পদ্মশ্ৰী বঁটা বিজয়ী
৪২৪ প্ৰবন্ধ
-
সুনীল ছেত্ৰী
সুনীল ছেত্ৰী (Sunil Chhetri; জন্ম: ৩ আগষ্ট ১৯৮৪) এজন ভাৰতীয় ফুটবল খেলুৱৈ। আই-লীগত তেওঁ বাংগালুৰু এফ চি দলৰ হৈ ফৰৱাৰ্ড স্থানত খেলে। ভাৰতৰ জাতীয় ফুটবল দলৰ তেওঁ বৰ্তমান অধিনায়ক।
-
হেলেন (অভিনেত্ৰী)
হেলেন এন ৰিচাৰ্ডচন খান ( Helen Ann Richardson Khan, জন্ম: হেলেন এন ৰিচাৰ্ডচন, ২১ নৱেম্বৰ ১৯৩৮) এগৰাকী ভাৰতীয় বলীউডৰ অভিনেত্ৰী আৰু নৃত্যশিল্পী, চমুকৈ যাক হেলেন নামেৰে জনা যায়। তেওঁ দুটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে আৰু ৭০০তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।
-
হৰিহৰণ (গায়ক)
হৰিহৰণ অনন্ত সুব্ৰমণি ( Hariharan Anantha Subramani; জন্ম ৩ এপ্ৰিল ১৯৫৫) এগৰাকী ভাৰতীয় প্লেবেক গায়ক, ভজন আৰু গজল গায়ক যিয়ে মূলতঃ তামিল, মালয়ালম, হিন্দী, কানাড়া আৰু তেলেগু ভাষাত গীত গায়।
-
ৰবীনা টেণ্ডন
ৰবীনা টেণ্ডন (Ravena Tandon; জন্ম: ২৬ অক্টোবৰ ১৯৭২) হিন্দী ছবিৰ বহুধা প্ৰতিভাসম্পন্ন এগৰাকী অভিনেত্ৰী। তেওঁ পৰিচালক ৰবি টেণ্ডনৰ কন্যা। এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু তিনিটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও বঁটা তেওঁ লাভ কৰিছে।
-
ৰাস্কিন বণ্ড
ৰাস্কিন বণ্ড (Ruskin Bond; জন্ম ১৯ মে' ১৯৩৪) এজন ইংৰাজ মূলৰ ভাৰতীয় লেখক। ১৯৯২ চনত তেওঁ নিজৰ চুটিগল্পৰ সংকলন আৱাৰ ট্ৰিজ ষ্টিল গ্ৰ' ইন ডেহৰাৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। শিশু সাহিত্যৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে ১৯৯৯ চনত তেওঁ পদ্মশ্ৰী উপাধিৰে আৰু ২০১৪ চনত পদ্মভূষণ উপাধিৰে বিভূষিত হয়।
-
অক্কিতম অচ্যুতম নম্বুথিৰী
অক্কিতম অচ্যুতম নম্বুথিৰী (Akkitham Achuthan Namboothiri; জন্ম: ১৮ মাৰ্চ, ১৯২৬ – ১৫ অক্টোবৰ, ২০২০), এজন ভাৰতীয় কবি আৰু গদ্যকাৰ, যি মালয়ালম ভাষাত লিখা-মেলা কৰে। অক্কিতম তেওঁ লিখা সৰল আৰু আকৰ্ষক শৈলীৰ, প্ৰেম আৰু সহানুভূতি বিষয়ক লেখাবোৰৰ বাবে জনাজাত।
-
অঞ্জু ববী জৰ্জ
অঞ্জু ববী জৰ্জ (Anju Bobby George; জন্ম: ১৯ এপ্ৰিল ১৯৭৭) এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় এথলীট। ২০০৩ চনত পেৰিছত অনুষ্ঠিত এথলেটিকছৰ বিশ্ব চেম্পিয়নশ্বিপত লং জাম্পত ৬.৭০ মিটাৰ জঁপিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰি তেওঁ ইতিহাস সৃষ্টি কৰিছিল।
-
অৱনী লেখাৰা
অৱনী লেখাৰা (Avani Lekhara; জন্ম ৮ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় পেৰালিম্পিয়ান আৰু ক্ৰীড়া ৰাইফল শ্বুটাৰ। তেওঁ টকিঅ' ২০২০ পেৰালিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ শাখাত স্বৰ্ণ পদক আৰু আৰ৮ শাখাত ৫০ মিটাৰ এয়াৰ থ্ৰী পজিচন এছএইচ১ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
-
আব্দুছ ছাত্তাৰ
আব্দুছ ছাত্তাৰ
-
আৰতি সাহা
আৰতি গুপ্তা সাহা (২৪ ছেপ্টেম্বৰ ১৯৪০ – ২৩ আগষ্ট ১৯৯৪) এগৰাকী ভাৰতীয় দীৰ্ঘ-দূৰত্বৰ সাঁতোৰবিদ। ব্ৰিটিছ অধীনস্থ ভাৰতৰ কলকাতাত আৰতিৰ জন্ম হৈছিল। চাৰি বছৰ বয়সৰ পৰাই তেওঁ সাঁতোৰবিদ্যা শিকিবলৈ লৈছিল। তেওঁৰ প্ৰতিভাৰ প্ৰথম উমান পাইছিল শচীন নাগে।
-
উদ্ধৱ ভৰালী
উদ্ধৱ ভৰালী (Uddhab Bharali) অসমৰ লখিমপুৰ জিলাৰ এজন বিজ্ঞানী, উদ্ভাৱক আৰু অভিযন্তা। ২০১২ চনৰ জুলাই মাহৰ ৫ তাৰিখে ভৰালী তেওঁৰ আৱিস্কৃত ডালিমৰ গুটি গুচোৱা যন্ত্ৰ (benchtop pomegranate de-seeder)-ৰ বাবে The Create the Future Design Contest-ৰ দ্বিতীয় পুৰস্কাৰৰ বাবে নিৰ্বাচিত হয়।
-
ঊষা উথুপ
ঊষা উথুপ (Usha Uthup, জন্ম: ৭ নৱেম্বৰ ১৯৪৭) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ ভাৰতীয় পপ, ফিল্মী, জেজ আৰু নেপথ্য কণ্ঠশিল্পী হিচাপে বিখ্যাত। তেওঁ ১৯৬০ৰ শেষৰ ফালে, ১৯৭০ আৰু ১৯৮০ দশকৰ কিছুমান জনপ্ৰিয় হিট গানৰ বাবে বিখ্যাত।
-
কামেশ্বৰ ব্ৰহ্ম
ড॰ কামেশ্বৰ ব্ৰহ্ম (জন্ম: ১ ছেপ্টেম্বৰ ১৯৪০) এগৰাকী ভাৰতীয় সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ ২০০৮ চনৰ পৰা ২০১৭ চনলৈ বড়ো সাহিত্য সভাৰ সভাপতি আছিল। তেওঁ অসমৰ গোঁসাইগাঁও মহাবিদ্যালয়ৰ প্ৰাপ্তন অধ্যক্ষ আছিল। ১৯৪০ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে অসমৰ কোকৰাঝাৰ জিলাৰ ভুমুকা গাঁৱত তেওঁৰ জন্ম হৈছিল।
-
চিতাৰা দেৱী
চিতাৰা দেৱী (৮ নৱেম্বৰ ১৯২০ – ২৫ নৱেম্বৰ ২০১৪) এগৰাকী বিখ্যাত ভাৰতীয় নৃত্য পটীয়সী। শাস্ত্ৰীয় নৃত্যৰ অন্যতম কথকৰ তেওঁ এগৰাকী আগশাৰীৰ নৃত্যশিল্পী আছিল। নৃত্যৰ জৰিয়তে বহুতো বঁটা আৰু সন্মান লাভ কৰা চিতাৰা দেৱী পৃথিৱীৰ বিভিন্ন ঠাইত কথক নৃত্য প্ৰদৰ্শন কৰিছে।
-
নানা পাটেকৰ
বিশ্বনাথ পাটেকৰ (Vishwanath Patekar; জন্ম ১ জানুৱাৰী ১৯৫১) যি নানা পাটেকৰ নামে পৰিচিত হৈছে এগৰাকী ভাৰতীয় অভিনেতা, লেখক, সমাজ সেৱক আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ মূলতঃ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত কাম কৰে।
-
নেইনা দেৱী
নেইনা দেৱী (Naina Devi; ২৭ ছেপ্টেম্বৰ ১৯১৭ – ১ নৱেম্বৰ ১৯৯৩) হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এগৰাকী কণ্ঠশিল্পী। নেইনা ৰিপজিৎ সিং নামেৰেও তেওঁক জনা যায়। থুমৰি পৰিবেশনৰ বাবে তেওঁ অধিক পৰিচিত যদিও তেওঁ দাদৰা আৰু গজলও গাইছিল।
-
পংকজ উধাছ
পংকজ উধাছ (Pankaj Udhas; ১৭ মে' ১৯৫১ – ২৬ ফেব্ৰুৱাৰী ২০২৪) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ হিন্দী চিনেমা আৰু ভাৰতীয় পপ্ সংগীতৰ জগতত গজল আৰু নেপথ্য কণ্ঠশিল্পী হিচাপে বিশেষভাবে জনাজাত। ১৯৮০ চনত 'আহাত' নামৰ এটা গজল এলবাম মুক্তিৰ জৰিয়তে তেওঁ সাংগীতিক জীৱন আৰম্ভ কৰিছিল।
-
পাৰ্বতী বৰুৱা
পাৰ্বতী বৰুৱা (Parbati Barua) হাতী চিকাৰ বা হাতী ধৰি আনি প্ৰশিক্ষণ দিয়াৰ কামৰ সৈতে জড়িত থকা এগৰাকী অসমীয়া নাৰী। তেওঁ সমগ্ৰ বিশ্বত “কুইন অৱ দ্য এলিফেণ্টছ” ৰূপে পৰিচিত। ১৯৬৭ চনৰ কোনোবা এটা দিনত তেওঁ অসমৰ কচুগাঁৱত, ১৪ বছৰ বয়সতে, জীৱনত প্ৰথমবাৰৰ বাবে হাতী ধৰিছিল।
-
পি. টি. উষা
পিলাৱুল্লাকাণ্ডি থেক্কেপৰম্বিল উষা (চমুকৈ পি. টি. উষা, জন্ম ২৭ জুন ১৯৬৪) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় ট্ৰেক্ এণ্ড্ ফিল্ড্ এথলিট। ১৯৭৯ চনৰ পৰাই তেওঁ ভাৰতীয় এথলেটিকছৰ সৈতে জড়িত হৈ আছে। তেওঁক ভাৰতীয় ট্ৰে'ক্ এণ্ড্ ফিল্ডৰ ৰাণী বুলিও জনা যায়।
-
বজৰং পুনিয়া
বজৰং পুনিয়া (Bajrang Punia; জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৯৪) এগৰাকী ভাৰতীয় ফ্ৰী ষ্টাইল মল্ল যুঁজাৰু। তেওঁ ২০১৮ চনত ইণ্ডোনেছিয়াৰ জাকাৰ্তাত অনুষ্ঠিত এছিয়ান গেমছ আৰু অষ্ট্ৰেলিয়াৰ গোল্ড কষ্টত অনুষ্ঠিত কমনৱেলথ গেমছৰ পুৰুষৰ ফ্ৰী ষ্টাইল মল্লযুঁজ প্ৰতিযোগিতাৰ ৬৫ কেজি শাখাত সোণৰ পদক লাভ কৰিছিল।
-
বাবা আমটে
বাবা আমটে নামেৰে জনপ্ৰিয় মুৰলীধৰ দেৱীদাস আমটে, (২৬ ডিচেম্বৰ ১৯১৪ – ৯ ফেব্ৰুৱাৰী ২০০৮) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু সমাজউদ্যোগী আছিল, যিয়ে বিশেষকৈ কুষ্ঠ ৰোগত আক্ৰান্ত লোকসকলৰ পুনৰ্বাসন আৰু সবলীকৰণৰ বাবে কৰা কামৰ বাবে পৰিচিত আছিল।
-
বিজেন্দৰ সিং
বিজেন্দৰ সিং বেনিৱাল (Vijender Singh Beniwal; জন্ম: ২৯ অক্টোবৰ ১৯৮৫) এজন ভাৰতীয় পেছাদাৰী বক্সাৰ আৰু ৰাজনীতিবিদ। এজন অপেছাদাৰী হিচাপে, তেওঁ ২০০৮ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় বক্সাৰ আছিল।
-
বিৰুবালা ৰাভা
বিৰুবালা ৰাভা অসমৰ এগৰাকী সমাজকৰ্মী। তেওঁ যোৱা দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী-হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি আছে। অসমত ডাইনী-সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰিছে।
-
বোম্বাইলা দেৱী লাইশ্ৰাম
বোম্বাইলা দেৱী লাইশ্ৰাম (Bombayla Devi Laishram; জন্ম: ২২ ফেব্ৰুৱাৰী ১৯৮৫) এগৰাকী খ্যাতনামা ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ। তেওঁ ২০০৭ চনৰ পৰা বিভিন্ন আন্তঃজাৰ্তিক প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। মণিপুৰৰ পশ্চিম ইম্ফলত জন্ম গ্ৰহণ কৰা বোম্বাইলায়ে ১৯৯৭ চনত জাতীয় স্তৰত প্ৰথম আত্মপ্ৰকাশ কৰে।
-
মহেশ ভূপতি
মহেশ শ্ৰীনিবাস ভূপতি (Mahesh Shrinivas Bhupathi; জন্ম: ৭ জুন ১৯৭৪) এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় পেছাদাৰী টেনিছ খেলুৱৈ। ১৯৯৭ চনত, তেওঁ গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট (ৰিকা হীৰাকীৰ সৈতে) জয় কৰা প্ৰথম ভাৰতীয়।
-
মামাং দাই
মামাং দাই অৰুণাচল প্ৰদেশৰ ইটানগৰৰ নিবাসী এগৰাকী ভাৰতীয় কবি, ঔপন্যাসিক তথা সাংবাদিক। তেওঁ তেওঁৰ উপন্যাস দ্যা ব্লেক হিল-ৰ বাবে ২০১৭ চনত ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
মিলখা সিং
মিলখা সিং (Milkha Singh; ২০ নম্বেৱৰ,১৯২৯ – ১৮ জুন, ২০২১) এজন ভূতপূৰ্ব ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড দৌৰবিদ। উৰন্ত শিখ (The Flying Sikh) নামেৰেও জনাজাত সিঙে ভাৰতীয় সেনাত কৰ্মৰত হৈ থাকোঁতে খেলজগতত প্ৰৱেশ কৰে।
-
যুৱৰাজ সিং
যুৱৰাজ সিং (জন্ম ১২ ডিচেম্বৰ ১৯৮২) এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। বাওঁহতীয়া বেটছমেন আৰু শ্লো লেফ্ট আৰ্ম অৰ্থডক্স বলাৰ অল ৰাউণ্ডাৰ যুৱৰাজ সিং প্ৰাক্তন ভাৰতীয় ফাষ্ট বলাৰ আৰু পঞ্জাবী অভিনেতা যোগৰাজ সিঙৰ পুত্ৰ।
-
শশীকলা
শশীকলা চাইগল (বিবাহৰ পূৰ্বে: জাৱালকৰ; Shashikala Saigal; ৪ আগষ্ট ১৯৩২-৪ এপ্ৰিল ২০২১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী আছিল, যাক বেছিকৈ প্ৰথম নামটোৰে জনা যায়।১৯৪০ৰ দশকৰ পৰা শতাধিক বলিউডী চলচ্চিত্ৰত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।
-
শুভা মুদগল
শুভা মুদগল (Shubha Mudgal, জন্ম: ১ জানুৱাৰী ১৯৫৯) হৈছে ভাৰতীয় ধ্ৰুপদী সংগীতৰ এগৰাকী শিল্পী। তেখেতে খায়াল, থুমৰী, দাদৰা আৰু ভাৰতীয় পপ পৰিৱেশন কৰে। ২০০০ চনত তেখেতে পদ্মশ্ৰী সন্মান লাভ কৰিছে।