আফিয়া শ্বেহৰবানো জিয়া (Afiya Shehrbano Zia) হৈছে কৰাচীত বাস কৰা এগৰাকী পাকিস্তানী নাৰীবাদী গৱেষক, লেখিকা আৰু কৰ্মী।১তেওঁ "পাকিস্তানত বিশ্বাস আৰু নাৰীবাদ"(ছাচেক্স একাডেমিক প্ৰেছ, ২০১৮)গ্ৰন্থকে প্ৰমুখ্য কৰি২৩ নাৰী, ধৰ্মনিৰপেক্ষতা আৰু ধৰ্ম বিষয়ত কেইবাটাও প্ৰকাশিত প্ৰবন্ধৰ লিখিছে।৪৫ তেওঁ মহিলা কাৰ্য মঞ্চৰ সক্ৰিয় সদস্য।৬৭
জীৱনী
জিয়াই ১৯৯২ চনত ইংলেণ্ডৰ ইয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা মহিলা অধ্যয়নত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৮তেওঁ টৰণ্টো বিশ্ববিদ্যালয়ৰ পৰা মহিলা আৰু লিংগ অধ্যয়নত পি এইচ ডি ডিগ্ৰী লাভ কৰিছে।৯ ১০১১
জিয়া এগৰাকী স্বতন্ত্ৰ গৱেষক। ১৯৯৩ চনৰ পৰা ১৯৯৭ চনলৈকে তেওঁ বেচৰকাৰী ক্ষেত্ৰত মহিলা আৰু উন্নয়নৰ প্ৰকল্পৰ বাবে কাম কৰিছিল, গৱেষণা পত্ৰ লিখিছিল আৰু নাৰী বিষয়ৰ বহু কিতাপ সম্পাদনা কৰিছিল। তেওঁ কৰাচীত কলেজত সমাজবিজ্ঞানৰ পাঠদান কৰে আৰু বাতৰি কাকতত নিয়মিতভাৱে লিখে। কৰাচীৰ এটা শৈক্ষিক গোটৰ প্ৰতিষ্ঠাপক সদস্য আৰু বিভিন্ন টিভি চেনেলত আৰ্থ-ৰাজনৈতিক বিষয়ৰ মন্তব্যকাৰী হিচাপে উপস্থিত থাকে।১২
তেওঁ টৰণ্টো বিশ্ববিদ্যালয় আৰু হাবিব বিশ্ববিদ্যালয়ত এটা ছেমিষ্টাৰৰ বাবে অধ্যাপনা কৰি আহিছে, য'ত তেওঁ মহিলা, কৰ্ম আৰু ইছলামৰ ওপৰত এটা পাঠ্যক্ৰম ডিজাইন কৰিছিল।১৩
তথ্যসূত্ৰ
- ↑ (28 February 2007). KARACHI: More citizens upset with beach project. DAWN.COM
- ↑ Faith and Feminism in Pakistan. www.sussex-academic.com
- ↑ Zaidi, S. Akbar. (22 January 2018). Celebrating women academics. DAWN.COM
- ↑ Jalil, Xari. (13 January 2019). Zia regime painted 'open' woman as immoral. DAWN.COM
- ↑ Paracha, Nadeem F. (1 September 2019). SMOKERS' CORNER: THE HOPE OF THE APOLOGIST. DAWN.COM
- ↑ Professor Dr. Afiya S. Zia. Trust for Democratic Education and Accountability (TDEA)
- ↑ Inam, Moniza. (14 February 2016). Women empowerment: The spring of hope. DAWN.COM
- ↑ Zia, Afiya Shehrbano. (3 July 2017). Performance anxiety: women's sexed bodies in Pakistan. International Feminist Journal of Politics. পৃ. 296–310
- ↑ DOCTORAL RESEARCH SEMINAR
- ↑ (5 June 2018). Faith and Feminism in Pakistan; Religious Agency or Secular Autonomy? Talk by Afiya S. Zia. T2F · A Project of PeaceNiche
- ↑ Reporter, The Newspaper's Staff. (5 October 2019). 'Women are silenced through laws, traditions'. DAWN.COM
- ↑ (12 February 2013). Faith and Feminism in Pakistan: Afiya Zia and Gayatri Spivak in conversation
- ↑ SARC Event: Faith and Feminism in Pakistan: Religious Agency or Secular Autonomy. www.southasia.ox.ac.uk
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আফিয়া শ্বেহৰবানো জিয়া” প্ৰবন্ধৰ সংশোধন ৫৬২৭২৮ (১১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।