৮ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ ১৫০ গৰাকী নিৰ্বাচিত আগশাৰীৰ মহিলাৰ ভিতৰত ছাবা আজিজো আছিল এগৰাকী অন্যতম মহিলা যগিৰাকীয়ে ব্ৰিটেইনত উচ্চ শিক্ষাৰ সুবিধা লাভ কৰিছিল। সেই তালিকাত ছাবাই আছিল একমাত্ৰ পাকিস্তানী মহিলা।

তথ্যসূত্ৰ

  1. ↑ Khan trio holds top three national ranking spots
  2. ↑ Sara, Saba, Ushna and Sara Bring Pakistan Women Tennis Back in the Game
  3. ↑ Ushna, Saba win first round matches
  4. ↑ Pakistani 100 Women Who Matter

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তিপাকিস্তানৰ খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাবা আজিজ” প্ৰবন্ধৰ সংশোধন ৬০৩৯২৯ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।