
পদ্মা (Podma. বাংলাদেশ ৰ এখন প্ৰধান নদী। ই গঙ্গা নদী নদীৰ মূল, দক্ষিণ-পূব দিশলৈ 356 কি.মি. ৰ বাবে বৈ গৈ মেঘনা নদীৰ সৈতে বংগ উপসাগৰৰ ওচৰত লগ হৈ প্ৰবাহিত হৈছে। বাংলাদেশৰ গুৰুত্বপূৰ্ণ চহৰ ৰাজশাহি নগৰ পদ্মা নদীৰ পাৰতে অৱস্থিত। .১. ১৯৬৬ চনৰ পৰা ৬৬ হাজাৰ হেক্টৰৰো অধিক মাটি পদ্মা নদীৰ খহনীয়াৰ কবলত পৰিছে। ২
ইতিহাস
ব্যুৎপত্তি
পদ্মাঃ সংস্কৃত ভাষা অৰ্থ পদুম, প্ৰাচীন হিন্দু লিপিত লক্ষ্মী দেৱীৰ উপনাম হিচাপে উল্লেখ কৰা হৈছে।৩

পদ্মা নামটো গংগাৰ গতিপথৰ তলৰ অংশ ভাগীৰথি নদীৰ বিছিন্ন বিন্দুৰ তলৰ অংশটোক দিয়া হৈছে, যিটো গঙ্গা নদী নদীৰ আন এক উপনৈ যাক হুগলী নদী বুলিও জনা যায়। . পদ্মাই, সম্ভৱতঃ, বিভিন্ন সময়ত কেইবাটাও সুঁতিৰ মাজেৰে বৈ গৈছিল। কিছুমান লেখকে কয় যে গংগা নদীৰ বদ্বীপ অংশত থকা প্ৰতিখন উপনৈ এটা পুৰণি প্ৰধান সুঁতিৰ অৱশিষ্ট, আৰু পশ্চিমীয়া নদীৰ পৰা আৰম্ভ কৰি পূব দিশৰ প্ৰতিখন উপনৈ পূব দিশৰ প্ৰতিখন উপনৈ অৱস্থান চিহ্নিত কৰে।
ভৌগোলিক প্ৰভাৱ
ভাৰতৰ পৰা পদ্মা নদী বাংলাদেশৰ চাপাই নবাৱগঞ্জ জিলাৰ ওচৰত আৰু প্ৰৱেশ কৰি যমুনা নদী নদীক লগ হয় যদিও "পদ্মা" নামটো ধৰি ৰাখে। শেষত চান্দপুৰৰ ওচৰত "মেঘনা" নদীৰ লগত মিলি মেঘনা নাম লৈ বংগ উপসাগৰলৈ বৈ যায়।
ৰাজশাহী পশ্চিম বাংলাদেশৰ এখন প্ৰধান চহৰ পদ্ম নদীৰ উত্তৰ পাৰত অৱস্থিত।
গংগা নদীৰ উৎপত্তি হিমালয়ৰ গংগোত্ৰী হিমবাহৰ পৰা, গংগা নদী ভাৰত আৰু বাংলাদেশৰ মাজেৰে বংগ উপসাগৰলৈ বৈ যাওঁতে প্ৰধান দুটা শাখাত বিভক্ত হৈ পদ্মা আৰু হুগলী নাম লয়। বাংলাদেশ ৰ চাপাই নৱাবগঞ্জ জিলাৰ শিৱগঞ্জত পদ্মা নাম লৈ প্ৰৱেশ কৰে আৰু ভাৰতৰ মুৰ্ছিদাবাদ জিলাত হুগলী নাম লৈ বৈ যায়
নামনিত পদ্মাৰ সৈতে যমুনা আৰু নিম্ন অংশত ব্ৰহ্মপুত্ৰ নদ নদীৰ সংযুক্ত হয় আৰু পূবলৈ পদ্মা নামেৰে বৈ যায়।বাংলাদেশ ৰ চান্দপুৰ জিলাত বাংলাদেশৰ আটাইতকৈ বহল নদী মেঘনাই পদ্মাৰ লগত মিলি যায়, মেঘনা হিচাপে প্ৰায় সৰলৰেখাৰে দক্ষিণ দিশত আগবাঢ়ি গৈ বংগ উপসাগৰত শেষ হয়।

বান্ধ
পশ্চিমবংগত গঙ্গা নদী নদীত ফৰাক্কা বেৰেজ নিৰ্মাণৰ পিছত পদ্মা নদীত যঠেষ্ট শ্ৰোত হ্ৰাস পায়। শ্ৰোত হ্ৰাস পোৱাৰ ফলত বাংলাদেশ ত বহু সমস্যাৰ সৃষ্টি হয়, মাছৰ প্ৰজাতি নোহোৱা হৈ পৰে, পদ্মাৰ উপনৈসমূহ শুকুৱাই যায়, বংগোপসাগৰৰ পৰা নিমখীয়া পানীৰ প্ৰৱেশ বৃদ্ধি পায়, আৰু সুন্দৰবনৰ মেংগ্ৰোভ অৰণ্যৰ ক্ষতিসাধন হয়।৪
পদ্মা দলং

পদ্মা দলং বাংলাদেশ ৰ আটাইতকৈ দীঘল দলং। নিৰ্মাণ কাৰ্য্যত আনুমানিক ব্যয় ৩ বিলিয়ন মাৰ্কিন ডলাৰ। ২০২২ চনৰ ২৫ জুনত এই দলংখন উদ্বোধন কৰা হয়।৫২০১৩ চনত ইয়াক জনসাধাৰণৰ বাবে মুকলি কৰাৰ কথা আছিল। কিন্তু ২০১২ চনৰ জুন মাহত বিশ্ব বেংকে দুৰ্নীতিৰ অভিযোগত ১.২ আমেৰিকান বিলিয়ন ডলাৰ ঋণ বাতিল কৰাৰ বাবে প্ৰকল্পটোৰ ভৱিষ্যত অনিশ্চিত হৈ পৰে।৬২০১৪ চনৰ জুন মাহত বাংলাদেশ চৰকাৰে ঋণ অবিহনে আগবাঢ়ি গৈ দলংখনৰ ৬.১৫ কি.মি. মূল অংশ নিৰ্মাণৰ বাবে চীনৰ এটা প্ৰতিষ্ঠানক নিযুক্তি দিয়ে, আৰু ২০১৪ চনৰ অক্টোবৰ মাহত নিৰ্মাণৰ তত্ত্বাৱধানৰ বাবে দক্ষিণ কোৰিয়াৰ এটা প্ৰতিষ্ঠানক নিযুক্তি দিছিল, যাৰ লক্ষ্য আছিল ২০১৮ চনৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰা।৭ ২০২০ চনৰ ১০ ডিচেম্বৰত দলংখনৰ চূড়ান্ত ৪১ নং অংশটো সংস্থাপন কৰা হৈছিল। ৮৯২০২১ চনৰ ২৪ আগষ্টত পদ্মা দলঙৰ ১২ আৰু ১৩ নং খুঁটা সংযোগ কৰা 'span'ত শেষৰটো road slab স্থাপন কৰা হৈছিল। ১০১১

২০০৯ চনত চৰকাৰী পৰিকল্পনা মতে পদ্মাৰ দুয়োকাষে ৰেলপথৰ ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হয়।১২
পদ্মা নদীৰ উপনৈ
পদ্মা নদীৰ মূল উপনৈ হ'ল মহানন্দ আৰু পুনৰ্ভবা। মহানন্দ উপনৈখন বাংলাদেশৰ চাপাইনাৱাবগঞ্জ জিলা আৰু ভাৰত ৰ পশ্চিমবংগৰ মাজেৰে বৈ গৈছে। পদ্মা নদীৰ বিভিন্ন শাখানৈৰ ভিতৰত গৰাই, বৰাল, আৰিয়াল খাঁ, কুমাৰ, মাথাভাঙ্গা,কপোতাক্ষ নৈ অন্যতম। পদ্মাৰ বিভিন্ন উপনৈ হৈছে মধুমতী, পশুৰ, ভৈৰৱ ইত্যাদি। এই নদীসমূহ কুষ্টিয়া, ৰাজবাৰী, জশোৰ, সাতক্ষীৰা, জিনাইদহ, নৰাইল, মাগুৰা,বাগেৰহাট, গোপালগঞ্জ, ফৰিদপুৰ, মাদাৰীপুৰ, শৰীয়তপুৰ, বৰিশাল, পতুৱাখালি আদি জিলাৰ মাজেৰে বৈ গৈছে।১৩
দৈৰ্ঘ্য
পদ্মা বাংলাদেশ আটাইতকৈ দীৰ্ঘতম নদী। পদ্মা নদীৰ দৈৰ্ঘ্য ৩৪১ কিলোমিটাৰ।১
সাহিত্যত পদ্মা নদী
মানিক বন্দ্যোপাধ্যায় ৰ বিখ্যাত উপন্যাস পদ্মা নদীৰ মাঝি এই নদীৰ পাৰত থকা মানুহৰ জীৱনক কেন্দ্ৰ কৰি লিখা হৈছে। পদ্মাৰ দৃশ্যপট আৰু প্ৰাকৃতিক সৌন্দৰ্য্যই কবি কাজী নজৰুল ইছলামক বহু দিশত প্ৰভাৱিত কৰিছে। তেওঁৰ কিছুমান বিখ্যাত গীতত পদ্মাৰ হেৰুৱা ঐতিহ্য আৰু সৌন্দৰ্য ফুটি উঠে।১৪বিখ্যাত কল্পকাহিনী লেখক আবু ইছহাক ৰ দ্বাৰা ৰচিত "পদ্মাৰ পলিদ্বীপ " উপন্যাসখন পদ্মাৰ পাৰৰ সাধাৰণ মানুহৰ জীৱনৰ ওপৰত আধাৰিত।১৫
তথ্যসূত্ৰ
- ↑ Hossain ML, Mahmud J, Islam J, Khokon ZH and Islam S (eds.) (2005) Padma, Tatthyakosh Vol. 1 and 2, Dhaka, Bangladesh, p. 182
- ↑ Over 66,000 hectares lost to Padma since 1967: NASA report. The Daily Star (Bangladesh)
- ↑ Williams, George M. (2008). Handbook of Hindu Mythology. Oxford University Press. পৃ. 198. ISBN 978-0-19-533261-2
- ↑ Islam, Nazrul. (29 April – 5 May 2006). IRLP or the Ecological Approach to Rivers?. Economic and Political Weekly. পৃ. 1693–1702
- ↑ (24 June 2022). Grand preparations made for Padma Bridge inauguration. The Daily Star
- ↑ (29 June 2012). World Bank Statement on Padma Bridge. World Bank Group
- ↑ Kallol, Assif Showkat. (14 October 2014). Korean Firm Gets Padma Bridge Construction Supervision Job. Dhaka Tribune
- ↑ (10 December 2020). Last span of Padma Multipurpose Bridge installed. The Daily Star
- ↑ Last span of Padma Multipurpose Bridge installed. Daily Sun
- ↑ (24 August 2021). It's possible to walk across the Padma now. The Daily Star
- ↑ Padma Bridge likely to open to traffic by June 2022. Dhaka Tribune
- ↑ (15 August 2009). Plan to Lay 80 km Rail Line on Both Sides of Padma Bridge. The Daily Star. BSS
- ↑ (22 November 2011). The Padma River
- ↑ বাংলাদেশেৰ নদীঃ মোকাৰৰম হোসেন; পৃষ্ঠা ৭১ ও ৭২; কথাপ্ৰকাশ; দ্বিতীয় সংস্কৰণঃ আগষ্ট ২০১৪
- ↑ বাংলা ভাষা ও সাহিত্য জিজ্ঞাসা: ড. সৌমিত্ৰ শেখৰ; পৃষ্ঠা ২৬১ ও ২৬২; অগ্নি পাবলিকেশন্স; প্ৰথম সংস্কৰণঃ ২০০৪
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মা নদী” প্ৰবন্ধৰ সংশোধন ৬৩০৩৫৫ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।