অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰতিমা বন্দোপাধ্যায়

প্ৰতিমা বন্দোপাধ্যায় ( Pratima Bandopadhyay, জন্মৰ নাম প্ৰতিমা চেটাৰ্জী বা চট্টোপাধ্যায়, ২১ ডিচেম্বৰ ১৯৩৪- ২৯ জুলাই ২০০৪) বঙালী চলচ্চিত্ৰীয় তথা অচলচ্চিত্ৰীয় গীতৰ কণ্ঠশিল্পী আছিল, যিয়ে বিশেষকৈ ১৯৫০ৰ পৰা ৭০ৰ দশকলৈ অসংখ্য জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৬৫৫ শব্দ · ৪ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

প্ৰতিমা বন্দোপাধ্যায় ( Pratima Bandopadhyay, জন্মৰ নাম প্ৰতিমা চেটাৰ্জী বা চট্টোপাধ্যায়, ২১ ডিচেম্বৰ ১৯৩৪- ২৯ জুলাই ২০০৪) বঙালী চলচ্চিত্ৰীয় তথা অচলচ্চিত্ৰীয় গীতৰ কণ্ঠশিল্পী আছিল, যিয়ে বিশেষকৈ ১৯৫০ৰ পৰা ৭০ৰ দশকলৈ অসংখ্য জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে।১

প্ৰাৰম্ভিক জীৱন

প্ৰতিমা বন্দোপাধ্যায়ৰ পূৰ্বপুৰুষ বৰ্তমানৰ বাংলাদেশৰ বিক্ৰমপুৰৰ (এতিয়া মুঞ্চিগঞ্জ) বাহেৰকৰ পৰা আহিছিল। মাত্ৰ এবছৰ বয়সতে তেওঁ দেউতাক মণিভূষণ চট্টোপাধ্যায়ক হেৰুৱাইছিল। মাক কমলা চট্টোপাধ্যায়ে তেওঁক ডাঙৰ-দীঘল কৰিছিল। তেওঁলোকৰ ঘৰ আছিল কলিকতাৰ ভৱানীপুৰত। কম বয়সৰে পৰা তেওঁ প্ৰকাশ কালি ঘোষৰ ওচৰত সঙ্গীতৰ শিক্ষা লৈছিল।২

সঙ্গীত জীৱন

চেনোলা কোম্পানীয়ে ১৯৪৫ চনত প্ৰথম তেওঁৰ ৰেকৰ্ড উলিয়াছিল। ১৯৫১ চনত তেওঁ ‘সুনন্দাৰ বিয়ে’ ছবিত ‘তটিনি আমি, তুমি সুন্দৰ চান্দ’ শীৰ্ষক গীতটোৰে চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী হিচাপে প্ৰথম আত্মপ্ৰকাশ কৰিছিল। ছবিৰ সঙ্গীত পৰিচালক আছিল সুধীৰলাল চক্ৰৱৰ্তী। তিনি দশকৰ কৰ্মময় জীৱনত তেওঁ ৬৫খন বঙালী চলচ্চিত্ৰত আৰু অসংখ্য অনা-চলচ্চিত্ৰীয় গীতত কণ্ঠদান কৰিছিল।৩

স্মৃতিচাৰণ

পশ্চিমবংগৰ প্ৰখ্যাত গীতিকাৰ পুলক বন্দোপাধ্যায়ে স্মৃতিচাৰণ কৰি লিখিছে,

"যেতিয়া মই লিখা আৰু মান্না দে আৰু লতা মঙ্গেশকাৰে গোৱা ‘কে প্ৰথম কাষে এসেছি’ গীতটো জনপ্ৰিয় হৈছিল, তেতিয়া মই এজনী ৰহস্যময় ফেনৰ পৰা গীতটোৰ কথাংশক প্ৰশংসা কৰি কৰা এটা ফোনকল পাইছিলো। তেওঁ নিজৰ নাম উল্লেখ কৰা নাছিল। তেতিয়াৰে পৰা কল পাব ধৰিলো, যেতিয়াই মই লিখা গীত এটা সংবেদনাৰ সৃষ্টি কৰিছিল। অৱশেষত তেওঁ এদিন আবেলি পাঁচবজাত এলগিন ৰোডত মোক লগ ধৰিবলৈ সন্মত হ’ল। মই অভিভূত হৈ পৰিলো। সময় হৈ অহাৰ লগেলগে মই গাড়ীখন পৰিস্কাৰ কৰি কাপোৰ-কানি পিন্ধিলো। তেনেতে হেমন্ত মুখাৰ্জীয়ে ফোন কৰি পূজা বিষয়ক গীত এটা ৰচনা কৰা সম্পৰ্কীয় কথা পাতিবলৈ আবেলি পাঁচবজাত তেওঁৰ ঘৰলৈ মাতিলে। প্ৰতিমা বন্দোপাধ্যায়ো তাত অপেক্ষা কৰি থাকিব। মই তাৰিখটো সলনি কৰিবলৈ গৈয়ো ব্যৰ্থ হলো। হেমন্ত মুখাৰ্জীৰ ঘৰ অভিমুখে গাড়ী পোনালো। সময়ো পাঁচ বাজিবৰ হৈছে। ইফালে মোৰ মনত সেই ৰহস্যময়ী নাৰীগৰাকীৰ কথা ভাবিছিলো আৰু গীতৰ প্ৰথম দুশাৰী মোৰ মনলৈ আহিছিল, ‘বৰ সাধ জাগে, একবাৰ তোমায় দেখি।’ ইয়াৰ পিছত আৰু সেই নাৰীগৰাকীক আৰু কেতিয়াও নাপালো। গীতটো প্ৰতিমাৰ কণ্ঠত বাণীবদ্ধ কৰা হৈছিল।"৪

নিৰ্মলা মিশ্ৰই ৰোমন্থন কৰিছিল,

"এদিন ৰাতি বাৰ বজাত মই এটা ফোনকল পালো। মই অতিকৈ আচৰিত হৈছিল এইবাবে যে এয়া প্ৰখ্যাত শিল্পী প্ৰতিমা বন্দোপাধ্যায়ৰ কল আছিল। তেওঁ কলে, “নিৰ্মলা, মানৱবাবুয়ে আমাক এটা গান দিছে। আহা, ইয়াত একেলগে আখৰা কৰো।” প্ৰতিমা বন্দোপাধ্যায়ে নিয়মীয়াকৈ গীতটোৰ আখৰা কৰিবলৈ মোক মাজনিশাৰ পিছত কল কৰিছিল। গীতটো আছিল- ‘আবিৰে ৰাঙালো কে আমায়’, ছবি- ‘মুখুজ্জে পৰিবাৰ’ (১৯৫৬)।"৫

সন্মান

'ছুটি', 'চৌৰঙ্গী' আৰু 'পৰিনীতা' ছবিত গোৱা গীতৰ বাবে তেওঁ একেৰাহে তিনিবছৰ বি.এফ.জে.এ. বঁটা লাভ কৰিছিল।৩

মৃত্যু

১৯৮৬ত স্বামী অমিয় কুমাৰ বন্দোপাধ্যায়ৰ মৃত্যুৰ পিছত ক্ৰমাৎ পৰি আহিছিল আৰু ২০০৪ৰ ২৯ জুলাইত তেওঁ ইহলীলা সম্বৰণ কৰিছিল। মৃত্যুৰ সময়ত তেওঁ জীয়ৰী ৰায়কিশোৰী বন্দোপাধ্যায়ক এৰি থৈ গৈছিল।১

চলচ্চিত্ৰপঞ্জী

বন্দোপাধ্যায়ে কণ্ঠদান কৰা বঙালী আৰু হিন্দী ছবিসমূৰ তালিকা:

  • ১৯৫১- সুনন্দাৰ বিয়ে
  • ১৯৫৩- বৌ ঠাকুৰাণীৰ হাট
  • ১৯৫৪- ঢুলী
  • ১৯৫৪- সদানন্দেৰ মেলা
  • ১৯৫৪- কল্যাণী
  • ১৯৫৫- হ্ৰদ
  • ১৯৫৫- শাপমোচন
  • ১৯৫৫- অপৰাধী
  • ১৯৫৫- দস্যু মোহন
  • ১৯৫৫- শ্ৰীকৃষ্ণ সুদামা
  • ১৯৫৫- আত্মদৰ্শন
  • ১৯৫৫- ভালবাসা
  • ১৯৫৬- অসবৰ্ণ
  • ১৯৫৬- অসমাপ্ত
  • ১৯৫৬- গোৱিন্দদাস
  • ১৯৫৭- সিঁদুৰ
  • ১৯৫৭- একাতাৰা
  • -- নীলাচলে মহাপ্ৰভু
  • ১৯৫৭- অন্তৰীক্ষ
  • ১৯৫৭- সুৰেৰ পৰশে
  • ১৯৫৭- তাসেৰ ঘৰ
  • ১৯৫৭- পুনৰ্মিলন
  • ১৯৫৭- হৰিশ্চন্দ্ৰ
  • ১৯৫৮- সিঁঠিৰ সিঁদুৰ
  • ১৯৫৮- নুপুৰ
  • ১৯৫৮- সোণাৰ কাঠি
  • ১৯৫৮- প্ৰিয়া
  • ১৯৫৮- কালামাটি
  • ১৯৫৯- কালু-ভালু
  • ১৯৫৮- নদেৰ নিমাই
  • ১৯৬০- ক্ষুদিত পাষাণ
  • ১৯৬০- প্ৰবেশ নিষেধ
  • ১৯৬০- নতুন ফচল
  • ১৯৬০- গৰীবেৰ মেয়ে
  • ১৯৬২- মায়াৰ সংসাৰ
  • ১৯৬২- বিপাশা
  • ১৯৬২- অগ্নিশিখা
  • ১৯৬২- দাদাঠাকুৰ
  • ১৯৬২- বন্ধন
  • ১৯৬৩- দ্বীপেৰ ৰং টিয়াৰং
  • ১৯৬৩- আকাশ প্ৰদীপ
  • ১৯৬৩- শ্ৰেয়সী
  • ১৯৬৩- কালস্ৰোত
  • ১৯৬৪- দীপ নেভে যায়
  • ১৯৬৪- কষ্টি পাথৰ
  • ১৯৬৪- ৰাধাকৃষ্ণ
  • ১৯৬৫- ৰূপ সনাতন
  • ১৯৬৫- মুখুজ্জে পৰিবাৰ
  • ১৯৬৫- মহালগ্ন
  • ১৯৬৬- হাৰানো প্ৰেম
  • ১৯৬৬- উত্তৰপুৰুষ
  • ১৯৬৬- পাণ্ডবেৰ বনবাস
  • ১৯৬৬- ৰাজদ্ৰোহী
  • ১৯৬৬- অঙ্গীকাৰ
  • ১৯৬৭-সেবা
  • ১৯৬৭- ছুটি
  • ১৯৬৮- তিন অধ্যায়
  • ১৯৬৮- শেষ থেকে চুৰু
  • ১৯৬৮- চৌৰঙ্গী
  • ১৯৬৯- পৰিণীতা
  • ১৯৬৯- প্ৰতিদান
  • ১৯৬৯- আঁধাৰ সূৰ্য
  • ১৯৬৯- সবৰমতী
  • ১৯৭০-শপথ নিলাম
  • ১৯৭১- জীৱন জিজ্ঞাসা
  • ১৯৭১- এখান পিঞ্জৰ
  • ১৯৭১- হৰ-পাৰ্বতী
  • ১৯৭১- প্ৰতিবাদ
  • ১৯৭১- প্ৰথম বসন্ত
  • ১৯৭২- আলো আমাৰ আলো
  • ১৯৭২- অনিন্দিতা
  • ১৯৭২- স্ত্ৰীৰ পত্ৰ
  • ১৯৭৩- উমনো ও ঝুমনো
  • ১৯৭৩- আমি সিৰাজেৰ বেগম
  • ১৯৭৩- বিন্দুৰ চেলে
  • ১৯৭৪- দাবী
  • ১৯৭৪- আলো ও ছায়া
  • ১৯৭৪- আলো আঁধাৰে
  • ১৯৭৪- সুজাতা
  • ১৯৭৪- ঠগিনী
  • ১৯৭৪- বিসৰ্জন
  • ১৯৭৪- সাধু যুধিষ্ঠিৰেৰ কৰসা
  • ১৯৭৬- অসময়
  • ১৯৭৭- প্ৰতিমা
  • ১৯৭৮- ৰজনী
  • ১৯৭৮- জয় মা তাৰা
  • ১৯৭৮- সাত ভাই চম্পা
  • ১৯৭৮- গোলাপ বৌ
  • ১৯৭৯- হীৰেৰ আঙটি
  • ১৯৭৮- যত মত তত পথ
  • ১৯৮০- বড় ভাই
  • ১৯৮১-কপালকুণ্ডলা
  • ১৯৮২- শঠে শাঠ্যং
  • ১৯৮৩- গোধুলি লগনে
  • -- একসাথে
  • -- এই মন ৰাজহংসী প্ৰেমেৰ এই গহীন গাঙে
  • ১৯৫৮- এক বাত কহু তুমসে (হিন্দী)৩

তথ্যসূত্ৰ

  1. ↑ Outlook 30 July 2004
  2. ↑ কাজলা দিদি
  3. ↑ সঙ্কলক- শৌনক গুপ্ত, সম্পাদনা- সুশান্ত চট্টোপাধ্যায়. সাধাৰণ প্ৰতিমাː অসাধাৰণ গান. bangodarshan.com
  4. ↑ Bandyopadhyay, Pulak. 'Kathay Kathay Raat Hoye Jay (কথায় কথায় ৰাত হয়ে যায়)''
  5. ↑ (accessed 30 August 2017)

সম্পৰ্কিত শ্ৰেণী

পশ্চিমবঙ্গৰ ব্যক্তিভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিমা বন্দোপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৭৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।