কাদম্বৰী দেৱী (Kadambari Devi, ৫ জুলাই ১৮৫৯ - ২১ এপ্ৰিল ১৮৮৪) বঙালী নাট্যকাৰ, সংগীতজ্ঞ, সম্পাদক আৰু চিত্ৰশিল্পী জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰৰ পত্নী, মহৰ্ষি দেৱেন্দ্ৰনাথ ঠাকুৰৰ বোৱাৰী আৰু বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ বৌয়েক আছিল।১
জীৱনী
১৮৫৯ চনৰ ৫ জুলাইত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বেংগল প্ৰেচিডেন্সিৰ কলকাতাত কাদম্বৰী দেৱীয়ে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পৈতৃক নাম মাতংগিনী আছিল। তেওঁ ঠাকুৰবাৰী বজাৰ চৰকাৰ শ্যাম গাংগুলী আৰু ত্ৰৈলোক্যসুন্দৰীৰ তৃতীয় কন্যা আছিল। কাদম্বৰীৰ বয়স মাত্ৰ ন বছৰ বয়সত ১৯ বছৰীয়া ঠাকুৰ পৰিয়ালৰ জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰৰ সৈতে বিয়া হৈছিল। জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰে বিবাহৰ পিছত তেওঁৰ শিক্ষাৰ ব্যৱস্থা কৰিছিল।২ তেওঁৰ ককাক জগনমোহন গাংগুলী এজন প্ৰতিভাশালী সংগীতজ্ঞ আছিল। তেওঁৰ পৰা কাদম্বৰী আৰু ৰবীন্দ্ৰনাথে শিশু হিচাপে সংগীত শিকিছিল।
সমবয়সৰ হোৱাৰ বাবে ৰবীন্দ্ৰনাথে কাদম্বৰীৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিছিল আৰু ৰবীন্দ্ৰনাথক তেওঁৰ সৃষ্টিশীল মতামত দি বিভিন্ন কাহিনী, কবিতা, নাটক আৰু গান লিখিবলৈ উৎসাহিত কৰিছিল। ৰবীন্দ্ৰনাথ আৰু কাদম্বৰী অতি ভাল বন্ধু আৰু সহপাঠী আছিল যাৰ বাবে সেই সময়ত দুয়োজনৰ মাজৰ সম্পৰ্কৰ বিষয়ে বিভিন্ন বিতৰ্ক এতিয়াও বৰ্তী আছে।
মৃত্যু
ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিবাহৰ (৯ ডিচেম্বৰ, ১৮৮৩) চাৰি মাহ পিছত কাদম্বৰী দেৱীয়ে ১৮৮৪ চনৰ ১৯ এপ্ৰিলত অফিম খাই আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল।৩ ইয়াৰ দুই দিন পিছত ২১ এপ্ৰিল তাৰিখে মাত্ৰ ২৪ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। জোড়াসাঁকোৰ ঠাকুৰ পৰিয়াল এই আত্মহত্যাৰ বিষয়ে নীৰৱ আছিল।
মুখ্যতঃ পাৰিবাৰিক সমস্যাৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলি ধৰা হয় যদিও বিষয়টো এতিয়াও বিতৰ্কৰ আওঁতাত। হিন্দু পৰম্পৰা অনুসৰি তেওঁৰ শৱ শৱগৃহলৈ প্ৰেৰণ কৰা হোৱা নাছিল। তাৰ পৰিৱৰ্তে জোড়াসাঁকো ঠাকুৰবাৰীতে স্থাপন কৰা হৈছিল। গৱেষকসকলে বিশ্বাস কৰে যে আত্মহত্যা নোট আৰু আৰক্ষীৰ প্ৰতিবেদন মহৰ্ষিৰ উদ্যোগত লুকুৱাই দিয়া হৈছিল। সংবাদ মাধ্যমক ৫২ টকাৰ উৎকোচ দি সকলো সংবাদ মাধ্যমত মৃত্যুৰ খবৰ প্ৰকাশ হবলৈ দিয়া নাছিল।
ৰবীন্দ্ৰনাথ ঠাকুৰে কাদম্বৰী দেৱীৰ মৃত্যুৰ পিছত মানসিকভাৱে ভাঙি পৰিছিল আৰু তেওঁৰ স্মৃতিৰে তেওঁৰ মৃত্যুৰ বহু পিছত কেইবাটাও কবিতা, গান আৰু কাহিনী লিখিছিল।
জনপ্ৰিয় মাধ্যমত
ৰবীন্দ্ৰনাথ ঠাকুৰৰ উপন্যাসিকা 'নষ্টনীড়'ৰ আধাৰিত সত্যজিৎ ৰায়ৰ 'চাৰুলতা' তেওঁৰ জীৱন আৰু ঠাকুৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ ওপৰত আধাৰিত বুলি অনুমান কৰা হৈছিল বুলি অনুমান কৰা হয়।৪সুকন্ত ৰয়ৰ বঙালী ছবি 'ছেলেবেলা' (২০০২) দেৱশ্ৰী ৰায়ে কাদম্বৰীৰ আৰু যীচু সেনগুপ্তয়ে ঠাকুৰৰ চৰিত্ৰত অভিনয় কৰিছিল।৫ বন্দনা মুখোপাধ্যায়ৰ ছবি 'চিৰসখা হে'ত (২০০৭) দীপঞ্জনা পৌলে চায়ন্দিপ ভট্টাচাৰ্যৰ সৈতে কাদম্বৰী আৰু ৰবীন্দ্ৰনাথৰ চৰিত্ৰত অভিনয় কৰিছিল।৬ঋতুপৰ্ণ ঘোষৰ বাংলা তথ্যচিত্ৰ ছবি 'জীৱন স্মৃতি'ত (২০১১) ৰাইমা সেনে সমাদৰ্শী দত্তৰ সৈতে ক্ৰমে কাদম্বৰী আৰু ঠাকুৰৰ চৰিত্ৰত অভিনয় কৰিছিল।৭ সুমান ঘোষৰ বঙালী ছবি 'কাদম্বৰী'ত (২০১৫) ত কংকনা সেন শৰ্মাই পৰমব্ৰত চেটাৰ্জীৰ সৈতে কাদম্বৰী-ঠাকুৰক চিত্ৰিত কৰি চৰিত্ৰত অভিনয় কৰিছিল।৮
তথ্যসূত্ৰ
- ↑ Ahmed, Wakil. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
- ↑ Mallika Sengupta, Kobir Bouthan & Tamal Ghosh, Kadambari, 432 pp., (A novel), Ujjwal Sahitya Mandir, College St. Kolkata
- ↑ Tamal Ghosh. Kadambari. Ujjwal Sahitya Mandir. পৃ. 432
- ↑ epaper.prajavani.net
- ↑ Chhelebela will capture the poet's childhood. rediff.com
- ↑ Tagore or touch-him-not. The Times of India
- ↑ (7 August 2013). Celebrating Tagore. The Hindu
- ↑ Banerjee, Kathakali. (12 January 2017). Kadambari explores Tagore and his sis-in-law's relationship responsibly. Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাদম্বৰী দেৱী” প্ৰবন্ধৰ সংশোধন ৩৫৪৭৬৫ (১৯ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।