অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়

ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Dhubri Medical College and Hospital) অসমৰ ধুবুৰী জিলাৰ ধুবুৰী চহৰত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২২ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৪ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Dhubri Medical College and Hospital) অসমৰ ধুবুৰী জিলাৰ ধুবুৰী চহৰত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়।১ ২০২২ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অসম চিকিৎসা সঞ্চালকালয়ে মহাবিদ্যালয়খন পৰিচালনা কৰে। ধুবুৰী চিকিৎসা মহাবিদ্যালয় ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি প্ৰাপ্ত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।২ মহাবিদ্যালয়খনে ২০২২-২৩ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ অনুমতি লাভ কৰে।৩

ইতিহাস

২০১৭ চনৰ ১৭ ফ্ৰেব্ৰুৱাৰী তাৰিখে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সেই সময়ৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তদানীন্তন কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নড্ডায়ে মহাবিদ্যালয়খনৰ নিৰ্মাণৰ কামৰ শুভ উদ্বোধন কৰিছিল। ১০৮ বিঘা মাটিত ৫০৯ কোটি টকা ব্যায়েৰে নিৰ্মাণ কৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদত ছাত্ৰ-ছাত্ৰীৰ হ'ষ্টেল, চিকিৎসা মহাবিদ্যালয়খনত শিক্ষাদান কৰিবলগীয়া মহাবিদ্যালয়, চিকিৎসকসকলৰ আৱাস গৃহ, কেফটেৰিয়া, কেণ্টিনকে ধৰি আছে মুঠ ২৪টাকৈ ভৱন আছে। ২০২২ চনৰ ১৪ অক্টোবৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ পৰা ভাৰ্ছুৱেলী এই চিকিৎসা মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল।

পাঠ্যক্ৰম

২০২২-২৩ শিক্ষাবৰ্ষত মহাবিদ্যালয়খনে ১০০ গৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ সৈতে শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ অনুমতি লাভ কৰিছে।

অৱস্থান

ধুবুৰী চিকিৎসা মহাবিদ্যালয় অসমৰ ধুবুৰী জিলাৰ ধুবুৰী চহৰৰৰ ঝাগ্ৰাপাৰত অৱস্থিত। ইয়াৰ নিকটৱৰ্তী ধুবুৰী ৰেল ষ্টেচনৰ পৰা ই ২ কিঃমিঃ আৰু ৰূপসী বিমানবন্দৰৰ পৰা ১৫ কিঃমিঃ নিলগত অৱস্থিত। ধুবুৰী চহৰৰ পৰা মহাবিদ্যালয়লৈ যাতায়াতৰ সু-ব্যৱস্থা আছে।

তথ্যসূত্ৰ

  1. ↑ Health Minister Keshab Mahanta takes stock of construction works of Dhubri Medical College. The Sentinel
  2. ↑ Assam Gets Approval For 9th Medical College At Dhubri. NDTV
  3. ↑ Assam Gets Its 9th Medical College, Dhubri Medical College Gets NMC Approval. The Sentinel

সম্পৰ্কিত শ্ৰেণী

অসমৰ চিকিৎসা মহাবিদ্যালয়অসমৰ চিকিৎসালয়ধুবুৰী জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়” প্ৰবন্ধৰ সংশোধন ৪১৯৫১৮ (২৪ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।