অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিয়ান লিয়ান

বিয়ান লিয়ান (Bian Lian) হৈছে চিছুয়ান অপেৰাৰ অন্তৰ্গত একপ্ৰকাৰৰ প্ৰাচীন চীনা নাটকীয় শিল্প। এই শিল্প পৰিবেশকসকলে উজ্জ্বল ৰঙৰ সাজ-পোছাক পিন্ধি দ্ৰুত নাটকীয় সংগীতত নৃত্য পৰিৱেশন কৰে। তেওঁলোকে বিভিন্ন ৰঙৰ মুখা পিন্ধি সাধাৰণতে অপেৰাৰ সুপৰিচিত চৰিত্ৰসমূহক চিত্ৰিত কৰে।

হালনাগাদ: ১৬ নৱেম্বৰ ২০২৩ ৪০৪ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

বিয়ান লিয়ান (Bian Lian) হৈছে চিছুয়ান অপেৰাৰ অন্তৰ্গত একপ্ৰকাৰৰ প্ৰাচীন চীনা নাটকীয় শিল্প। এই শিল্প পৰিবেশকসকলে উজ্জ্বল ৰঙৰ সাজ-পোছাক পিন্ধি দ্ৰুত নাটকীয় সংগীতত নৃত্য পৰিৱেশন কৰে। তেওঁলোকে বিভিন্ন ৰঙৰ মুখা পিন্ধি সাধাৰণতে অপেৰাৰ সুপৰিচিত চৰিত্ৰসমূহক চিত্ৰিত কৰে। দ্ৰুত সংগীতৰ তালত তেওঁলোকে কাৰিকৰী কৌশলেৰে বা মূৰৰ গতি বা হাতৰ ঢৌৰ দ্বাৰা নিমিষতে এখন মুখাৰ পৰা আন এখন মুখালৈ সলনি কৰে।

ইতিহাস

মুখা সলনি কৰা বা চীনা ভাষাত "বিয়ান লিয়ান" চীনা চিছুয়ান অপেৰাৰ এটা গুৰুত্বপূৰ্ণ উপশৈলী। চিছুয়ান অপেৰা হান চীনা অপেৰাসমূহৰ ভিতৰত অন্যতম, ই পূব আৰু মধ্য চিছুয়ান, চংকিং আৰু ইউনান প্ৰদেশৰ গুইঝৌ প্ৰদেশত জনপ্ৰিয়। চিছুয়ান অপেৰাৰ মাস্ক হৈছে চিছুয়ান অপেৰা পৰিবেশনৰ গুৰুত্বপূৰ্ণ অংশ। প্ৰাচীন অপেৰা শিল্পীসকলে একেলগে কাম কৰি নিজাকৈ এনে মুখা সৃষ্টি কৰিছিল আৰু এনেদৰেই শিল্পবিধে এটা গতি লাভ কৰে। মুখা পৰিবৰ্তনৰ প্ৰকৃত ৰহস্য পৰিয়ালৰ ভিতৰতে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ আগবাঢ়িছে। পৰম্পৰাগতভাৱে কেৱল পুৰুষসকলকহে বিয়ান লিয়ান শিকিবলৈ অনুমতি দিয়া হৈছিল। ইয়াৰ অন্তৰালৰ তত্ত্বটো আছিল যে মহিলাসকল সদায়ে পৰিয়ালৰ ভিতৰত নাথাকে অৰ্থাৎ বেলেগ এখন ঘৰলৈ বিয়া হৈ যাব লাগিব, যাৰ ফলত এই গোপনীয়তা আন এটা পৰিয়াললৈ যোৱাৰ আশংকা বৃদ্ধি পায়।১ বিতৰ্কিতভাৱে কেণ্ডি চং নামৰ এগৰাকী মালয়েছিয়ান চীনা মহিলাই পিতৃৰ পৰা বিয়ান লিয়ান শিকি জনপ্ৰিয় অভিনেতা হিচাপে পৰিগণিত হৈছে।২ আন এগৰাকী মহিলা অভিনেতা ডু লি মিনে তেওঁৰ স্বামী বিয়ান জিয়াঙৰ সৈতে কুৱালালামপুৰত কৰ্মশালা অনুষ্ঠিত কৰি এই শিল্পৰ প্ৰশিক্ষণ দিছে।১

২০০৬ চনত ছিচুয়ান অপেৰাৰ পৰিবেশক ৱাং ডাওজেঙে দিয়া এক সাক্ষাৎকাৰত কয় যে ১৯৮৬ চনত ছিচুয়ান অপেৰাৰ এটা দলৰ জাপান ভ্ৰমণৰ সময়ত বিয়ান লিয়ানৰ গোপনীয়তা ফাদিল হৈছিল। চীনৰ এই পৰম্পৰাগত গোপন পৰিবেশন কলাৰ ফাদিলৰ বাবে ৱাঙে শোক প্ৰকাশ কৰে আৰু জাপান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া আদি দেশৰ অচীনা পৰিবেশকসকল ভালদৰে প্ৰশিক্ষিত নহয় বুলিও উদ্বেগ প্ৰকাশ কৰে। ৱাঙৰ মতে বিয়ান লিয়ান চীনৰ গোপনীয়তা আইনসমূহৰ দ্বাৰা সুৰক্ষিত পৰম্পৰাগত কলাসমূহৰ ভিতৰত অন্যতম যদিও চীনৰ গণৰাজ্যৰ সংস্কৃতি মন্ত্ৰালয়ৰ বিষয়াসকলে এই কথা সঁচা নহয় বুলি উল্লেখ কৰিছে।৩

২০০৩ চনত হংকঙৰ পপ তাৰকা এণ্ডি লাউৱে এই কৌশল শিকিবলৈ বিয়ান লিয়ানৰ মাষ্টাৰ পেং ডেংহুয়াইক ৩,০০০,০০০ ইউয়ান (প্ৰায় ৩,৬০,০০০ মাৰ্কিন ডলাৰ) দিবলৈ প্ৰস্তাৱ দিছিল বুলি অভিযোগ উঠিছিল। লাউৱে পেঙৰ পৰা এই কৌশলসমূহ শিকিছিল যদিও এইক্ষেত্ৰত দুয়োজনৰ মাজত কোনো ধৰণৰ ধনৰ বিনিময় হোৱা নাছিল বুলি তেওঁলোকে জানিবলৈ দিয়ে।১৪ মুখা সলনিৰ গোপনীয়তা জানিলেই এই কৌশল আয়ত্ত কৰা সহজ হৈ নুঠে। তেতিয়ালৈকে এণ্ডি লাউৱে কেৱল মাস্কবোৰ ইমান সোনকালে কেনেকৈ সলনি কৰা হয় সেই বিষয়েহে শিকিছিল কিন্তু তেতিয়াও এই কৌশলটো আয়ত্ত কৰিব পৰা নাই বুলি মন্তব্য প্ৰকাশ কৰিছিল।৫

ঐতিহাসিকভাৱে বিয়ান লিয়ান শৈলীৰ প্ৰচলন চীনৰ বাহিৰত খুব কমেইহে দেখা গৈছিল কাৰণ অন্য ব্যক্তিক এই শিল্প শিকিবলৈ অনুমতি দিয়া হোৱা নহৈছিল। ২০০০ চনৰ মাজভাগৰ পৰা মাজে মাজে আন্তঃৰাষ্ট্ৰীয় গণমাধ্যম আৰু চীনা থিমৰ অনুষ্ঠানত এই শিল্পৰ পৰিবেশন আৰম্ভ হয়। জুলিয়ানা চেনে দ্য ৱৰ্ল্ডছ গ্ৰেটেষ্ট মেজিক টেলিভিছন বিশেষত বিয়ান লিয়ান প্ৰদৰ্শন কৰিছিল।৬ ইয়াৰ বাহিৰেও মাইকেল ষ্ট্ৰাউডে (দ্য মেজিক বাজাৰৰ চৰিত্ৰত) আমেৰিকা গট টেলেণ্টত বিয়ান লিয়ানৰ অভিনয় প্ৰদৰ্শন কৰিছিল।৭ পেন এণ্ড টেলাৰৰ মেজিক এণ্ড মিষ্ট্ৰী ট্যুৰতো বিয়ান লিয়ানৰ অভিনয় প্ৰদৰ্শন কৰা হৈছিল।

যিহেতু চীনৰ বাহিৰত অপেৰাৰ সাংস্কৃতিক ভিত্তি ভালদৰে পৰিচিত নহয়, সেয়েহে আন্তঃৰাষ্ট্ৰীয় পৰিবেশকসকলে বিভিন্ন মুখাৰ প্ৰসংগ আৰু অৰ্থ নজনা পশ্চিমীয়াসকলৰ বাবে এই বিশেষ কলা বিধৰ মনোৰঞ্জনৰ মূল্য অৱগত আৰু বৃদ্ধি কৰাৰ প্ৰচেষ্টা চলাই আহিছে।

তথ্যসূত্ৰ

  1. ↑ Koay, Allan. (19 January 2009). Ancient art unmasked. The Star Malaysia
  2. ↑ Beautiful mask-changer, The Star Malaysia, 14 April 2007
  3. ↑ People's Daily website. (7 June 2006). PRC Ministry of Culture Says Face-Changing was Not Certified as a Traditional Art Covered by the PRC Secrecy Law 文化部称川剧变脸未经保密法认定
  4. ↑ Lu Chang. (25 September 2003). Changing face of face-changing. Shanghai Star. China Daily
  5. ↑ Probably the world's only female face-changer. Unconventional World Records
  6. ↑ The World's Greatest Magic (NBC),2008
  7. ↑ America's Got Talent, June 2010

সম্পৰ্কিত শ্ৰেণী

চীনা সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিয়ান লিয়ান” প্ৰবন্ধৰ সংশোধন ৩৯১৯৯৬ (১৬ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।