অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিৰুবালা ৰাভা

বিৰুবালা ৰাভা অসমৰ এগৰাকী সমাজকৰ্মী। তেওঁ যোৱা দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী-হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি আছে। অসমত ডাইনী-সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰিছে।

হালনাগাদ: ১৪ মে’ ২০২৫ ১৮২ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

বিৰুবালা ৰাভা অসমৰ এগৰাকী সমাজকৰ্মী। তেওঁ যোৱা দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী-হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি আছে। অসমত ডাইনী-সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰিছে। তেওঁৰ এই কামৰ বাবে নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ গুৱাহাটীৰ এটা আগশাৰীৰ সংগঠনে তেওঁৰ নাম ২০০৫ চনত শান্তিৰ ন'বেল বঁটাৰ বাবে প্ৰেৰণ কৰিছিল।১২ তেওঁক ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।৩

জীৱন

প্ৰাৰম্ভিক জীৱন

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল।১ শৈশৱৰ ঘৰখনত বহু কষ্টেৰে ডাঙৰ-দীঘল হোৱা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল। তেওঁৰ বিবাহ হয় গোৱালপাৰা জিলাৰ ঠাকুৰভিলা গাঁৱৰ এগৰাকী কৃষকৰ সৈতে৷৪

সমাজকৰ্মীৰূপে

সৰুৰে পৰা বিভিন্ন সামাজিক কাম-কাজত জড়িত থাকি তেওঁ ভাল পাইছিল। ২০০০ চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল।১ প্ৰথমতে গোৱালপাৰা জিলাতে ডাইনী-হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ চেষ্টা কৰি যোৱা দুটা দশক ধৰি তেওঁ এই অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সংগ্ৰাম কৰি আহিছে। ১৯৮৫ চনত তেওঁ ঠাকুৰভিলা মহিলা সমিতিৰ ছেক্ৰেটেৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। তাৰপাছত তেওঁ বিভিন্ন গাঁৱে-ভূঞে গৈ ডাইনী-হত্যাৰ দৰে অন্ধবিশ্বাসসমূহৰ বিষয়ে মানুহক সচেতন কৰিবলৈ চেষ্টা কৰি আহিছে। ২০০৬ চনত তেওঁ অসম মহিলা সমিতিৰ এই সন্দৰ্ভত চেষ্টা চলাই থকা বিভাগত যোগ দিয়ে।৫ বৰ্তমানলৈকে বিৰুবালা ৰাভাই প্ৰায় ৩৪গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিছে।২ ২০১১ চনত ডাইনী-হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত মিছ্যন বিৰুবালা আৰম্ভ কৰে। ২০১২ চনৰ ৩০ অক্টোবৰত এই মিছ্যনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়।৬

বঁটা আৰু সন্মান

  • সৰ্বেশ্বৰ দত্ত সোঁৱৰণী বঁটা (২০১১) - এছআই ফাউণ্ডেশ্যন ফৰ মিডিয়া এণ্ড ছ’চিয়েল ৱেলফেৰ, অসম১৫
  • ২০০৮ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ মুম্বাইত সম্বৰ্ধনা৭
  • ২০১৯ বৰ্ষৰ "আনন্দৰাম ঢেকিয়াল ফুকন বঁটা" (প্ৰদান কৰিছে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে)
  • ১২তম উপেন্দ্ৰনাথ ব্ৰহ্ম ছ’লজাৰ অৱ হিউমেনিটী বঁটা', ২০১৫৮
  • পদ্মশ্ৰী (সমাজসেৱা, ২০২১)

মৃত্যু

তৃতীয় পৰ্যায়ৰ খাদ্যনলীৰ কৰ্কট ৰোগত বিৰুবালা ৰাভা আক্ৰান্ত হৈ আছিল। ২০২৪ চনৰ ১৩ মে’ তাৰিখে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটীত ৰাভাৰ মৃত্যু হয়।৯

অধিক পঢ়ক

তথ্যসূত্ৰ

  1. ↑ প্ৰণৱজ্যোতি দত্ত. (২০০৪). বিৰুবালা ৰাভা: ডাইনী হত্যাৰ বিৰুদ্ধে এগৰাকী যোদ্ধা. দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী ‘বসুন্ধৰা’. পৃ. ৮, ১০ পৃষ্ঠা
  2. ↑ SMITA BHATTACHARYYA. (Nov. 21, 2011). Activist seeks death for witch-hunters - Biru Bala wants shelter for victims. The Telegraph
  3. ↑ (25 January 2021). Padma Awards: 2021. Ministry of Home Affairs (India). পৃ. 2–5
  4. ↑ manipurupdate.com/birubala-rabha-mission-against link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
  5. ↑ (Oct 26, 2011). Birubala Rabha for Sarbeswar Dutta award. The Assam Tribune
  6. ↑ টেহেলকা ডট কমত প্ৰকাশিত বিৰুবালা ৰাভাৰ সাক্ষাৎকাৰ
  7. ↑ (11 জানুৱাৰী 2014). আমাৰ অসমত প্ৰকাশিত বাতৰি. G L Publications
  8. ↑ AssamHunt: "[http://www.assamhunt.com/tribal-woman-gets-award-for-crusade-against-witch-hunting-in-assam/{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} 12th Upendra Nath Brahma Soldier of Humanity Award for Birubala Rabha", AssamHunt
  9. ↑ Padma Shri Awardee & Anti-Witch Hunting Activist Birubala Rabha Passes Away in Guwahati

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ সমাজকৰ্মীপদ্মশ্ৰী বঁটা বিজয়ীকৰ্কট ৰোগত মৃত্যু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিৰুবালা ৰাভা” প্ৰবন্ধৰ সংশোধন ৫০৮৬২১ (১৪ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।