নদী
৪২ প্ৰবন্ধ
-
কুপ্পাম নদী
কুপ্পাম নদী (Kuppam River) মূলতঃ ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাৰ মাজেৰে বৈ যোৱা এখন নদী। অৱশ্যে নদীখনৰ এটা সৰু অংশ কৰ্ণাটক ৰাজ্যৰ মাজেৰেও বৈ গৈছে।
-
কৰামনা নদী
কৰামানা নদী (Karamana) কেৰালাৰ তিৰুৱনন্তপুৰম চহৰৰ মাজেৰে বৈ যোৱা এখন নদী। নদীখনৰ উৎপত্তি পশ্চিমঘাট পৰ্বতমালাৰ (সহ্যাদ্ৰী পৰ্বতমালা) দক্ষিণ প্ৰান্তৰ আগস্ত্যাৰ কূডম অঞ্চলত। ইয়াৰ পৰা নদীখন প্ৰায় ৬৬ কিলোমিটাৰ পশ্চিমমুখে বৈ গৈ কোৱালামৰ ওচৰৰ পানাথুৰাত আৰৱ সাগৰত মিলিত হয়।
-
কৰিয়াঙ্গোড নদী
কাৰিয়াঙ্গোড নদী (Kariangode River), তেজস্বিনী নদী নামেৰেও পৰিচিত। এই নদী কেৰালা ৰাজ্যৰ মাজেৰে প্ৰৱাহিত হোৱা ৪৪খন নদীৰ ভিতৰত এখন উল্লেখযোগ্য নদী। এই নদীখন কাছাৰগোড় আৰু কান্নুৰ জিলাৰ সীমা গঠন কৰিছে। কাছাৰগোড় জিলাৰ ভিতৰত ই দ্বিতীয় বৃহত্তম নদী।
-
চিটাৰম নদী
চিটাৰম নদী (অধিক শুদ্ধকৈ টাৰুম নদী বুলি কোৱা হয়, কাৰণ "si" উপসৰ্গৰ অৰ্থ হৈছে "নদী") (চুণ্ডানিজ: ৱালুংগান চিটাৰাম) ইণ্ডোনেছিয়াৰ পশ্চিম জাভাৰ আটাইতকৈ দীঘল আৰু ডাঙৰ নদী। বেংগাৱান ছ'লো আৰু ব্ৰাণ্টাছৰ পিছত জাভাৰ তৃতীয় দীঘল নদী। পশ্চিম জাভাৰ জনসাধাৰণৰ জীৱনত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
-
দুধমতী
দুধমতী (মৈথিলী: दूधमती) হৈছে ভাৰতীয় উপমহাদেশৰ মিথিলা অঞ্চলৰ সমতল ভূমিত বৈ যোৱা এখন পবিত্ৰ নদী। এই নদীখনৰ উৎপত্তি নেপালৰ ক্ষীৰেশ্বৰনাথ পৌৰসভাৰ ৱাৰ্ড সংখ্যা পাঁচত অৱস্থিত অৰ্জাৱন গাঁৱত। দুধমতী নদীখন জনকপুৰধামৰ মাজেৰে বৈ যায়।
-
বামনপুৰম নদী
বামনপুৰম নদী (Vamanapuram River) কেৰালাৰ এখন নদী। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৮৮ কিলোমিটাৰ (৫৫ মাইল)। নদীখন দক্ষিণ কেৰালাৰ মাজেৰে বৈ গৈ তিৰুৱনন্তপুৰম জিলাৰ উত্তৰ অংশ অতিক্ৰম কৰে। এই নদীখন তিৰুৱনন্তপুৰম জিলাৰ দীৰ্ঘতম নদী হিচাপেও পৰিচিত। নদীখনক কল্লাৰ, কোল্লামপুঝায়াৰু আৰু আট্টিংগালাৰু নামেৰেও জনা যায়।
-
ভৱানী নদী
ভৱানী নদী (Bhavani river) ভাৰতৰ এখন গুৰুত্বপূৰ্ণ নদী, যি কেৰালা আৰু তামিলনাডু ৰাজ্যৰ মাজেৰে বৈ গৈছে। ইয়াৰ উৎপত্তি তামিলনাডুৰ পশ্চিমঘাট পৰ্বতমালাৰ নীলগিৰি অঞ্চলত। নদীখন প্ৰথমে পশ্চিম দিশে বৈ কিছু দূৰ কেৰালাত প্ৰৱেশ কৰে আৰু তাৰ পিছত দিশ সলাই পূবফালে বৈ পুনৰ তামিলনাডুলৈ ঘূৰি আহে।
-
মাহে নদী
মাহে নদী (Mahe river) ৰ স্থানীয় নাম হৈছে ময়্যাঝিপ্পুঝা। মাহে দক্ষিণ ভাৰতৰ এখন উল্লেখযোগ্য নদী। নদীখন কেৰালা ৰাজ্যৰ লগতে পুডুচেৰীৰ অন্তৰ্গত উপকূলীয় বিচ্ছিন্ন অঞ্চল মাহেৰ মাজেৰে বৈ গৈছে। মাহে নদীৰ উৎপত্তি ৱায়ানাড জিলা পশ্চিমঘাট পৰ্বতমালাৰ ঢালত।
-
শ্বিৰিয়া নদী
শ্বিৰিয়া নদী (Shiriya River) কৰ্ণাটক আৰু কেৰালা ৰাজ্যৰ মাজেৰে বৈ যোৱা এখন নদী। শ্বিৰিয়া নদীখনৰ দৈৰ্ঘ্য ৬৭ কিলোমিটাৰ। এই নদীখন কেৰালাৰ ১৮তম দীঘল নদী আৰু কাছাৰগোড় জিলাৰ দ্বিতীয় দীঘল নদী।
-
সুবৰ্ণৰেখা নদী
সুবৰ্ণৰেখা নদী ভাৰতৰ ঝাৰখণ্ড, পশ্চিমবংগ আৰু ওড়িশা ৰাজ্যৰ মাজেৰে বৈ গৈছে।
-
হেলমাণ্ড নদী
thumb|230px|হেলমাণ্ড নদীৰ গতিপথৰ মানচিত্ৰ thumb|230px|আফগানিস্তানৰ হেলমাণ্ড প্ৰদেশৰ এটা সৰু গৰ্জৰ মাজেৰে হেলমাণ্ড নদী বৈ গৈছে। thumb|230px|কাজকি বান্ধ, হেলমাণ্ড নদীৰ ওপৰত হেলমাণ্ড নদী (পাষ্টো/ডাৰী: הרמאנד / הלמנד; প্ৰাচীন গ্ৰীক: Ἐτύμανδρος, ইটিমাণ্ড্ৰ'ছ; লেটিন: ইৰিমাণ্ড্ৰছ), যাক হেলমাণ্ড বা…
-
ৱালাপট্টন্নম নদী
ৱালাপট্টনম নদী উত্তৰ কেৰালাৰ কান্নুৰ জিলাৰ মাজেৰে বৈ যোৱা ১১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন নদী। ই কান্নুৰ জিলাৰ আটাইতকৈ দীঘল নদী।