তিৰুৰ নদী বা তিৰুৰ-পোন্নানি (Tirur River or Tirur-Ponnani River) নদী দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ মালাপ্পুৰম জিলাৰ তিৰুৰ তালুকৰ আথাৱানাড গাঁৱৰপৰা উৎপত্তি হৈছে। নদীখন প্ৰথমে দক্ষিণ-পশ্চিম দিশে থিৰুনাভায়ালৈ বৈ যায় আৰু তাৰ পিছত উত্তৰ-পশ্চিম দিশে এলামকুলামলৈ আগবাঢ়ে। এলামকুলামৰ আলিনচুৱাডুত নদীখনে পুনৰ দক্ষিণ-পশ্চিম দিশ লয় আৰু তিৰূৰ চহৰৰ মাজেৰে বৈ গৈ অৱশেষত পোন্নানি উপকূলীয় চহৰৰ ওচৰত আৰব সাগৰত মিলিত হোৱা ভাৰতপুঝা নদীত পৰিছে।১ তিৰুৰ নদীখন ইয়াৰ সুন্দৰ মেংগ্ৰোভ অৰণ্য, লগতে বিভিন্ন প্ৰজাতিৰ মাছ আৰু চৰাইৰ বাবে জনাজাত। নদীখন নৌযাতায়াতৰ উপযোগী আৰু পশ্চিম উপকূলীয় জলপৰিবহণ ব্যৱস্থাৰ এটা অংশ। ২নদীখনৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৪৮ কিলোমিটাৰ (৩০ মাইল)।
মালয়ালম ভাষা সাহিত্যৰ পিতৃ হিচাপে পৰিচিত তুঞ্চাথু ৰামানুজন এঝুথাচান ৩৪ এই নদীৰ পাৰত জন্মগ্ৰহণ আৰু ডাঙৰ-দীঘল হৈছিল। তেওঁৰ জন্মস্থান থুঞ্জন পাৰাম্বু নদীখনৰ অতি ওচৰত অৱস্থিত। এই অঞ্চলটো প্ৰাক্তন তানুৰ ৰাজ্য (ভেট্টাট্টুনাড)ৰ অন্তৰ্গত আছিল। কবি তথা কেৰালা কলামণ্ডলমৰ প্ৰতিষ্ঠাপক ভল্লাথোল নাৰায়ণ মেননও তিৰুৰ নদীৰ পাৰত জন্মগ্ৰহণ কৰিছিল। মধ্যযুগীয় কেৰালা জ্যোতিৰ্বিজ্ঞান আৰু গণিত বিদ্যালয়ৰ বহু বিশিষ্ট সদস্যও তিৰূৰ নদীৰ ওচৰত জন্মগ্ৰহণ কৰিছিল। তেওঁলোকৰ ভিতৰত মেলপাথুৰ নাৰায়ণ ভট্টথিৰি অন্যতম।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Malappuram - Important Rivers. National Information Centre
- ↑ Tirur River. International EcoTourism Club
- ↑ Logan, William. (2010). Malabar. Asian Educational Services. পৃ. 92–94
- ↑ Pollock, Sheldon. (2003). Literary Cultures in History: Reconstructions from South Asia. University of California Press. পৃ. 20. ISBN 9780520228214
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিৰুৰ নদী” প্ৰবন্ধৰ সংশোধন ৬২৭৩০৫ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।