বান্দৰ ৰজা উৎসৱ ( Monkey King Festival) (চীনা ভাষাত 齊天大聖千秋) হংকঙত চীনা পঞ্জিকাৰ অষ্টম চন্দ্ৰ মাহৰ ১৬ তাৰিখে উদ্যাপন কৰা হয়। এই দিনটো মধ্য-শৰৎ উৎসৱৰ পাছদিনা আৰু গ্ৰেগৰিয়ান পঞ্জিকা অনুসৰি সাধাৰণতে ছেপ্টেম্বৰ মাহত পৰে। এই উৎসৱৰ উৎপত্তি ১৬শ শতিকাৰ বিখ্যাত চীনা মহাকাব্যিক উপন্যাস জাৰ্নি টু দ্য ৱেষ্টৰ সৈতে জড়িত। উপন্যাসখন মিং বংশৰ (১৩৬৮–১৬৪৪) সময়ত ১২ চীনা ঔপন্যাসিক উ চেং'এন (উ চেং'এন, ১৫০০–১৫৮২)এ ৰচনা কৰিছিল। উপন্যাসখনত তাওবাদৰ অমৰত্বৰ ধাৰণা আৰু বৌদ্ধ ধৰ্মৰ পুনৰ্জন্মৰ ধাৰণা প্ৰকাশ পাইছে।৩ উৎসৱৰ মুখ্য চৰিত্ৰ হৈছে উপন্যাসখনৰ বিখ্যাত বান্দৰ চৰিত্ৰ ছুন উকং, যাক বান্দৰ ৰজা বুলিও জনা যায়।
কাহিনী
এই কাহিনী চীনৰ লোককথাৰ ইতিহাসত স্থান লাভ কৰিছে। ইয়াৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে শুৱানজাং, তেওঁ টাং ৰাজবংশৰ (৬১৮–৯০৭) সময়ৰ এজন বৌদ্ধ ভিক্ষু আছিল। অসুৰ আৰু ডকাইতৰদ্বাৰা হাৰাশাস্তিৰ সন্মুখীন হৈ তেওঁ নিজৰ শিষ্য আৰু ৰক্ষকসকলক বান্দৰ ৰজা ছান উকং, পিগ্ছি (猪八戒) আৰু ছেণ্ডি (沙悟净)ৰ সৈতে প্ৰাচীন ভাৰতলৈ যাত্ৰা কৰে। তেওঁলোকে পিছলৈ বৌদ্ধ ধৰ্মগ্ৰন্থ লৈ চীনলৈ উভতি আহে।
উপন্যাসখনৰ কাহিনী চীনৰ জনপ্ৰিয় সংস্কৃতিৰ অংশ হৈ পৰে। বান্দৰ ৰজা যেতিয়া এখন বৌদ্ধ উপন্যাসত স্থান লাভ কৰে, তেতিয়া প্ৰাচীন চীনৰ সাংস্কৃতিক পৰিমণ্ডলত তেওঁৰ জনপ্ৰিয়তা বহুগুণে বৃদ্ধি পায়। তেওঁৰ সন্মানত মন্দিৰ নিৰ্মাণ কৰা হয় আৰু তেওঁৰ জীৱন-চৰিত্ৰও প্ৰতিষ্ঠা লাভ কৰে। বান্দৰ ৰজাৰ জন্মদিন নতুন বছৰৰ দিন হিচাপেও পালন কৰা হয়। তেওঁৰ অসীম প্ৰতিভা আৰু চতুৰ বুদ্ধিৰ বাবে এই দিনটো ‘কৌশলীজনৰ দিন’ হিচাপেও পৰিগণিত হয়।৪
উদ্যাপন
বান্দৰ ৰজা উৎসৱৰ উদ্যাপনত সাধাৰণতে ধূপ আৰু কাগজৰ নৈৱেদ্য জ্বলোৱা হয়।৫ তাওবাদীসকলে হাৰিকেন ঘূৰ্ণি লাথিৰ দৰে কিছুমান ক্ৰিয়াশীল কৌশল প্ৰদৰ্শন কৰি বান্দৰ ৰজা উৎসৱ পালন কৰে। ৬ কাউলুনৰ ছাউ মাউ পিঙত থকা বান্দৰ ৰজা মন্দিৰত ৭৮ এজন মাধ্যমৰ জৰিয়তে পশ্চিমলৈ যাত্ৰা উপন্যাসত বৰ্ণিত বান্দৰ ৰজাৰ স্বৰ্গৰ আন দেৱতাসকলৰ সৈতে হোৱা যুদ্ধৰ পুনৰাভিনয় কৰা হয়। মাধ্যমজনৰ ওপৰত বান্দৰ ৰজাৰ আত্মাই ভৰ কৰে বুলি বিশ্বাস কৰা হয়। তাৰ পিছত তেওঁ খালী ভৰিৰে জ্বলি থকা কয়লাৰ ওপৰেৰে দৌৰি যায় আৰু কটাৰীৰে নিৰ্মিত জখলাত উঠে। বান্দৰ ৰজাৰ মূৰ তামৰ আৰু কান্ধ লোহাৰ বুলি বিশ্বাস কৰা হয়; সেয়েহে এই কৌশলসমূহ প্ৰদৰ্শন কৰাৰ পাছতো তেওঁ আঘাতপ্ৰাপ্ত নহয় বুলি বিশ্বাস কৰা হয়।৯
সম্পৰ্কিত ৰীতি-নীতি
দক্ষিণ-পশ্চিম শানডংৰ এজন জাৰ্মান মিছনেৰীয়ে আন এটা প্ৰথাৰ কথা উল্লেখ কৰিছিল, য’ত “অগতানুগতিক কাৰ্যকলাপ” আৰু জনপ্ৰিয় সংস্কৃতিৰ সংমিশ্ৰণ দেখা যায়।১০ এই উৎসৱত ছান উকং অৰ্থাৎ বান্দৰ ৰজাৰ আত্মাক এক বিশেষ আচাৰস্থলীলৈ আহিবলৈ আহ্বান জনোৱা হয়।
এই উদ্দেশ্যে চাৰিজন যুৱকক নিৰ্বাচন কৰা হয়। তেওঁলোকে ছান উকঙক তেওঁৰ যুদ্ধকৌশল প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। নিৰ্বাচিত পৱিত্ৰ স্থানত তেওঁলোকে মাটিত মুখ লগাই পৰি থাকে আৰু অৱশেষত তেওঁলোকৰ এজনৰ ওপৰত বান্দৰ দেৱতাৰ আত্মাই ভৰ কৰে বুলি বিশ্বাস কৰা হয়। আত্মাই ভৰ কৰা ব্যক্তিজনক মা-পি বুলি কোৱা হয়, যাৰ অৰ্থ ‘ঘোঁৰা’; আত্মাই ভৰ কৰা লোকক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয়।
ইয়াৰ পিছত সেই ব্যক্তিজনক জগাই তোলা হয় আৰু এখন তৰোৱাল দিয়া হয়। তেওঁ তৰোৱালখন ইফালে-সিফালে ঘূৰাই, টেবুল আৰু বেঞ্চৰ ওপৰেৰে জঁপিয়াই একপ্ৰকাৰৰ যুদ্ধকলা প্ৰদৰ্শন কৰে। অনুষ্ঠানস্থলীত জ্বলি থকা ধূপ শেষ হৈ নুমাই যোৱাৰ লগে লগে যুৱকজন ক্লান্ত হৈ মাটিত পৰি যায়। ১১ ছিংগাপুৰতো বান্দৰ দেৱতাৰ জন্মদিন উদ্যাপন কৰা হয়।
গ্ৰন্থপঞ্জী
- Avant, Gerald Rodney. (2005). The Magic Lotus Lantern And Other Tales from the Han Chinese. AuthorHouse. পৃ. 129. ISBN 978-1-4184-9278-6
- Esherick, Joseph W. (1987). The Origins of the Boxer Uprising. University of California Press. পৃ. 62–63. ISBN 978-0-520-06459-1
- Stepanchuk, Carol; Wong, Charles Choy. (1991). Mooncakes and Hungry Ghosts: Festivals of China. China Books. পৃ. 127. ISBN 978-0-8351-2481-2
- Melton, J. Gordon. (2011). Religious Celebrations: An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations. ABC-CLIO. পৃ. 586. ISBN 978-1-59884-205-0
- Yuan, Haiwang. (2006). The Magic Lotus Lantern And Other Tales from the Han Chinese. Libraries Unlimited. পৃ. 15, 209. ISBN 978-1-59158-294-6
তথ্যসূত্ৰ
- ↑ Melton 2011, পৃ. 586
- ↑ Monkey God. Chinatownalogy
- ↑ Yuan 2006, পৃ. 15
- ↑ Stepanchuk Wong 1991, পৃ. 127
- ↑ Monkey God Festival. DiscoverHongKong.com. Hong Kong Tourism Board
- ↑ (October 1983). Black Belt. Black Belt. Buyer's Guide. Active Interest Media, Inc. পৃ. 56–
- ↑ Hong Kong Tourism Board: Monkey God Festival
- ↑ Ng, June. (4 December 2008). Losing Our Religion. HK Magazine
- ↑ (September 27, 2004). Briefing: Monkey God Festival. The Herald
- ↑ Esherick 1987, পৃ. 62-63
- ↑ Esherick 1987, পৃ. 62-63
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বান্দৰ ৰজা উৎসৱ” প্ৰবন্ধৰ সংশোধন ৬৩৩৬০৪ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।