হিৰা দেৱী ৱাইবা (Hira Devi Waiba; ৯ ছেপ্টেম্বৰ ১৯৪০ – ১৯ জানুৱাৰী ২০১১) হ'ল এগৰাকী নেপালী ভাষাৰ ভাৰতীয় লোক সংগীত শিল্পী। তেওঁক নেপালী লোক সংগীতৰ অগ্ৰদূত ৰূপে জনা যায়। তেওঁ গোৱা 'চুৰা তা হয়না অষ্টুৰা' তামাং চেল' লোক-সংগীতৰ ৰেকৰ্ডিং হোৱা প্ৰথমটো গীত। তামাং চেল' নেপালী লোক গীতৰ অন্তৰ্গত। ১৯৭৪ চনৰপৰা ১৯৭৮ চনলৈ এইচ এম ভিত এলবাম কৰা হিৰা দেৱী ৱাইবা প্ৰথমগৰাকী নেপালী লোক গায়িকা।১ তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ৰো প্ৰথমগৰাকী গ্ৰেড এ নেপালী লোক গায়িকা আছিল। তেওঁ সেইগৰাকী গায়িকা ৰূপেও প্ৰথম আছিল যাৰ মিউজিক এলবাম নেপালৰ বিখ্যাত মিউজিক ঘৰানাই ৰেকৰ্ড কৰিছিল আৰু প্ৰকাশ কৰিছিল।১
জীৱন আৰু সংগীত
কুৰচেঙৰ ওচৰৰ আম্বুটিআ চাহ বাগানৰ এটি সংগীত সাধকৰ পৰিয়ালত হিৰা দেৱী জন্মিছিল। তেওঁ আছিল নেপালী লোক সংগীতৰ সাধক। তেওঁৰ দেউতাক আছিল সিং মান সিং ৱাইবা আৰু মাক টিচেৰিং দলমা। তেওঁৰ চল্লিশ বছৰীয়া সংগীত জীৱনত তেওঁ প্ৰায় তিনিশ লোক সংগীত গাইছে।২ ১৯৬৬ চনত নেপাল ৰেডিঅ'ত তেওঁৰ তিনিটা গানৰ ৰেকৰ্ডিং হৈছিল। সেয়াই তেওঁৰ সংগীত জীৱনৰ আৰম্ভণি। ১৯৬৩ চনৰপৰা ১৯৬৫ চনলৈ কুৰচেঙৰ অল ইণ্ডিয়া ৰেডিঅ'ত তেওঁ ঘোষিকা ৰূপে কাম কৰিছিল।৩
'ফাৰিয়া লাইদিয়েচন', 'অঔৰা দৌদি জানদা', 'ৰামৰি ত ৰামৰি' হ'ল ৱাইবাৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত তিনিটা। দেউতাকলৈ শ্ৰদ্ধাঞ্জলি ৰূপে ২০০৮ চনত শিলিগুড়িৰ কদমতলাত 'ৱাইবাই এচ এম ৱাইবা ইণ্টাৰনেচনেল মিউজিক আৰু ডান্স একাডেমী' আৰম্ভ কৰে।
মৃত্যু
২০১১ চনৰ ১৯ জানুৱাৰী তাৰিখে ৭১ বছৰ বয়সত হিৰা ৱাইবাৰ মৃত্যু ঘটে। নিজৰ ঘৰত হোৱা এটি অগ্নিকাণ্ডত তেওঁ অগ্নিদগ্ধ হৈছিল।৪ তেওঁৰ দুটি সন্তান নৱনীত আদিত্য ৱাইবা আৰু সত্য আদিত্য ৱাইবা, দুয়ো সংগীতশিল্পী।৫
পুত্ৰ আৰু কন্যাৰ শ্ৰদ্ধাঞ্জলি
২০১৬- ১৭ চনত হিৰা দেৱী ৱাইবাই গোৱা কিছু শীৰ্ষস্থানীয় গীত পুনৰ ৰেকৰ্ডিং কৰি তেওঁৰ সন্তানদ্বয়ে মাকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৱাইবাৰ জী নৱনীতে গীতসমূহ গায় আৰু পুত্ৰ সত্য আদিত্যই মালৈ শ্ৰদ্ধাঞ্জলি নাম দি ইয়াক প্ৰকাশ আৰু প্ৰচাৰ কৰে।
বঁটা
১৯৮৬ চনত নেপালী একাডেমী অৱ দাৰ্জিলিঙে হিৰা দেৱীক মিত্ৰাসেন পুৰস্কাৰ প্ৰদান কৰে। ১৯৯৬ চনত তেওঁ চিক্কিম চৰকাৰৰ মিত্ৰাসেন স্মৃতি পুৰস্কাৰ, ভানু একাডেমী পুৰস্কাৰ, ২০০১ চনত আগম সিং গিৰি পুৰস্কাৰ আৰু গোৰ্খা চহীদ সেৱা সমিতিৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰে। নেপাল চৰকাৰে তেওঁক নাইটহুদ উপাধি দিয়ে, লগতে তেওঁ সাধনা সন্মান আৰু মাধুৰিমা ফুল কুমাৰী মাহাতু বঁটা পায়।৪
বাহ্যিক সংযোগ
- Hira Devi Waiba's songs
- 'Navneet Aditya Waiba | Aye Syangbo'
- 'Navneet Aditya Waiba | Phariya Lyaaidiyechan'
- Navneet Aditya Waiba | DHANKUTA - For our Lahure Brothers'
- 'Navneet Aditya Waiba | Jhilke Naachayko - Damphu Geet '
তথ্যসূত্ৰ
- ↑ (2016-12-07). चुरा त होइन अस्तुरा - पहिलो तामाङ सेलो गीत? - Tamang Online. Tamang Online
- ↑ Darjeeling's folk singer Hira Waiba dies of burn injuries. The Himalayan Times
- ↑ North Bengal & Sikkim · School for Nepali folk music. The Telegraph
- ↑ Hira Devi dies of burn injuries. The Telegraph
- ↑ Navneet Aditya Waiba, Satya Waiba. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিৰা দেৱী ৱাইবা” প্ৰবন্ধৰ সংশোধন ৩৮৩৩০২ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।