গুলালাই ইছমাইল (Gulalai Ismail, জন্ম: ৩০ অক্টোবৰ ১৯৮৬) খাইবাৰ পখতুনখোৱাৰ এগৰাকী পাকিস্তানী মানৱ অধিকাৰ কৰ্মী। তেওঁ এৱেৰ গাৰ্লছৰ অধ্যক্ষ, হিউমেনিষ্ট ইণ্টাৰনেশ্যনেলৰ গ্ল'বেল এম্বেছাদৰ আৰু পাষ্টুন তাহাফুজ মুভমেণ্ট (পিটিএম)ৰ আগশাৰীৰ সদস্য।১ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা সন্মিলনত শান্তি আৰু মহিলা সবলীকৰণৰ প্ৰসাৰৰ বিষয়ত তেওঁ ভাষণ দিছে৷ ইয়াৰ লগতে তেওঁ বছৰৰ আন্তঃৰাষ্ট্ৰীয় মানৱতাবাদী বঁটা, সংঘাত প্ৰতিৰোধৰ বাবে চিৰাক বঁটা, আৰু আন্না পলিটকভস্কায়া বঁটা লাভ কৰে।
২০১৯ চনত প্ৰধানমন্ত্ৰী ইমৰান খানৰ চৰকাৰৰ দিনত পাকিস্তানী সেনাৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু নিৰুদ্দেশৰ বিৰুদ্ধে মাত মাতি নিজৰ প্ৰাণৰ আশংকাত ভুগি তেওঁ পাকিস্তানৰ পৰা আমেৰিকাত আশ্ৰয় লয়।২ ২০২১ চনৰ মাৰ্চ মাহত তেওঁ হিউমেনিষ্ট ইণ্টাৰনেশ্যনেলৰ গ্ল'বেল এম্বেছাদৰ হয়।৩
প্ৰাৰম্ভিক জীৱন আৰু সক্ৰিয়তা
ইছমাইলৰ জন্ম হৈছিল স্বাবিৰ এটা পষ্টুন পৰিয়ালত৷ ন বছৰ বয়সৰ পৰা তেওঁ খাইবাৰ পখতুনখোৱাৰ পেছাৱাৰত ডাঙৰ-দীঘল হৈছিল।৪ তেওঁ শিক্ষক তথা মানৱ অধিকাৰ কৰ্মী মহম্মদ ইছমাইলৰ কন্যা৷ সৰুৰে পৰা লিংগ বৈষম্য আৰু মহিলাৰ অধিকাৰৰ বিষয়ত তেওঁ শিক্ষিত হৈছিল।৫ ২০১২ চনত ইছলামবাগৰ কোৱাইদ-ই-আজম বিশ্ববিদ্যালয়ৰ পৰা জৈৱ প্ৰযুক্তিবিদ্যাত দৰ্শনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৬৭
বঁটা আৰু স্বীকৃতি
ইছমাইলে ২০০৯ চনত ইউথএকচননেট ফেল’শ্বিপ আৰু ২০১০ চনত পেৰাগন ফেল’শ্বিপ লাভ কৰে। ইছলামবাগৰ ব্ৰিটিছ হাইকমিচনে তেওঁক এজেণ্ট অৱ চেঞ্জ হিচাপে স্বীকৃতি দিছিল৷ ২০১৩ চনত নেচনেল এনডাউমেণ্ট ফৰ ডেম'ক্ৰেচিৰ পৰা ডেম'ক্ৰেচি বঁটা লাভ কৰে আৰু ফৰেইন পলিচি আলোচনীয়ে ২০১৩ চনৰ ১০০ গৰাকী আগশাৰীৰ গ্ল'বেল থিংকাৰৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি দিয়ে।৫৮ মহিলা সবলীকৰণৰ বাবে কৰা প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে তেওঁ ২০১৫ চনৰ এছিয়া অঞ্চল কমনৱেলথ যুৱ বঁটা লাভ কৰে৷ গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ বিষয়বস্তুৰ অধীনত উন্নয়নৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে তেওঁক উক্ত সন্মান দিয়া হৈছিল।৯১০
তথ্যসূত্ৰ
- ↑ Hashim, Asad. (12 April 2021). Pakistani court grants bail to father of prominent activist. Al Jazeera
- ↑ (19 September 2019). After Months on the Run, Pakistani Rights Activist Says She Will Continue Her Struggle from U.S.. Radio Free Europe/Radio Liberty
- ↑ (18 March 2021). Gulalai Ismail announced as first-ever Ambassador for Humanists International. Humanists International
- ↑ Fidgen, Jo. Speaking out at a cost. BBC World Service
- ↑ Interview with Gulalai Ismail, The World Justice Project, 15 October 2013. Retrieved 10 August 2014
- ↑ Speakers, World Humanist Congress 2014 . Retrieved 10 August 2014
- ↑ Gulalai Ismail Founder and chair of Aware Girls. Huffington Post
- ↑ Silverman, Amanda. A deadly double standard. Foreign Policy
- ↑ (10 March 2015). Pakistani activist Gulalai Ismail wins Commonwealth Youth Award. www.thenews.com.pk
- ↑ Gulalai Ismail wins Commonwealth Youth Award for Asia. Commonwealth Foundation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুলালাই ইছমাইল” প্ৰবন্ধৰ সংশোধন ৪৮৯৬৯৬ (৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।