অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চীনা ভাৱচিত্ৰ

চীনা ভাৱচিত্ৰ বা হাঞ্জি (সৰলীকৃত চীনাত: 汉字, পৰম্পৰাগত চীনাত: 漢字, পিন্যিনত: hànzì, "হান আখৰ") চীনা ভাষা আৰু আন কিছুমান ভাষা লিখিবলৈ ব্যৱহাৰ কৰা ভাৱযুক্ত চিত্ৰ বা আখৰ। এই ভাৱচিত্ৰ আন আন পূব এছিয়াৰ ভাষা লিখিবলৈয়ো ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ২৮ ডিচেম্বৰ ২০২৩ ৪৪৫ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

চীনা ভাৱচিত্ৰ বা হাঞ্জি (সৰলীকৃত চীনাত: 汉字, পৰম্পৰাগত চীনাত: 漢字, পিন্যিনত: hànzì, "হান আখৰ") চীনা ভাষা আৰু আন কিছুমান ভাষা লিখিবলৈ ব্যৱহাৰ কৰা ভাৱযুক্ত চিত্ৰ বা আখৰ।১২ এই ভাৱচিত্ৰ আন আন পূব এছিয়াৰ ভাষা লিখিবলৈয়ো ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপে, জাপানী ভাষাত বৰ্তমানেও ই লিখনৰ এক মুখ্য পদ্ধতি, যাক কাঞ্জি বোলা হয়। চীনা ভাৱচিত্ৰ বিশ্বৰ ভিতৰত আতাইতকৈ পুৰণি নিৰন্তৰভাৱে ব্যৱহৃত লিখন পদ্ধতি।৩ চীনৰ উপৰিও পূব এছিয়াৰ অন্যান্য দেশ আৰু চীনা প্ৰভাৱ থকা আন দেশতো ব্যৱহাৰ হোৱাৰ বাবে চীনা ভাৱচিত্ৰ বিশ্বৰ ভিতৰতেই সৰ্বাধিক ব্যৱহৃত লিখন পদ্ধতিৰ অন্যতম।

সংখ্যা আৰু ৰূপ

অভিধানত দশোসহস্ৰাধিক চীনা ভাৱচিত্ৰ পোৱা যায়। কিন্তু ইয়াৰ প্ৰায় সংখ্যকেই আন ভাৱচিত্ৰৰ বিকৃত ৰূপহে, বা ঐতিহাসিকভাৱে ব্যৱহৃত হ'লেও বৰ্তমানে ব্যৱহৃত নহয়, বা বিশেষ কিছু কাৰণতহে ব্যৱহৃত। মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা সাক্ষৰ চীনা মানুহে তিনিৰ পৰা চাৰি হাজাৰ ভাৱচিত্ৰৰ জ্ঞান ৰাখে। কিন্তু অধিক বিশেষীকৃত ক্ষেত্ৰৰ বাবে ততোধিক ভাৱচিত্ৰৰ জ্ঞানৰ প্ৰয়োজন।৪ জাপানত মাধ্যমিক বিদ্যালয়ত ২১৩৬টা ভাৱচিত্ৰাঅৰ শিক্ষা প্ৰদান কৰা হয়, যাক জয় কাঞ্জি বোলা হয়। কিন্তু দৈনন্দিন জীৱনত কেইবাশ অতিৰিক্ত ভাৱচিত্ৰৰ প্ৰয়োজন হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত চীন আৰু জাপান উভয়তেই লিখন পদ্ধতিৰ সৰলীকৰণ কৰা হ'ল। সেয়ে, বৰ্তমানে চীন আৰু জাপানত ব্যৱহৃত ভাৱচিত্ৰৰ মাজৰ ভালেমান পাৰ্থক্য দেখা যায়। দুয়ো খন দেশৰেই ভাৱচিত্ৰ, ৰূপ আৰু উচ্চাৰণৰ জাতীয় মান্য সূচী আছে। কিছু কিছু ভাৱচিত্ৰৰ সৰলীকৃত ৰূপ চীনৰ মূল ভূখণ্ড, ছিংগাপুৰ আৰু মালয়েছিয়াত ব্যৱহৃত। তাৰ বিপৰীতে, টাইৱান, হংকং, মাকাও আৰু কিছু ক্ষেত্ৰত দক্ষিণ কোৰিয়াত পৰম্পৰাগত চীনা ভাৱচিত্ৰ ব্যৱহাৰ কৰা হয়। জাপানত সাধাৰণতে ব্যৱহৃত ভাৱচিত্ৰসমূহ দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সৰলীকৃত ৰূপত লিখা হয়, পিচে কম ব্যৱহাৰ হোৱা ভাৱচিত্ৰসমূহ পুৰণি বা পৰম্পৰাগত জাপানী ৰূপত লিখা হয়।

গুণাগুণ

আধুনিক চীনা ভাষাত, প্ৰায়সংখ্যক শব্দই মিশ্ৰিত যৌগিক: দুই বা ততোধিক ভাৱচিত্ৰৰ সহায়েৰে লিখা।৫ ইংৰাজী, ফৰাচী, গ্ৰীক আদি ভাষাৰ এল্ফাবেটত প্ৰত্যেক আখৰৰ সৈতে এটি ধ্বনিৰ সম্বন্ধ থাকে। অসমীয়া, গুজৰাটী, সংস্কৃত, হিন্দী আদি ভাষাৰ এবুজিডাত প্ৰত্যেক আখৰৰ নাইবা এটি স্বৰধ্বনি, নহ'লে এটি ব্যঞ্জনধ্বনিৰ সৈতে এটি বিশেষ স্বৰধ্বনিৰ (অসমীয়া ভাষাত "অ") সম্পৰ্ক থাকে। কিন্তু আধুনিক চীনা ভাৱচিত্ৰত প্ৰায় প্ৰত্যেক ভাৱচিত্ৰৰ এটি ধ্বনিগোটৰ সৈতে সম্পৰ্ক থাকে। ই সেয়ে চিলেবেৰীৰ দৰে। কিন্তু তদুপৰি ধ্বনিগোট প্ৰায় অৰ্থহীন নহয়, বৰং শব্দাংশহে।৬ সেয়ে ই চিলেবেৰীতকৈ পৃথক। পিচে এই নিয়ম সকলো সময়ত পালিত নহয়।৭

আধুনিক চীনা ভাষাত একে উচ্চাৰণৰ অনেক শব্দ আছে। সেয়ে একেই ধ্বনিগোট কেইবাটাও ভাৱচিত্ৰৰ উচ্চাৰণৰ সৈতে মিলে। এই কাৰণেই ভাৱচিত্ৰৰ অৰ্থৰ সৈতে সম্পৰ্ক গুৰুত্বপূৰ্ণ হৈ পৰে। কোনটো শব্দত কোনটো ভাৱচিত্ৰ ব্যৱহাৰ কৰা হ'ব সেই কথা নিৰ্ণিত হয় সেই শব্দৰ অৰ্থেৰে। চীনা ভাষাৰ ভিন ভিন ৰূপত একে উৎসৰ শব্দৰ বাবে একেই ভাৱচিত্ৰ প্ৰয়োগ কৰা হয়। জাপানী ভাষাত, আৰু কিছু ক্ষেত্ৰত কোৰিয়ান ভাষাত, ভাৱচিত্ৰৰ প্ৰয়োগ চীনা ভাষাৰ পৰা অহা শব্দ বা থলুৱা শব্দৰ বাবে এনেদৰে কৰা হয় যে ই চীনা ভাষাৰ উচ্চাৰণতকৈ পৃথক। এটি উদাহৰণ হ'ল জাপানী ভাষাৰ কুন-য়'মি। আন শব্দসমূহৰ প্ৰকৃত চীনা ভাষাৰ উচ্চাৰণ বাহাল থাকে। এই শব্দৰ বিদেশী ৰূপক চীনা-সম্বন্ধীয় বা চাইন'-জেনিক উচ্চাৰণ বোলা হয়। ভাষাবিদে এই শব্দসমূহৰ সহায়তেই মধ্যযুগীয় চীনা ভাষাৰ উচ্চাৰণ প্ৰণালীৰ অনুমান কৰিছে।

কিছুমান সাধাৰণ শব্দৰ ভাৱচিত্ৰৰ তালিকা

কিছুমান সাধাৰণ শব্দৰ পাৰম্পৰিক চীনা, সৰলীকৃত চীনা আৰু জাপানী ৰূপ
পাৰম্পৰিক চীনাসৰলীকৃত চীনাজাপানীঅৰ্থ
চীনত সৰলীকৰণ কৰা, কিন্তু জাপানত নকৰা電电電বিজুলী
買买買কিনা
開开開খোলা
東东東পূৱ
車车車গাড়ী, বাহন
紅红紅ৰঙা (জাপানী ভাষাত গাঢ় ৰঙা)
無无無একো নহয়
鳥鸟鳥চৰাই
熱热熱গৰম
時时時সময়
語语語ভাষা
জাপানত সৰলীকৰণ কৰা, কিন্তু চীনত নকৰা佛佛仏মহাত্মা বুদ্ধ
惠惠恵অনুভূতি
德德徳(ভাল) গুণ
拜拜拝পূজা, স্তুতি
黑黑黒ক'লা (ৰং)
冰冰氷বৰফ
兔兔兎শহাপহু
妒妒妬ঈৰ্ষা
জাপান আৰু চীন দুয়ো ঠাইতে সৰলীকৃত, কিন্তু বেলেগ ৰূপত聽听聴শুনা
證证証প্ৰমাণ
龍龙竜অঝ়দহা (ড্ৰেগন)
賣卖売বিক্ৰী কৰা
龜龟亀কাছ
歲岁歳আয়ু, বছৰ
藝艺芸কলা
戰战戦যুদ্ধ
關关関বন্ধ কৰা, আত্মীয়তা
鐵铁鉄লো, ধাতু
圖图図চিত্ৰ, অংকন
團团団গোট, দল
轉转転কেঁকুৰি, ভাঁজ হোৱা
廣广広দীঘল
惡恶悪বেয়া, দুষ্ট
豐丰豊পৰিপূৰ্ণ
腦脑脳মস্তিষ্ক
雜杂雑বিবিধ
壓压圧হেঁচা
雞鸡鶏কুকুৰা
價价価দাম, মূল্য
樂乐楽আনন্দ
氣气気বতাহ
廳厅庁কাৰ্যালয়
জাপান আৰু চীন দুয়ো ঠাইতে সৰলীকৃত, একে ৰূপত聲声声ধ্বনি, মাত
學学学শিকা
體体体শৰীৰ
點点点বিন্দু
貓猫猫মেকুৰী
蟲虫虫পতংগ
舊旧旧পুৰণি, বুঢ়া
會会会কৰিব পৰা (ক্ৰিয়া), পোৱা
萬万万দহ হাজাৰ
盜盗盗চোৰ
寶宝宝মূল্যবান সামগ্ৰী
國国国দেশ
醫医医ঔষধ

তথ্যসূত্ৰ

  1. ↑ World Health Organization. (2007). WHO International Standard Terminologies on Traditional Medicine in the Western Pacific Region. WHO Regional Office for the Western Pacific
  2. ↑ Potowski, Kim. (2010). Language Diversity in the USA. Cambridge University Press. পৃ. 82. ISBN 978-0-521-74533-8
  3. ↑ CCTV.com. (2009-11-18). History of Chinese Writing Shown in the Museums. Artintern.net
  4. ↑ Norman 1988, পৃ. 73
  5. ↑ Wood, Clare Patricia; Connelly, Vincent. (2009). Contemporary Perspectives on Reading and Spelling. Routledge. পৃ. 203. ISBN 978-0-415-49716-9
  6. ↑ East Asian Languages and Chinese Characters. Pinyin.info
  7. ↑ Mair, Victor. (August 2, 2011). Polysyllabic Characters in Chinese Writing. Language Log

সম্পৰ্কিত শ্ৰেণী

চীনা সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চীনা ভাৱচিত্ৰ” প্ৰবন্ধৰ সংশোধন ৩৯৯৩৮০ (২৮ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।