উদ্ধৱ ভৰালী (Uddhab Bharali) অসমৰ লখিমপুৰ জিলাৰ এজন বিজ্ঞানী, উদ্ভাৱক আৰু অভিযন্তা।১ ২০১২ চনৰ জুলাই মাহৰ ৫ তাৰিখে২ ভৰালী তেওঁৰ আৱিস্কৃত ডালিমৰ গুটি গুচোৱা যন্ত্ৰ (benchtop pomegranate de-seeder)-ৰ বাবে The Create the Future Design Contest-ৰ দ্বিতীয় পুৰস্কাৰৰ বাবে নিৰ্বাচিত হয়।৩ বিজ্ঞানীজনৰ নামত তেওঁৰ আৱিস্কৃত প্ৰযুক্তিৰ বাবে মুঠ ৩৯টা পেটেণ্ট আছে।৪ তেওঁ প্ৰায় ১১৮টা যন্ত্ৰ উদ্ভাৱন কৰিছে।৫ ১৯৮৮ চনত তেওঁ পোন প্ৰথম কম খৰচতে পলিথিন নিৰ্মাণ কৰা যন্ত্ৰ এটা সাজি উলিয়াইছিল। তেওঁ World Technology Award-ৰ বাবেও মনোনীত হৈছিল।৬
তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০১৯ চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰে।
প্ৰাৰম্ভিক জীৱন
উদ্ধৱ ভৰালীৰ জন্ম হয় ৭ এপ্ৰিল, ১৯৬২ চনত লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ নগৰত। তেওঁৰ দেউতাক আছিল এগৰাকী সাধাৰণ ব্যৱসায়ী। উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উদ্ধৱ ভৰালীয়ে স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। স্কুলত থকা অৱস্থাত তেওঁ দুবাৰকৈ একে বছৰতে দুটাকৈ শ্ৰেণী উত্তীৰ্ণ হৈছিল। পাছত তেওঁ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত যান্ত্ৰিক অভিযান্ত্ৰিকী শাখাত নামভৰ্তি কৰে। পাছত ঘৰৰ আৰ্থিক দুৰৱস্থাৰ হেতু কলেজৰ মাচুল দিব নোৱৰাৰ বাবে তেওঁ অভিযান্ত্ৰিক শিক্ষা আধাতে সামৰিব লগীয়া হয়।১ তাৰ পাছত তেওঁ চেন্নাইৰ Institute of Engineers- Madras নামভৰ্তি কৰে, কিন্তু দুৰ্ভাগ্যবশতঃ পিতৃৰ মৃত্যুৰ বাবে তেওঁ শিক্ষা আধাতে সমাপ্ত কৰি ঘৰৰ দায়িত্ব ল’ব লগা হয়।৭
অৱদান
ঘৰৰ আৰ্থিক দুৰৱস্থা আৰু বেংকৰ ঋণৰ বোজা দূৰ কৰিবলৈ কৰা প্ৰচেষ্টাই প্ৰথমে উদ্ধৱ ভৰালীক আৱিষ্কাৰৰ কথা ভবাই, ১৯৮৮ চনত তেওঁ প্ৰথম এটি কম খৰচী পলিথিন সজা যন্ত্ৰ আৱিষ্কাৰ কৰে যাৰ দাম সেই সময়ৰ প্ৰচলিত পলিথিন সজা যন্ত্ৰবোৰতকৈ যতেষ্ঠ কম আছিল।১ তাৰ পাছৰ পৰাই উদ্ধৱ ভৰালীয়ে এটাৰ পাছত এটাকৈ গ্ৰাম্য জীৱন আৰু ব্যৱসায়ত ব্যৱহাৰযোগ্য বহুবোৰ যন্ত্ৰ সাজি উলিয়াই যদিও এইবোৰক গ্ৰহণ কৰোঁতা বিচাৰি নাপায়। ২০০৫ চনত আহমেদাবাদৰ ৰাষ্ট্ৰীয় উদ্ভাৱন সংস্থা (National Innovation Foundation)-ৰ দৃষ্টি ভৰালীৰ ওপৰত পৰে আৰু তেওঁলোকে ভৰালীক তালৈ মতাই নিয়ে, ২০০৬ চনত তেওঁৰ ডালিমৰ গুটি উলিওৱা যন্ত্ৰটি পৃথিৱীৰ একমাত্ৰ এনেধৰণৰ যন্ত্ৰ হিচাপে স্বীকৃত হয় আৰু আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ The Create the Future Design Contest-ত দ্বিতীয় পুৰস্কাৰ লাভ কৰে। তেওঁৰ আৱিষ্কাৰ সমূহৰ বাবে ৩৯টা পেটেণ্ট তেওঁৰ নামত আছে, আজিলৈকে তেওঁ ৯৮টা যন্ত্ৰৰ আৱিষ্কাৰ কৰিছে। তেওঁ আন কেইটামান ঊল্লেখযোগ্য আৱিষ্কাৰ হৈছে চাহ গছৰ পাত টোকা যন্ত্ৰ (mini CTC tea plant), তামোলৰ বাকলি গুচোৱা যন্ত্ৰ, আদাৰ বাকলি গুচোৱা যন্ত্ৰ, মৰণা মৰা যন্ত্ৰ আদি।৫
উদ্ধৱ ভৰালীৰ উদ্ভাৱন সমূহ গ্ৰাম্য জীৱন আৰু কৃষি কেন্দ্ৰিক, তেওঁৰ উদ্ভাৱন সমূহ দেশ বিদেশৰ দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰা জনগণৰ কামত অহাত তেওঁ গুৰুত্ব প্ৰদান কৰে। তেওঁ প্ৰত্যেক মাহে পেটেণ্টৰ ৰয়েলিটিৰ পৰা পোৱা ধনৰ ১০ শতাংশ এখন বৃদ্ধাশ্ৰমত আৰু ১০ শতাংশ এখন অনাথ আশ্ৰমত দান কৰে।১
ব্যক্তিগত জীৱন
উদ্ধৱ ভৰালী লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ নগৰৰ কমলাবৰীয়া পথত মাতৃ, পৰিবাৰ আৰু পুত্ৰ সন্তান সহঃ বাস কৰে।
বঁটা আৰু সন্মান
তেওঁ লাভ কৰা বহুবোৰ বঁটাৰ ভিতৰত কেইটামান ঊল্লেখযোগ্য বঁটা হৈছে:
- জাতীয় উদ্ভাৱনী সংস্থাৰ 'সৃষ্টি সন্মান' (২০০৭)
- উদ্ভাৱনৰ বাবে ৰাষ্ট্ৰপতি বঁটা (২০০৯)
- বিজ্ঞান প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ৰ পৰা 'Meritorious Invention Award' (২০১১)
- নাছাৰ 'The Create the Future Design Contest'-ৰ দ্বিতীয় পুৰস্কাৰ৮৬
- ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান (২০১৯)
- মোহনদাস কৰমচান্দ গান্ধীৰ ১৫০ সংখ্যক জন্ম দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ‘জাগ্ৰুতি ২০১৯’ সৰ্বভাৰতীয় মহোৎসৱত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে উদ্ধৱ ভৰালীলৈ ‘ৰোল মডেল এৱাৰ্ড’ আগবঢ়ায়৯
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2012-07-16). AMAZING: Meet the Indian engineer with 98 INNOVATIONS!. Rediff India
- ↑ (2012-07-05). Assam innovator in Nasa prize shortlist. Seven Sister's Post India
- ↑ (2012-07-13). Innovator selected for Nasa award. The Telegraph India
- ↑ (2012-07-10). NASA shortlists Assam innovator for award. Hindustan Times
- ↑ (2012-08-01). His experiments with life. The Hindu
- ↑ (2012-07-22). You need to starve to innovate. Mid Day
- ↑ (২০১২-০৮-০১). Sanki Dropouts: Uddhab Bharali nominated for NASA award. Sanki
- ↑ (২০১২-১০-১০). ফিউচাৰ ডিজাইন প্ৰতিযোগিতাৰ নম্বৰ তালিকা. টেক ব্ৰিফ
- ↑ বাৰ্তা বাতায়ন, সাতসৰী, চতুৰ্দশ বছৰ, সপ্তম সংখ্যা, ফেব্ৰুৱাৰী ২০১৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উদ্ধৱ ভৰালী” প্ৰবন্ধৰ সংশোধন ৬০৩৭৫৪ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।