আজৰা কুৰেশ্বী (২২ ছেপ্টেম্বৰ ১৯৪৫ – ২২ নৱেম্বৰ ২০০২) আছিল পাকিস্তানৰ এগৰাকী আগশাৰীৰ উদ্ভিদবিদ। পাকিস্তানত আলু (পাচলি) উৎপাদন উন্নত কৰাৰ কাম কৰিছিল আৰু টিছু কালচাৰৰ কামৰ বাবে তেওঁ পৰিচিত হৈছিল। ১৯৯৭ চনত বৰলাউগ বঁটা আৰু ২০০২ চনত অৰ্ডাৰ ডেছ পালমছ একাডেমিক লাভ কৰা তেখেতক পাকিস্তানত আলুৰ উৎপাদন ৫% বৃদ্ধি কৰাৰ কৃতিত্ব লাভ কৰা হয়।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৪৫ চনত ভাৰতৰ ৰাজস্থানত আব্দছ ছাত্তাৰ কুৰেশ্বি আৰু ছালমা কুৰেশ্বীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল কুৰেশ্বিৰ। ব্ৰিটিছে জাপি দিয়া ভাৰত বিভাজনৰ ফলত সৃষ্টি হোৱা অশান্তিৰ বাবে তেওঁৰ পৰিয়াল পাকিস্তানৰ ৰাৱালপিণ্ডিলৈ গুচি যায়। গৃহ চহৰৰ গৰ্ডন কলেজৰপৰা প্ৰথম ডিগ্ৰী লাভ কৰে আৰু ১৯৬৬ চনত লাহোৰৰ পঞ্জাব বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২
ৰাৱালপিণ্ডিৰ বিকাৰ-উন-নিছা বালিকা মহাবিদ্যালয়ত কেইবাবছৰ ধৰি বক্তৃতা প্ৰদান কৰাৰ পাছত কুৰেশ্বীয়ে পাকিস্তান চৰকাৰৰ বৃত্তিৰে বহিঃৰাজ্যলৈ যায়। ফলত ১৯৭৩ চনত ছ’লেনাম টিউবেৰ’ছাম জাত বি এফ-১৫ৰ ওপৰত কৰা টিছু কালচাৰ গৱেষণাৰ বাবে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তিনি বছৰৰ ভিতৰতে তেওঁ ফ্ৰান্সৰ অৰ্চেইৰ পেৰিছ-ছুড বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে, "Studies on callogenesis and organogenesis from explannts of in vitro shoots of the Solanum tuberosum variety, BF-15"ৰ বাবে। ২
বৈজ্ঞানিক কৰ্মজীৱন
আজৰা কুৰেশ্বীয়ে পাকিস্তানত ভাইৰাছমুক্ত বীজ আলুৰ সৃষ্টি কৰিছিল। এই গৱেষণাই নেদাৰলেণ্ডৰপৰা বীজ আলু আমদানি কৰাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰি তেওঁৰ দেশৰ বাণিজ্যিক অৱস্থাত প্ৰভাৱ পেলাইছিল, যাৰ ফলত পাকিস্তানৰ বাৰ্ষিক আলু উৎপাদন ৫% বৃদ্ধি পাইছিল। এই অৱদানৰ বাবে দেশৰ ভিতৰতে স্বীকৃতি লাভ কৰিছিল। আজৰা কুৰেশ্বীয়ে কল আৰু খেজুৰৰ ৩ বাবেও সফলতাৰে মাইক্ৰ’প্ৰপাগেচন প্ৰকল্প আৰম্ভ কৰিছিল, আৰু স্থানীয় ঘেঁহু আৰু ধানৰ জাতত কলা সংৰক্ষণৰ জৰিয়তে নিমখ সহনশীলতাৰ পৰীক্ষা কৰিছিল। ১৪০খনতকৈও অধিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল। ২ ১
পুৰস্কাৰ আৰু স্বীকৃতি
আজৰা কুৰেশ্বীয়ে তেওঁৰ অৱদানৰ বাবে কেইবাটাও বঁটা লাভ কৰে:
- ১৯৯২ চনত হামদৰ্দ পাকিস্তান বঁটা।২
- ১৯৯৭ চনত ক্ষেত্ৰ গৱেষণা আৰু প্ৰয়োগৰ বাবে নৰ্মান বৰলাউগ বঁটা ১
- ২০০১ চনত পাকিস্তান কৃষি গৱেষণা পৰিষদৰ (PARC/PARSA)ৰপৰা শ্ৰেষ্ঠ বিজ্ঞানীৰ বাবে মিলেনিয়াম বঁটা ২
- ২০০২ চনত ফ্ৰান্সৰ অৰ্ডাৰ ডেছ পালমেছ একাডেমিক ২
২০০২ চনৰ ২৬ নৱেম্বৰত ইছলামবাদত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ অনুষ্ঠানত পাৰ্কৰ অধ্যক্ষ বদৰুদ্দিন ছুমৰোৱে ঘোষণা কৰে যে কুৰেছিৰ সন্মানত কৃষি জৈৱ প্ৰযুক্তি আৰু জেনেটিক্স গৱেষণা প্ৰতিষ্ঠানৰ নাম সলনি কৰা হ’ব। ছুমৰোৱে স্বীকাৰ কৰে যে কাঁচৰ চিলিঙে কুৰেছীয়ে প্ৰাপ্য পদোন্নতি লাভ কৰাত বাধা দিছিল। পাকিস্তান কৃষি গৱেষণা পৰিষদৰ (পি আৰ চি) কৃষি জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠানৰ মুখ্য বৈজ্ঞানিক বিষয়া আৰু উপ-সঞ্চালক প্ৰধান পদত পদোন্নতি লাভ কৰে। কুৰেশ্বিৰ কোনো সন্তান নাছিল যদিও তেওঁ ভতিজা আৰু আন কেইবা ডজন দৰিদ্ৰ সন্তানৰ শিক্ষাৰ বাবে ধন সহায় কৰিছিল।২
আজৰা কুৰেশ্বি পাকিস্তান বটানিকেল ছ’চাইটিকে ধৰি কেইবাখনো ছ’চাইটিৰ সদস্য আছিল। ২
প্ৰকাশিত কৰ্ম
কুৰেশ্বীয়ে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বৈজ্ঞানিক আলোচনীত ১৪০টাতকৈও অধিক বৈজ্ঞানিক গৱেষণা পত্ৰ আৰু ৮৫টা জনপ্ৰিয় বিজ্ঞানৰ প্ৰবন্ধ প্ৰকাশ কৰে। কুৰেশ্বীয়ে পাকিস্তান, ভাৰত, কানাডা, ইজিপ্ত, ফিলিপাইনছ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, জৰ্ডান, বাংলাদেশ আৰু মৃত্যুৰ এমাহ পূৰ্বে চীনত ৭০খনতকৈও অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলন, চিম্পোজিয়াম আৰু আলোচনা-চক্ৰত অংশগ্ৰহণ কৰিছিল। ২
মৃত্যু
২০০২ চনৰ ২২ নৱেম্বৰত ৫৭ বছৰ বয়সত আজৰা কুৰেশ্বীৰ মৃত্যু হয়। ২
তথ্যসূত্ৰ
- ↑ (October 1999). Norman Borlaug Award for Dr. Azra Quraishi (includes her profile also). PARC News. Pakistan Agricultural Research Council
- ↑ Zafar, Yusuf; Ghaffar, Abdul. (2003). Obituary - DR. AZRA QURAISHI (1945-2002). Pakistan Journal of Botany. পৃ. 1–2
- ↑ Quraishi, Azra. Sustained Multiplication of Long Term Embryogenic Cultures of Date Palm and Their Field Performance. Pakistan Journal of Botany. পৃ. 135–141
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজৰা কুৰেশ্বী” প্ৰবন্ধৰ সংশোধন ৫৬১৭৩৯ (৬ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।