অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আল্পনা বন্দোপাধ্যায়

আল্পনা মুখোপাধ্যায় (বিবাহৰ পূৰ্বে বন্দোপাধ্যায়; Alpana Banerjee; ১৪ মাৰ্চ ১৯৩৪ – ২৪ জুলাই ২০০৯) এগৰাকী সফল বঙালী কণ্ঠশিল্পী আছিল। তেওঁৰ বিখ্যাত গীত কেইটামান- ‘তাৰাদেৰ চুমকি জ্বলে আকাশে’, ‘হাট্টি মাটিম টিম’, ‘চোটো পখী চন্দনা’ আদি।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৩৭৯ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

আল্পনা মুখোপাধ্যায় (বিবাহৰ পূৰ্বে বন্দোপাধ্যায়; Alpana Banerjee; ১৪ মাৰ্চ ১৯৩৪ – ২৪ জুলাই ২০০৯) এগৰাকী সফল বঙালী কণ্ঠশিল্পী আছিল। তেওঁৰ বিখ্যাত গীত কেইটামান- ‘তাৰাদেৰ চুমকি জ্বলে আকাশে’, ‘হাট্টি মাটিম টিম’, ‘চোটো পখী চন্দনা’ আদি।১২

প্ৰাৰম্ভিক জীৱন

সৰুকালতে তেওঁ মাকক হেৰুওৱাৰ পিছত দেউতাক কান্তিগোপাল বন্দোপাধ্যায়ে ডাঙৰ-দীঘল কৰে। তেওঁক প্ৰথম দেউতাকেই গান শিকায়। দেউতাক আছিল প্ৰেচেডেঞ্চি কলেজৰ উদ্ভিদ বিজ্ঞানৰ অধ্যাপক। দেউতাকে অধ্যাপনাৰ বাদেও নিয়মিত সঙ্গীত চৰ্চা কৰিছিল। ওস্তাদ বাদল খাঁৰ ওচৰত সঙ্গীতৰ শিক্ষা লৈ তেনেই কম বয়সতে গীত গোৱাত পাকৈত হৈ উঠিছিল।৩ তেৰ বছৰ বয়সতে আল্পনাৰ দেউতাকৰ বন্ধু আৰু সেই সময়ৰ প্ৰখ্যাত সঙ্গীত ব্যক্তিত্ব গৌৰী প্ৰসন্ন মজুমদাৰ আৰু ৰবীন চট্টোপাধ্যায়ে তেওঁৰ সঙ্গীত প্ৰতিভা আবিষ্কাৰ কৰিছিল। সেই তেতিয়াৰে পৰা তেওঁ নিয়মীয়াকৈ বিভিন্ন উপলক্ষত উৎপলা সেন, সন্ধ্যা মুখাৰ্জী, শ্যামল মিত্ৰ, মানবেন্দ্ৰ মুখোপাধ্যায়, হেমন্ত কুমাৰ মুখোপাধ্যায় আদিৰ সৈতে গীত গাইছিল। তেওঁ লতা মংগেশকাৰ আৰু ৰবি শংকৰৰ লগতো একেলগে গীত গাইছে।৩১২

কৰ্মজীৱন

আল্পনা বন্দোপাধ্যায়ে শিশুৰ বাবে গোৱা গীতেৰে বহুল জনপ্ৰিয়তা লাভ কৰিছিল; যিবোৰ গীত তেওঁৰ গায়ন শৈলীয়ে সাধাৰণ পদ্যৰ পৰা চিৰসেউজ ক্লাচিকলৈ পৰ্যবসিত কৰিছিল। তেওঁ গোৱা আধুনিক গীতবোৰেও যথেষ্ট জনপ্ৰিয়তা পাইছিল। কৰ্মজীৱনৰ আৰম্ভণিৰ সময়ত গোৱা তেওঁৰ এটা উল্লেখযোগ্য অনা-চলচ্চিত্ৰীয় গীত হ’ল- ৰবীন চট্টোপাধ্যায়ৰ তত্ত্বাৱধানত গোৱা ‘সমীৰণ ফিৰে চাও’। ৰবীন চট্টোপাধ্যায়ৰ সঙ্গীত পৰিচালনাতে ১৯৫১ত তেওঁ বঙালী চলচ্চিত্ৰ ‘বিদ্যাসাগৰ’ত ‘নেমেছে চান্দ ৰে’ গীতটো গাইছিল। গীতটো ৰাইজে আদৰি লৈছিল। তেওঁ নচিকেতা ঘোষ, শ্যামল মিত্ৰ, মানবেন্দ্ৰ মুখোপাধ্যায়, শৈলেন মুখোপাধ্যায় আৰু ভূপেন হাজৰিকাৰ সঙ্গীত পৰিচালনাত বহু কেইটা উল্লেখনীয় চলচ্চিত্ৰীয় আৰু অনা-চলচ্চিত্ৰীয় গীত গাইছিল। তেওঁৰ কণ্ঠ বিভিন্ন মুডৰ গীত গোৱাৰ বাবে পাৰদৰ্শী আছিল।৩১২

শচীন দেৱবৰ্মণৰ সঙ্গীত পৰিচালনাত তেওঁ হিন্দী ছবি মিচ ইণ্ডিয়াৰ (১৯৫৭) ‘আলবেলা মেঁ এক দিৱানা’ গীতটোৰ কভাৰ-ভাৰ্চন গাইছিল। এই গীতৰ মূল ভাৰ্চনটো গাইছিল আশা ভোছলেই। তেওঁ প্ৰায়ে বঙালী সঙ্গীতনুষ্ঠান, দূৰদৰ্শন আৰু অনাতাঁৰ কাৰ্যক্ৰমত অতিথি শিল্পীৰূপে অংশগ্ৰহণ কৰিছিল। অল ইণ্ডিয়া ৰেডিঅ’ৰ কলিকতা কেন্দ্ৰই আয়োজন কৰা ৰম্যগীতি কাৰ্যক্ৰমত তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সৰোদবাদক আলি আকবৰ খান সুৰোৰোপিত গীত পৰিবেশন কৰিছিল। আকাশবাণীৰ শৃঙ্খল কাৰ্যক্ৰমত তেওঁ উত্তৰ ভাৰতৰ বহুবোৰ অনাতাঁৰ কেন্দ্ৰলৈ গৈ গীত পৰিবেশন কৰিছিল। পশ্চিমবঙ্গ বা ভাৰতৰ অন্যান্য ঠাইৰ উপৰিও তেওঁ ইংলেণ্ডতো দুৰ্গাপূজা উপলক্ষে আয়োজন কৰা গীতৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ব্ৰিটিছ ব্ৰডকাষ্টিং কৰপোৰেচনে (BBC) তেওঁ সাক্ষাৎকাৰ লৈছিল।৩১২

ব্যক্তিগত জীৱন

১৯৫৯ চনৰ কলকাতাৰ বাসিন্দা শ্ৰীধৰ মুখোপাধ্যায়ৰ সৈতে তেওঁৰ বিয়া হয়। তেওঁৰ এজন পুত্ৰ আৰু এজনী জীয়াৰী আছে।৩৩১

মৃত্যু

আল্পনা বন্দোপাধ্যায়ৰ ২০০৯ চনৰ ২৪ জুলাইত ৭৫ বছৰ বয়সত আল্পনা বন্দোপাধ্যায়ৰ মৃত্যু হয়।৩ সন্ধ্যা মুখাৰ্জীকে ধৰি তেওঁৰ ৫০ বছৰীয়া সঙ্গীত জীৱনত লগ পোৱা বহুতো সঙ্গীত শিল্পীকে ধৰি তংকালীন ৰেলমন্ত্ৰী মমতা বন্দ্যোপাধ্যায় আৰু পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই তেওঁক শেষ শ্ৰদ্ধা জনায়।

তথ্যসূত্ৰ

  1. ↑ Indrajit Megh. (24-7-2020). উত্তমেৰ আল্পনা. sepic.com
  2. ↑ Alpana Bandopadhyay Interviewː Part I, II, III. Aksha TV
  3. ↑ Weekend Classics Radio Show, Alpana Banerjee, Kichhu Galpo, Kichhu Gaan. Weekend Classic Radio Show

সম্পৰ্কিত শ্ৰেণী

পশ্চিমবঙ্গৰ ব্যক্তিভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আল্পনা বন্দোপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৩৮৪৭৭৯ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।