মহম্মদ হানিফ (Mohammed Hanif; জন্ম: নৱেম্বৰ ১৯৬৪) এগৰাকী ব্ৰিটিছ পাকিস্তানী লেখক আৰু সাংবাদিক। তেওঁ দ্য নিউয়ৰ্ক টাইমছৰ মাহেকীয়া স্তম্ভলেখক।১
হানিফৰ ‘আ কেচ অৱ এক্সপ্লডিং মেংগ’জ’ কিতাপখনে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আৰু কিতাপখন ‘মেন বুকাৰ প্ৰাইজ’ তথা ‘গাৰ্ডিয়ান ফাৰ্ষ্ট বুক প্ৰাইজ’ৰ বাবে মনোনয়নৰ তালিকাভুক্ত হৈছিল। ২০০৯ চনত শ্ৰেষ্ঠ প্ৰথম কিতাপ বিভাগত কিতাপখনে কমনৱেলথ গ্ৰন্থ বঁটা লাভ কৰিছিল।২ তেওঁৰ দ্বিতীয় খন কিতাপ ‘আৱাৰ লেডী অৱ এলিচ ভাট্টি’য়ে ‘ৱেলকাম বুক প্ৰাইজ’ লাভ কৰিছিল। হানিফে কৰাছীস্থিত বিবিচি নিউজৰ সংবাদদাতা হিচাপেও কাম কৰিছিল আৰু চহৰখনৰ বিষয়ে এখন প্ৰশংসিত ফিচাৰ ফিল্ম দ্য লং নাইটৰ লিখিছিল।৩৪৫ দ্য নিউয়ৰ্ক টাইমছ,৬৭ দ্য ডেইলী টেলিগ্ৰাফ,৮ দ্য নিউ য়ৰ্কাৰ৯ আৰু দ্য ৱাশ্বিংটন প’ষ্টত তেওঁৰ লেখা প্ৰকাশ হয়। তেওঁৰ নাটক ‘দ্য ডিক্টেটৰচ্ ৱাইফ’ হেম্পষ্টিড থিয়েটাৰত মঞ্চস্থ কৰা হৈছিল।১০
সংক্ষিপ্ত জীৱনপঞ্জী
পাকিস্তানৰ অন্তৰ্গত পাঞ্জাৱৰ অ’কাৰাত মহম্মদ হানিফৰ জন্ম হৈছিল। তেওঁ পাকিস্তান বায়ু সেনা একাডেমীৰ পৰা পাইলট হিচাপে স্নাতক ডিগ্ৰী লাভ কৰিছিল যদিও পৰৱৰ্তী সময়ত সাংবাদিকতাক কেৰিয়াৰ ৰূপে গ্ৰহণ কৰে।১১ তেওঁ প্ৰথমতে এখন পাকিস্তানী ইংৰাজী সাময়িকী আৰু ৰাজনৈতিক আলোচনী নিউজলাইনৰ বাবে কাম কৰিছিল আৰু দ্য ৱাশ্বিংটন প’ষ্ট আৰু ইণ্ডিয়া টুডেৰ বাবে লিখিছিল। হানিফ ইষ্ট এংলিয়া বিশ্ববিদ্যালয়ৰ স্নাতক।১২ ১৯৯৬ চনত বিবিচিৰ বাবে কাম কৰিবলৈ তেওঁ লণ্ডনলৈ যায় আৰু পিছত তেওঁ লণ্ডনত বিবিচিৰ উৰ্দু সেৱা বিভাগৰ মুৰব্বীৰ ভাৰ গ্ৰহণ কৰে।১২ ২০০৮ চনত তেওঁ পাকিস্তানলৈ ঘূৰি যায়।১৩
সাহিত্য যাত্ৰা
হানিফৰ প্ৰথমখন উপন্যাস ‘আ কেচ অৱ এক্সপ্লডিং মেংগ’জ’ ২০০৮ চনত প্ৰকাশ হৈছিল। প্ৰকাশৰ লগে লগে কিতাপখনে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আৰু ‘গাৰ্ডিয়ান ফাৰ্ষ্ট বুক এৱাৰ্ড’১৪ আৰু ‘মেন বুকাৰ প্ৰাইজ’ৰ বাবে মনোনয়ন লাভ কৰিছিল।১৫ কিতাপখনে শ্ৰেষ্ঠ প্ৰথম গ্ৰন্থ শ্ৰেণীত ২০০৯ চনৰ ‘কমনৱেলথ গ্ৰন্থ বঁটা’১৬ আৰু ২০০৮ চনৰ ‘শক্তি ভট্ট প্ৰথম গ্ৰন্থ বঁটা’ লাভ কৰিছিল।১৭
হানিফৰ কাহিনীৰ ভিত্তিত মঞ্চ নাট আৰু চিনেমাও নিৰ্মাণ হৈছে, এই সমূহৰ ভিতৰত আছে ‘দ্য লং নাইট’ (২০০২)১৮ শীৰ্ষক এখন ফিচাৰ ফিল্ম, বিবিচিৰ ৰেডিঅ’ নাটক ‘হোৱাট নাও, নাও দ্যট উই আৰ ডেড’, আৰু মঞ্চ নাটক ‘দ্য ডিক্টেটৰচ্ ৱাইফ’ (২০০৮)১৯। তেওঁৰ দ্বিতীয় খন উপন্যাস ‘আৱাৰ লেডী অৱ এলিচ ভাট্টি’ ২০১১ চনত প্ৰকাশ পাইছিল।২০ ইয়াক ‘ৱেলকাম ট্ৰাষ্ট বুক প্ৰাইজ’ (২০১২)২১ আৰু ‘ডিএছচি প্ৰাইজ ফৰ চাউথ এছিয়ান লিটাৰেচাৰ’ (২০১৩)ৰ বাবে তালিকাভুক্ত কৰা হৈছিল।২২
২০১৮ চনত হানিফে তেওঁৰ উপন্যাস ‘ৰেড বাৰ্ডচ্’ লিখি উলিয়ায়।
হানিফৰ শৈলীক প্ৰায়ে লেখক চলমান ৰুশ্বদিৰ সৈতে তুলনা কৰা হয়, কিন্তু হানিফ নিজে এই মূল্যায়নৰ সৈতে একমত নহয়। তেওঁ কৈছে যে, তেওঁ ৰুশ্বদিৰ কিতাপ পঢ়ি ভাল পায়, কিন্তু ৰুশ্বদিৰ দৰে একে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ তেওঁৰ ইচ্ছা নাই।২৩
তথ্যসূত্ৰ
- ↑ Mohammed Hanif. The New York Times
- ↑ Mohammed Hanif. the Guardian
- ↑ Mohammed Hanif: Places in My Heart – CornellCast. CornellCast
- ↑ Mohammed Hanif · Penguin Random House. PenguinRandomhouse.com
- ↑ (2002-07-02). Digital film tells of divided Pakistan
- ↑ Hanif, Mohammed. (2015-07-24). Of Dogs, Faith and Imams. The New York Times
- ↑ Hanif, Mohammed. (2016-01-22). Pakistan's Unnecessary Martyrs. The New York Times
- ↑ Hay 2012: Freedom of Speech column: Mohammed Hanif. Telegraph.co.uk
- ↑ Hanif, Mohammed. (2013-11-14). Why Pakistan Lionizes Its Tormenters. The New Yorker
- ↑ (3 May 2013). The Dictator's Wife comes to Islamabad Literature Festival – The Express Tribune. The Express Tribune
- ↑ "Author Spotlight: Mohammed Hanif ", Random House
- ↑ Mohammed Hanif. Random House
- ↑ (7 August 2009). Mohammed Hanif on his homecoming to Pakistan. The Guardian
- ↑ Higgins, Charlotte. (31 October 2008). Five of the best in line for the Guardian first book award. The Guardian
- ↑ Prize Archive 2008, Archived copy, The Man Booker Prize website. Retrieved 5 February 2012
- ↑ 2009 Winners, Past winners, The Commonwealth Foundation Website. Retrieved 5 February 2012
- ↑ 'The Shakti Bhatt First Book Prize 2008 – The Winner',, Remembering Shakti Bhatt webpage, 27 January 2009. Retrieved 5 February 2012
- ↑ 'Digital film tells of divided Pakistan', . BBC News website. Retrieved 5 February 2012
- ↑ 'Recent Wave Activity: The Dictator's Wife',, The Wave Theatre Website. Retrieved 5 February 2012
- ↑ Yassin-Kassab, Robin (7 October 2007), 'Our Lady of Alice Bhatti by Mohammed Hanif – review', . London: The Guardian. Retrieved 5 February 2012
- ↑ Charlotte Williams. (15 October 2012). Random House gets four nods for Wellcome Trust Book Prize. The Bookseller
- ↑ Supriya Nair. (21 November 2012). DSC Prize 2013 shortlist announced. Mint
- ↑ Rediffnews Retrieved 26 July 2012
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহম্মদ হানিফ” প্ৰবন্ধৰ সংশোধন ৩৯২৬৯৭ (২০ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।