অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুপ্ৰিয়া দেৱী

সুপ্ৰিয়া দেৱী বা সুপ্ৰিয়া চৌধুৰী ( Supriya Devi; ৮ জানুৱাৰী ১৯৩৩ – ২৬ জানুৱাৰী ২০১৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে বঙালী চলচ্চিত্ৰত প্ৰায় ৫০ বছৰ জুৰি অভিনয় কৰিছিল। ঋত্বিক ঘটকৰ ‘মেঘে ঢাকা তাৰা’ (১৯৬০) ছবিৰ নীলা নামৰ চৰিত্ৰটোৰ ৰূপায়ণৰ তেওঁক বিশেষ ভাবে জনা যায়।

হালনাগাদ: ১৮ নৱেম্বৰ ২০২৪ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

সুপ্ৰিয়া দেৱী বা সুপ্ৰিয়া চৌধুৰী ( Supriya Devi; ৮ জানুৱাৰী ১৯৩৩ – ২৬ জানুৱাৰী ২০১৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে বঙালী চলচ্চিত্ৰত প্ৰায় ৫০ বছৰ জুৰি অভিনয় কৰিছিল। ঋত্বিক ঘটকৰ ‘মেঘে ঢাকা তাৰা’ (১৯৬০) ছবিৰ নীলা নামৰ চৰিত্ৰটোৰ ৰূপায়ণৰ তেওঁক বিশেষ ভাবে জনা যায়।১২৩ তেওঁ ফিল্মফেয়াৰ বঁটা, পশ্চিমবংগৰ সৰ্বোচ্চ অসামৰিক সন্মান 'বঙ্গ-বিভূষণ', দুবাৰকৈ 'বেঙ্গল ফিল্ম জাৰ্নেলিষ্টচ্ এছোচিয়েচন বঁটা' লাভ কৰিছিল।৪ চলচ্চিত্ৰ উদ্যোগটোলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ২০১৪ চনত তেওঁক ভাৰত চৰকাৰৰ চতুৰ্থ অসমাৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰা হয়।৫

উত্তম কুমাৰ অভিনীত আৰু নিৰ্মল দে পৰিচালিত ‘বসু পৰিবাৰ’ (১৯৫২) ছবিৰ যোগেদি তেওঁ চলচ্চিত্ৰাভিনয়ৰ পাতনি মেলে। একে বছৰতে মুক্তিপ্ৰাপ্ত প্ৰণৱ ৰায় পৰিচালিত ‘প্ৰাৰ্থনা’তো (১৯৫২) তেওঁ ভূমুকি মাৰে।১ তাৰপিছত কেই বছৰমানৰ বিৰতিৰ পিছত সুশীল মজুমদাৰ পৰিচালিত 'মৰ্মবাণী'ৰ (১৯৫৮) যোগে পুনৰ চলচ্চিত্ৰ জগতলৈ ঘূৰি আহে।১ মঙ্গল চক্ৰৱৰ্তী পৰিচালিত উত্তম কুমাৰৰ ব্লকবাষ্টাৰ ‘সোণাৰ হৰিণ’ত (১৯৬০) অভিনয় কৰাৰ পিছত সুপ্ৰিয়া দেৱী চৰ্চালৈ আহে।৩ ১৯৬০ দশকৰ প্ৰথমচোৱাত ‘মেঘে ঢাকা তাৰা’ (১৯৬০), ‘সুনো বৰনাৰী’ (১৯৬০), ‘কোমল গান্ধাৰ’ (১৯৬১), ‘স্বৰলিপি’ (১৯৬১), ‘অগ্নি সংস্কাৰ’ (১৯৬১) আদি বহু কেইখন ছবিৰ যোগে তেওঁ বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ১৯৬৩ চনত তেওঁ সদাশিৱ ৰাও কবি পৰিচালিত ‘বেগানা’ ছবিৰ যোগেদি ধৰ্মেন্দ্ৰৰ বিপৰীতে অভিনয় কৰি হিন্দী চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে।১

প্ৰাৰম্ভিক জীৱন

সুপ্ৰিয়া দেৱীৰ জন্ম হৈছিল ব্ৰিটিছ শাসিত বৰ্মাত, বৰ্তমানৰ ম্যানমাৰত।৬ তেওঁৰ দেউতাৰ গোপালচন্দ্ৰ বন্দোপাধ্যায় এজন উকিল আছিল। তেওঁ বৰ্তমান বাংলাদেশৰ ফৰিদপুৰ জিলাৰ নিবাসী আছিল।৬ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁলোকৰ পৰিয়ালটো কলকাতালৈ স্থানান্তৰিত হৈছিল।৬৭৮ তেওঁ মাত্ৰ ৭ বছৰ বয়সতে দেউতাকে পৰিচালনা কৰা দুখন নাটকৰ যোগেদি অভিনয়ৰ পাতনি মেলে। সৰুতে তেওঁ নাচিছিল আৰু তেতিয়াৰ বাৰ্মাৰ প্ৰধানমন্ত্ৰী থাকিন-নুৰ হাতেদি এটা বঁটাও লাভ কৰিছিল।৯ ১৯৪২ চনত জাপানে বাৰ্মা দখল কৰাৰ পিছত তেওঁলোকৰ পৰিয়ালটো ভগনীয়াত পৰিণত হয়। ১৯৪৮ চনত বেনাৰ্জী পৰিয়ালে এক উন্নত জীৱন আৰু পুনৰ্সংস্থাপনৰ উদ্যেশ্যে বাৰ্মাৰ পৰা কলকাতালৈ গুছি আহে।১৯

ব্যক্তিগত জীৱন

১৯৫৪ চনত সুপ্ৰিয়া দেৱীয়ে বিশ্বনাথ চৌধুৰীক বিয়া কৰায় আৰু বছৰচেৰেক পিছত জীয়ৰী সোমাৰ জন্ম হয়। ১৯৫৮ চনত তেওঁলোকৰ বিবাহ-বিচ্ছেদ হয়।১০ ১৯৬৩ চনত মহানায়ক উত্তম কুমাৰৰ লগত তেওঁৰ বিবাহ হয় আৰু ১৯৮০ চনত উত্তম কুমাৰৰ মৃত্যুলৈকে দুয়ো একেলগে সংসাৰ কৰে।১১১২১৩

২০১৮ৰ ২৬ জানুৱাৰীত ৮৫ বছৰ বয়সত কলকাতাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়।১৪

তথ্যসূত্ৰ

  1. ↑ Chatterji, Shoma. (1 August 2003). 50 years of Supriya Devi. Screen Weekly. Indian Express Newspapers (Mumbai) Ltd
  2. ↑ Gupta, Ranjan Das. (2017-03-24). ‘I never expected too much’. The Hindu
  3. ↑ Correspondent, Special. (2 February 2018). Bengali actor Supriya Choudhury passes away. The Hindu
  4. ↑ "State honours nine with Banga-Vibhushan", timesofindia.indiatimes.com; accessed 2 February 2018
  5. ↑ (25 January 2014). Vidya Balan, Paresh Rawal get Padma Shri. Daily News and Analysis
  6. ↑ (12 March 2015). আমি সেই মেয়ে: সুপ্ৰিয়া দেৱী. Prothom Alo
  7. ↑ Biography for Supriya Choudhury. Supriya Choudhury. Internet Movie Database Inc
  8. ↑ (2018). Padma Shri awardee Supriya Devi passes away at 83. The Economic Times
  9. ↑ (26 January 2018). Supriya Devi is no more, but her feminist legacy lives on. The Indian Express
  10. ↑ দাদা আমি বাঁচতে চাই. Anandabazar Patrika
  11. ↑ Selling Uttam?. The Times of India
  12. ↑ Details. www.epaper.eisamay.com
  13. ↑ (26 January 2018). Actor Supriya Devi's legacy was more than just being Uttam Kumar's heroine. dailyo.in
  14. ↑ Bengali Actor Supriya Devi Dies, Mamata Banerjee Offer Condolences, NDTV; accessed 2 February 2018

সম্পৰ্কিত শ্ৰেণী

বঙালী ব্যক্তিপশ্চিমবঙ্গৰ ব্যক্তিভাৰতীয় অভিনেত্ৰীবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীপদ্মশ্ৰী বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুপ্ৰিয়া দেৱী” প্ৰবন্ধৰ সংশোধন ৪৪৬১৩৫ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।