পশ্চিমবঙ্গৰ ব্যক্তি
১২১ প্ৰবন্ধ
-
গোপাল ভাঁড়
গোপাল ভাঁড় (Gopal Bhar) বা গোপাল ভাণ্ড মধ্যযুগীয় বংগৰ এগৰাকী দৰবাৰী ৰসিক আছিল। তেওঁৰ আচল নাম আছিল গোপাল চন্দ্ৰ প্ৰামাণিক। তেওঁ অষ্টাদশ শতিকাত নদিয়াৰ ৰজা কৃষ্ণচন্দ্ৰৰ (১৭১০–১৭৮৩) ৰাজসভাৰ এগৰাকী সভাসদ আছিল। গোপালে হাঁহি-ধেমালি কৰি আনক হহুৱাইছিল।
-
গোপালেৰ মা
গোপালেৰ মা (অনুবাদː গোপালৰ মাক; জন্মːআঘোৰমণি দেৱী; ১৮২২ – ৮ জুলাই ১৯০৬) বংগৰ সাধু আৰু ৰহস্যবাদী ব্যক্তি শ্ৰীৰামকৃষ্ণৰ এগৰাকী ভক্ত আৰু ঘৰুৱা শিষ্য আছিল। তেওঁৰ জন্মগত নাম আছিল আঘোৰমণি দেৱী, কিন্তু শ্ৰীৰামকৃষ্ণৰ প্ৰতি "গোপাল" বা শিশু কৃষ্ণ হিচাপে তেওঁৰ তীব্ৰ মাতৃপ্ৰেমৰ বাবে শ্ৰীৰামকৃষ্ণৰ ভক্তসকলৰ মাজত…
-
চুনীবালা দেৱী
চুনীবালা দেৱী (Chunibala Devi; ১৮৭৫-১৯৫৫) এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁক বিশেষকৈ সত্যজিৎ ৰায়ৰ পথেৰ পাঁচালী ছবিখনত অপুৰ বিধবা পেহীয়েক ইন্দিৰ ঠাকুৰনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। এই চৰিত্ৰটোত অভিনয় কৰাৰ সময়ত তেওঁৰ বসয় আছিল ৮০ বছৰ।
-
তাৰা সুন্দৰী
তাৰা সুন্দৰী (Tara Sundari; ১৮৭৮-১৯ এপ্ৰিল ১৯৪৮) এগৰাকী বঙালী থিয়েটাৰৰ অভিনেত্ৰী, কণ্ঠশিল্পী আৰু নৃত্যশিল্পী। তাৰাসুন্দৰী আৰু অপৰেশ চন্দ্ৰ বঙালী নাট্য মঞ্চৰ এক অন্যতম সফল যুটি আছিল।
-
ত্ৰিধা চৌধুৰী
ত্ৰিধা চৌধুৰী (Tridha Choudhury; জন্ম: ২২ নৱেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী, বাংলা আৰু তেলেগু চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰে। তেওঁ টাইমছ অৱ ইণ্ডিয়াৰ ক্লিন এণ্ড ক্লিয়াৰ ফ্ৰেছফেচ, ২০১১ খিতাপ অৰ্জন কৰিছিল।
-
দীনবন্ধু মিত্ৰ
দীনবন্ধু মিত্ৰ ( জন্ম-১০ এপ্ৰিল,১৮২৯ মৃত্যু-১ নভেম্বৰ,১৮৭৩) আছিল বঙালী ভাষাৰ এজন লেখক তথা নাট্যকাৰ। দীনবন্ধু মিত্ৰৰ 'নীল দৰ্পণ' (১৮৬০) নাটকখন বিশেষ ভাৱে উল্লেখযোগ্য।
-
নিত্যানন্দ প্ৰভু
নিত্যানন্দ প্ৰভু (Nityananda) বা নিতাই গৌড়ীয় বৈষ্ণৱ ধৰ্মৰ মতে শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলৰামৰ অৱতাৰ। তেওঁ চৈতন্য মহাপ্ৰভুৰ মুখ্য আৰু অন্তৰংগ পাৰ্ষদ বা সংগী আছিল। চৈতন্য মহাপ্ৰভু আৰু নিত্যানন্দ প্ৰভু দুয়োকে একেলগে গৌৰ-নিতাই বা নিমাই-নিতাই বোলা হয়। বৈষ্ণৱ পঞ্চতত্ত্বৰ ভিতৰত নিত্যানন্দ অন্যতম।
-
প্ৰণতি নায়ক
প্ৰণতি নায়ক (Pranati Nayak) এগৰাকী ভাৰতীয় জিমনাষ্ট। ১৯৯৫ চনৰ ৬ এপ্ৰিল তাৰিখে পশ্চিমবংগৰ পিঙ্গলা নামৰ ঠাইত নায়কৰ জন্ম হয়। তেওঁ ২০১৯ এছিয়ান আৰ্টিষ্টিক জিমনাষ্টিক চেম্পিয়নশ্বিপ ভল্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।
-
বনশ্ৰী সেনগুপ্ত
বনশ্ৰী সেনগুপ্ত (Banasree Sengupta) ভাৰতীয় গায়িকা আছিল। তেওঁ ১৯৮৬ত তৎকালীন চোভিয়েট সংঘৰ সঙ্গীত মঞ্চত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ বঙালী, হিন্দী, ভোজপুৰী, ওড়িয়া আৰু অসমীয়া ভাষাত গীত গাইছে।
-
মহুৱা মুখাৰ্জী
মহুৱা মুখাৰ্জী ( Mahua Mukherjee) ভাৰতৰ এগৰাকী নৃত্যশিল্পী৷ তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ গৌড়ীয় নৃত্য ৰূপৰ প্ৰতিষ্ঠাতা৷তেওঁক মহুৱা মুখোপাধ্যায় বুলিও জনা যায়৷ নৃত্যৰ লগতে তেওঁ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ গৱেষক আৰু শিক্ষয়িত্ৰী আৰু সূক্ষ্ম কলা অনুষদৰ ডীন৷তেওঁ তেওঁৰ স্বামী অমিতাভ মুখাৰ্জীৰ…
-
মালিনী চিব
মালিনী চিব (Malini Chib; জন্ম: ১৯৬৬) মস্তিষ্কৰ পক্ষাঘাত ৰোগত আক্ৰান্ত এগৰাকী ভাৰতীয় প্ৰতিবন্ধী অধিকাৰ কৰ্মী আৰু লেখক। চিবে মাত্ৰ এটা আঙুলিৰে টাইপ কৰি দুবছৰৰ ভিতৰত ৱান লিটল ফিংগাৰ নামৰ কিতাপ এখন লিখিছিল।
-
মুনমুন দত্ত
মুনমুন দত্ত (Munmun Dutta; জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী টেলিভিছন উদ্যোগত কাম কৰে। হিন্দী ভাষাৰ চিটকম তাৰক মেহতা কা উল্টা চশমাত ববিতা আয়াৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
শক্তিপদ ৰাজগুৰু
শক্তিপদ ৰাজগুৰু (Shaktipada Rajguru) (১ ফেব্ৰুৱাৰী ১৯২২ – ১২ জুন ২০১৪) এগৰাকী ভাৰতীয় বঙালী সাহিত্যিক। তেওঁৰ ৰচিত উপন্যাসসমূহৰ কাহিনীৰ ভিত্তিত কেইবাখনো চলচ্চিত্ৰ নিৰ্মিত হৈছে। যাৰ ভিতৰত ঋত্বিক ঘটকৰ দ্বাৰা পৰিচালিত মেঘে ঢাকা তাৰা আৰু শক্তি সামন্তৰ দ্বাৰা পৰিচালিত অমানুষ উল্লেখযোগ্য।
-
শৈলবালা দাস
শৈলবালা দাস (Sailabala Das, ২৫ মাৰ্চ ১৮৭৫ – ২৯ এপ্ৰিল ১৯৬৮) এগৰাকী সমাজকৰ্মী আৰু ৰাজনীতিবিদ আছিল। ওড়িশাৰ পৰা ইংলেণ্ডলৈ উচ্চ শিক্ষাৰ বাবে যোৱা তেওঁ প্ৰথমগৰাকী মহিলা।
-
সাধু ৰামচান্দ মুৰ্মু
সাধু ৰামচান্দ মুৰ্মু (৩০ এপ্ৰিল ১৮৯৭-১৫ ডিচেম্বৰ ১৯৫৪) এজন চাওঁতালি কবি, লেখক আৰু শিক্ষাবিদ আছিল। তেখেত উনৈশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতাব্দীৰ প্ৰথম ভাগত চাওঁতালি সাহিত্য আৰু সংগীতক নতুন ৰূপ দিছিল। তেখেত চাওঁতালি সাহিত্যৰ কবিগুৰু বা মহাকবি নামেৰেও জনাজাত।
-
সোমলতা আচাৰ্য্য চৌধুৰী
সোমলতা আচাৰ্য্য চৌধুৰী (Somlata Acharyya Chowdhury; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় বঙালী কণ্ঠশিল্পী আৰু অধ্যাপিকা। তেওঁ ২০১১ চনৰ বঙালী চলচ্চিত্ৰ ৰঞ্জনা আমি আৰ আসবনাৰ 'তুমি আসবে বলে' আৰু 'জাগৰণে যায় বিভাবৰী' শীৰ্ষক গীতদুটিৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল।
-
হান্না সেন
হান্না সেন (১৮৯৪–১৯৫৭) এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ আৰু নাৰীবাদী আছিল। ১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈ প্ৰথম ভাৰতীয় ৰাজ্যসভা (সংসদৰ উচ্চ সদন)ৰ সদস্য আৰু ১৯৫১–৫২ চনত সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সভানেত্ৰী আছিল। দিল্লীৰ লেডী আৰউইন কলেজৰ তেওঁ প্ৰতিষ্ঠাপক আৰু প্ৰথম পৰিচালক।
-
ৰাধিকা ৰয়
ৰাধিকা ৰয় (Radhika Roy; জন্ম: ৭ মে’ ১৯৪৯) হৈছে এগৰাকী ভাৰতীয় সাংবাদিক আৰু নতুন দিল্লী টেলিভিছন (এনডিটিভি)ৰ সহ-প্ৰতিষ্ঠাতা। ছপা মাধ্যমৰ সাংবাদিকতাৰ দহ বছৰীয়া কেৰিয়াৰৰ পিছত, তেখেতে ১৯৮৭ চনত টেলিভিছনৰ জগতত ভৰি থৈছিল আৰু এনডিটিভি সহ-প্ৰতিষ্ঠা কৰিছিল।
-
অগ্নিমিত্ৰ পাল
অগ্নিমিত্ৰ পাল (জন্ম ২৫ নৱেম্বৰ ১৯৭৪) এজন ভাৰতীয় ফেশ্বন ডিজাইনাৰ আৰু ৰাজনীতিবিদ। তেওঁ আছানছোল দক্ষিণ বিধানসভা সমষ্টিৰপৰা পশ্চিম বংগ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।তেওঁ বিজেপি মহিলা মৰ্চাৰ পশ্চিম বংগ ইউনিটৰ সভানেত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টি, পশ্চিম বংগ প্ৰদেশৰ সাধাৰণ সম্পাদক হিচাপে…
-
অদ্বৈত আচাৰ্য
অদ্বৈত আচাৰ্য (; ১৪৩৪–১৫৫৯ ) (জন্ম কমলাক্ষ মিশ্ৰ) গৌড়ীয় বৈষ্ণৱ আন্দোলনৰ প্ৰতিষ্ঠাপক, চৈতন্য মহাপ্ৰভুৰ সংগী আৰু হৰিদাস ঠাকুৰৰ গুৰু আছিল। চৈতন্যৰ জন্মৰ প্ৰায় পঞ্চাশ বছৰ আগতে, ১৪৩৪ চনত লাউড়ৰ নবগ্ৰাম গাঁৱত (বৰ্তমানৰ বাংলাদেশৰ সুনামগঞ্জ জিলাত), জন্মগ্ৰহণ কৰিছিল।
-
ইধিকা পাল
ইধিকা পাল (Idhika Paul; জন্ম: ২ জুলাই ১৯৯৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বঙালী ভাষাৰ ধাৰাবাহিক আৰু চলচ্চিত্ৰসমূহত অভিনয় কৰে। তেওঁ বেছিভাগেই টলিউড আৰু ঢালিউড চলচ্চিত্ৰ উদ্যোগত কাম কৰে। ২০২৪ চনত, তেওঁ একশ্যন নাট্যধৰ্মী ছবি খাদানত অভিনয়েৰে খ্যাতি লাভ কৰিছিল।
-
ইমন চক্ৰৱৰ্তী
ইমন চক্ৰৱৰ্তী (Iman Chakraborty, জন্ম: ১৩ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ঘাইকৈ ফিল্মী, স্বতন্ত্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ লগত জড়িত। ইমন চক্ৰৱৰ্তীয়ে ২০১৭ চনত বঙালী ভাষাৰ ছবি 'প্ৰাক্তন'ত তেওঁৰ গীত "তুমি যাকে ভালোবাসো"ৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয়…
-
ইলা পাল চৌধুৰী
ইলা পাল চৌধুৰী (১৯০৮ – ৯ মাৰ্চ ১৯৭৫) এগৰাকী ভাৰতীয় সংসদ সদস্য আৰু ৰাষ্ট্ৰবাদী সমাজকৰ্মী আছিল।.
-
উৰ্মি বসু
উৰ্মি বসু (Urmi Basu) হৈছে এগৰাকী সমাজকৰ্মী৷ তেওঁ কলকাতাত যৌনকৰ্মীক সুৰক্ষাৰ হকে মাত মাতি আহিছে আৰু বাস্তৱ দিশত অনেক কাম সক্ৰিয়ভাৱে জড়িত হৈ সম্পন্ন কৰিছে৷ ২০১৯ চনত তেওঁ ভাৰতীয় মহিলাৰ বাবে উছৰ্গীকৃত সৰ্বোচ্চ বঁটা নাৰী শক্তি পুৰস্কাৰ লাভ কৰে।
-
কমলা সাংকৃত্যায়ন
কমলা সাংকৃত্যায়ন (Kamala Sankrityayan; ১৫ আগষ্ট ১৯৩০ – ২৫ অক্টোবৰ ২০০৯) আছিল বিংশ শতিকাৰ এগৰাকী ভাৰতীয় সাহিত্যিক, সম্পাদিকা আৰু হিন্দী তথা নেপালী সাহিত্যৰ পণ্ডিত। তেওঁ প্ৰখ্যাত বুৰঞ্জীবিদ ৰাহুল সাংকৃত্যায়নৰ পত্নী আছিল।
-
কৃষ্ণা বসু
কৃষ্ণা বসু (Krishna Bose, ২৬ ডিচেম্বৰ ১৯৩০ – ২২ ফেব্ৰুৱাৰী ২০২০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষাবিদ, লেখক আৰু সমাজকৰ্মী আছিল। পশ্চিম বংগৰ যাদৱপুৰ সমষ্টিৰ পৰা সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তেওঁ সংসদলৈ নিৰ্বাচিত হৈছিল।
-
কৰিমুল হক
কৰিমুল হক (Karimul Haque) পশ্চিমবঙ্গৰ চাহবাগিছাৰ এজন কৰ্মচাৰী। স্থানীয়ভাবে তেওঁ বাইক-এম্বুলেঞ্চ-দাদা নামেৰেও জনাজাত। ধলাবাৰী আৰু ইয়াৰ কাষৰীয়া গাঁওসমূহৰ ৰুগীয়া লোকসকলক মটৰচাইকেল এম্বুলেঞ্চেৰে হাস্পাতাললৈ কঢ়িয়াই নিয়া এই লোকজনক তেওঁৰ সামাজিক কৰ্মৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা…
-
গদাধৰ পণ্ডিত
গদাধৰ পণ্ডিত (Gadadhar Pandita;; गदाधर पंडित) শ্ৰীমতী ৰাধাৰাণীৰ এক অৱতাৰ আছিল। তেওঁ পণ্ডিত গোস্বামী নামেৰেও পৰিচিত। তেওঁ গৌড়ীয় বৈষ্ণৱবাদৰ প্ৰতিষ্ঠাপক চৈতন্য মহাপ্ৰভুৰ ঘনিষ্ঠ শৈশৱৰ বন্ধু আছিল।
-
গীতা মুখোপাধ্যায়
গীতা মুখোপাধ্যায় (Geeta Mukherjee) (৮ জানুৱাৰী ১৯২৪ – ৪ মাৰ্চ ২০০০) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী। তেওঁ ১৯৬৭ চনৰ পৰা ১৯৭৭ চনলৈকে পাঁশকুড়া পূৰ্ব বিধানসভা সমষ্টিৰ পৰা একেৰাহে চাৰিবাৰ বিধায়ক নিৰ্বাচিত হৈছিল।
-
গোপালচন্দ্ৰ মুখোপাধ্যায়
গোপালচন্দ্ৰ মুখোপাধ্যায়, জনপ্ৰিয়ভাৱে গোপাল পাঁঠা (Gopal Patha বা Gopal Pantha) নামেৰে জনাজাত, এগৰাকী ভাৰতীয় ব্যৱসায়ী আছিল। ১৯৪৬ চনৰ কলিকতা দাঙ্গাৰ সময়ত হিন্দুসকলক সুৰক্ষা দিবলৈ তেওঁ ভাৰতীয় জাতীয় বাহিনী নামৰ এটা সশস্ত্ৰ গোট গঠন কৰিছিল।