বাঘ-মূৰ জোতা (Tiger head shoes) হৈছে শিশুৰ বাবে ব্যৱহৃত পৰম্পৰাগত চীনা ভাষা লোকহস্তশিল্পৰ এক নিদৰ্শন। ইয়াৰ নাম জোতাযোৰৰ আগফালৰ অংশটো বাঘৰ মূৰৰ দৰে দেখাৰ বাবে হৈছে। উত্তৰ চীনত ইয়াক মেকুৰী-মূৰ জোতা বুলিও কোৱা হয়। চীনা সংস্কৃতিত বাঘক শুভ আৰু মংগলদায়ক প্ৰাণী হিচাপে গণ্য কৰা হয়। সেইবাবে শিশুৱে সবল আৰু বাঘৰ দৰে উদ্যমী হৈ উঠক। এই কামনাৰে জোতাৰ আগফাল আৰু ওপৰৰ অংশত বাঘ বা বাঘৰ মূৰৰ নক্সা চিলাই কৰা হয়। বাঘৰ মূৰৰ উজ্জ্বল আৰু জীৱন্ত প্ৰতিচ্ছবিয়ে অশুভ শক্তিক আঁতৰাই শিশুক ৰোগ-বেমাৰ আৰু দুৰ্যোগৰ পৰা সুৰক্ষা দিয়ে বুলিও বিশ্বাস কৰা হৈছিল। বাঘ-মূৰ জোতা তৈয়াৰ কৰাটো এক জটিল কাম; জোতাৰ মূৰৰ অংশত সূচীকলা বা বয়নৰ দৰে বহুতো সূক্ষ্ম হস্তশিল্পৰ কাম কৰা হয়। জোতাৰ ওপৰৰ অংশ সাধাৰণতে ৰঙা আৰু হালধীয়া ৰঙৰ হয়। বাঘৰ মুখ, ভ্ৰু, নাক আৰু চকুৰ সীমাৰেখা অংকন কৰিবলৈ সাধাৰণতে ডাঠ ৰেখা ব্যৱহাৰ কৰা হয়, যাতে অতিৰঞ্জিত ৰূপত বাঘৰ শক্তি আৰু পৰাক্ৰম প্ৰকাশ পায়।১২
কিংবদন্তি
বাঘ-মূৰ জোতাৰ উৎপত্তিৰ বিষয়ে নিশ্চিত তথ্য পোৱা নাযায় যদিও ইয়াক লৈ কেইবাটাও লোককথা প্ৰচলিত আছে। বাঘ-মূৰ জোতা অশুভ শক্তি নিৰ্বাসনৰ সৈতে জড়িত এক পৰম্পৰাৰ দ্বাৰা চিহ্নিত।৩
তাৰে এটা কিংবদন্তি হ'ল বহু কালৰ আগতে এখন গাঁৱত এগৰাকী বুদ্ধিমতী আৰু নিপুণ হাতৰ মহিলা বাস কৰিছিল। সূচীকলাত তেওঁ আছিল অতি পাৰ্গত। সেয়েহে তেওঁৰ সন্তানটোৱে সদায় সুন্দৰ আৰু পৰিপাটিকৈ সাজ-পোছাক পিন্ধিছিল। এদিন নিশা এটা দানৱ গাঁৱখনলৈ আহি তাত থকা সকলো শিশুকে ধৰি লৈ গ'ল, কেৱল সেই মহিলাগৰাকীৰ পুত্ৰজনৰ বাহিৰে। পিছত গাঁৱৰ মানুহে লক্ষ্য কৰিলে যে শিশুটোৱে পিন্ধি থকা জোতাৰ আগফালে বাঘৰ মূৰৰ নক্সা আছিল, আৰু সেই নক্সাই দানৱটোক ভয় খুৱাইছিল; ফলত শিশুটো সুৰক্ষিত হৈ থাকিল। তাৰ পাছৰে পৰা মানুহে এই পদ্ধতি অনুসৰণ কৰিবলৈ আৰম্ভ কৰিলে।৪
আঞ্চলিক বিস্তৃতি
বাঘ-মূৰ জোতা উত্তৰ চীনত বিশেষভাৱে জনপ্ৰিয়। বিশেষকৈ হেবেই, হেনান, শানদং, শানছি আৰু শানছি প্ৰদেশত ইয়াৰ প্ৰচলন আছে। বিভিন্ন অঞ্চলত বাঘ-মূৰ জোতা নিৰ্মাণৰ বিভিন্ন পদ্ধতি গঢ় লৈ উঠিছে। হেবেই প্ৰদেশৰ দক্ষিণ অংশত সূচীকলা কৰা জোতা বিশেষভাৱে পৰিচিত।৫৬৭৮
সংস্কৃতি
চীনা সংস্কৃতিত বাঘক শক্তিশালী আৰু পৰাক্ৰমী প্ৰাণী হিচাপে দেখা হয় আৰু ইয়াক "পশুৰ ৰজা" বুলিও অভিহিত কৰা হয়। সেয়েহে বাঘৰ উল্লেখ হ'লেই মানুহৰ মনত স্বাভাৱিকভাৱে শক্তি আৰু ভয়ৰ অনুভূতি জাগে। ইয়াৰ ফলস্বৰূপে বাঘৰ সৈতে জড়িত বিভিন্ন অভিব্যক্তি, যেনে বাঘৰ গৰ্জন, বাঘৰ ভয়ংকৰ পৰাক্ৰম, আৰু "বাঘৰ দৰে প্ৰাণৱন্ত" আদি শব্দবন্ধৰ সৃষ্টি হয়, লগতে এই প্ৰাণীটোৰ প্ৰতি একপ্ৰকাৰৰ শ্ৰদ্ধা বা পূজাৰ ভাবো গঢ় লৈ উঠে।
"এটা শিশু ডাঙৰ হৈ অহাৰ সময়ত প্ৰকৃতি বা সমাজৰ ফলত সৃষ্টি হোৱা বিভিন্ন দুৰ্ঘটনা বা আনকি দুৰ্যোগৰো সন্মুখীন হ'ব পাৰে। শিশুটোৱে যাতে সুস্থভাৱে ডাঙৰ হৈ উঠিব পাৰে, তাৰ বাবে এই দুৰ্ঘটনা আৰু দুৰ্যোগসমূহ জয় কৰিব লাগিব। সেয়েহে শিশুটো বাঘৰ দৰে বলিষ্ঠ, গাম্ভীৰ্যপূৰ্ণ আৰু প্ৰাণৱন্ত হৈ উঠক, লগতে বাঘৰ অন্তৰ্নিহিত গুণসমূহো লাভ কৰক। এয়াই কামনা কৰা হয়। এই আশাৰ এক গুৰুত্বপূৰ্ণ প্ৰকাশ হৈছে জোতাৰ আগফাল আৰু ওপৰৰ অংশত বাঘৰ মূৰৰ নক্সা সূতাৰে চিলাই কৰা।"
অৰ্থাৎ, বাঘ বা বাঘৰ মূৰৰ নক্সা অশুভ শক্তি নিৰ্বাসন কৰাৰ লগতে শিশুৰ মাজত "বাঘৰ দৰে সাহসী আৰু প্ৰাণৱন্ত স্বভাৱ" গঢ়ি তোলাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়।
নৱবৰ্ষত পিতৃ-মাতৃয়ে শিশুসকলৰ বাবে নতুন কাপোৰ-কানি কিনি দিয়ে। অতীতত বাঘৰ মূৰযুক্ত টুপী আৰু বাঘৰ মূৰযুক্ত জোতা শিশুসকলৰ অতি জনপ্ৰিয় পোছাকৰ অংশ আছিল। প্ৰায় প্ৰতিটো শিশুৱেই বাঘৰ মূৰযুক্ত টুপী আৰু জোতা পিন্ধিবলগীয়া হৈছিল। সেই সময়ত গাঁৱেই হওক বা চহৰেই হওক, ঘৰুৱা কামত ব্যস্ত থকা মহিলাসকলে এই বাঘৰ মূৰযুক্ত টুপী আৰু জোতা নিজহাতে তৈয়াৰ কৰিব পাৰিছিল। শিশুৰ জন্মৰ আগতেই মাক আৰু আইতাকে শিশুটিৰ বাবে টুপী আৰু জোতা তৈয়াৰ কৰি সাজু কৰি ৰাখিছিল। শিশুৰ জন্মৰ এশ দিন সম্পূৰ্ণ হোৱাৰ পিছত মহিলা আত্মীয়সকলে শিশুটিক উপহাৰ হিচাপে বাঘৰ মূৰযুক্ত টুপী আৰু জোতা আগবঢ়াইছিল। ল’ৰাই সাধাৰণতে ৰঙা ৰঙৰ টুপী আৰু জোতা পিন্ধিছিল। ইয়াৰ অৰ্থ আছিল যে ল'ৰাটি বিপদ-আপদৰপৰা ৰক্ষা পাব আৰু ডাঙৰ হৈ এগৰাকী চৰকাৰী বিষয়া হ’ব। ছোৱালীয়ে সেউজীয়া ৰঙৰ পোছাক পিন্ধিছিল, যাক ‘সেউজীয়া নাৰী’ বুলি কোৱা হৈছিল; ভৱিষ্যতে তেওঁ ফিনিক্সৰ দৰে মহীয়সী হ’ব বুলি আশা কৰা হৈছিল।
তথ্যসূত্ৰ
- ↑ 邯郸县风俗文化 | 米胖. Travel.mipang.com
- ↑ 虎头鞋官方网站-民间手工艺品(非物质文化遗产-虎头鞋) - Powered by ECShop. Hutouxie.cn
- ↑ (2010-01-26). 虎头鞋的寓意和传说 浏览文章 大鹏新闻网. Dpcm.cn
- ↑ 虎头鞋里的故事. D.g.wanfangdata.com.cn
- ↑ (2011-04-20). 虎头鞋(邯郸市丛台教育网(丛台区文教体局)). Ctjyw.com.cn
- ↑ (2009-10-20). 大学生用虎头鞋创业 年收50多万元(图文)-虎头鞋,鞋,布鞋-制鞋行业-hc360慧聪网. Info.shoes.hc360.com
- ↑ 申罡. (2012-03-07). 武香环:"虎头鞋"绣出致富路_中国人物. News.china.com.cn
- ↑ 永年县"虎头鞋"俏销(图)-河北新闻-河北新闻网. Zhuanti.hebnews.cn
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাঘ-মূৰ জোতা” প্ৰবন্ধৰ সংশোধন ৬৪০০৩৭ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।