অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰুনা লাইলা

ৰুনা লাইলা (Runa Laila;; ১৭ নৱেম্বৰ ১৯৫২) এগৰাকী বাংলাদেশী নেপথ্য কণ্ঠশিল্পী আৰু মিউজিক কম্পোজাৰ। ১৯৬০ চনৰ শেষৰ ফালে পাকিস্তান চলচ্চিত্ৰ জগতত নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ৩২৫ শব্দ · ২ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

ৰুনা লাইলা (Runa Laila;; ১৭ নৱেম্বৰ ১৯৫২)১২ এগৰাকী বাংলাদেশী নেপথ্য কণ্ঠশিল্পী আৰু মিউজিক কম্পোজাৰ। ১৯৬০ চনৰ শেষৰ ফালে পাকিস্তান চলচ্চিত্ৰ জগতত নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁৰ গায়ন শৈলী পাকিস্তানী নেপথ্য কণ্ঠশিল্পী আহমেদ ৰুছদীৰ দ্বাৰা অনুপ্ৰাণিত আৰু মালা নামৰ কণ্ঠশিল্পী এগৰাকী আঁতৰি যোৱাৰ পিছত ৰুচদীৰ সৈতে তেওঁ যোৰ বান্ধিছিল।৩৪ দ্য ৰেইন (১৯৭৬),যাদুৰ বাঁসী (১৯৭৭),এক্সিডেণ্ট (১৯৮৯),অন্তৰে অন্তৰে (১৯৯৪),দেৱদাস (২০১৩),প্ৰিয়া তুমি সুখী হও (২০১৪) আদি ছবিত তেওঁ গীত গাইছে। তেওঁ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৭টা বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা তথা১ একটি চিনেমাৰ গল্প (২০১৮) ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছে।৫

প্ৰাৰম্ভিক জীৱন

লাইলাৰ জন্ম হৈছিল চিলেটত। তেওঁৰ দেউতাক চৈয়দ মহম্মদ ইমদাদ আলী আৰু মাক আমিনা লাইলা। দেউতাকে কৰাচীত এজন অসামৰিক বিষয়া ৰূপে চাকৰি কৰিছিল। লাইলাই কথক আৰু ভাৰতনাট্যমৰ প্ৰশিক্ষণ লয়। সেই সময়ৰ এজন অগ্ৰণী নেপথ্য কণ্ঠশিল্পী আহমেদ ৰুছদীয়ে তেওঁক সংগীতৰ ৰক এণ্ড ৰোল, ডিস্কো আৰু অন্যান্য আধুনিক ধাৰাসমূহৰ সৈতে পৰিচিত কৰাই দিয়ে। লাইলাই তেওঁ নিজৰ গুৰু বুলি গণ্য কৰা কণ্ঠশিল্পী আহমেদ ৰুছদীৰ অনুৰাগী হৈ পৰে আৰু কেৱল তেওঁৰ গায়ন শৈলীয়ে নহয়, মঞ্চত তেওঁৰ কণ্ঠদানৰ ধৰণকো অনুকৰণ কৰিবলৈ চেষ্টা কৰে।২ তাৰ পিছত তেওঁ বায়েক দীনা লাইলাৰ (মৃত্যু ১৯৭৬) সৈতে শাস্ত্ৰীয় সংগীত শিকে।২৬ চেণ্ট লৰেন্স কনভেণ্টৰ ছাত্ৰী হৈ থকাৰ সময়তে তেওঁ তেতিয়াৰ পশ্চিম পাকিস্তানৰ কৰাচীত অনুষ্ঠিত হোৱা আন্তঃবিদ্যালয় গায়ন প্ৰতিযোগিতাত বিজয়ী হৈছিল। লাইলাই ১২ বছৰ বয়সতে উৰ্দু ভাষাৰ ছবি জুগ্নুত এজন পুৰুষ শিশু অভিনেতাৰ বাবে গীতত কণ্ঠ দিছিল।৭ গীতটো আছিল গুড়িয়া ছি মুন্নী মেৰী।৮

কৰ্মজীৱন

১৯৬৬ চনত উৰ্দু ভাষা ছবি হম দোনাৰ উনকি নজৰোঁ সে মুহব্বত কা যো পয়গাম মিলা গীতটোৰে লাইলাই পাকিস্তানী চলচ্চিত্ৰ উদ্যোগত এক বিশিষ্ট স্থান পাবলৈ সক্ষম হয়।৯ তেওঁ পাকিস্তানৰ পিটিভিত অনুষ্ঠান পৰিৱেশন কৰিছিল।১০ পিটিভিত তেওঁৰ বজম-ই-লাইলা নামৰ এটা অনুষ্ঠান আছিল।৭ ইয়াৰ পিছত জিয়া মহিউদ্দিন শ্ব’ত (১৯৭২–৭৪) অংশগ্ৰহণ কৰে। ১৯৭০-ৰ দশকত তেওঁ উমৰাও জান অদা (১৯৭২) আদি ছবিত গীত গায়।

১৯৭৪ চনত পৰিয়ালৰ সৈতে লাইলা বাংলাদেশলৈ গুচি যায়। তেওঁৰ প্ৰথম বাংলা গীত আছিল সত্য সাহাৰ দ্বাৰা ৰচিত জীৱন সাথী (১৯৭৬) ছবিৰ অ' আমাৰ জীৱন সাথী। ১৯৭৪ চনত ভাৰতৰ মুম্বাইত তেওঁৰ প্ৰথম কনচাৰ্ট অনুষ্ঠিত হয়। দিল্লীত লগ পোৱা বলীউডৰ পৰিচালক জয়দেৱৰ সৈতে মুম্বাই দূৰদৰ্শনৰ উদ্বোধনী অনুষ্ঠানত অংশ লোৱাৰ সুযোগ পায়।২ প্ৰথমে তেওঁ কল্যাণজী-আনন্দজীৰ সংগীত পৰিচালনাত এক ছে বঢ়কৰ এক (১৯৭৬) নামৰ এখন ছবিৰ শীৰ্ষগীতত কণ্ঠ দিয়ে। তেওঁ ভাৰতত অ’ মেৰা বাবু ছৈল ছবিলা আৰু দম দম মস্ত কলন্দৰ গীতৰে বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়। ১৯৭৪ চনত তেওঁ কলিকতাত সাধেৰ লাউৰ ৰেকৰ্ডিং কৰে। ৩ দিনৰ ভিতৰত ৩০টা গীত ৰেকৰ্ডিং কৰাৰ বাবে লাইলাৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হৈছে। ১৯৮২ চনত বাপ্পী লাহিৰীৰ দ্বাৰা সংগীত পৰিচালিত চুপাৰৰুনা এলবাম মুক্তিৰ প্ৰথম দিনাই ১ লাখতকৈ অধিক কপি বিক্ৰী হোৱাৰ বাবে তেওঁ গোল্ডেন ডিস্ক বঁটা লাভ কৰিছিল।৮

২০০৯ চনৰ অক্টোবৰত তেওঁ ভাৰতত পাঞ্জাবী বিয়াৰ গীতৰ সংকলন কালা ছা কালা মুকলি কৰে।১১ ২০১২ চনত লাইলাই অপেছাদাৰী কণ্ঠশিল্পীসকলৰ ভাৰতীয় টেলিভিছন প্ৰতিযোগিতামূলক অনুষ্ঠান সুৰ-ক্ষেত্ৰ অনুষ্ঠানত বিচাৰক হিচাপে কাম কৰে। সহযোগী বিচাৰক আশা ভোছলেৰ সৈতে তেওঁৰ সম্পৰ্ক বাই-ভনীৰ দৰে বুলি অভিহিত কৰিছিল। ২০১৪ চনত তেওঁ ছাবিনা য়াচমিনৰ সৈতে একেলগে টেলিভিছন নাট "দালচুত প্ৰজাপতি"ৰ বাবে এটা গীত প্ৰস্তুত কৰে।১২১৩ লাইলাই হিন্দী, উৰ্দু, পাঞ্জাবী, সিন্ধী, গুজৰাটী, পাষ্টো, বালুচি, আৰবী, পাৰ্চী, মালয়, নেপালী, জাপানী, ইটালীয়, স্পেনিছ, ফৰাচী আৰু ইংৰাজীকে ধৰি সোতৰটা ভাষাত গীত গাইছে।৩

ব্যক্তিগত জীৱন

লাইলাই তিনিবাৰ বিবাহ কৰাইছে। প্ৰথমে তেওঁ খাৱাজা জাভেদ কাইজাৰ, দ্বিতীয়তে এজন ছুইজাৰলেণ্ডৰ নাগৰিক ৰণ ডেনিয়েল আৰু তৃতীয়তে অভিনেতা আলমগীৰক বিবাহ কৰায়। তেওঁৰ টানি নামৰ জীয়ৰী এজনী আছে।২ তেওঁৰ নাতি জেইন ইছলাম ২০১২ চনত আৰ্চেনালৰ প্ৰগ্ৰেছন চেণ্টাৰৰ বাবে নিৰ্বাচিত হৈছিল, যেতিয়া তেওঁৰ বয়স আঠ বছৰ আছিল। তেওঁৰ আনজন নাতিয়েক আৰন ইছলামও তাত আছে।১৪

কল্যাণমূলক কামকাজ

১৯৭৬ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ ভনীয়েকৰ মৃত্যু হোৱাৰ পিছত লাইলাই ঢাকাত কেইবাটাও চেৰিটি কনচাৰ্ট অনুষ্ঠিত কৰে। সংগ্ৰহ কৰা ধনেৰে ঢাকাত কৰ্কট চিকিৎসালয় নিৰ্মাণ কৰা হৈছিল।২৩ লাইলাক এইচ.আই.ভি/এইচ.আই.ভি/এইড্‌ছৰ বাবে ছাৰ্কৰ সদিচ্ছা ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়। এই পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথম বাংলাদেশী। ২০১৩ চনত ছাৰ্কৰ ৰাষ্ট্ৰদূত হিচাপে প্ৰথম ভ্ৰমণত নতুন দিল্লী ভ্ৰমণ কৰিছিল। তেওঁ ভাৰতৰ বৈদেশিক আৰু স্বাস্থ্য মন্ত্ৰীসকলক সাক্ষাৎ কৰে।১৫

তথ্যসূত্ৰ

  1. ↑ (17 November 2016). Many Happy Returns to Sadia a Islam. The Daily Star
  2. ↑ Arnold, Alison. (2000). The Garland Encyclopedia of World Music. Taylor & Francis. পৃ. 420–421. ISBN 0-8240-4946-2
  3. ↑ Gulzar; Nihalani, Govind; Chatterji, Saibal. (2003). Encyclopaedia of Hindi Cinema. Popular Prakashan. পৃ. 532–533. ISBN 81-7991-066-0
  4. ↑ (8 November 2019). National Film Awards for 2017 and 2018 announced. The Daily Star
  5. ↑ Sharma, Devesh. Beyond borders Runa Laila. Filmfare. Times Internet Limited
  6. ↑ Ebong Runa Laila' this Eid. Prothom Alo
  7. ↑ Tasbir Iftekhar. (6 October 2018). Saga of the Melody Queen. The Daily Star
  8. ↑ Tasbir Iftekhar. (6 October 2018). Saga of the Melody Queen. The Daily Star
  9. ↑ Akhtar, Aasim. The PTV cadre maintained its character. The News International
  10. ↑ (14 October 2011). When Runa met Lata. The Daily Star
  11. ↑ Runa Laila. colors.in.com. In.com India
  12. ↑ Celebrating the legacy of Runa Laila. The Daily Star
  13. ↑ Sanskriti Website. Runa Laila. KOA Music Section. Kashmiri Overseas Association (KOA)
  14. ↑ (3 May 2012). Runa Laila on cloud nine. The Daily Star
  15. ↑ Runa Laila to tour New Delhi. bdnews24.com

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তিবাংলাদেশৰ ব্যক্তিবাংলাদেশৰ কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীবঙালী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুনা লাইলা” প্ৰবন্ধৰ সংশোধন ৬৩২৭৯৩ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।