অনন্যা চট্টোপাধ্যায় ( Ananya Chatterjee; জন্ম ১৬ জানুৱাৰী ১৯৭৭) এগৰাকী বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰী।১ ঋতুপৰ্ণ ঘোষ পৰিচালিত বঙালী ছবি আবহমানৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।২ এগৰাকী টেলিভিচনৰ অভিনেত্ৰী ৰূপে তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল। অঞ্জন দত্তৰ তিনিখন ধাৰাবাহিককে ধৰি তেওঁ বহুতো টেলিভিচন ধাৰাবাহিকত অভিনয় কৰিছে।৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৭৬ চনত তেওঁৰ কলিকতাত জন্ম হয় আৰু ডাঙৰ-দীঘলো হয় কলকাতাতে। জি.ডি. বিৰলা চেণ্টাৰ ফৰ এডুকেচনত তেওঁ পঢ়া-শুনা কৰে আৰু ১৯৯৪ চনত দশম শ্ৰেণীৰ পৰীক্ষা উত্তীৰ্ণ হয়। কলিকতা বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত যোগমায়া দেৱী কলেজত তেওঁ অনুজীৱবিদ্যা অধ্যয়ন কৰে।৪
কৰ্মজীৱন
চট্টোপাধ্যায়ে মমতা শঙ্কৰৰ নৃত্য প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী আছিল। তাত নৃত্যশিক্ষা গ্ৰহণ কৰি থকা অৱস্থাতে তেওঁ টেলিভিচন ধাৰাবাহিক দিন প্ৰতিদিনত অভিনয়ৰ সুযোগ পায় আৰু তেনেকৈয়ে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি হয়। ধাৰাবাহিকখনত তেওঁ ৰুদ্ৰনীল ঘোষৰ বিপৰীতে অভিনয় কৰিছিল। তেওঁ ‘তিথিৰ অতিথি’, ‘আলেয়া’ আৰু ‘অনন্যা’কে ধৰি কেইখনমান টিভি নাটকতো ভূমুকি মাৰে।৪ অভিনয়ৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নথকা সত্বেও তেওঁৰ কাম-কাজ দৰ্শকে গ্ৰহণ কৰে আৰু তেওঁ এটা ঘৰুৱা নাম হৈ পৰে।৪ কমদিনৰ ভিতৰতে অঞ্জন দত্তৰ তিনিখন ধাৰাবাহিক- ‘জন জনী জনাৰ্দন’, ‘এক দিন দাৰ্জিলিং’ আৰু ‘আমাৰ বাবা’ত তেওঁক দেখা যায়। অঞ্জন দত্তৰ বোমকেশ বক্সি থ্ৰীলাৰ ‘আদিম ৰিপু’তো তেওঁ অভিনয় কৰে।৫
তেওঁ চলচ্চিত্ৰাভিনয় আৰম্ভ কৰে বাসু চেটাৰ্জীৰ বঙালী ছবি ‘টক ঝাল মিষ্টি’ৰে (২০০২)। ইয়াৰ পিছত অভিনয় কৰে শৰণ দত্তৰ থ্ৰীলাৰ ছবি ‘ৰাত বাৰটা পাঁচ’ত (২০০৫)৩ ২০০৬ ত কমেডী ‘আমৰা’ত অভিনয় কৰাৰ পিছত তেওঁৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ ছবি ‘প্ৰভু নষ্ট হয়ে যায়’। অগ্নিদেৱ চেটাৰ্জীৰ প্ৰথম পৰিচালিত এই ছবিখন কলকাতা চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হৈছিল।৬
২০০৯ চনত তেওঁ সুমন ঘোষৰ ‘দ্বন্দ’ ছবিত প্ৰবীণ অভিনেতা সৌমিত্ৰ চেটাৰ্জী বিপৰীতে অভিনয় কৰি নিজৰ স্থিতি বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। একে বছৰতে অনুপ সেনগুপ্তৰ ‘মামা ভাগনে’ত অনন্যা চট্টোপাধ্যায়ই কৰা কামত "তাৰকীয়" ৰূপে পৰ্যালোচিত হৈছে।৭৮ ২০১০ চনত মুক্তি পোৱা ঋতুপৰ্ণ ঘোষ পৰিচালিত ‘আবহমান’ ছবিখনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাটোৱে এগৰাকী অভিনেত্ৰী ৰূপে তেওঁক খ্যাতিমন্ত কৰি তুলিছে।৯ কমলেশ্বৰ মুখাৰ্জী পৰিচালিত ‘মেঘে ঢাকা তাৰা’ৰ তেওঁ দুৰ্গা নামৰ চৰিত্ৰ এটাত অভিনয় কৰিছে।১০
জনপ্ৰিয় ‘জী বাংলা চেনেল’ত সম্প্ৰচাৰিত বঙালী ধাৰাবাহিক ‘সুবৰ্ণলতা’ত তেওঁ মূল চৰিত্ৰত অভিনয় কৰিছে।১১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ ‘Actors’ moods are bound to shift like tectonic plates: Ananya Chatterjee
- ↑ Prithvijit Mitra. (16 September 2010). Bengal shines at National Awards, 4 from city. দ্য টাইম্ছ অৱ ইণ্ডিয়া. TNN
- ↑ (16 September 2010). Who is National Award winner Ananya Chatterjee?. News18 India
- ↑ Sharmila Maiti. (28 June 2004). Ananya knows the science of acting. The Times of India. TNN
- ↑ (15 September 2010). National Award is the first big award of my life: Ananya. Yahoo! News
- ↑ (21 December 2007). Reviews: Probhu Nashto Hoye Jai. Screen
- ↑ Priyanka Dasgupta. (25 July 2009). Movie Review: Dwando. The Times of India. TNN
- ↑ (18 May 2016). Moview Review: Mama Bhagne. The Times of India. TNN
- ↑ (28 March 2010). Rituparno Ghosh's 'Abohomaan' is brilliant. News18 India
- ↑ Kushali Nag. (16 June 2012). Ritwik Ghatak. The Telegraph
- ↑ (11 April 2012). Ananya's happy to be herself. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনন্যা চট্টোপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৩৭৯৬৬১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।