নাইজাৰ নদী (; (le) fleuve Niger, ) পশ্চিম আফ্ৰিকাৰ এখন প্ৰধান নদী৷ ইয়াৰ দৈৰ্ঘ্য 4180 কি.মি.৷ ইয়াৰ অপবাহ দ্ৰোণী (drainage basin) 2117700 বৰ্গ কি.মি. জুৰি বিস্তৃত হৈ আছে ৷১ এই নদীৰ উৎস হৈছে গিনিৰ পৰ্বতাঞ্চল (Guinea Highlands) ৷ এই নদী মালি (Mali), নাইজাৰ (Niger) আৰু নাইজেৰিয়া (Nigeria)ৰ মাজেৰে প্ৰবাহিত হৈ আটলান্টিক মহাসাগৰত পৰিছেগৈ ৷ নাইজাৰ নদী নীলনদী আৰু কংগো নদীৰ পিছতে আফ্ৰিকাৰ তৃতীয় সৰ্বোচ্চ দৈৰ্ঘ্যৰ নদী৷ ইয়াৰ প্ৰধান উপনৈখনৰ নাম বেনু নদী (Benue River)৷
ভৌগোলিক বিৱৰণ


নাইজাৰ নদী তুলনামূলভাৱে নিৰ্মল পানীৰ নদী, যিহেতু এই নদীয়ে নীলনদীৰ তুলনাত প্ৰায় এক দশমাংশ গেদ (sediment) কঢ়িয়ায়৷২ নীলনদীৰ দৰেই এই নদীয়েও প্ৰতিবছৰে বানপানীৰ সৃষ্টি কৰে ৷ এই বানপানীৰ তীব্ৰতা নৱেম্বৰত সৰ্বোচ্চ হয় আৰু মে’ মাহলৈ কমি যায়৷২
নাইজাৰ নদীৰ এক ব্যতিক্ৰমী বৈশিষ্ট্য হৈছে ইয়াৰ ভিতৰৰ নাইজাৰ ব-দ্বীপ (Inner Niger Delta)৷ নাইজাৰ নদীৰ কোনো কোনো অংশত প্ৰৱণতা ( gradient) হঠাতে কমি যোৱাৰ ফলত এই ব-দ্বীপৰ সৃষ্টি হয়৷২ ইয়াৰে ফলশ্ৰুতিত জুৰি, জলভূমি আৰু বেলজিয়ামৰ কালিৰ সমতুল্য হৃদৰ (region of braided streams, marshes, lakes) সৃষ্টি হয়৷ ঋতুকালীন বানৰ বাবে নাইজাৰ নদীৰ ব-দ্বীপসমূহ অতিকে উৰ্বৰা আৰু মৎস্য উদ্যোগ তথা খেতিৰ বাবে অতি উপযোগী৷৩
লগতে চাওক
- Reader, John. (2001). Africa. National Geographic Society. ISBN 0-620-25506-4
- Thomson, J. Oliver. (1948). History of Ancient Geography. Biblo & Tannen Publishers. ISBN 0-8196-0143-8
- Welcomme, R.L. (1986). The Ecology of River Systems. Springer. পৃ. 9–60. ISBN 90-6193-540-7
বাহ্যিক সংযোগ
- Information and a map of the Niger's watershed
- Map of the Niger River basin at Water Resources eAtlas (link broken)
- Niger Currents: Exploring life and technology along the Niger River
- Pierre Maas and Geert Mommersteeg, Fishing in the Pondo, 1990, Saudi Aramco World
তথ্যসূত্ৰ
- ↑ Gleick, Peter H. (2000). The World's Water, 2000-2001: The Biennial Report on Freshwater. Island Press. পৃ. 33. ISBN 1-55963-792-7; online at Google Books
- ↑ Reader 2001, পৃ. 191
- ↑ Reader 2001, পৃ. 191–192
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাইজাৰ নদী” প্ৰবন্ধৰ সংশোধন ৫০৩৮৩৮ (১৮ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।