অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বীৰেন্দ্ৰনাথ চৰকাৰ

বীৰেন্দ্ৰনাথ চৰকাৰ ( Birendranath Sircar; ৫ জুলাই ১৯০১ – ২৮ নৱেম্বৰ ১৯৮০) এজন ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক আৰু নিউ থিয়েটাৰ কলকাতাৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ বঙালী ভাষাৰ ছবি নিৰ্মাণ কৰিছিল। তেওঁৰ ছবিয়ে এনে বহু চলচ্চিত্ৰ পৰিচালকক জনমানসত চিনাকি কৰাই দিছিল, যিসকল পৰৱৰ্তী সময়ত প্ৰখ্যাতি অৰ্জন কৰিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪৩৪ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

বীৰেন্দ্ৰনাথ চৰকাৰ ( Birendranath Sircar; ৫ জুলাই ১৯০১ – ২৮ নৱেম্বৰ ১৯৮০) এজন ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক আৰু নিউ থিয়েটাৰ কলকাতাৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ বঙালী ভাষাৰ ছবি নিৰ্মাণ কৰিছিল। তেওঁৰ ছবিয়ে এনে বহু চলচ্চিত্ৰ পৰিচালকক জনমানসত চিনাকি কৰাই দিছিল, যিসকল পৰৱৰ্তী সময়ত প্ৰখ্যাতি অৰ্জন কৰিছিল। ১৯৭০ চনত তেওঁক দাদাচাহেব ফাল্কে বঁটা আৰু ১৯৭২ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণেৰে সন্মানিত কৰা হয়।১

প্ৰাৰম্ভিক জীৱন

বি এন চৰকাৰৰ জন্ম হৈছিল তেতিয়াৰ বংগৰ এডভোকেট জেনেৰেল ছাৰ এন এন চৰকাৰৰ ভাগলপুৰৰ ঘৰত। কলকাতাৰ হিন্দু স্কুলত অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰে। ভাৰতলৈ উভতি অহাৰ পিছতে তেওঁক চিনেমা হল এটা নিৰ্মাণ কৰিবলৈ দায়িত্ব দিয়া হয়। এই প্ৰকল্পত জড়িত হৈ তেওঁৰ চলচ্চিত্ৰৰ প্ৰতি তীব্ৰ আগ্ৰহ গঢ় লৈ উঠে আৰু তেওঁ বঙালী ভাষাৰ চলচ্চিত্ৰ প্ৰদৰ্শনৰ বাবে কলকাতাত চিনেমা হল এটা নিৰ্মাণৰ কামত আগবাঢ়ে। চিত্ৰা নামৰ চিত্ৰগৃহটো ১৯৩০ চনৰ ৩০ ডিচেম্বৰত সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা মুকলি কৰোৱা হয়। পৰৱৰ্তী পৰ্যায়ত তেওঁ হিন্দী ছবি প্ৰদৰ্শন কৰাৰ বাবে নিউ চিনেমা নিৰ্মাণ কৰে।২

কৰ্মজীৱন

১৯৩১ চনৰ ১০ ফেব্ৰুৱাৰীত তেওঁ নিউ থিয়েটাৰছ কলকাতা নামেৰে এটা চলচ্চিত্ৰ ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰে। গুণগত মানৰ ক্ষেত্ৰৰ গুৰুত্ব দিয়া চৰকাৰে প্ৰমথেশ চন্দ্ৰ বৰুৱা, প্ৰেমাংকৰ অতৰ্থি, দেৱকী বসু, ধীৰেন্দ্ৰ নাথ গাংগুলী, বিমল ৰায় আৰু ফণী মজুমদাৰ আদিৰ দৰে পৰিচালক আৰু কে এল ছাইগল, পাহাড়ী সান্যাল, অমৰ মল্লিক, কানন দেৱী, চন্দ্ৰাৱতী দেৱী, লীলা দেশাই, পৃথ্বীৰাজ কাপুৰ আদি প্ৰথিতযশা অভিনয়শিল্পীক নিজৰ ষ্টুডিঅ’লৈ লৈ আনিছিল। মুকুল বসু (শব্দগ্ৰহণকাৰী, পৰিচালক), ইউছুফ মূলজী (চিত্ৰগ্ৰহণকাৰী), নীতিন বসু (চিত্ৰগ্ৰহণকাৰী, পৰিচালক) আৰু সুবোধ মিত্ৰৰ (সম্পাদক) দৰে কাৰিকৰী লোকসকলে হলিউড আৰু ইউৰোপত প্ৰৱৰ্তন হোৱা বিভিন্ন কাৰিকৰী উদ্ভাৱনৰ বিষয়ে ভালদৰেই জানিছিল আৰু নিউ থিয়েটাৰ ষ্টুডিঅ' ৰ সীমাবদ্ধতাৰ ভিতৰতে ইয়াৰে বহুবোৰ খাপ খুৱাই লবলৈ সক্ষম হৈছিল। আৰ চি বৰাল, তিমিৰ বৰণ আৰু পংকজ মুল্লিক আদি সংগীত পৰিচালক আৰু গায়কসকলো নিউ থিয়েটাৰৰ প্ৰযোজনাৰ সৈতে জড়িত আছিল।৩ ১৯৪০ দশকৰ শেষৰ ফালে তেওঁ বিএমপিএৰ সভাপতি আছিল।৪১

নিউ থিয়েটাৰ্ছ

প্ৰেমাংকুৰ আতৰ্থিৰ পৰিচালনা আৰু নিউ থিয়েটাৰৰ প্ৰযোজনাত ১৯৩১ চনত প্ৰথম বঙালী সবাক ছবি দেনা পাওনা মুক্তি পায়। সংগীত শিল্পী ৰাইচন্দ বৰালে এই ছবিখনৰ সংগীত ৰচনা কৰিছিল। ১৯৩৫ চনত এই ষ্টুডিঅ’ৰ পৰা শৰৎচন্দ্ৰ চেটাৰ্জীৰ উপন্যাস দেৱদাসৰ আধাৰত একে নামেৰে নিৰ্মিত দেৱদাস ছবিখন অসাধাৰণভাৱে সফল হৈছিল। দেৱদাসৰ পৰিচালনা আৰু মূল ভূমিকাত অভিনয় কৰিছিল প্ৰমথেশ বৰুৱাই।

১৯৩৫ চনত নীতিন বসু পৰিচালিত বঙালী ছবি ভাগ্যচক্ৰত ভাৰতত প্ৰথমবাৰৰ বাবে প্লেবেক পদ্ধতি ব্যৱহাৰ কৰি সংগীত বাণীবদ্ধ কৰা হয়। কণ্ঠশিল্পীসকল আছিল কে চি দে, পাৰুল ঘোষ আৰু সুপ্ৰভা সৰকাৰ।৫ এই ছবিখনক ধুপ-ছাও নামেৰে পুনৰনিৰ্মাণ কৰা হৈছিল, যিখন হিন্দী চলচ্চিত্ৰৰ ক্ষেত্ৰত প্লেবেক পদ্ধতি ব্যৱহাৰ কৰা প্ৰথম ছবি।৬

কানন দেৱী আছিল প্ৰথম জনপ্ৰিয় তাৰকা অভিনেত্ৰী, যিয়ে নিউ থিয়েটাৰ প্ৰযোজিত বহু ছবিত অভিনয় কৰিছিল। লগতে নিউ থিয়েটাৰৰ সৈতে জড়িত আছিল এটা প্ৰতিভাৱান অভিনেতাৰ দল, যেনে কে.এল. চায়গল, কে চি দে, পৃথ্বীৰাজ কাপুৰ, ছবি বিশ্বাস, বিকাশ ৰায়, পাহাৰী সান্যাল, বসন্ত চৌধুৰী আদি। ভাৰতীয় চলচ্চিত্ৰক এক নতুন মাত্ৰা দিয়া চৰকাৰক ১৯৭০ চনত ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।৭ ১৯৭২ চনত লাভ কৰে পদ্মভূষণ বঁটা।৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ B.N. Sircar: भारतीय सिनेमा के विकास की नींव के एक निर्माता · Cine Manthan
  2. ↑ (2003). Encyclopaedia of Hindi Cinema. Popular Prakashan. পৃ. 632. ISBN 978-81-7991-066-5
  3. ↑ B.N.Sircar Upperstall Profile
  4. ↑ Bagiswar Jha: B.N. Sircar: A monograph; Seagull Books, Calcutta (1990)
  5. ↑ Bhagya Chakra (1935). www.imdb.com
  6. ↑ Dhoop Chhaon (1935). www.imdb.com
  7. ↑ 18th National Film Awards. Directorate of Film Festivals
  8. ↑ Padma Awards Directory (1954–2013). Ministry of Home Affairs

সম্পৰ্কিত শ্ৰেণী

বঙালী ব্যক্তিপশ্চিমবঙ্গৰ ব্যক্তিচলচ্চিত্ৰ প্ৰযোজকদাদাচাহেব ফাল্কে বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰেন্দ্ৰনাথ চৰকাৰ” প্ৰবন্ধৰ সংশোধন ৩৮২১৬৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।