অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাধুৰী দীক্ষিত

মাধুৰী দীক্ষিত (Madhuri Dixit Nene;; জন্ম: ১৫ মে' ১৯৬৭) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, প্ৰযোজক, নৃত্যশিল্পী, আৰু টেলিভিছন ব্যক্তিত্ব। মাধুৰী দীক্ষিত হৈছে হিন্দী ছবি জগতৰ এগৰাকী জনপ্ৰিয় আৰু বহুলভাৱে সমাদৃত অভিনেত্ৰী। বলিউদৰ প্ৰায় সত্তৰখনতকৈও অধিক ছবিত তেখেতে অভিনয় কৰিছে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৫১৯ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মাধুৰী দীক্ষিত (Madhuri Dixit Nene;; জন্ম: ১৫ মে' ১৯৬৭) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, প্ৰযোজক, নৃত্যশিল্পী, আৰু টেলিভিছন ব্যক্তিত্ব।১২ মাধুৰী দীক্ষিত হৈছে হিন্দী ছবি জগতৰ এগৰাকী জনপ্ৰিয় আৰু বহুলভাৱে সমাদৃত অভিনেত্ৰী।৩৪৫ বলিউদৰ প্ৰায় সত্তৰখনতকৈও অধিক ছবিত তেখেতে অভিনয় কৰিছে। অভিনয়ৰ জগতত প্ৰদৰ্শন কৰা অসামান্য প্ৰতিভা আৰু কীৰ্তিৰ বাবে মাধুৰী দীক্ষিতে ছটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ১৯৯০ৰ দশকত আৰু একবিংশ শতিকাৰ প্ৰাৰম্ভণিৰ সময়ত মাধুৰী দীক্ষিত আছিল ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰী।৬৭ বিখ্যাত ফৰ্বছ-ইণ্ডিয়া আলোচনীয়ে শীৰ্ষৰ এশজন চেলেব্ৰেটিৰ তালিকাত মাধুৰী দীক্ষিতক এতিয়ালৈকে সাতবাৰ স্থান দিছে। ২০০৮ চনত ভাৰত চৰকাৰে এইগৰাকী প্ৰতিভাসম্পন্ন চিত্ৰ-তাৰকাক পদ্মশ্ৰীৰে সন্মানীত কৰে।

প্ৰাৰম্ভিক জীৱন

১৯৬৭ চনৰ ১৫ মে'ত মাধুৰী দীক্ষিতৰ এটা মাৰাঠী পৰিয়ালত জন্ম হয়।৮৯ মাতৃৰ নাম হৈছে স্নেহলতা দীক্ষিত আৰু পিতৃ হৈছে শংকৰ দীক্ষিত। মাধুৰী দীক্ষিতৰ দুগৰাকী জ্যেষ্ঠ ভগ্নী আৰু এগৰাকী জ্যেষ্ঠ ভ্ৰাতৃ আছে।১০১১১২১৩ তিনি বছৰ বয়সতে নৃত্যৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰা মাধুৰী দীক্ষিতে আঠ বছৰ বয়সত কথকৰ শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেখেতে এগৰাকী বৃত্তিগতভাৱে প্ৰশিক্ষণপ্ৰাপ্ত কথক নৃত্যশিল্পী হিচাপে পৰিগণিত হয়।১৪১৫

I received a scholarship as a Kathak dancer when I was nine. I even remember that it was due to a dance performance that the first time my name had appeared in the paper. I was seven or eight years old at that time and had performed at the Guru Purnima festival. And there was a journalist who was there and he had written this article saying that 'this little girl stole the show' – something like that. I was over the moon. So dance gave me a sense of achievement. Of worth.১৬

আন্ধেৰীত থকা ডিভাইন চাইল্ড হাই স্কুলত মাধুৰী দীক্ষিতে প্ৰাৰম্ভিক শিক্ষা লাভ কৰে। অধ্যয়নৰ বাহিৰেও তেখেতে পাঠ্যক্ৰম-বৰ্হিভূত কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল; যেনে- নাটক আদি।১৭

তেখেতেৰ হাবিয়াস আছিল এগৰাকী মাইক্ৰ'বায়লজিষ্ট হোৱাৰ। সেয়েহে তেখেতে মুম্বাইৰ বিলে পাৰ্লেত থকা 'ছাঠিয়া কলেজ'ত নামভৰ্তি কৰে। বিজ্ঞান শাখাৰ স্নাতক পাঠ্যক্ৰমত তেখেতে সেইটো বিষয় অধ্যয়ন কৰে।১৮ অৱশ্যে পাঠ্যক্ৰম আৰম্ভ হোৱাৰ ছমাহ পাছতেই তেখেতে অধ্যয়ন পৰিত্যাগ কৰাৰ সিদ্ধান্ত লয় আৰু ছবিৰ জগততে পূৰ্ণ পৰ্যায়ৰ কেৰিয়াৰ এটা গঢ়াৰ ইচ্ছা প্ৰকাশ কৰে।১৯

প্ৰাৰম্ভিক কেৰিয়াৰ, পৰিচিতি আৰু সফলতা

১৯৮৪ চনত ৰাজশ্ৰী প্ৰডাকছনৰ ছবি 'অবোধ'ৰ জৰিয়তে মাধুৰী দীক্ষিতে ছবিজগতত পদাৰ্পণ কৰে। তেখেতৰ বিপৰীতে আছিল বঙালী ছবিৰ অভিনেতা তাপস পল।২০ অৱশ্যে ছবিখনে সফলতা লাভ কৰিব নোৱাৰিলে।২১

১৯৮৬ চনৰ ছবি 'স্বাতী', 'হিফাজত', 'মানৱ হত্যা' আৰু 'উত্তৰ দক্ষিণ'ত তেখেতে অভিনয় কৰিছিল যদিও এইকেইখন ছবিয়ে বক্স অফিচত বিফল হ'ল।২২ হিফাজত আছিল অনিল কাপুৰৰ লগত মাধুৰী দীক্ষিতৰ প্ৰথমখন ছবি।

১৯৮৮ চনত মুক্তিলাভ কৰা, এন. চন্দ্ৰাৰ দ্বাৰা পৰিচালিত একছন ৰোমাঞ্চ ছবি 'তেজাব'-এ অভিনেত্ৰীগৰাকীৰ বাবে অপাৰ সফলতা কঢ়িয়াই আনে।২৩ ছবিখন সেইবছৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয় আৰু মাধুৰী দীক্ষিতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ প্ৰথমটো মনোনয়ন লাভ কৰে।২৪ প্লেনেট বলিউদৰ অক্ষয় শ্বাহে লিখে যে, "যদিও 'এক দো তিন' নামৰ গীতটোৰ বাবেহে দৰ্শকে মাধুৰীক মনত ৰাখিছে, কিন্তু ছবিখনত প্ৰদৰ্শন কৰা অভিনয়ো বিশেষভাৱে লক্ষণীয়।"২৫

উল্লেখযোগ্য কৰ্ম

মাধুৰী দীক্ষিতে ১৯৮৯ চনত মুক্তিলাভ কৰা অপৰাধমূলক ছবি 'পৰিন্দা', 'প্ৰেম প্ৰতিজ্ঞা'ত অভিনয় কৰি সমালোচক আৰু দৰ্শকৰ পৰা প্ৰশংসা আদায় কৰে। ২০০২ চনত মুক্তিলাভ কৰা দেৱদাস হৈছে অভিনেত্ৰীগৰাকীৰ জীৱনৰ এখনি উল্লেখযোগ্য ছবি। ছবিখনৰ বাবে তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰে। থ্ৰিলাৰ ছবি 'অঞ্জাম' (১৯৯৪) আৰু 'পুকাৰ (২০০০) আৰু সামাজিক ড্ৰামা ছবি 'মৃত্যুদণ্ড' (১৯৯৭) 'লজ্জা' (২০০১) হৈছে তেখেতৰ অভিনয়ৰ উৎকৃষ্ট নিদৰ্শন।২৬

ছবিত অভিনয় কৰাৰ লগতে মাধুৰী দীক্ষিত সমাজসেৱামূলক কৰ্মৰ লগত জড়িত হৈ আছে। ২০১৪ চনৰ পৰা তেখেত ইউনিচেফৰ লগত জড়িত হৈ শিশুৰ অধিকাৰ হকে আৰু শিশুশ্ৰমৰ বিৰুদ্ধে উকালতি কৰিছে।২৭

তথ্যসূত্ৰ

  1. ↑ (30 May 2020). Madhuri Dixit on turning singer with her first independent single Candle, and how it's a different beast from dancing - Entertainment News, Firstpost. Firstpost
  2. ↑ Bhasin, Shriya. (23 May 2020). Madhuri Dixit releases her first single 'Candle' dedicated to COVID-19 frontline warriors. www.indiatvnews.com
  3. ↑ India's Celebrity Film Stars. Forbes India
  4. ↑ (18 August 2017). Mood of the Nation: Who is the grand icon of Bollywood?. India Today
  5. ↑ News18. (14 March 2017). IBN Poll: Sridevi voted greatest Indian actress in 100 years. News18
  6. ↑ (15 February 1995). Filmstars take advantage of their star appeal, hike prices
  7. ↑ (17 August 2002). A match made on Indian TV. CNN
  8. ↑ Handoo, Ritika. (15 May 2015). Let's get to know Madhuri Dixit better!. Zee News
  9. ↑ Gupta, Priya. (30 May 2013). Shah Rukh is not a good dancer but has charisma: Madhuri - Times of India. The Times of India
  10. ↑ "PHOTOS: Happy Birthday Madhuri Dixit: 'Dhak Dhak' girl turns 47". 'The Indian Express'
  11. ↑ "Madhuri Dixit, the queen of dance and expressions turns 47 today". 'India Today'
  12. ↑ Shah Rukh is not a good dancer but has charisma: Madhuri - Times of India. The Times of India
  13. ↑ (15 May 2013). Madhuri Dixit celebrates 46th birthday today. Daily News and Analysis
  14. ↑ Rajan, Anjana. (4 March 2010). Dance me no nonsense. The Hindu
  15. ↑ Bhattacharya, Pallab. (26 February 2011). Madhuri's Ardent Admiration for Kathak. The Daily Star
  16. ↑ Happy birthday, Madhuri: 15 things you didn't know about the Dhak Dhak Girl. Hindustan Times
  17. ↑ (11 September 2015). How Madhuri Dixit got her Bollywood debut?. The Indian Express
  18. ↑ Ganti, Tejaswini. (2004). Bollywood: A Guidebook to Popular Hindi Cinema. Routledge. পৃ. 134. ISBN 0-415-28854-1
  19. ↑ AIB Podcast with Madhiri Dixit Nene (26 May 2018). AIB podcasts. AIB
  20. ↑ IANS. (11 September 2015). How Madhuri Dixit got her Bollywood debut?. The Indian Express
  21. ↑ Barvalia, Aakash. Abodh Movie Review. Gomolo
  22. ↑ Madhuri Dixit: Lesser known facts. The Times of India
  23. ↑ IANS. (15 May 2015). 'Gorgeous' Madhuri Dixit turns 48. The Times of India
  24. ↑ Madhuri Dixit: Awards & Nominations. Bollywood Hungama
  25. ↑ Shah, Akshay. Tezaab Movie Review. Planet Bollywood
  26. ↑ www.imdb.com/name/nm0002043/
  27. ↑ www.unicef.org/india/our-partners/celebrities/ma

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় নৃত্যশিল্পীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীপদ্মশ্ৰী বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাধুৰী দীক্ষিত” প্ৰবন্ধৰ সংশোধন ৬৪০১৪৬ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।