অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

হোৱাংহো নদী

হোৱাংহো নদী বা হালধীয়া নৈ (Huang He / Yellow River) এছিয়াৰ ভিতৰতে য়াংজে (Yangtze) আৰু য়েনিছেই (Yenisei) নদীৰ পিছত তৃতীয়খন সৰ্বোচ্চ দৈৰ্ঘ্যৰ নৈ। বিশ্বৰ ভিতৰত দৈৰ্ঘ্যৰ ফালৰ পৰা এই নৈৰ স্থান ষষ্ঠ। এই নৈৰ দৈৰ্ঘ্য প্ৰায় 5464 কি.মি.।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

হোৱাংহো নদী বা হালধীয়া নৈ (Huang He / Yellow River) এছিয়াৰ ভিতৰতে য়াংজে (Yangtze) আৰু য়েনিছেই (Yenisei) নদীৰ পিছত তৃতীয়খন সৰ্বোচ্চ দৈৰ্ঘ্যৰ নৈ। বিশ্বৰ ভিতৰত দৈৰ্ঘ্যৰ ফালৰ পৰা এই নৈৰ স্থান ষষ্ঠ। এই নৈৰ দৈৰ্ঘ্য প্ৰায় 5464 কি.মি.।১ এই নৈ পশ্চিম চীনৰ 'Qinghai' অঞ্চলৰ 'বায়ান হাৰ পৰ্বতমালা' (Bayan Har Mountains) ত উৎপত্তি হৈ নখন প্ৰদেশৰ মাজেৰে বৈ গৈ শ্বেনডং প্ৰদেশ (Shandong province)-ৰ ডনজিং (Dongying) মহানগৰৰ ওচৰেদি বহাই সাগৰ (Bohai Sea)-ত পৰিছেগৈ। এই নৈৰ উপত্যকা পূবা-পশ্চিমাকৈ প্ৰায় 1900 কি.মি. আৰু উত্তৰা-দক্ষিণাকৈ 1100 কি.মি. জুৰি বিস্তৃত হৈ আছে। এই উপত্যকাৰ মুঠ মাটিকালি প্ৰায় 742443 km²।

হোৱাংহো নদীক চীন সভ্যতাৰ মূল হোতা (the cradle of Chinese civilization) বুলি আখ্যা দিয়া হয়, কাৰণ এই নৈৰ উপত্যকাতেই পোনপপ্ৰথমে চীনা সভ্যতা গঢ় লৈ উঠিছিল। তদুপৰি চীনৰ ইতিহাসত এই উপত্যকাই আটাইতকৈ সম্ভাৱনাপূৰ্ণ অঞ্চল হৈ পৰিছিল। অৱশ্যে ঘনাই হোৱা ধ্বংসমুখী বান আৰু নৈৰ গতিপথৰ পৰিৱৰ্তনে উপত্যকাৰ বহুতো অঞ্চল ক্ষতিগ্ৰস্ত কৰে। এই কাৰণতে হোৱাংহো নদীক 'চীনৰ দুখ' (China's Sorrow আৰু Scourge of the Sons of Han) বুলিও বহুসময়ত আখ্যা দিয়া হয়।২

ভৌগোলিক বিৱৰণ

হোৱাংহো নদী বৰ্তমানৰ সাতখন প্ৰদেশ আৰু দুখন স্বায়ত্ত্বশাসিত অঞ্চলৰ মাজেদি বৈ গৈছে। এই নৈক মূলতঃ তিনিটা ভাগত ভগোৱা হয়- তীব্বতৰ উত্তৰ-পূব অংশ, অৰ্ডছ লুপ (Ordos Loop) আৰু উত্তৰ চীন সমতল ( North China Plain)। অৱশ্যে এই শ্ৰেণীবিভাজন সম্পৰ্কে গৱেষক আৰু বিজ্ঞানীসকলৰ মতপাৰ্থক্য দেখা পোৱা যায়।

বাহ্যিক সংযোগ

Works from the National Central Library about the Yellow River

তথ্যসূত্ৰ

  1. ↑ Yellow River (Huang He) Delta, China, Asia. Geol.lsu.edu (2000-02-28). Retrieved on 2013-02-04
  2. ↑ New York Times "A Troubled River Mirrors China's Path to Modernity". 19 November 2006 p. 4

সম্পৰ্কিত শ্ৰেণী

নদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হোৱাংহো নদী” প্ৰবন্ধৰ সংশোধন ৫৯৭১৭৪ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।