অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বেইজিং ডান্স একাডেমী

বেইজিং ডান্স একাডেমী হৈছে চীনৰ বেইজিংৰ হাইডিয়ান জিলাত অৱস্থিত এখন পৌৰসভা-নিয়ন্ত্ৰিত ৰাজহুৱা পেছাদাৰী নৃত্য শিক্ষানুষ্ঠান। এই একাডেমী চীনত নৃত্য শিক্ষা আৰু মূল্যায়নৰ অন্যতম প্ৰধান প্ৰতিষ্ঠান। ইয়াত চীনা নৃত্যৰ শিক্ষক যোগ্যতাৰ স্তৰ নিৰ্ধাৰণৰ বাবে দেশজুৰি পৰীক্ষা অনুষ্ঠিত কৰা হয়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৫৫০ শব্দ · ৩ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

বেইজিং ডান্স একাডেমী হৈছে চীনৰ বেইজিংৰ হাইডিয়ান জিলাত অৱস্থিত এখন পৌৰসভা-নিয়ন্ত্ৰিত ৰাজহুৱা পেছাদাৰী নৃত্য শিক্ষানুষ্ঠান। এই একাডেমী চীনত নৃত্য শিক্ষা আৰু মূল্যায়নৰ অন্যতম প্ৰধান প্ৰতিষ্ঠান। ইয়াত চীনা নৃত্যৰ শিক্ষক যোগ্যতাৰ স্তৰ নিৰ্ধাৰণৰ বাবে দেশজুৰি পৰীক্ষা অনুষ্ঠিত কৰা হয়।

বেইজিং ডান্স একাডেমী ১৯৫৪ চনত বেইজিং ডান্স স্কুল হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ১৯৭৮ চনত চীনৰ ৰাষ্ট্ৰীয় পৰিষদৰ অনুমোদন আৰু চীনৰ সংস্কৃতি মন্ত্ৰ্যালয়ৰ পৃষ্ঠপোষকতাত ইয়াক বেইজিং ডান্স একাডেমীলৈ ৰূপান্তৰ কৰা হয়। ২০০০ চনত ইয়াৰ পৃষ্ঠপোষকতাৰ দায়িত্ব বেইজিং পৌৰসভা চৰকাৰলৈ হস্তান্তৰ কৰা হয়। একাডেমীখনে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ডিগ্ৰী প্ৰদান কৰে আৰু চীনত পেছাদাৰী নৃত্য শিক্ষাৰ বাবে উচ্চ শিক্ষাৰ অন্যতম প্ৰধান প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে।

বেইজিং ডান্স একাডেমীৰ চৌহদত থকা "নৃত্যশিল্পীৰ দোলনা" অৰ্থবোধক শব্দসমূহ।
বেইজিং ডান্স একাডেমীৰ চৌহদত থকা "নৃত্যশিল্পীৰ দোলনা" অৰ্থবোধক শব্দসমূহ।ছবি: Sun8908 · CC BY-SA 4.0

একাডেমীখনক "নৃত্যশিল্পীৰ দোলনা" বুলি জনা যায়। এই নৃত্য একাডেমী জিজুয়ান পাৰ্কৰ কাষতে, হাইডিয়ান জিলাত অৱস্থিত। বৰ্তমান, এই চৌহদত প্ৰায় ৬০০গৰাকী কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী, আৰু ২,৩০০গৰাকী পূৰ্ণকালীন শিক্ষাৰ্থী আছে। ইয়াৰ ভিতৰত প্ৰায় ১,৩০০গৰাকী স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থী, প্ৰায় ২০০গৰাকী স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থী আৰু সংযুক্ত মাধ্যমিক বিদ্যালয়ৰ ৮০০ৰো অধিক শিক্ষাৰ্থী অন্তৰ্ভুক্ত। ইয়াৰ উপৰি, অব্যাহত শিক্ষা বিদ্যালয়ৰ (ডিপ্লমা আৰু অ-ডিপ্লমা পাঠ্যক্ৰম) অধীনত প্ৰায় ৭,০০০গৰাকী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰে। প্ৰতি বছৰে, নৃত্য শ্ৰেণী শিক্ষা বিদ্যালয়ে দেশ-বিদেশত নৃত্যৰ গ্ৰেড পৰীক্ষাৰ বাবে ৫০,০০০ৰো অধিক নৃত্য শিক্ষকৰ প্ৰশিক্ষণ প্ৰদান কৰে। আনহাতে, প্ৰায় ৫০,০০০গৰাকী শিক্ষাৰ্থীয়ে BDA-ৰদ্বাৰা আয়োজিত নৃত্যৰ গ্ৰেড পৰীক্ষাত অৱতীৰ্ণ হয়। ১ চীন চৰকাৰে একাডেমীখনলৈ উল্লেখযোগ্য পৰিমাণৰ বিত্তীয় সাহায্য আগবঢ়ায় আৰু ইয়াৰ কাৰ্যকলাপৰ ওপৰত প্ৰত্যক্ষভাৱে তদাৰক কৰে।২

বেইজিং নৃত্য একাডেমীত বৰ্তমান পৰিৱেশন, নৃত্যৰচনা, নাট্য, চলচ্চিত্ৰ আৰু টেলিভিছন কলা-নক্সা, আৰু ৰাজহুৱা সেৱা ব্যৱস্থাপনা এই পাঁচটা মুখ্য বিষয়ত শিক্ষা প্ৰদান কৰা হয়। একাডেমীখনত চীনা ধ্ৰুপদী নৃত্য বিভাগ, চীনা লোকনৃত্য বিভাগ, বেলেট বিভাগ, নৃত্যৰচনা বিভাগ, নৃত্য বিভাগ, সমাজ নৃত্য বিভাগ, সংগীত নাট্য বিভাগ, কলা যোগাযোগ বিভাগ আৰু কলা-নক্সা বিভাগকে ধৰি মুঠ নটা বিভাগ আছে। ইয়াৰ উপৰি এঘাৰটা শিক্ষাদান এককত মুঠ ওঠৰটা পেছাদাৰী বিষয়ৰ দিশত শিক্ষা প্ৰদান কৰা হয়। ইয়াৰ লগতে একাডেমীখনৰ অধীনত অব্যাহত শিক্ষা বিদ্যালয়, নৃত্য পৰীক্ষা শিক্ষা-ব্যৱস্থাপনা কেন্দ্ৰ, যুৱ নৃত্যদল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ মাধ্যমিক বিদ্যালয় হিচাপে স্বীকৃত সংলগ্ন মাধ্যমিক নৃত্য বিদ্যালয় আছে। ৩

একাডেমীখনৰ নৃত্য বিষয়ত স্নাতকোত্তৰ (মাষ্টাৰ্ছ) ডিগ্ৰী প্ৰদান কৰাৰ অধিকাৰ আছে। নৃত্য-গৱেষণাৰ ৩৬টা দিশৰ লগতে কলা বিষয়ত মাষ্টাৰ্ছ পৰ্যায়ৰ শিক্ষাৰ্থী প্ৰশিক্ষণ দিয়াৰ যোগ্যতাও ইয়াৰ আছে। চীনৰ নৃত্য শিক্ষাৰ সৰ্বোচ্চ পৰ্যায়ৰ প্ৰতিষ্ঠান হিচাপে বেইজিং নৃত্য একাডেমীয়ে দীৰ্ঘদিন ধৰি দেশৰ চৰকাৰ আৰু দলৰ বিশেষ গুৰুত্ব লাভ কৰি আহিছে।

উল্লেখযোগ্য প্ৰাক্তন শিক্ষাৰ্থী

  • আন ইউয়েশি (জন্ম ১৯৮৯), অভিনেত্ৰী
  • আয়াংগা (জন্ম ১৯৮৯), মংগোলীয় জনগোষ্ঠীৰ অভিনেতা, গায়ক আৰু গীতিকাৰ
  • চি ছাও (জন্ম ১৯৭৮), চীনত জন্মগ্ৰহণ কৰা ব্ৰিটিছ বেলেট নৃত্যশিল্পী
  • লি ছুনছিন (জন্ম ১৯৬১), চীনা-অষ্ট্ৰেলিয়ান অৱসৰপ্ৰাপ্ত বেলেট নৃত্যশিল্পী, ষ্টকব্ৰোকাৰ আৰু কলাত্মক পৰিচালক
  • এলেনা গুটিয়েৰেছ (জন্ম ১৯৪৪), কোষ্টা ৰিকা-চিলিৰ বেলেট নৃত্যশিল্পী আৰু কোৰিঅ'গ্ৰাফাৰ
  • চেংউ গুও, বেলেট নৃত্যশিল্পী
  • জিনা জিন (জন্ম ১৯৯০), অভিনেত্ৰী
  • হুয়াং শুৱান (জন্ম ১৯৮৫), অভিনেতা
  • জিয়াং মেংজিয়ে (জন্ম ১৯৮৯), অভিনেত্ৰী
  • লি ইয়িটং (অভিনেত্ৰী) (জন্ম ১৯৯০), অভিনেত্ৰী আৰু গায়িকা
  • লিউ শ্বিশ্বি(জন্ম ১৯৮৭), অভিনেত্ৰী
  • লিউ ইয়ান (নৃত্যশিল্পী) (জন্ম ১৯৮২), ধ্ৰুপদী নৃত্যশিল্পী, কোৰিঅ'গ্ৰাফাৰ, থিয়েটাৰ পৰিচালক আৰু অধ্যাপিকা
  • ভিক্টোৰিয়া ছং (জন্ম ১৯৮৭), গায়িকা, নৃত্যশিল্পী, অভিনেত্ৰী, মডেল, অনুষ্ঠান পৰিচালিকা, লেখিকা আৰু f(x) গোটৰ সদস্য
  • ৱান পেং(জন্ম ১৯৯৬), অভিনেত্ৰী
  • ৱাং লিকুন (জন্ম ১৯৮৫), অভিনেত্ৰী আৰু নৃত্যশিল্পী
  • ৱেই ৱাং, বেলেট নৃত্যশিল্পী আৰু ছান ফ্ৰান্সিস্কো বেলেটৰ প্ৰধান নৃত্যশিল্পী
  • ৱাং ইয়ান (অভিনেত্ৰী) (জন্ম ১৯৭৪), অভিনেত্ৰী
  • ৱাং ইয়িজিন (জন্ম ১৯৯৬), আইডল, অভিনেত্ৰী আৰু BonBon Girls 303ৰ সদস্য
  • ৱাং ইউৱেন (চীনা অভিনেত্ৰী) (জন্ম ১৯৯৭), অভিনেত্ৰী
  • ৱেন হুই (নৃত্যশিল্পী) (জন্ম ১৯৬০), নৃত্যশিল্পী, কোৰিঅ'গ্ৰাফাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা
  • লুলু শুৱান (জন্ম ১৯৯১), অভিনেত্ৰী
  • ঝাং হুইৱেন (জন্ম ১৯৯৩), অভিনেত্ৰী
  • ঝাং ইয়িফান, আইডল, অভিনেত্ৰী আৰু BonBon Girls 303ৰ সদস্য
  • ঝাং জিয়ি (জন্ম ১৯৭৯), অভিনেত্ৰী
  • ঝাও শ্বিয়াওটাং, আইডল, অভিনেত্ৰী আৰু The 9 গ্ৰুোপৰ প্ৰাক্তন সদস্য
  • ঝেং ইউনলং (জন্ম ১৯৯০), অভিনেতা

বাহ্যিক সংযোগ

Beijing Dance Academy

তথ্যসূত্ৰ

  1. ↑ en.bda.edu.cn
  2. ↑ Tian Xie, Frank. (6 December 2025). Beijing Dance Academy Dances to the Tune of Zhongnanhai. Jamestown Foundation
  3. ↑ digiedupro.com www.digiedupro.com Beijing Dance Academy - DigiEduPro

সম্পৰ্কিত শ্ৰেণী

চীনা সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেইজিং ডান্স একাডেমী” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৯৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।