অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পংকজ উধাছ

পংকজ উধাছ (Pankaj Udhas; ১৭ মে' ১৯৫১ – ২৬ ফেব্ৰুৱাৰী ২০২৪) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ হিন্দী চিনেমা আৰু ভাৰতীয় পপ্ সংগীতৰ জগতত গজল আৰু নেপথ্য কণ্ঠশিল্পী হিচাপে বিশেষভাবে জনাজাত। ১৯৮০ চনত 'আহাত' নামৰ এটা গজল এলবাম মুক্তিৰ জৰিয়তে তেওঁ সাংগীতিক জীৱন আৰম্ভ কৰিছিল।

হালনাগাদ: ২৬ জুলাই ২০২৫ ১,০১৫ শব্দ · ৬ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

পংকজ উধাছ (Pankaj Udhas; ১৭ মে' ১৯৫১ – ২৬ ফেব্ৰুৱাৰী ২০২৪) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ হিন্দী চিনেমা আৰু ভাৰতীয় পপ্ সংগীতৰ জগতত গজল আৰু নেপথ্য কণ্ঠশিল্পী হিচাপে বিশেষভাবে জনাজাত। ১৯৮০ চনত 'আহাত' নামৰ এটা গজল এলবাম মুক্তিৰ জৰিয়তে তেওঁ সাংগীতিক জীৱন আৰম্ভ কৰিছিল। তাৰ পিছত ১৯৮১ চনত 'মুকাৰাৰ', ১৯৮২ চনত 'তাৰান্নুম', ১৯৮৩ চনত 'মেহফিল', ১৯৮৪ চনত 'ৰয়েল এলবাৰ্ট হলত পংকজ উধাছ লাইভ', ১৯৮৫ চনত 'নায়াব' আৰু ১৯৮৬ চনত 'আফ্ৰিন' আদি বহু জনপ্ৰিয় এলবামত কণ্ঠদান কৰিছিল। গজল গায়ক হিচাপে সফলতা লাভ কৰাৰ পিছত মহেশ ভটৰ 'নাম' নামৰ ছবিত চিত্ৰায়ন আৰু গীত গোৱাৰ সুযোগ লাভ কৰে। ১৯৮৬ চনৰ 'নাম' নামৰ ছবিখনত গীত গাই উধাছে আৰু অধিক খ্যাতি লাভ কৰিছিল। এই ছবিখনত তেওঁৰ "চিঠ্ঠী আয়ী হে" শীৰ্ষক গীতটো তৎক্ষণাত হিট হৈছিল। তাৰ পিছত তেওঁ বহু হিন্দী ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে কেইবাটাও জনপ্ৰিয় গীত গাইছিল। তেওঁৰ এলবাম আৰু বিশ্বজুৰি লাইভ কনচাৰ্টে তেওঁলৈ প্ৰতিষ্ঠিত গজল গায়ক হিচাপে খ্যাতি কঢ়িয়াই আনিছিল। ২০০৬ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰে।১

প্ৰাৰম্ভিক জীৱন

১৯৫১ চনৰ ১৭ মে' তাৰিখে সৌৰাষ্ট্ৰ ৰাজ্যৰ ( বৰ্তমান গুজৰাট) জেটপুৰত পংকজ উধাছে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ কেশুভাই উধাছ আৰু মাতৃ জিতুবেন উধাছ। তেওঁ তিনি ভাতৃৰ ভিতৰত কনিষ্ঠ আছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ মনহাৰ উধাছে বলীউড ছবিত হিন্দী নেপথ্য গায়ক হিচাপে কিছু সফলতা অৰ্জন কৰিছিল। তেওঁৰ দ্বিতীয় জ্যেষ্ঠ ভাতৃ নিৰ্মল উধাছও এগৰাকী সুপৰিচিত গজল গায়ক। তিনিজন ভাতৃৰ ভিতৰত নিৰ্মল প্ৰথমজন যিয়ে গীত গাবলৈ আৰম্ভ কৰিছিল। তেওঁ ছাৰ বি পি টি আই ভৱনগৰত অধ্যয়ন কৰিছিল। পিছলৈ তেওঁৰ পৰিয়াল মুম্বাইলৈ গুচি আহে আৰু পংকজে মুম্বাইৰ ছেইণ্ট জেভিয়াৰ্ছ কলেজত অধ্যয়ন কৰিবলৈ লয়।

উধাছৰ পৰিয়ালটো ৰাজকোটৰ ওচৰৰ চৰখাদী নামৰ চহৰৰ জমিদাৰ আছিল। তেওঁৰ ককাক গাঁৱৰ পৰা প্ৰথম স্নাতক আছিল আৰু তাৰ পিছত তেওঁ ভৱনগৰ ৰাজ্যৰ দিৱান (ৰাজহ মন্ত্ৰী) হয়। তেওঁৰ পিতৃ কেশুভাই উধাছ চৰকাৰী চাকৰিয়াল আছিল। বিখ্যাত বীনাবাদক আব্দুল কৰিম খানে তেওঁক দিলৰুবা বজাবলৈ শিকাইছিল।২ পংকজ সৰু থাকোঁতে তেওঁৰ দেউতাকে দিলৰুবা নামৰ তাঁৰযুক্ত বাদ্য বজাইছিল। তেওঁৰ আৰু ভায়েকহঁতৰ সংগীতৰ প্ৰতি থকা আগ্ৰহ দেখি পিতৃয়ে তেওঁলোকক ৰাজকোটৰ সংগীত একাডেমীত নামভৰ্তি কৰাই দিছিল। উধাছে প্ৰথমে তবলা শিকিবলৈ নামভৰ্তি কৰিছিল যদিও পিছলৈ গুলাম কাদিৰ খান চাহাবৰ পৰা হিন্দুস্তানী শাস্ত্ৰীয় সংগীত শিকিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত উধাছে গ্ৱালিয়ৰ ঘৰানাৰ গায়ক নৱৰং নাগপুৰকাৰৰ তত্ত্বাৱধানত প্ৰশিক্ষণ ল’বলৈ মুম্বাইলৈ যায়।৩

কৰ্মজীৱন

পংকজ উধাছৰ ডাঙৰ ভাতৃ মনহাৰ উধাছ এগৰাকী মঞ্চ পৰিবেশক আছিল। তেওঁ পংকজক সংগীত পৰিবেশনৰ সৈতে পৰিচয় কৰাই দিয়াত সহায় কৰিছিল। চীন-ভাৰত যুদ্ধৰ সময়ত তেওঁ "এ মেৰে ৱতন কে ল'গ'" গীত প্ৰথম বাৰৰ বাবে ৰাজহুৱা মঞ্চত গাইছিল। তেওঁৰ গীত শুনি এগৰাকী শ্ৰোতায়ে তেওঁক ৫১ টকা পুৰস্কাৰ দিছিল।৪

চাৰি বছৰৰ পাছত তেওঁ ৰাজকোটৰ সংগীত নাট্য একাডেমীত যোগদান কৰি তবলা বজাবলৈ শিকে। মুম্বাইৰ উইলছন কলেজ আৰু ছেইণ্ট জেভিয়াৰ্ছ কলেজত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ পণ্ডিত নৱৰঙৰ তত্ত্বাৱধানত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ আৰম্ভ কৰে। উধাছৰ প্ৰথম বোলছবিৰ গীত "কামনা" ছবিখনত উষা খান্নায়ে পৰিচালনা কৰা আৰু নক্‌শ ল্যালপুৰীয়ে ৰচনা কৰা একক গীত এটি আছিল। এই ছবিখন ফ্লপ হৈছিল যদিও তেওঁৰ পৰিবেশনৰ অতিশয় শলাগ লোৱা হৈছিল। পৰৱৰ্তী সময়ত উধাছে গজলৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিছিল আৰু গজল গায়ক হিচাপে কেৰিয়াৰ গঢ়িবলৈ চেষ্টা কৰিবলৈ উৰ্দু ভাষা শিকিছিল। কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত দহ মাহ ধৰি গজল কনচাৰ্ট কৰি তেওঁ নৱীকৃত শক্তি আৰু আত্মবিশ্বাসেৰে ভাৰতলৈ উভতি আহিছিল। ১৯৮০ চনত তেওঁৰ প্ৰথম গজল এলবাম 'আহাত' মুক্তি পায়। ইয়াৰ পৰাই তেওঁ সফলতা লাভ কৰিবলৈ আৰম্ভ কৰে আৰু ২০১১ চনলৈকে তেওঁ পঞ্চাশটাতকৈও অধিক এলবাম আৰু শ শ সংকলন এলবাম মুকলি কৰে। ১৯৮৬ চনত উধাছে চলচ্চিত্ৰত অভিনয় কৰাৰ আন এক সুযোগ লাভ কৰে। ১৯৯০ চনত তেওঁ লতা মংগেশকাৰৰ সৈতে "মাহিয়া তেৰী কছম" গীতটি 'ঘায়েল' ছবিৰ বাবে গাইছিল। এই গীতটোৱে অপৰিসীম জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯৯৪ চনত উধাছে সাধনা সৰগমৰ সৈতে 'মহৰা' ছবিৰ "না কাজৰে কি ধাৰ" নামৰ উল্লেখযোগ্য গীতটো গাইছিল যিটো অতি জনপ্ৰিয় হৈ পৰিছিল। তেওঁ নেপথ্য গায়ক হিচাপে চাজন, য়েহ দিল্লগী, নাম আৰু ফিৰ তেৰী কহানী য়াদ আয়ে আদিত কেমিঅ' হিচাপে অভিনয়ো কৰিছিল। ১৯৮৭ চনৰ ডিচেম্বৰ মাহত মিউজিক ইণ্ডিয়াই মুকলি কৰা তেওঁৰ এলবাম শ্বাগুফতা ভাৰতত প্ৰথমবাৰৰ বাবে কম্পেক্ট ডিস্কত মুক্তি পোৱা এলবাম।৫ পিছলৈ উধাছে চনী এণ্টাৰটেইনমেণ্ট টেলিভিছনত আদাব আৰ্জ হে নামৰ প্ৰতিভাসন্ধানী টেলিভিছন অনুষ্ঠান আৰম্ভ কৰে।৬ অভিনেতাজন আব্ৰাহামে উধাছক তেওঁৰ গুৰু বুলি কয়।৭ উধাছৰ গজলত প্ৰেম, মদ্যপান আৰু মদিৰাৰ প্ৰায়ে উল্লেখ পোৱা যায়।২

পংকজ উধাছক পদ্মশ্ৰী প্ৰদান কৰা মুহূৰ্ত]]

মৃত্যু

২০২৪ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে ৭২ বছৰ বয়সত পংকজ উধাছৰ মৃত্যু হয়।৮ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৯ ১০। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে।১১১২ ২০২৪ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে মুম্বাইৰ ৱৰ্লিৰ হিন্দু শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।১৩১৪

বঁটা আৰু সন্মান

  • ২০০৬ – কলা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী
  • ২০০৬ – "২০০৫ চনৰ শ্ৰেষ্ঠ গজল এলবাম" শিতানত "হছৰত"ৰ বাবে সন্মানীয় "কালকাৰ" বঁটা।
  • ২০০৩ – ‘ইন চাৰ্চ অৱ মীৰ’ৰ বাবে এমটিভি ইমিছ বঁটা।
  • ২০০৩ – বিশ্বজুৰি গজল জনপ্ৰিয় কৰাৰ বাবে নিউয়ৰ্কৰ বলীউড মিউজিক এৱাৰ্ডত বিশেষ কৃতিত্ব বঁটা।
  • ২০০৩ – গজল আৰু সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে দাদাভাই নাওৰজী আন্তৰ্জাতিক সংস্থায়ে প্ৰদান কৰা দাদাভাই নাওৰজী মিলেনিয়াম বঁটা।
  • ২০০২ – মুম্বাইত সহযোগ ফাউণ্ডেচনে প্ৰদান কৰা সংগীত ক্ষেত্ৰৰ উৎকৃষ্টতাৰ বঁটা
  • ২০০২ – ভাৰত-আমেৰিকান চেম্বাৰ অৱ কমাৰ্চৰ দ্বাৰা সন্মানিত
  • ২০০১ – মুম্বাই ডাউনটাউনৰ ৰটাৰী ক্লাবে গজল গায়ক হিচাপে অসাধাৰণ প্ৰদৰ্শনৰ বাবে বৃত্তিমূলক স্বীকৃতি বঁটা প্ৰদান কৰে।
  • ১৯৯৯ – ভাৰতীয় বিদ্যা ভৱন, আমেৰিকা ভাৰতীয় সংগীতৰ অসাধাৰণ সেৱা, বিশেষকৈ ভাৰত আৰু বিদেশত গজল প্ৰচাৰৰ বাবে বঁটা
  • ১৯৯৮ – জাৰ্চি চহৰৰ মেয়ৰে প্ৰদান কৰা ভাৰতীয় কলা বঁটা
  • ১৯৯৮ – আটলাণ্টিক চিটিৰ আমেৰিকান একাডেমী অৱ আৰ্টিষ্টৰ দ্বাৰা প্ৰদান কৰা আউটষ্টেণ্ডিং আৰ্টিষ্টিক এচিভমেণ্ট বঁটা
  • ১৯৯৬ – সংগীতৰ প্ৰতি অসাধাৰণ সেৱা, কৃতিত্ব আৰু অৱদানৰ বাবে ইন্দিৰা গান্ধী প্ৰিয়দৰ্শনী বঁটা।
  • ১৯৯৪ – আমেৰিকাৰ লুবক টেক্সাছৰ সন্মানীয় নাগৰিকত্ব
  • ১৯৯৪ – ৰেডিঅ’ লোটাছ বঁটা
  • ১৯৯৩ – জায়েণ্টছ ইণ্টাৰনেশ্যনেল বঁটা
  • ১৯৯০ – দেশৰ প্ৰতি আগবঢ়োৱা ইতিবাচক নেতৃত্ব আৰু বিশিষ্ট সেৱাৰ বাবে অসাধাৰণ যুৱ বঁটা (১৯৮৯–৯০)
  • ১৯৮৫ – বছৰৰ শ্ৰেষ্ঠ গজল গায়ক হিচাপে কে এল ছেইগাল বঁটা

এলবামসমূহ

  • আহাত (১৯৮০)
  • নশ্বা (১৯৯৭)
  • মুকৰ্ৰৰ (১৯৮১)
  • টাৰান্নুম (১৯৮২)
  • মেহফিল (১৯৮৩)
  • শ্বমাখানা
  • এলবাৰ্ট হলত পংকজ উধাছ লাইভ (১৯৮৪)
  • নায়াব (১৯৮৫)
  • লেজেণ্ড
  • খাজানা
  • আফ্ৰিন (১৯৮৬)
  • শগুফতা
  • নাবিল
  • আছিয়ানা (১৯৯২)
  • অঞ্জনা (১৯৯২)
  • এক ধুন প্যাৰ কি (১৯৯২)
  • ৰুবায়ী
  • তিন মৌচম
  • গীতনুমা
  • কাইফ
  • খায়াল
  • আমান
  • ৱহ লৰকী য়াদ আটি হে
  • ষ্টলেন মুমেণ্ট
  • মহক (১৯৯৯)
  • ঘুংঘট
  • মুচকান
  • ধড়কন
  • বেষ্ট অৱ পংকজ উধাছ ভল-১, ২
  • পংকজ উদাস 'লাইফ ষ্টৰি' খণ্ড-১, ২
  • পংকজ উধাছ ভল-১, ২, ৩, ৪
  • লমহা
  • জানেমন
  • জশ্ন (২০০৬)
  • এণ্ডলেছ লাভ
  • শ্বায়েৰ
  • ৰাজুআত (গুজৰাটী)
  • বৈশাখী (পাঞ্জাবী)
  • য়াদ
  • কভি আঁচু, কভি খুছবু, কভি নাঘমা
  • হুমনাশ্বী
  • ইন চাৰ্চ অৱ মীৰ (২০০৩)
  • হাছৰত (২০০৫)
  • ভালোবাছা (বাংলা)
  • ইয়াৰা – সংগীত উস্তাদ আমজাদ আলী খানৰ
  • শব্দ – সংগীত বৈভৱ চাক্সেনা আৰু গুঞ্জন ঝা১৫
  • ছায়াৰ (২০১০)
  • বৰবাদ মোহব্বাত
  • নাশ্বীলা
  • চেণ্টিমেণ্টেল (২০১৩)
  • খামোছি কি আৱাজ (২০১৪)
  • খোৱাব' কি কাহানী (২০১৫)১৬
  • মাধহোছ
  • নয়াব লামহে ৱিথ গুলজাৰ (২০১৮)

বাহ্যিক সংযোগ

  • ব্যক্তি আৰু ইতিহাস- জীৱনী

তথ্যসূত্ৰ

  1. ↑ Padma Shri Awardees
  2. ↑ Gautham, Savitha. (18 October 2001). Intoxicated with poetry. The Hindu
  3. ↑ Singh, Swati. (12 May 2018). Pankaj Udhas: True to tradition. The Sunday Guardian Live
  4. ↑ Desk, INVC. (26 February 2024). Pankaj Udhas died today - know what were the reasons for his death. INVC
  5. ↑ Limca Book of Records 1990.(Bombay, Bisleri:1990)
  6. ↑ Tribuneindia.. Film and TV. Mukesh Khosala. TribuneIndia
  7. ↑ (27 October 2012). John Abraham calls Pankaj Udhas his mentor. IANS. NDTV
  8. ↑ IANS. State Funeral For Ghazal's Finest Ambassador: Pankaj Udhas Gets Hero's Farewell. outlookindia.com
  9. ↑ Tribute. His ghazals spoke directly to the soul: PM Modi condoles Pankaj Udhas' death. tribuneindia
  10. ↑ Pankaj Udhas Dies: A Beacon of Indian Music, Says PM Narendra Modi as Tributes Pour In. Lokmat Times
  11. ↑ ndtv. Legendary Singer Pankaj Udhas, Voice Behind "Chitthi Aayee Hai", Dies At 72. ndtv.com
  12. ↑ abplive, .com. (26 February 2024). Pankaj Udhas Death News Live: Last Rites Performed With Full State Honour. abplive.com
  13. ↑ hindustan, times. Pankaj Udhas funeral: Singer laid to rest with gun salute; celebrity friends pay final respects. hindustantimes.vom
  14. ↑ ET, Online. Pankaj Udhas funeral: Last journey begins, to be laid to rest with state honours. economicstimes.com
  15. ↑ Tyagi, Avantika. blending music to create a heady re-(mix). the times of india
  16. ↑ (28 June 2015). पंकज उधास और आलोक श्रीवास्तव के 'ख़्वाबों की कहानी'. Aaj Tak

সম্পৰ্কিত শ্ৰেণী

গুজৰাটৰ ব্যক্তিভাৰতীয় কণ্ঠশিল্পীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পংকজ উধাছ” প্ৰবন্ধৰ সংশোধন ৫২৭৭৯২ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।