চিতাৰা দেৱী (৮ নৱেম্বৰ ১৯২০ – ২৫ নৱেম্বৰ ২০১৪) এগৰাকী বিখ্যাত ভাৰতীয় নৃত্য পটীয়সী। শাস্ত্ৰীয় নৃত্যৰ অন্যতম কথকৰ তেওঁ এগৰাকী আগশাৰীৰ নৃত্যশিল্পী আছিল। নৃত্যৰ জৰিয়তে বহুতো বঁটা আৰু সন্মান লাভ কৰা চিতাৰা দেৱী পৃথিৱীৰ বিভিন্ন ঠাইত কথক নৃত্য প্ৰদৰ্শন কৰিছে। তাৰে ভিতৰত অন্যতম হল ১৯৬৭ চনত লণ্ডনৰ ৰয়েল এলবাৰ্ট হল আৰু কাৰ্ণেগী হল।১
২০১৪ চনৰ ২৫ নৱেম্বৰ তাৰিখে মুম্বাইৰ যশলোক হস্পিটেলত চিতাৰা দেৱীয়ে দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত মৃত্যু বৰণ কৰে।২৩
ব্যক্তিগত জীৱন
চিতাৰা দেৱীয়ে প্ৰথমে অভিনেতা নাজিৰ আহমেদ খানৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ বয়সৰ পাৰ্থক্য ১৬ বছৰ আছিল। কিছুদিনৰ পিছতেই তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তাৰ পিছত তেওঁ চলচ্চিত্ৰ নিৰ্মাতা কে.আছিফৰ সৈতে বিয়াত বহে। কিছুদিনৰ পিছত তেওঁৰ লগতো চিতাৰা দেৱীৰ বিবাহ বিচ্ছেদ হয়।
দ্বিতীয় বিবাহ বিচ্ছেদৰ পিছত তেওঁ প্ৰতাপ বাৰতৰ লগত তৃতীয় বিবাহ কৰে।৪ তেওঁলোকৰ এটি পুত্ৰ সন্তান ৰঞ্জিত বাৰত ১৯৫০ চনত জন্ম হয়।৫
শিল্পী জীৱন
চিতাৰা দেৱী এগৰাকী বিখ্যাত কথক নৃত্য শিল্পী আছিল। ইয়াৰ লগতে তেওঁ ভাৰতনাট্যম আৰু অন্যান্য ভাৰতীয় লোকনৃত্যত পাৰ্গত আছিল। তেওঁ ৰাছিয়াৰ বেলেট নৃত্য আৰু অন্যান্য পাশ্চাত্য নৃত্যও শিকিছিল। বয়স বাঢ়ি অহাৰ লগে লগে তেওঁ নৃত্য কৰিবলৈ কমাই দি কিতাপ লিখিবলৈ আৰু কথকৰ ওপৰত গৱেষণা কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ বলিউডৰ কেইবাগৰাকী বিখ্যাত অভিনেত্ৰী যেনে মধুবালা, ৰেখা, মালা সিনহা আৰু কাজলক কথকৰ প্ৰশিক্ষণ দিছিল।
২০১৪ চনৰ ২৫ নৱেম্বৰ তাৰিখে মুম্বাইৰ যশলোক হস্পিটেলত চিতাৰা দেৱীয়ে দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত মৃত্যু বৰণ কৰে।২৩
বঁটা আৰু সন্মান
চিতাৰা দেৱীয়ে দেশ-বিদেশৰ বহু বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য হল, সংগীত নাটক একাডেমী বঁটা (১৯৬৯), পদ্মশ্ৰী (১৯৭৩), কালিদাস সন্মান (১৯৯৫) আৰু নৃত্য নিপুণ সন্মান।
তেওঁ পদ্মভূষণ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। তেওঁ ইয়াক অপমান বুলি অভিহিত কৰিছিল আৰু ভাৰত ৰত্নৰ বাহিৰে আন একো পুৰস্কাৰ গ্ৰহণ নকৰে বুলি উল্লেখ কৰিছিল।৬
২০১৭ চনৰ ৮ নৱেম্বৰ তাৰিখে তেওঁৰ ৯৭তম জন্মদিনত গুগুলে এক ডুডুল জাৰি কৰিছিল।৭৮
১৬ বছৰ বয়সত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ নৃত্য দেখি নৃত্য সম্ৰাজ্ঞী উপাধি প্ৰদান কৰিছিল।৯ আৰু পিছলৈ তেওঁ নৃত্য সম্ৰাজ্ঞী আৰু কথকৰ ৰাণী হিচাপে জনাজাত হল।১০
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Sitara Devi – The Kathak Legend. India Travel Times
- ↑ (25 November 2014). Danseuse Sitara Devi passes away – The Economic Times
- ↑ (25 November 2014). Kathak danseuse Sitara Devi passes away in Mumbai. Zee News
- ↑ chiloka.com/celebrity/sitara-devi-hindi
- ↑ (17 March 2013). My mother's responsible for my musical inclination: Ranjit Barot. The Times of India(TOI)
- ↑ Sitara Devi turns down Padma Bhushan – Times of India
- ↑ www.google.com/doodles/sitara-devis-97th-birthda
- ↑ www.youtube.com/watch?v=Jktv3PdWiBg
- ↑ (3 September 2011). Empress of Kathak. Indian Express
- ↑ Mishra, Susheela. (1972). Illustrated Weekly of India, Volume 99, Issue 3. পৃ. 43
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিতাৰা দেৱী” প্ৰবন্ধৰ সংশোধন ২৬৮৬৯৮ (২৩ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।