মিছিছিপি নদী উত্তৰ আমেৰিকা মহাদেশীয় অপবাহ প্ৰণালী (drainage system) ৰ প্ৰধান নদী৷১২ আমৰিকা যুক্তৰাষ্ট্ৰৰ ভিতৰতে মূলত: প্ৰবাহিত হোৱা এই নদী মিনোছ’টাৰ উত্তৰে উৎপত্তি হৈ দক্ষিণলৈ 2320 মাইল২ জুৰি বৈ গৈ Gulf of Mexico ৰ মিছিছিপি নদীৰ ব-দ্বীপ (Mississippi River Delta) ত পৰিছেগৈ৷ ইয়াৰ বিভিন্ন উপনৈসমূহৰ সৈতে মিলি আমেৰিকাৰ ৩১ খন ষ্টেট আৰু কানাডাৰ দুখন প্ৰদেশ বিয়পি আছে৷ মিছিছিপি নদী বিশ্বৰ চতুৰ্থ সৰ্বোচ্চ দৈৰ্ঘ্যৰ আৰু দশম বৃহৎ নদী হিচাপে স্বীকৃত ৷
ইতিহাস
নেটিভ আমেৰিকানসকলে পূৰ্বৰে পৰা মিছিছিপি নদী আৰু ইয়াৰ উপনৈসমূহৰ পাৰত বসবাস কৰি আহিছে৷ ইয়াৰে অধিকাংশই চিকাৰ বা পশুপালন কৰি জীৱন-নিৰ্বাহ কৰিছিল ৷ ১৫০০ চনলৈ ইউৰোপিয়ানসকলৰ আগমণে স্থানীয় জীৱন নিৰ্বাহৰ গতি সলাবলৈ আৰম্ভ কৰে ৷ প্ৰথমে ভ্ৰমণকাৰী, তাৰপিছত স্থায়ী বসতি আৰম্ভ কৰা এইলোকসকলৰ সংখ্যা মিছিছিপিৰ আশে পাশে বৃদ্ধি পাবলৈ ধৰে ৷ স্পেইন আৰু ফ্ৰান্সৰ সীমা নিৰ্ধাৰণ কৰা মিছিছিপি নদী তেওঁলোকৰ বাবে প্ৰথমাৱস্থাত বাধাৰূপে থিয় দিছিল যদিও পিছলৈ এই নদীয়ে জলপৰিবহণৰ প্ৰধান মাধ্যম হৈ পৰে ৷
গুৰুত্ব
নদীৰ গেদৰ ডাঠ প্ৰলেপেৰে গঠিত মিছিছিপিৰ উপত্যকা অঞ্চল অতিকে পলসুৱা ৷ আমেৰিকাৰ গৃহযুদ্ধৰ সময়ছোৱাত মিছিছিপিৰ মাজেৰে জলপৰিবহণ আৰু যোগাযোগে একত্ৰিত বাহিনী (Union forces) ৰ বিজয়ত এক বিশেষ ভূমিকা অৱলম্বন কৰিছিল ৷ শেহতীয়াকৈ এই উপত্যকাত মহানগৰ আৰু বন্দৰৰ দ্ৰুত বৃদ্ধিৰ ফলত বহুতো উদোগ তথা বান্ধৰো নিৰ্মাণ হৈছে৷
ভাবুকি
আধুনিক যুগত উদ্যোগীকৰণে মিছিছিপিৰ জলপ্ৰদূষণ আৰু প্ৰকৃতিৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে ৷ এক বৃহৎ পৰিমাণৰ কৃষিৰ বৰ্জিত পদাৰ্থ (agricultural runoff) এই নদীত প্ৰতিবছৰে পৰেহি৷ গাল্ফ অব মেস্কিকোৰ মৃত অঞ্চল (Gulf of Mexico dead zone) সৃষ্টি হোৱাৰ ইয়ে মূল কাৰণ বুলি ধাৰণা কৰা হয়৷ শেহতীয়াকৈ মিছিছিপি নদীৰ গতিপথৰ লাহে লাহে পৰিৱৰ্ত্তন হোৱাৰ তথ্য পোৱা গৈছে৷ ইয়াৰ ফলত নিউ অৰলেনছৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰাৰো আশংকা কৰা হৈছে ৷
লগতে চাওক
- Ambrose, Stephen. The Mississippi and the Making of a Nation: From the Louisiana Purchase to Today (National Geographical Society, 2002) heavily illustrated
- Anfinson, John O.; Thomas Madigan; Drew M. Forsberg. (2003). The River of History: A Historic Resources Study of the Mississippi National River and Recreation Area. U.S. Army Corps of Engineers, St. Paul District
- Anfinson, John Ogden. Commerce and conservation on the Upper Mississippi Rvier (US Army Corps of Engineers, St. Paul District, 1994)
- Bartlett, Richard A. (1984). Rolling rivers: an encyclopedia of America's rivers. McGraw-Hill. ISBN 0-07-003910-0
- Botkin, Benjamin Albert. A Treasury of Mississippi River folklore: stories, ballads & traditions of the mid-American river country (1984).
- Carlander, Harriet Bell. A history of fish and fishing in the upper Mississippi River (PhD Diss. Iowa State College, 1954) online (PDF)
- Daniel, Pete. Deep'n as it come: The 1927 Mississippi River flood (University of Arkansas Press, 1977)
- Fremling, Calvin R. Immortal river: the Upper Mississippi in ancient and modern times (U. of Wisconsin Press, 2005), popular history
- Milner, George R. "The late prehistoric Cahokia cultural system of the Mississippi River valley: Foundations, florescence, and fragmentation." Journal of World Prehistory (1990) 4#1 pp: 1-43.
- Morris, Christopher. The Big Muddy: An Environmental History of the Mississippi and Its Peoples From Hernando de Soto to Hurricane Katrina (Oxford University Press; 2012) 300 pages; links drought, disease, and flooding to the impact of centuries of increasingly intense human manipulation of the river.
- Penn, James R. (2001). Rivers of the world: a social, geographical, and environmental sourcebook. ABC-CLIO. ISBN 1-57607-042-5
- Smith, Thomas Ruys. (2007). River of dreams: imagining the Mississippi before Mark Twain. Louisiana State University Press. ISBN 978-0-8071-3233-3
- Scott, Quinta. (2010). The Mississippi: A Visual Biography. University of Missouri Press. ISBN 978-0-8262-1840-7
- Pasquier, Michael. (2013). Gods of the Mississippi. Indiana University Press. ISBN 978-0-2530-0806-0
বাহ্যিক সংযোগ
- Mississippi River, project of the American Land Conservancy
- Flood management in the Mississippi River
- Friends of the Mississippi River
- Mississippi National River and Recreation Area (MN) from the NPS
- Mississippi River Facts from the NPS
- "Mark Twain's Mississippi", from the digital library of Northern Illinois University
- Interactive detailed satellite photos and zoomable USGS topographic quad maps of the lower Mississippi, the alternative course for the river, and the various control structures and floodways
- Lower Mississippi Valley – Engineering Geology Mapping Program – PDF files of publications about and maps of the geology of the Mississippi River Valley and its tributaries.
- Ecoregions of the Mississippi Alluvial Plain Map
- "Old Man River Loses His Kinks" , April 1942, Popular Science article on 1930-40s project to improve barge navigation between Helena and Natchez
- Roundtable discussion on Imagining the River, University of Minnesota, 2009
- MRTIS - Mississippi River Traffic Information System
তথ্যসূত্ৰ
- ↑ United States Geological Survey Hydrological Unit Code: 08-09-01-00- Lower Mississippi-New Orleans Watershed
- ↑ Lengths of the major rivers. United States Geological Survey
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিছিছিপি নদী” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৭২ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।