অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিগাৰ আহমেদ

নিগাৰ আহমেদ (Nigar Ahmed(১৬ ফেব্ৰুৱাৰী ১৯৪৫ – ২৪ ফেব্ৰুৱাৰী ২০১৭) আছিল এগৰাকী পাকিস্তানী মহিলা অধিকাৰ কৰ্মী যি ৱমেনছ একচন ফ'ৰাম আৰু ঔৰত ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰিছিল। ৭২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ২১৪ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

নিগাৰ আহমেদ (Nigar Ahmed(১৬ ফেব্ৰুৱাৰী ১৯৪৫ – ২৪ ফেব্ৰুৱাৰী ২০১৭)১ আছিল এগৰাকী পাকিস্তানী মহিলা অধিকাৰ কৰ্মী যি ৱমেনছ একচন ফ'ৰাম আৰু ঔৰত ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰিছিল।২৩৪৫৬ ৭২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।৭৮

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৪৫ চনত লাহোৰত ৰিয়াজুদ্দিন আহমদ আৰু আখতাৰৰ ঘৰত নিগাৰ আহমেদে জন্মগ্ৰহণ কৰিছিল। তেওঁ কনভেণ্ট অৱ জিছুছ এণ্ড মেৰীৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰিছিল৷ চৰকাৰী মহাবিদ্যালয় লাহোৰৰ পৰা অৰ্থনীতিত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ চৰকাৰী মহাবিদ্যালয় নাট্য ক্লাৱৰ সদস্য আৰু পিছলৈ বিখ্যাত আলোচনী ৰবিৰ সম্পাদক আছিল। পিছলৈ কমনৱেলথৰ বৃত্তিত কেম্ব্ৰিজৰ নিউ হললৈ যায়। ঘূৰি অহাৰ পিছত তেওঁ কোৱাইদ-ই-আজম বিশ্ববিদ্যালয়ত অৰ্থনীতিৰ অধ্যাপনা কৰে।৯

নাৰীবাদ

১৯৮১ চনত কৰাচীত মহিলা কাৰ্য্য মঞ্চ গঠনৰ কিছু সময়ৰ পিছতে আহমেদে ১৯৮২ চনত ইছলামবাদ আৰু লাহোৰ অধ্যায় আৰম্ভ কৰে।১০১১ ইছলামবাদত প্ৰায় ষোল্ল বছৰ বাস কৰাৰ সময়ত তেওঁ নাৰী আন্দোলনৰ সৈতে জড়িত হৈ থাকিল।১২১৯৮৬ চনত জিয়া উল হকৰ একনায়কত্ববাদৰ যুগত প্ৰয়াত শ্বেহলা জিয়াৰ সৈতে ঔৰত ফাউণ্ডেশ্যনৰ সহযোগী প্ৰতিষ্ঠা কৰে।১৩১৪১৫

ব্যক্তিগত জীৱন

আহমেদে শ্বাটত চৰকাৰী কৰ্মচাৰী তাৰিক ছিদ্দিকীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুজন পুত্ৰ বিলাল আৰু আহমদ আছিল।১৬ স্বামী আৰু দুয়োজন পুত্ৰই পি এইচ ডি লাভ কৰিছিল৷

মৃত্যু

২০০১ চনত আহমেদ পাৰ্কিনছন ৰোগত আক্ৰান্ত হয়।২০১৭ চনত বুকুৰ সংক্ৰমণত আক্ৰান্ত হৈ লাহোৰৰ চিকিৎসালয়ত ভৰ্তি হয় আৰু তাতেই তেওঁৰ মৃত্যু হয়।১৭

বঁটা

২০০৫ চনত তেওঁৰ নাম আন পাকিস্তানী মহিলাসকলৰ মাজত শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হয়।[১৮

২০১০ চনত তেওঁ মহতৰ্মা ফাতিমা জিন্না লাইফ টাইম এচিভমেণ্ট বঁটা লাভ কৰে।১৯২০

তথ্যসূত্ৰ

  1. ↑ Aslam, Afia, "Goodbye, Great Heart: Nigar Ahmed (1945–2017), Newsweek, March 11–18, 2017, pp. 16–19
  2. ↑ Tributes paid to Nigar Ahmad – Business Recorder
  3. ↑ (24 February 2017). Women rights activist Nigar Ahmed passes away in Lahore – The Express Tribune
  4. ↑ Rich tribute paid to Nigar. www.thenews.com.pk
  5. ↑ (19 September 2016). Remembering the struggle for women’s rights. The Express Tribune
  6. ↑ (11 January 2020). Aurat Foundation needs support for women’s empowerment. The Nation
  7. ↑ Women rights activist Nigar Ahmed passes away
  8. ↑ (26 March 2017). We won’t cry over Nigar Ahmed’s death, says Mahnaz Rahman. The Express Tribune
  9. ↑ (10 March 2017). Nigar Ahmad, 1945 – 2017. The Friday Times
  10. ↑ (27 February 2017). Remembering a Revolutionary. Newsline
  11. ↑ Reporter, The Newspaper's Staff. (30 March 2017). Condolence reference for rights activist Nigar Ahmad. DAWN.COM
  12. ↑ Durrani, Ammara. (10 May 2017). An Indian who talks about love with Pakistan is seen as a traitor: Kamla Bhasin. Herald Magazine
  13. ↑ (26 February 2017). Nigar Ahmed. DAWN.COM
  14. ↑ Jalil, Xari. (25 February 2017). Nigar Ahmed passes away
  15. ↑ Late Nigar Ahmad remembered for women rights’ struggle. www.thenews.com.pk
  16. ↑ Web, South Asia Citizens. (2019-06-08). Pakistan: Tributes to Nigar Ahmad. South Asia Citizens Web
  17. ↑ Women rights activist Nigar Ahmed passes away · SAMAA. Samaa TV
  18. ↑ (30 June 2005). 29 women named for Nobel Peace Prize. DAWN.COM
  19. ↑ A luminous constellation · Dialogue · thenews.com.pk. www.thenews.com.pk
  20. ↑ (25 February 2017). Zardari pays glowing tributes to services of Nigar Ahmed. Daily Times

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তিপাকিস্তানৰ মহিলা অধিকাৰ কৰ্মীশিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিগাৰ আহমেদ” প্ৰবন্ধৰ সংশোধন ৬৩২৯১৪ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।