আগমনী (ইংৰাজীত Agomani বা Agamani বুলিও লিখা হয়) অসম ৰাজ্যৰ ধুবুৰী জিলাৰ এখন গুৰুত্বপূৰ্ণ উপ-বিভাগীয় নগৰাঞ্চল। এই ঠাইখন গংগাধৰ নদীৰ পাৰত অৱস্থিত আৰু ঐতিহাসিক দৃষ্টিকোণৰপৰা যথেষ্ট তাৎপৰ্যপূৰ্ণ। আগমনী প্ৰায় 9 বৰ্গ কি.মি. এলেকাজুৰি বিস্তৃত।
এই নগৰখন জিলা সদৰ ধুবুৰীৰপৰা প্ৰায় ৫০ কিলোমিটাৰ উত্তৰ-পশ্চিমত অৱস্থিত। ইয়াৰপৰা পশ্চিমবংগৰ সীমান্ত প্ৰায় ১২ কিলোমিটাৰ দক্ষিণে আৰু বাংলাদেশ সীমান্ত প্ৰায় ৮ কিলোমিটাৰ উত্তৰ-পূবে অৱস্থিত। ৰাষ্ট্ৰীয় ঘাইপথ ১৭ উত্তৰ-দক্ষিণ দিশে আগমনীক অতিক্ৰম কৰিছে আৰু ঐতিহাসিক গোহাঁই কমল আলি (পথ) পূব-পশ্চিম দিশে বিস্তৃত। এই দুয়োটা পথ আগমনী নগৰৰ মাজভাগত মিলিত হৈছে, য’ত এখন দৈনিক বজাৰ আৰু বিভিন্ন ধৰণৰ ব্যাৱসায়িক প্ৰতিষ্ঠান গঢ় লৈ উঠিছে।
১৯৬৩ চনত আগমনী এখন ভয়ংকৰ ঘূৰ্ণীবতাহত ভয়াবহভাৱে ক্ষতিগ্ৰস্ত হৈছিল। এই প্ৰাকৃতিক দুৰ্যোগত বহু ঘৰ-দুৱাৰ ধ্বংস হৈছিল আৰু বহু লোকৰ মৃত্যু হৈছিল। এই ঘটনাই আগমনীক সেই সময়ত সংবাদ-পত্ৰ, ৰেডিঅ’ আৰু দূৰদৰ্শনত বিশেষভাৱে চৰ্চালৈ আনিছিল আৰু সমগ্ৰ অসমত আগমনী পৰিচিত হৈ পৰে।১
ইতিহাস
আগমনী এখন ঐতিহাসিক পটভূমি থকা অঞ্চল। “আগমনী” নামটো ‘আগমন’ শব্দৰপৰা উদ্ভৱ হোৱা বুলি কোৱা হয়, যাৰ অৰ্থ আগমন বা উপস্থিতি। জনশ্ৰুতি অনুসৰি, মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱে তেওঁৰ ভতিজী আই ভূবনেশ্বৰীৰ বিয়াৰ উদ্দেশ্যে কোচ ৰাজ্যৰ ৰাজকুমাৰ চিলাৰায়ৰ সৈতে সাক্ষাৎ কৰিবলৈ পাটবাউসীৰপৰা নৌকাযোগে যাত্ৰা কৰিছিল। গঙ্গাধৰ নদীৰে যাত্ৰা কৰি তেওঁলোক আগমনী ঘাটত উপস্থিত হৈছিল। এই আগমনৰ ঘটনাৰ স্মৃতিতেই ঠাইখনৰ নাম আগমনী হোৱা বুলি ধাৰণা কৰা হয়, যদিও এই মতটো বিতৰ্কিত।
আন এক মত অনুসৰি, গৌৰীপুৰৰ জমিদাৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু কোচ ৰাজ্যৰ ৰজা নৰনাৰায়ণে ভূমি-সংক্ৰান্তীয় বিবাদ নিষ্পত্তিৰ বাবে এই ঠাইত মিলিত হৈছিল। এই ঐতিহাসিক আগমনৰ স্মৃতিতো এই অঞ্চলৰ নাম আগমনী বুলি জনাজাত হয়।
জনসংখ্যা আৰু সমাজ
আগমনী ঘনবসতিপূৰ্ণ অঞ্চল। ইয়াৰ অধিকাংশ বাসিন্দা কৃষিজীৱী যদিও চৰকাৰী চাকৰি, ব্যৱসায় আৰু বাণিজ্যৰ সৈতে জড়িত লোকো আছে। ধান, পাট, গম, শাক-পাচলি আদি ইয়াৰ প্ৰধান কৃষিজ উৎপাদন। সাধাৰণভাৱে আগমনীবাসীৰ আৰ্থ-সামাজিক অৱস্থা সন্তোষজনক।
এই অঞ্চলত হিন্দু আৰু মুছলমান দুয়ো সম্প্ৰদায়ৰ লোক বসবাস কৰে আৰু বহু বছৰ ধৰি সাম্প্ৰদায়িক সৌহাৰ্দ্য বজাই ৰখা হৈছে। আগমনীত গুৰুত্বপূৰ্ণ সাম্প্ৰদায়িক সংঘাতৰ বিশেষ নথি পোৱা নাযায়। প্ৰখ্যাত অসমীয়া সাহিত্যিক শীলভদ্ৰই লিখা “আগমনীৰ ঘাট” উপন্যাসখনে আগমনীক সাহিত্যিক জগততো পৰিচিত কৰি তুলিছে।
সুবিধা-সেৱা
আগমনীত বহু চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় আছে। ইয়াৰ ভিতৰত চক্ৰ বিষয়াৰ কাৰ্যালয়, উন্নয়ন খণ্ড কাৰ্যালয়, বিদ্যুৎ বিভাগ, ডাকঘৰ, বেংক (ইউচিঅ’ বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া, বন্ধন বেংক), প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, চিকিৎসালয়, বিদ্যালয়-মহাবিদ্যালয়, ইনড’ৰ ষ্টেডিয়াম আৰু মিনি ষ্টেডিয়াম উল্লেখযোগ্য।২ ৩ পশ্চিম দিশত অৱস্থিত কালডোবা হাট অঞ্চলটোৰ এক গুৰুত্বপূৰ্ণ বাণিজ্য কেন্দ্ৰ।
শিক্ষা প্ৰতিষ্ঠান
আগমনীত বহু শিক্ষা প্ৰতিষ্ঠান আছে, তাৰ ভিতৰত—
- প্ৰগতি মহাবিদ্যালয়
- আগমনী উচ্চতৰ মাধ্যমিক বিদ্যালয় (স্থাপিত: ১৯৪৮)
- ল’ৱাৰ অসম পাব্লিক স্কুল
- আগমনী ছোৱালী উচ্চ বিদ্যালয়
- আগমনী জাতীয় বিদ্যালয়
- আগমনী জুনিয়ৰ কলেজ (স্থাপিত: ২০১৮)
আদি উল্লেখযোগ্য।
যাতায়াত
আগমনীত আগমনী ৰেলৱে ষ্টেচন অৱস্থিত। ইয়াত ধুবুৰী–নিউ জলপাইগুড়ী আন্তঃনগৰ ৰেল আৰু ৰাজ্যৰাণী এক্সপ্ৰেছ চলাচল কৰে। ইয়াৰ উপৰি সৰু বাছ আস্থান আছে। ওচৰৰ বিমানবন্দৰ হৈছে ৰূপসী বিমানবন্দৰ, যি প্ৰায় ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আগমনী” প্ৰবন্ধৰ সংশোধন ৫৭০৯১৩ (২৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।