পশ্চিমবঙ্গৰ ব্যক্তি
১২১ প্ৰবন্ধ
-
বীৰেন্দ্ৰনাথ চৰকাৰ
বীৰেন্দ্ৰনাথ চৰকাৰ ( Birendranath Sircar; ৫ জুলাই ১৯০১ – ২৮ নৱেম্বৰ ১৯৮০) এজন ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক আৰু নিউ থিয়েটাৰ কলকাতাৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ বঙালী ভাষাৰ ছবি নিৰ্মাণ কৰিছিল। তেওঁৰ ছবিয়ে এনে বহু চলচ্চিত্ৰ পৰিচালকক জনমানসত চিনাকি কৰাই দিছিল, যিসকল পৰৱৰ্তী সময়ত প্ৰখ্যাতি অৰ্জন কৰিছিল।
-
মলিনা দেৱী
মলিনা দেৱী (Molina Devi; ১৯১৭- ১৩ আগষ্ট ১৯৭৭) থিয়েটাৰ আৰু চলচ্চিত্ৰৰ এগৰাকী বঙালী অভিনেত্ৰী আছিল। অভিনেত্ৰী হিচাপে তেওঁ বহু ধৰণৰ চৰিত্ৰত অভিনয় কৰিছিল, পিছলৈ সঘনাই মাতৃস্থানীয় চৰিত্ৰত অভিনয় কৰিছিল।
-
শ্ৰাবন্তী চট্টোপাধ্যায়
শ্ৰাবন্তী চট্টোপাধ্যায় এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ এবিপি নিউজৰ প্ৰাক্তন সাংবাদিকা তথা বাতৰি পৰিৱেশিকা আছিল। তেওঁ মূলতঃ বাংলা ছবিত অভিনয় কৰে।
-
সৰলা দেৱী চৌধুৰাণী
সৰলা দেৱী চৌধুৰাণী ( Sarala Devi Chaudhurani, জন্ম: সৰলা ঘোষাল, ৯ ছেপ্টেম্বৰ ১৮৭২ – ১৮ আগষ্ট ১৯৪৫) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু ৰাজনৈতিক কৰ্মী আছিল। তেওঁ ১৯১০ চনত এলাহাবাদত ভাৰত স্ত্ৰী মহামণ্ডল প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনটো ভাৰতৰ প্ৰথম মহিলা সংগঠন আছিল।
-
কাদম্বৰী দেৱী
কাদম্বৰী দেৱী (Kadambari Devi, ৫ জুলাই ১৮৫৯ - ২১ এপ্ৰিল ১৮৮৪) বঙালী নাট্যকাৰ, সংগীতজ্ঞ, সম্পাদক আৰু চিত্ৰশিল্পী জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰৰ পত্নী, মহৰ্ষি দেৱেন্দ্ৰনাথ ঠাকুৰৰ বোৱাৰী আৰু বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ বৌয়েক আছিল।
-
কৌশানী মুখোপাধ্যায়
কৌশানী মুখোপাধ্যায় এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ মূলতঃ বাংলা ছবিত অভিনয় কৰে। ২০১৫ চনত বনি সেনগুপ্তৰ বিপৰীতে পাৰবো না আমি ছাড়তে তোকে ছবিত অভিনয় কৰি তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল। ৰাজ চক্ৰৱৰ্তীৰ দ্বাৰা পৰিচালিত এই ছবিখনে ছবিগৃহত বিপুল সফলতা লাভ কৰিছিল।
-
ঝুলন গোস্বামী
ঝুলন নিশিত গোস্বামী ( Jhulan Goswami; জন্ম: ২৫ নৱেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ। ২০০২ চনৰ পৰা ২০২২ চনলৈকে তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ খেলিছিল। তেওঁ ৰাইট আৰ্ম মিডিয়াম ফাষ্ট বলাৰ আৰু ৰাইট হেণ্ড বেটছমেন হিচাপে খেলিছিল।
-
দৰ্শনা বণিক
দৰ্শনা বনিক এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী যি প্ৰাথমিকভাৱে বাংলা চলচ্চিত্ৰ উদ্যোগৰ বাবে কাম কৰে। তেওঁ কালাৰ্ছ (আলোচনী), ভোডাফোন আৰু বৰোলাইনৰ দৰে বিভিন্ন ব্ৰেণ্ডৰ মডেল আৰু ব্ৰেণ্ড এম্বেচেডৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।
-
নুছৰত জাহান
নুছৰত জাহান ৰুহী (Nusrat Jahan Ruhi; জন্ম: ৮ জানুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ৷ তেওঁ প্ৰধানকৈ বাংলা ভাষাৰ চিনেমাত অভিনয় কৰে। অভিনয়ৰ উপৰি ২০১৯ চনৰ পৰা ২০২৪ চনলৈকে জাহানে বসিৰহাট সমষ্টিৰ পৰা লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে৷ তেওঁ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে…
-
প্ৰতিমা বন্দোপাধ্যায়
প্ৰতিমা বন্দোপাধ্যায় ( Pratima Bandopadhyay, জন্মৰ নাম প্ৰতিমা চেটাৰ্জী বা চট্টোপাধ্যায়, ২১ ডিচেম্বৰ ১৯৩৪- ২৯ জুলাই ২০০৪) বঙালী চলচ্চিত্ৰীয় তথা অচলচ্চিত্ৰীয় গীতৰ কণ্ঠশিল্পী আছিল, যিয়ে বিশেষকৈ ১৯৫০ৰ পৰা ৭০ৰ দশকলৈ অসংখ্য জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে।
-
বিনোদিনী দাসী
বিনোদিনী দাসী ( Binodini Dasi, ১৮৬৩-১৯৪১) এগৰাকী কলকাতাৰ বঙালীভাষী প্ৰখ্যাত মঞ্চ অভিনেত্ৰী আছিল, যাক নটী বিনোদিনী বুলিও জনা যায়। ১৯১৩ চনত প্ৰকাশ পোৱা তেওঁৰ আত্মজীৱনী ‘আমাৰ কথা’ত উল্লেখ কৰা মতে ১২ বছৰ বয়সতে তেওঁ অভিনয় আৰম্ভ কৰিছিল আৰু ২৩ বছৰ বয়সত অভিনয় জীৱনৰ সামৰণি মাৰিছিল।
-
সুপ্ৰিয়া দেৱী
সুপ্ৰিয়া দেৱী বা সুপ্ৰিয়া চৌধুৰী ( Supriya Devi; ৮ জানুৱাৰী ১৯৩৩ – ২৬ জানুৱাৰী ২০১৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে বঙালী চলচ্চিত্ৰত প্ৰায় ৫০ বছৰ জুৰি অভিনয় কৰিছিল। ঋত্বিক ঘটকৰ ‘মেঘে ঢাকা তাৰা’ (১৯৬০) ছবিৰ নীলা নামৰ চৰিত্ৰটোৰ ৰূপায়ণৰ তেওঁক বিশেষ ভাবে জনা যায়।
-
হিৰা দেৱী ৱাইবা
হিৰা দেৱী ৱাইবা (Hira Devi Waiba; ৯ ছেপ্টেম্বৰ ১৯৪০ – ১৯ জানুৱাৰী ২০১১) হ'ল এগৰাকী নেপালী ভাষাৰ ভাৰতীয় লোক সংগীত শিল্পী। তেওঁক নেপালী লোক সংগীতৰ অগ্ৰদূত ৰূপে জনা যায়। তেওঁ গোৱা 'চুৰা তা হয়না অষ্টুৰা' তামাং চেল' লোক-সংগীতৰ ৰেকৰ্ডিং হোৱা প্ৰথমটো গীত। তামাং চেল' নেপালী লোক গীতৰ অন্তৰ্গত।
-
অংকুশ হাজৰা
মাহিষ্য ক্ষত্ৰিয় সম্প্ৰদায়ৰ পৰা অহা লোক অংকুশ হাজৰা বাংলা চলচ্চিত্ৰ জগতৰ এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা, নৃত্যশিল্পী আৰু টেলিভিছন ব্যক্তিত্ব। ২০১০ চনত তেওঁ কেল্লাফতে ছবিৰে অভিষেক ঘটায়।
-
অচিন্ত্য শিউলি
অচিন্ত্য শিউলি (Achinta Sheuli; জন্ম: ২৪ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় ভাৰোত্তোলনকাৰী। তেওঁ এই প্ৰতিযোগিতাৰ ৭৩ কেজিৰ শাখাত অংশগ্ৰহণ কৰে। ২০২১ চনৰ জুনিয়ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰিছিল। আৰু তেওঁ দুবাৰকৈ কমনৱেলথ চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী।
-
আল্পনা বন্দোপাধ্যায়
আল্পনা মুখোপাধ্যায় (বিবাহৰ পূৰ্বে বন্দোপাধ্যায়; Alpana Banerjee; ১৪ মাৰ্চ ১৯৩৪ – ২৪ জুলাই ২০০৯) এগৰাকী সফল বঙালী কণ্ঠশিল্পী আছিল। তেওঁৰ বিখ্যাত গীত কেইটামান- ‘তাৰাদেৰ চুমকি জ্বলে আকাশে’, ‘হাট্টি মাটিম টিম’, ‘চোটো পখী চন্দনা’ আদি।
-
ঋত্বিকা সেন
ঋত্বিকা সেন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ বাংলা আৰু তামিল ছবিত অভিনয় কৰে। কলিকতা টাইমছৰ ২০১৫ চনৰ আটাইতকৈ বাঞ্ছনীয় মহিলাৰ তালিকাত তেওঁৰ নাম আছিল।
-
কৃষ্ণা দাশগুপ্ত
কৃষ্ণা দাশগুপ্ত (Krishna Dasgupta, জন্ম: কৃষ্ণা গঙ্গোপাধ্যায়, ১৯ ডিচেম্বৰ ১৯৩৭-২০১৩) পশ্চিমবঙ্গ, ভাৰতৰ এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী। তেওঁ বঙালী ভাষাত অসংখ্য চলচ্চিত্ৰীয় আৰু অনা-চলচ্চিত্ৰীয় গীত গাইছে, বিশেষকৈ ১৯৫০, ১৯৬০ আৰু ১৯৭০ৰ দশকত।
-
দ্বাৰকানাথ ঠাকুৰ
দ্বাৰকানাথ ঠাকুৰ (জন্ম ১৭৯৪-১৮৪৬) ব্ৰিটিছ অংশীদাৰসকলৰ সৈতে উদ্যোগ গঠন কৰা প্ৰথম ভাৰতীয় উদ্যোগপতিসকলৰ ভিতৰত এজন আছিল। তেওঁ ৰামমনি ঠাকুৰৰ পুত্ৰ আছিল আৰু ৰামমনিৰ জ্যেষ্ঠ ভাতৃ ৰামলোচন ঠাকুৰক দত্তক লোৱাৰ বাবে দিয়া হৈছিল।
-
পূৰ্ণেন্দু পত্ৰী
পূৰ্ণেন্দুশেখৰ পত্ৰী (২ ফেব্ৰুৱাৰী ১৯৩১ – ১৯ মাৰ্চ ১৯৯৭) বেছি পৰিচিত পূৰ্নেন্দু পত্ৰী নামেৰে; তেওঁৰ ছদ্মনাম সমুদ্ৰগুপ্ত। এজন বিশিষ্ট ভাৰতীয় বাঙালী কবি, ঔপন্যাসিক, প্ৰাবন্ধিক, শিশু সাহিত্যিক, সাহিত্য গৱেষক, কলিকতাৰ গৱেষক, বোলছবি পৰিচালক আৰু প্ৰচ্ছদশিল্পী।
-
বনি সেনগুপ্ত
বনি সেনগুপ্ত (Bonny Sengupta; জন্ম: ১০ আগষ্ট ১৯৯০; অনুপ্ৰিয় সেনগুপ্ত) এগৰাকী ভাৰতীয় বঙালী চলচ্চিত্ৰ অভিনেতা আৰু ৰাজনীতিবিদ। তেওঁৰ প্ৰথম দুখন চলচ্চিত্ৰ, বৰবাদ আৰু পাৰব না আমি ছাড়তে তোকে, পৰিচালক ৰাজ চক্ৰৱৰ্তীয়ে পৰিচালনা কৰিছিল।
-
মাধুৰী চট্টোপাধ্যায়
মাধুৰী চট্টোপাধ্যায় ( Madhuri Chattopadhyay; ১৬ ডিচেম্বৰ ১৯৪০ – ১৯ অক্টোবৰ ২০১৩) এগৰাকী বঙালীভাষী ভাৰতীয় সঙ্গীত শিল্পী, যিয়ে ১৯৬০ৰ পৰা ১৯৮০ৰ দশকলৈ অসংখ্য জনপ্ৰিয় বাঙালী গীতত কণ্ঠদান কৰিছে।
-
মাধৱী মুখাৰ্জী
মাধৱী মুখাৰ্জী (Madhabi Mukherjee, জন্ম: ১০ ফেব্ৰুৱাৰী ১৯৪২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী ছবি 'দিবৰাত্ৰিৰ কাব্য'ত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
-
যুথিকা ৰায়
যুথিকা ৰায় (Juthika Roy, ২০ এপ্ৰিল ১৯২০- ৫ ফেব্ৰুৱাৰী ২০১৪) এগৰাকী ভাৰতীয় ভজন গায়িকা আছিল। তেওঁ ২০০তকৈও অধিক হিন্দী আৰু ১০০তকৈও অধিক বঙালী চলচ্চিত্ৰৰ আৰু আধুনিক গীত গাইছে।
-
শুভেন্দু অধিকাৰী
শুভেন্দু অধিকাৰী (জন্ম:- ১৫ ডিচেম্বৰ ১৯৭০) হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ ২০২৬ চনৰ ৯ মে’ৰ পৰা পশ্চিম বংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। অধিকাৰী ২০২১ চনৰ মে' মাহৰপৰা পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টিৰ বিৰোধী দলৰ নেতা আৰু পশ্চিম বংগ শাখাৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
-
সায়ন্তিকা বন্দ্যোপাধ্যায়
সায়ন্তিকা বন্দ্যোপাধ্যায় (Sayantika Banerjee) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। অভিনয় আৰু নৃত্যৰ দক্ষতাৰ বাবে তেওঁ সমালোচকসকলৰ দ্বাৰা প্ৰশংসিত হৈছে। ২০১২ চনত তেওঁ বঙালী চলচ্চিত্ৰ আৱাৰাত অভিনয় কৰিছিল, যিখন ব্যৱসায়িকভাৱে সফল হৈছিল।
-
ৰুক্মিণী মৈত্ৰ
ৰুক্মিণী মৈত্ৰ (জন্ম: ২৭ জুন ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ফেশ্বনৰ জগতখনত নিজকে প্ৰতিষ্ঠা কৰাৰ পিছত মৈত্ৰই ২০১৭ চনত চাম্প ছবিৰে চলচ্চিত্ৰ জগতত অভিষেক ঘটায়। দেবৰ সৈতে মুঠ সাতখন ছবিত অভিনয় কৰিছে। ২০২১ বৰ্ষৰ ছবি সনকত বিদ্যুৎ জামৱালৰ বিপৰীতে অভিনয় কৰি তেখেতে বলীউডত অভিষেক ঘটায়।
-
অতনু দাস
অতনু দাস (Atanu Das; জন্ম: ৫ এপ্ৰিল ১৯৯২) হৈছে এজন ভাৰতীয় ধনুৰ্বিদ। তেওঁ আৰ্চাৰীৰ ল'ৰাৰ একক, দলগত ৰিকাৰ্ভ আৰু মিশ্ৰ ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ ২০০৮ চনত প্ৰথম আন্তৰ্জাতিক খেলত অংশগ্ৰহণ কৰিছিল। বৰ্তমান বিশ্ব আৰ্চাৰীত তেওঁৰ ২২ তম স্থান দখল কৰি আছে।
-
অনন্যা চট্টোপাধ্যায়
অনন্যা চট্টোপাধ্যায় ( Ananya Chatterjee; জন্ম ১৬ জানুৱাৰী ১৯৭৭) এগৰাকী বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰী। ঋতুপৰ্ণ ঘোষ পৰিচালিত বঙালী ছবি আবহমানৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। এগৰাকী টেলিভিচনৰ অভিনেত্ৰী ৰূপে তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল।
-
অনুসূয়া সেনগুপ্তা (অভিনেত্ৰী)
অনসুয়া সেনগুপ্তা (Anasuya Sengupta; জন্ম: ১ ছেপ্টেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰডাকচন ডিজাইনাৰ। চলচ্চিত্ৰ জগতত কেৰিয়াৰ গঢ়ি তোলাৰ লগতে ২০২৪ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত আন চাৰ্টেইন ৰিগাৰ্ড বঁটা শাখাত তেওঁ পাৰফৰমেন্স এৱাৰ্ড লাভ কৰিছে।