ফল খোদাই (Fruit carving) হৈছে ফলত বিভিন্ন আকৃতি আৰু নক্সা খোদাই কৰাৰ কলা। এছিয়া আৰু ইউৰোপৰ দেশসমূহত এই কলা যথেষ্ট প্ৰচলিত আৰু বিশেষকৈ থাইলেণ্ড, চীন আৰু জাপানত জনপ্ৰিয়। এই কামত বিভিন্ন ফল ব্যৱহাৰ কৰিব পাৰি; শিল্পীসকলে সাধাৰণতে তৰমুজ, আপেল, ষ্ট্ৰবেৰী, আনাৰস আৰু কেণ্টালুপ ব্যৱহাৰ কৰে।
ইতিহাস
চীন
বহুতে বিশ্বাস কৰে যে ফল খোদাই কৰাৰ উৎপত্তি চীনত টাং ৰাজবংশৰ সময়ত, অৰ্থাৎ ৬১৮–৯০৬ খ্ৰীষ্টাব্দৰ ভিতৰত হৈছিল। চীনত ফল খোদাইত সাধাৰণতে পৌৰাণিক প্ৰাণী আৰু প্ৰাণীৰ আকৃতি ফুটাই তোলা হয়। ফল খোদাই কেৱল সাংস্কৃতিক আৰু পৰম্পৰাগত অনুষ্ঠানতে ব্যৱহাৰ নহয়; ঘৰুৱা পৰিৱেশতো অতিথি আহিলে ফল খোদাই কৰি থাল সজোৱা হয়। বিশেষকৈ তৰমুজ খোদাই চীনত অতীতৰপৰাই জনপ্ৰিয় আৰু এতিয়াও প্ৰচলিত। সাধাৰণতে তৰমুজৰ বাহিৰৰ অংশত খোদাই কৰা হয় আৰু ভিতৰৰ শাহ উলিয়াই লৈ সেই তৰমুজৰ খোলা খাদ্য বা ফুল ৰখাৰ পাত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। চীনৰ ফল খোদাইৰ জৰিয়তে বিভিন্ন কিংবদন্তি আৰু কাহিনীও প্ৰকাশ কৰা হয়।১
ইউৰোপ
১৬২১ চনত মাটিয়াছ গীগাৰে ৰচনা কৰা Il Trinciante ("খোদাইকাৰী") নামৰ গ্ৰন্থখনত ফল খোদাইৰ উল্লেখ পোৱা যায়। গ্ৰন্থখনত কমলা আৰু নেমুজাতীয় ফলত বিমূৰ্ত নক্সা, শামুকজাতীয় জলজ প্ৰাণী, চাৰিঠেঙীয়া প্ৰাণী আৰু হাবছবাৰ্গ বংশৰ দ্বিমূৰীয়া ঈগলৰ আকৃতি খোদাই কৰাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। অৱশ্যে ১৯৮০ৰ দশকলৈকে ইউৰোপ বা উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰত এই কলা ব্যাপকভাৱে প্ৰচলিত হোৱা নাছিল; সেই সময়ত এই বিষয়ত কেইবাখনো গ্ৰন্থ প্ৰকাশ পোৱাৰ পিছত ইয়াৰ প্ৰচাৰ বৃদ্ধি পায়।২
থাইলেণ্ড

ফল খোদাই থাইলেণ্ডৰ সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশ। থাইলেণ্ডৰ সুখোথাই ৰাজবংশৰ সময়ত ১৪শ শতিকাৰপৰাই তৰমুজ খোদাইৰ প্ৰচলন থকাৰ কথা উল্লেখ কৰা হয়। প্ৰতি বছৰে নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা লয় ক্ৰাথং উৎসৱত পানীৰ আত্মাক সন্মান জনোৱাৰ উদ্দেশ্যে মানুহে নদীত চাকিগছ আৰু লণ্ঠন উটুৱাই দিয়ে। এটা কিংবদন্তি অনুসৰি, ৰজাৰ এগৰাকী পৰিচাৰিকাই তেওঁক আকৰ্ষিত কৰিবলৈ ফুলৰ নক্সাৰে খোদাই কৰা তৰমুজেৰে নিজৰ লণ্ঠন সজাইছিল। ৰজাজনে তাত ইমানেই সন্তুষ্ট হৈছিল যে তেওঁ সকলো থাই মহিলাক এই প্ৰথা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল। ৰজাই ফল খোদাইক প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ অংশ কৰিবলৈও নিৰ্দেশ দিছিল।৩ থাইলেণ্ডৰ ফল খোদাইত ফুল, চৰাই আৰু ফুলৰ নক্সা বিশেষভাৱে দেখা যায়।৪
জাপান
জাপানীসকলে খাদ্য পৰিৱেশন আৰু থালখন আনৰ দৃষ্টিত নান্দনিকভাৱে আকৰ্ষণীয় কৰি তোলাত বিশেষ গুৰুত্ব দিয়ে। জাপানত ফল খোদাইক মুকিমোনো বুলি কোৱা হয়। প্ৰাচীন জাপানত খাদ্য মসৃণ নোহোৱা মাটিৰ পাত্ৰত পৰিৱেশন কৰা হৈছিল আৰু পাত্ৰটোৰ খহটা ৰূপ ঢাকি খাদ্য অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে মুকিমোনোৰ প্ৰচলন হৈছিল। ৰান্ধনীসকলে পাত্ৰখন পাতৰে ঢাকি বিভিন্ন আকৃতিত ভাঁজ কৰি খাদ্যৰ সৌন্দৰ্য বৃদ্ধি কৰিছিল।৫৬ পিছলৈ এই কৌশল ফল খোদাইলৈ ৰূপান্তৰিত হয় আৰু খাদ্যৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ খোদাই কৰা ফল থালত সজোৱা হ'বলৈ ধৰে। আৰম্ভণিতে গ্ৰাহকে বিশেষভাৱে অনুৰোধ কৰিলে পথৰ কাষৰ বিক্ৰেতাসকলে খাদ্যত খোদাই কৰা ফল যোগ কৰিছিল। বৰ্তমান জাপানৰ বহু খাদ্যত খোদাই কৰা ফল সজোৱা এক সাধাৰণ প্ৰথা। ফল খোদাই আৰু খাদ্য সজ্জা এতিয়া জাপানী ৰান্ধনীৰ প্ৰশিক্ষণৰ এক গুৰুত্বপূৰ্ণ অংশ।৭
পৰ্যালোচনা

ফল খোদাইৰ বাবে বিভিন্ন ধৰণৰ সঁজুলি ব্যৱহাৰ কৰা হয়। সাধাৰণ ঘৰুৱা সঁজুলিৰ লগতে বিশেষভাৱে ফল খোদাইৰ বাবে নিৰ্মিত কিছুমান সঁজুলিও ব্যৱহাৰ কৰা হয়। প্ৰতিটো সঁজুলিয়ে খোদাইত ভিন্ন ধৰণৰ পৃষ্ঠভাগ বা নক্সা সৃষ্টি কৰাত সহায় কৰে। ইয়াৰ ভিতৰত আছে:--
- কলম: খোদাই কৰিবলগীয়া নক্সা ফলৰ ওপৰত আঁকিবলৈ ব্যৱহাৰ কৰা হয়।
- খোদাইৰ ছুৰী : খোদাই কৰা আকৃতি দিয়াৰ বাবে আটাইতকৈ বেছি ব্যৱহৃত সঁজুলি।
- খোলা আঁচোৰা ছুৰী:(Peel zester): ফলত ৰেখা আৰু খাঁজ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়।
- মেলন বেলাৰ: বিভিন্ন ফলৰপৰা গোলাকাৰ টুকুৰা উলিয়াই সজ্জাত ব্যৱহাৰ কৰিব পাৰি।
- U-আকৃতিৰ সজ্জা সঁজুলি : ফলৰ বাহিৰৰ স্তৰ কাটি সূক্ষ্ম নক্সা সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়। ফুলৰ পাহি তৈয়াৰ কৰাত ইয়াক বিশেষভাৱে ব্যৱহাৰ কৰা হয়।
- V-আকৃতিৰ কাটাৰ: U-আকৃতিৰ সঁজুলিৰ দৰে একে ধৰণে ব্যৱহাৰ কৰা হয় যদিও তুলনামূলকভাৱে ডাঙৰ নক্সাৰ বাবে উপযোগী।৮
ফল খোদাই আৰম্ভ কৰাৰ আগতে প্ৰয়োজনীয় সঁজুলি আৰু সামগ্ৰী প্ৰস্তুত কৰি লোৱা হয়। ফল খোদাই মূলতঃ দুটা ধৰণৰ। প্ৰথমটো হৈছে বাকলি খোদাই (Skin Carving), য'ত ফল বা পাচলিৰ বাহিৰৰ বাকলি কাটি ভিতৰৰ ৰঙৰ মাংসল অংশ উন্মুক্ত কৰা হয়। বাহিৰৰ ছাল আৰু ভিতৰৰ অংশৰ ৰঙৰ পাৰ্থক্য ব্যৱহাৰ কৰি নক্সা সৃষ্টি কৰা হয়। দ্বিতীয়টো হৈছে ত্ৰিমাত্ৰিক খোদাই, য'ত ফলটোক খোদাই কৰি শিল্পীৰ পছন্দৰ কোনো ত্ৰিমাত্ৰিক বস্তুৰ আকৃতি দিয়া হয়। ফুলৰ আকৃতি ত্ৰিমাত্ৰিক খোদাইৰ আটাইতকৈ জনপ্ৰিয় নক্সাসমূহৰ ভিতৰত অন্যতম।৯
ফল অধিক পৰিমাণে খোদাই কৰিলে ইয়াৰ পুষ্টিগুণ হ্ৰাস পাব পাৰে। সেয়েহে খোদাই আৰম্ভ কৰাৰ আগতে ফলৰ ওপৰত নক্সাটোৰ ৰূপৰেখা অংকন কৰাটো গুৰুত্বপূৰ্ণ। নক্সাৰ জটিলতাৰ ওপৰত নিৰ্ভৰ কৰি কামটো অতি কম সময়তে সম্পূৰ্ণ হ'ব পাৰে বা অধিক সময় আৰু মনোযোগৰ প্ৰয়োজন হ'ব পাৰে। প্ৰতিটো নক্সাৰ বাবে ব্যৱহৃত পদ্ধতিও পৃথক। খোদাই কৰা ফলটো যি ধৰণে প্ৰদৰ্শন কৰা হ'ব, সেই অনুসৰি উপযুক্ত ফল বাছনি কৰাটোও গুৰুত্বপূৰ্ণ। অধিকাংশ ফল খোদাই প্ৰদৰ্শনৰ আগতে শীতল কৰি ৰখাৰ প্ৰয়োজন হয়।১০১১
বৰ্তমানৰ ফল খোদাই
কিছুমান লোকে পেছাগতভাৱে ফল খোদাই কৰে।১২ কিছুমান ৰান্ধনীয়ে ৰন্ধনশিল্পৰ এক কৌশল হিচাপে ফল খোদাই ব্যৱহাৰ কৰে। মধ্যম পৰ্যায়ৰ ওপৰৰ কৌশল আয়ত্ত কৰি পেছাদাৰী হোৱাৰ পিছত ফল খোদাইকাৰীসকলে ৰেষ্টুৰেণ্ট, পেছাদাৰী খাদ্য পৰিৱেশক, হোটেল আৰু ৰিজৰ্টৰ বাবে সেৱা আগবঢ়াব পাৰে। পেছাদাৰী ফল খোদাইকাৰীসকলে পাৰ্টি আৰু বিবাহৰ অভ্যৰ্থনাকে ধৰি বিভিন্ন অনুষ্ঠানৰ বাবে কেন্দ্ৰীয় সজ্জা আৰু প্ৰদৰ্শনীও প্ৰস্তুত কৰিব পাৰে। সৰু পৰিসৰত ফল খোদাই কৰি কোনো খাদ্যৰ সৈতে সজ্জা হিচাপে পৰিৱেশন কৰি দৰ্শকৰ বাবে নান্দনিক অভিজ্ঞতা বৃদ্ধি কৰিব পাৰি।১৩
তথ্যসূত্ৰ
- ↑ The Exquisite Art of Food Carving. cultural-china.com
- ↑ Abramson, Julia. (2009). Vegetables: Proceedings of the Oxford Symposium on Food and Cooking 2008. Oxford Symposium. পৃ. 9–18. ISBN 9781903018668
- ↑ History of Carving. The Garnish Guy
- ↑ History. thaicarving.co.uk
- ↑ History of Carving. The Garnish Guy
- ↑ Haydock, Yukiko. (1989). Japanese Garnishes. Owl Books. ISBN 978-0-8050-1198-2
- ↑ Fruit Carving Tutorials — How To Carve Fruits & Vegetables - Temple of Thai. Temple of Thai
- ↑ Fruits carving tools, patterns, knife - Melon baller - Peeler, Zester Tool - v shaped cutter -Paring knife. fruitsinfo.com
- ↑ Fruit carving, Vegetable carving, Carving knives-tools for sale
- ↑ Thai Fruit & Vegetable Carving - Asian Recipes. asian-recipe.com
- ↑ Fruit Carving Tutorials — How To Carve Fruits & Vegetables - Temple of Thai. Temple of Thai
- ↑ Dansilp, T.; Freeman, M. (2002). Things Thai. Periplus. পৃ. 51. ISBN 978-962-593-776-2
- ↑ Fruit Carving: Seasons Catering & Special Events, Lexington, KY
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফল খোদাই কৰাৰ কলা” প্ৰবন্ধৰ সংশোধন ৬৪০০০৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।