কুলচুম আব্দুল্লাহ বা কুলচুম বীনাজিৰ আব্দুল্লাহ কাকাখেল (Kulsoom Abdullah; জন্মঃ ১২ মাৰ্চ ১৯৭৬) এগৰাকী পাকিস্তানী-আমেৰিকান ভাৰোত্তোলক আৰু পাকিস্তানক প্ৰতিনিধিত্ব কৰি ২০১১ চনৰ বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা পাকিস্তানৰ প্ৰথমগৰাকী মহিলা ভাৰোত্তোলনকাৰী হিচাপে জনাজাত।১ সেই বছৰতে ধৰ্মীয় দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি হিজাব (মূৰৰ স্কাৰ্ফ) পিন্ধি, হাত-ভৰি ঢাকি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা হিচাপে তেওঁ ইতিহাস ৰচনা কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন ফেডাৰেচনে (আই ডব্লিউ এফ) তেওঁৰ অনুৰোধত নিজৰ নীতি-নিয়মসমূহ সংশোধন কৰি তেওঁক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ দিছিল।২
জীৱনী
কুলচুম আব্দুল্লাহৰ জন্ম মিছৌৰীৰ কানছাছ চহৰত আৰু ডাঙৰ-দীঘল হৈছিল ফ্ল'ৰিডাৰ অ'কীচোবিত। বাঢি় অহাৰ দিনবোৰত তেওঁ সঘনাই পাকিস্তান ভ্ৰমণ কৰিছিল আৰু পশতু ভাষাত কথা-বতৰা পাতিছিল।৩ জৰ্জিয়া ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা তেওঁ বৈদ্যুতিন আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী আৰু পিএইচডি লাভ কৰে।৪ স্নাতক মহলাৰ ছাত্ৰী হৈ থকাৰ সময়তে টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ পদ্ধতিৰ মাজেদি তেওঁ ভাৰোত্তোলন আৰম্ভ কৰিছিল।৫ সাধাৰণ সাজ-পোছাকেৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ অধিকাৰ অস্বীকৃত হোৱাৰ পিছত, চিইঅ'জন ডাফে আব্দুল্লালৈ লিখা এক ইমেইলত তেওঁ কৈছিল,"যিহেতু আমেৰিকাৰ ভাৰোত্তলন আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তলন ফেডাৰেচনৰ নিয়ম অনুসৰি পৰিচালিত হয়, সেয়ে আমি সেই নিয়মাৱলী মানি চলিবই লাগিব আৰু সেয়েহে আপোনাৰ অনুৰোধ প্ৰত্যাখ্যান কৰিবলগা হৈছে, যেনে আপোনাৰ প্ৰতিযোগিতামূলক সাজ-পোছাক সলনি কৰাৰ আহ্বান।" কুলচুম আব্দুল্লাই নাগৰিক অধিকাৰ আৰু চৰকাৰী সংগঠনসমূহৰ পৰা সহায় বিচাৰিছিল। যিহেতু ইউ.এছ.এ.ডব্লিউ. আৰু ইউ.এছ.অ'.চি. ব্যক্তিগত সংস্থা, তেওঁলোকে তেওঁক সহায় কৰিব নোৱাৰিলে। আমেৰিকান-ইছলামিক সম্পৰ্ক পৰিষদ (চি.এ.আই.আৰ.)-এ তেওঁৰ হৈ এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ প্ৰত্যাহ্বানৰ বিষয়ে তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সংবাদ মাধ্যমৰ মনোযোগ আৰু চি.এ.আই.আৰ.-ৰ হস্তক্ষেপৰ পিছত ইউ.এছ.অ'.চি. আৰু ইউ.এছ. এ.ডব্লিউ.-য়ে ইয়াক আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন ফেডাৰেচন (আই. ডব্লিউ. এফ.)-ৰ দৃষ্টিগোচৰলৈ আনিবলৈ সন্মত হৈছিল। কুলচুম আব্দুল্লাই কাপোৰৰ বিকল্পসমূহৰ বিশদ বিৱৰণ দি তেওঁক মুছলমান শালীনতাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ দিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰতিযোগিতাৰ বিষয়াসকলক স্পষ্ট কল কৰিবলৈ অনুমতি দিব বুলি কৈছিল আৰু কোনো প্ৰতিযোগিতামূলক সুবিধা নলয় বুলিও উল্লেখ কৰিছিল।৬ আব্দুল্লাক তেওঁলোকৰ নিয়মাৱলী সংশোধন কৰি তেওঁক মূৰ, বাহু আৰু ভৰি ঢাকি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিবলৈ প্ৰাৰ্থনা জনাইছিল।৭ ২০১১ চনৰ এটা প্ৰবন্ধত নেন্সি হ'গছহেডমেকাৰে কৈছিল,"চিন্তাশীল বিশ্বত, আমি সকলো প্ৰতিযোগীৰ মাজত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব পৰা সাজ-পোছাক কেনেকৈ তৈয়াৰ কৰিব লাগে সেই বিষয়ে চিন্তা কৰিম, তেওঁলোকৰ ধৰ্মীয় বা ব্যক্তিগত স্তৰৰ শালীনতা যিয়েই নহওক কিয়। এয়া কোনো সৌন্দৰ্য্য প্ৰতিযোগিতা নহয়, ধৰ্মীয় লিটমাছ পৰীক্ষাও নহয়৷" ''৮ আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি প্ৰথমে প্ৰতিযোগীৰ হাত-ভৰি উদং হ’ব লাগে যাতে বিচাৰকসকলে লিফ্ট কেতিয়া সফল হয় সেইটো নিৰ্ণয় কৰিব পাৰে।৮
প্ৰাৰম্ভিক জীৱন
আব্দুল্লাহৰ জন্ম হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কানছাছ চহৰত। তেওঁৰ জন্ম আমেৰিকাৰ খাইবেৰ পাখতুনখোৱা অঞ্চললৈ প্ৰব্ৰজন কৰা পাকিস্তানী পিতৃ-মাতৃৰ ঘৰত আৰু আব্দুল্লাহৰ পিতৃ আছিল এজন পেছাদাৰী চিকিৎসা আৰু চিকিৎসা বিজ্ঞানৰ চাকৰিসূত্ৰে তেওঁ আমেৰিকালৈ প্ৰব্ৰৰজন কৰিছিল।৩ আব্দুল্লাই ফ্ল 'ৰিডাৰ এখন সৰু চহৰ অ'কীচোবীত ডাঙৰ-দীঘল হৈছিল আৰু অ'কীচবী হাইস্কুলত তেওঁৰ হাইস্কুলৰ শিক্ষা সম্পন্ন কৰিছিল। পিছলৈ ইউনিভাৰ্চিটি অৱ চেণ্ট্ৰেল ফ্ল’ৰিডাৰ পৰা গণিতত মাইনৰসহ কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰীৰ বাবে বৃত্তি লাভ কৰে।৩
পেচাদাৰী জীৱন
ভাৰোত্তোলন কেৰিয়াৰ
কুলচুম আব্দুল্লাই ২০১০ চনত ভাৰোত্তোলক হিচাপে যেতিয়া তেওঁ কেৰিয়াৰ আৰম্ভ কৰিছিল তেতিয়া তেওঁ ১০৫ আৰু ১৬ পাউণ্ডৰ শাখাত অংশগ্ৰহণ কৰি ২৭ গৰাকীৰ ভিতৰত ২৩ নম্বৰত স্থানত সমাপ্ত কৰিবলৈ সক্ষম হৈছিল আৰু স্থানীয় অলিম্পিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাট মুকলি কৰিছিল৷৯ তাৰ পিছত, তেওঁক পাকিস্তান ভাৰোত্তোলন ফেডাৰেচন-এ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী মহিলা ভাৰোত্তোলক হিচাপে বাছনি কৰিছিল। আব্দুল্লাই পিছত আমেৰিকান অপেন ভাৰোত্তোলন প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল যদিও পোছাকৰ বাবেই তেওঁক অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নহ'ল। ২০১১ চনত আব্দুল্লাই বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী পাকিস্তানী মহিলা হিচাপে পৰিগণিত হৈছিল। ২০১২ চনত দক্ষিণ কোৰিয়াত অনুষ্ঠিত এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত তেওঁ পাকিস্তানক প্ৰতিনিধিত্ব কৰিছিল। ২০১৩ চনত ভাৰোত্তোলন চেম্পিয়নশ্বিপৰ পৰা তেওঁ বিৰতি লৈছিল, কিন্তু স্থানীয় প্ৰতিযোগিতাত অংশগ্ৰহণ অব্যাহত ৰাখিছিল।৯
ধৰ্ম পালন আৰু ভাৰোত্তোলন
কুলচুম আব্দুল্লাহ ধৰ্মীয় ৰীতি-নীতি মানি চলা মুছলমান। তেওঁৰ ধৰ্মই তেওঁক হাত, ভৰি আৰু মূৰৰ স্কাৰ্ফ পিন্ধাকে ধৰি নিজৰ শৰীৰটো ঢাকি ৰাখিবলৈ বাধ্য কৰে। ২০১১ চনত আব্দুল্লাই আমেৰিকান অপেন ৱেটলিফ্টিং প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল, অৱশ্যে প্ৰতিযোগিতাখনত ড্ৰেছ ক'ড অনুসৰি বিচাৰকসকৰ বাবে অংশগ্ৰহণকাৰীৰ কিলাকুটি আৰু আঁঠু দৃষ্টিগোচৰ হৈ থকাটো প্ৰয়োজনীয় আছিল।১০ যদিও আব্দুল্লাই তেওঁৰ আৰু অন্যান্য মুছলমান মহিলাৰ বাবে পোছাকৰ নিয়ম সহজ কৰিবলৈ অনুৰোধ জনাইছিল, কিন্তু তেওঁৰ অনুৰোধ নাকচ কৰা হৈছিল। আব্দুল্লাহৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন ফেডাৰেচনলৈ (আই.ডব্লিউ.এফ.) লৈ যোৱা হৈছিল। এই সময়ছোৱাত আব্দুল্লাই এটা ৱেবছাইট আৰম্ভ কৰিছিল য 'ত তেওঁ নিজৰ সংগ্ৰাম আৰু নিজৰ উদ্দেশ্যৰ বিষয়ে লিখিছিল।১১ তেওঁৰ গোচৰটোৱে সংবাদ মাধ্যমত ব্যাপক প্ৰচাৰ লাভ কৰিছিল। আব্দুল্লাই মুছলমান মহিলাসকলৰ বাবে পোছাকৰ নিয়ম সহজ কৰিবলৈ ইউ.এছ.অ'.চি.-লৈ তেওঁৰ আৰ্জি প্ৰেৰণ কৰিবলৈ কাউন্সিল অৱ আমেৰিকান-ইছলামিক ৰিলেচনৰ পৰা সহায় বিচাৰিছিল। তেওঁৰ অনুৰোধ ইউ.এছ.অ'.চি.-ৰ কাৰিকৰী সমিতিৰ কাৰ্যসূচীত আই.ডব্লিউ.এফ.-ৰ উপ-সভাপতি ড্ৰেগোমিৰ চিঅ'ৰ'শ্লানে উত্থাপন কৰিছিল আৰু পিছত মালয়েছিয়াত অনুষ্ঠিত আই.ডব্লিউ.এফ-ত অনুমোদন লাভ কৰিছিল। আই.ডব্লিউ.এফ.-এ নিয়মীয়া ভাৰোত্তোলনৰ সাজ-পোছাকৰ তলত পিন্ধিব পৰা টাইট-ফিটিং কাপোৰ ব্যৱহাৰৰ অনুমতি দিছিল আৰু প্ৰতিযোগিতাত সদায় মূৰত স্কাৰ্ফ পিন্ধাৰ অনুমতি দিছিল।৯
গুৰুত্বপূৰ্ণ ফলাফলসমূহ
| বছৰ | স্থান | ওজন | স্নেচ (কে.জি.) | পৰিষ্কাৰ আৰু জাৰ্ক (কে.জি.) | মুঠ | ৰেংক | ||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|
| ১ | ২ | ৩ | ৰেংক | ১ | ২ | ৩ | ৰেংক | |||||
| বিশ্ব চেম্পিয়নশ্বিপ | ||||||||||||
| ২০১১ | পেৰিছ, ফ্ৰান্স | ৪৮ কেজি | ৩৭ | ৩৭ | ৪০ | ২৪ | ৪৮ | ৫২ | ৫৫ | ২৩ | ৯২ | ২২ |
| এছিয়ান চেম্পিয়নশ্বিপ | ||||||||||||
| ২০১২ | পিয়ংতেক, দক্ষিণ কোৰিয়া | ৫৩ কেজি | ৪০ | ৪২ | ৪২ | ১৬ | ৫২ | ৫৫ | ৫৫ | ১৭ | ৯৪ | ১৬ |
বৈজ্ঞানিক জীৱন
আব্দুল্লাহ এগৰাকী কম্পিউটাৰ ইঞ্জিনিয়াৰ যিগৰাৰীয়ে ভাৰোত্তোলনৰ পূৰ্বে তথ্য বিজ্ঞানী হিচাপে কাম কৰিছিল। ডাটা বিজ্ঞানৰ ক্ষেত্ৰতো deeplearning.ai-ৰ অংশ হিচাপে কাম কৰি আহিছে। তেওঁ বৰ্তমান জৰ্জিয়া ৰাজ্যিক বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰশিক্ষক।৩
ব্যক্তিগত জীৱন.
আব্দুল্লাহ ক্ৰীড়াত মুছলমান মহিলাৰ মুখ হৈ পৰিছে আৰু মুছলমান মহিলাৰ সম্পৰ্কীয় প্ৰচাৰত স্থান পাইছে। ২০১৪ চনত মুক্তি পোৱা তথ্যচিত্ৰ The Pakistan Four: Four strangers in America redefining the narrative of being a Pakistani Muslim woman-ত আব্দুল্লাক মুছলমান মহিলা হোৱাৰ আখ্যানক পুনৰ সংজ্ঞায়িত কৰা হৈছে। ছবিখনত হৰিম আহমেদ, চেবাৰ ফেঞ্চাৰ, নাদিয়া মঞ্জুৰ, ষ্টেণ্ড-আপ কমিক আৰু চেফ ফাতিমা আলীয়েও অভিনয় কৰিছিল।১২ তেওঁ জৰ্জিয়া ইনফ্লুয়েন্সিয়েল মুছলিম বঁটা লাভ কৰিছিল, যিটোৱে ২০১৫-২০১৬-ৰ ছাৰিছ টু চুইট কেলেণ্ডাৰত স্থান পাইছিল, আৰু লগতে ধৰ্মীয় নিউজৰাইটাৰ্ছ এছ'চিয়েশ্যনৰ পেনেলৰ তেওঁ এগৰাকী বক্তাও আছিল।৩ আব্দুল্লাই ইংৰাজী আৰু পুষ্টো ভাষা কয়।৩
সক্ৰিয়তা
আব্দুল্লাহ ক্ৰীড়াত মুছলমান মহিলাৰ সমৰ্থনত কৰ্মৰত এগৰাকী কৰ্মী। পেচাদাৰী ভাৰোত্তোলনত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা আব্দুল্লাই একাধিক সুযোগৰ অংশ হৈ আহিছে। ২০১৫ চনত তেওঁ বিশ্বৰ আন চাৰিগৰাকী মুছলমান মহিলাৰ সৈতে ৰাগ্ৰাইৰ বাবে শ্বিৰজানান নামেৰে জনাজাত এটা দল গঠন কৰি দ্য ডেচ মইনেছ ৰেজিষ্টাৰৰ দ্বাৰা আয়োজিত হয় চাইকেল চলোৱাৰ অনুষ্ঠান। দলটোৰ লক্ষ্য আছিল ক্ৰীড়াত মুছলমান মহিলাসকলক শক্তিশালী কৰা।১৩
আব্দুল্লাই এছ.টি.ই.এম.-ত মহিলাসকলৰ, বিশেষকৈ যন্ত্ৰ শিক্ষণ আৰু তথ্য বিজ্ঞানত মহিলাসকলৰ বাবে ওকালতি কৰে। তেওঁ ওমডেনাৰ এগৰাকী লেখিকা য'ত তেওঁ যন্ত্ৰ শিক্ষণত মহিলাসকলৰ প্ৰত্যাহ্বানৰ বিষয়ে লিখে আৰু এই ক্ষেত্ৰত তেওঁলোকৰ অন্তৰ্ভুক্তিৰ বাবে ওকালতি কৰে।১৪ তেওঁ এ.আই.ফৰ গুড আৰু এআই ৱাণ্ডাৰ গাৰ্লছৰো অংশ; এআই-ত মহিলাসকলক সমৰ্থন কৰিবলৈ প্ৰতিষ্ঠা কৰা ই এক সম্প্ৰদায়।১৫
এইবোৰো চাওক
- ক্ৰীড়াত মুছলমান মহিলা
তথ্যসূত্ৰ
- ↑ Brown Girl Of The Month: Kulsoom Abdullah Is The First Female Pakistani-American Hijabi Weight Lifter
- ↑ (2011-07-15). Muslim woman Kulsoom Abdullah makes history at weightlifting event - ESPN. Espn.go.com
- ↑ (November 3, 2014). Brown Girl of the Month: Kulsoom Abdullah is the First Female Pakistani-American Hijabi Weight Lifter. Brown Girl Magazine
- ↑ Kulsoom Abdullah - Atlanta Code Camp 2018. www.atlantacodecamp.com
- ↑ Saber, Latifa. Strong, Athletic and Breaking Records: Meet Kulsoom Abdullah, a Pakistan-American Olympic Weightlifter. My Salaam
- ↑ Muslim weightlifter fights to compete, hijabi-style. NBC News
- ↑ (16 July 2011). Female Muslim weightlifter competes in covering. ESPN.com
- ↑ msnbc.com, Kari Huus Reporter. (2011-06-30). Muslim weightlifter fights to compete, hijabi-style. msnbc.com
- ↑ Faith at the Olympics: Does it give an athlete an edge?
- ↑ (2016-08-11). Faith at the Olympics: Does it give an athlete an edge?. Religion News Service
- ↑ (2021-01-20). Muslim female weightlifter makes history Buzz MMP-Magazine. Buzz
- ↑ Magazine, Brown Girl. (2014-05-12). The Pakistan Four. Brown Girl Magazine
- ↑ Basu, Rekha. Muslim women find empowerment through competitive sports. The Des Moines Register
- ↑ Κουλσούμ Αμπντούλα στο GWomen: "Ένιωσα ότι είχα κοινωνική υποχρέωση να αγωνιστώ" · Gazzetta. www.gazzetta.gr
- ↑ Programme. AI for Good
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুলচুম আব্দুল্লাহ” প্ৰবন্ধৰ সংশোধন ৪৪৯৮৪৮ (৩০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।