অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লামো

লামো (Lhamo; তিব্বতীয় ভাষাত:ལྷ་མོ, ৰোমানীকৰণঃ লা মো) হৈছে সংগীত আৰু নৃত্যৰ যুগলবন্দীৰে পৰিৱেশিত তিব্বতৰ একপ্ৰকাৰ ধ্ৰুপদী ধৰ্মনিৰপেক্ষ থিয়েটাৰ, যাক বহু শতিকা জুৰি পৰিৱেশন কৰি অহা হৈছে। পশ্চিমীয়া অপেৰা থিয়েটাৰৰ সৈতে এই নৃত্যাভিনয়ৰ সাদৃশ্য আছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৭২৩ শব্দ · ৪ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ৱাংডু ফোদ্ৰাং চেচুৰ মুখা পিন্ধা নৃত্যশিল্পী (নায়ক আৰু উৰি যোৱা কুকুৰ)।]]

ত অনুষ্ঠিত এক চেচু উৎসৱত মৃত্যুৰ ভগৱান আৰু তেওঁৰ পত্নীৰ নৃত্য।]]

কিং ৰাজবংশৰ সময়ত লামো
কিং ৰাজবংশৰ সময়ত লামোছবি: Unknown author · Public domain
১৯৩৯ চনত গোংকাৰ জংৰ সন্মুখত আচে লামো
১৯৩৯ চনত গোংকাৰ জংৰ সন্মুখত আচে লামোছবি: Ernst Schäfer · CC BY-SA 3.0 de

লামো (Lhamo; তিব্বতীয় ভাষাত:ལྷ་མོ, ৰোমানীকৰণঃ লা মো) হৈছে সংগীত আৰু নৃত্যৰ যুগলবন্দীৰে পৰিৱেশিত তিব্বতৰ একপ্ৰকাৰ ধ্ৰুপদী ধৰ্মনিৰপেক্ষ থিয়েটাৰ, যাক বহু শতিকা জুৰি পৰিৱেশন কৰি অহা হৈছে। পশ্চিমীয়া অপেৰা থিয়েটাৰৰ সৈতে এই নৃত্যাভিনয়ৰ সাদৃশ্য আছে। অভিনয়ত হাস্যৰসৰ সৈতে এক আখ্যান আৰু সৰল সংলাপ থাকে আৰু ব্যংগাত্মক চৰিত্ৰবোৰে ৰঙীন মুখা পিন্ধে। এই নাট্য-নাটকসমূহৰ মূল কাহিনীসমূহৰ বেছিভাগেই প্ৰাচীন ভাৰতীয় বৌদ্ধ লোককথা, গুৰুত্বপূৰ্ণ মানুহৰ জীৱন আৰু তিব্বতী সভ্যতাৰ ঐতিহাসিক ঘটনাৰ পৰা লোৱা হৈছে। অৱশ্যে এই আনুষ্ঠানিক নৃত্য আৰু আচাৰ-অনুষ্ঠানসমূহে তিব্বতৰ ৰাজকীয় ৰাজবংশৰ সময়ছোৱাক (তিব্বেতান ৰয়েল ডায়েনেষ্টিক পিৰিয়দ) প্ৰতিফলিত কৰে।

তিব্বতৰ বৌদ্ধ ধৰ্ম আৰু তিব্বতী সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত ভূটান আৰু অন্যান্য অঞ্চলতো একেধৰণৰ পৰম্পৰা পোৱা যায়। লামো ৰ তিনিটা প্ৰধান ভাগ হ'ল; কিমুলুঙ্গা, জ্ঞিংগাৰা আৰু চুংবা।১

ইতিহাস

মৌখিক বিৱৰণীত আচে লামো পৰম্পৰাৰ যি ভেটি, তাৰ কৃতিত্ব ১৪ শতিকাৰ ৰহস্যবাদী থাং টং গ্যালপোক দিয়া হৈছিল। লামোৰ আধ্যাত্মিক আৰু অ-আধ্যাত্মিক দুয়োটা মূলেই আছে বুলি গণ্য কৰা হয়।২ ১৪শ-১৫শ শতিকাত আচে লামো যিধৰণে পৰিৱেশন কৰা হৈছিল, সেই পৰিৱেশন পদ্ধতি আৰু শৈলীৰ বৰ্তমান সামান্য পৰিৱৰ্তন হৈছে। আজিও, প্ৰতিটো প্ৰদৰ্শন আৰম্ভ হোৱাৰ আগতে পূৰ্বৰ ধৰণেৰে উদ্বোধনী ৰীতি-নীতিৰ প্ৰদৰ্শন হয়, প্ৰকৃত পোচাক পৰিধান কৰা হয় আৰু গায়ন-বায়ন, নৃত্য আৰু সংগীত পৰম্পৰা কঠোৰভাৱে পালন কৰা হয়।

পঞ্চম দালাই লামা, নবাং লবচাং গ্যাটছো (১৬১৭-১৬৮২খ্ৰীষ্টাব্দ)ৰ সময়লৈকে লামো দলসমূহৰ বিকাশৰ বিষয়ে কমকৈহে জনা গৈছিল। পোটালা প্ৰাসাদৰ দেৱালত ১৬৯৫ চনৰ পৰা ১৭০৫ চনৰ ভিতৰত অংকন কৰা লামো কাহিনীৰ মিউৰেল আছে। কিছুমান মৌখিক আখ্যান অনুসৰি হাণ্টাৰ বা ফিচাৰমেন (তিব্বতী: নংপা)ৰ সাজ-পোছাক আৰু মুখা পঞ্চম দালাই লামাই তেওঁৰ ব্যক্তিগত সপোনৰ আধাৰত ডিজাইন কৰিছিল। ১৯ শতিকাৰ আৰম্ভণিলৈকে, আচে লামোৰ পৰিৱেশন সমগ্ৰ তিব্বততে প্ৰচলন আছিল। প্ৰতিখন ডাঙৰ জিলাতে অপেশাদাৰী শিল্পীৰ এটা স্থায়ী দলে বছৰটোৰ বিভিন্ন আনুষ্ঠানিক অনুষ্ঠানত স্থানীয় লোকৰ বাবে অনুষ্ঠান পৰিৱেশন কৰিছিল।

তাশি শ্লৌপা, চংগ্যে ফুন্দুন, চাংপা, গ্যালখাৰা, চুংপা আৰু ক্যায়ৰ'মুলুংকে ধৰি কিছুমান উল্লেখযোগ্য দলৰ বহু চাহিদা আছে আৰু ই সদায় নৰবু লিংখা, ড্ৰেপুং মনেষ্ট্ৰি আৰু ছেৰা মঠত অনুষ্ঠিত চৰকাৰী উৎসৱৰ এক নিয়মীয়া অংশ। ইয়াত প্ৰদৰ্শন কৰা প্ৰদৰ্শনকাৰীসকল হৈছে সন্ন্যাসী আৰু সাধাৰণ লোক; যি লামোক ভাল পায়। বহুতো তিব্বতীয় লোক এই গানবোৰৰ সৈতে পৰিচিত আৰু তেওঁলোকে নিজৰ বাবে বা সামাজিক সমাৱেশত মনোৰঞ্জনৰ বাবে আৰিয়া অৰ্থাৎ এই গানবোৰ গায়। লামো পৰম্পৰাৰ সকলো শৈলী মৌলিকভাৱে ঢোল আৰু হাত চাপৰিৰ ওপৰত নিৰ্ভৰ কৰে।৩

তিব্বতী ভাষাত এই থিয়েটাৰক আল-চে-লা-মো, অভিনেতাক লা-মো-বা আৰু সংগীতালখ্যক খ্ৰাব-গঝুং বুলি কোৱা হয়। তিব্বতী অপেৰা লিপিটো হাজাৰ হাজাৰ বছৰ ধৰি তিব্বতী লোকসকলৰ সাংস্কৃতিক জ্ঞানৰ স্ফটিকীকৰণৰ এক উদাহৰণ হিচাপে গণ্য কৰা হয়। ইয়াক তিব্বতী সংস্কৃতিৰ "জীৱন্ত জীৱাশ্ম" হিচাপে গণ্য কৰা হয়, আৰু ২০০৯ চনত ইয়াক ইউনেস্কো শিলালিপি হিচাপে "মানৱতাৰ অস্পৰ্শনীয় সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিনিধি তালিকা" ত অন্তৰ্ভুক্ত কৰা হৈছিল।৪

থাং টং গ্যালপো

জনপ্ৰিয়ভাৱে এই কথা বিশ্বাস কৰা হয় যে, আচে লামো বা তিব্বতীয় অপেৰা পৰিৱেশন কৰাৰ পৰম্পৰা ১৪শ শতিকাৰ ৰহস্যবাদী থাং টং গ্যালপোৰ দ্বাৰা আৰম্ভ কৰা হৈছিল, যি ১৩৬১ চনত তিব্বতৰ শ্বিগাটছে কাউণ্টিৰ এজন কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁ সৰু হৈ থাকোতে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক ট্ৰৱ'বেণ্ডন নাম দিছিল আৰু সাংস্কৃতিক শিক্ষা লবলৈ স্থানীয় মঠলৈ পঠিয়াইছিল। তেওঁ বহু বছৰ ধৰ্ম অধ্যয়নত অতিবাহিত কৰি অতি বুদ্ধিমান হৈ পৰিছিল আৰু সেয়েহে তেওঁক চুয়েন্দু চাংপো নাম দিয়া হৈছিল। তাৰ পিছত তেওঁ অধিক জ্ঞান আহৰণ কৰিবলৈ লাছালৈ আহিছিল। এদিন লাছা নদীৰ বন্দৰত তেওঁ দেখিছিল যে বহুতো লোকৰ হাতত পৰ্যাপ্ত পৰিমানৰ ধন নথকাৰ বাবে নদীখন পাৰ হ'ব পৰা নাছিল। তেওঁ কেপ্টেইনজনক তেওঁলোকক বিনামূলীয়াকৈ নদী পাৰ হ'বলৈ দিবলৈ অনুৰোধ কৰিছিল। কিন্তু মানুহবোৰক পাৰ কৰাই দিয়াৰ পৰিৱৰ্তে কেপ্টেনে তেওঁক প্ৰহাৰ কৰিলে। ফলশ্ৰুতিত তেওঁ নদীখনৰ ওপৰত এখন দলং নিৰ্মাণ কৰাৰ সংকল্প লয়।

দলং নিৰ্মাণ কৰিবলৈ তেওঁক শ্ৰমিক আৰু ধন তথা বিভিন্ন সামগ্ৰীৰ প্ৰয়োজন হৈছিল। সেইবাবে, চাউ ৰীত দলং নিৰ্মাণৰ সময়ত তেওঁ শ্ৰমিক দলৰ পৰা তিব্বতৰ লোকা কাউণ্টিৰ সাতগৰাকী ছোৱালীক বাছি লয় আৰু তেওঁলোকক কিছু নৃত্য-গীত শিকায়। এই ছোৱালীবোৰে সমবেত সংগীতৰ আয়োজন কৰিছিল আৰু সুন্দৰ সাজ-পোছাকৰে অলংকৃত হৈ চহৰ আৰু গাওঁবোৰ ভ্ৰমণ কৰি সম্পদ সংগ্ৰহ কৰিবলৈ নৃত্য পৰিৱেশন কৰিছিল। যোগীসকলে ঢোল আৰু হাতচাপৰি বজাইছিল আৰু ছোৱালীকেইজনীয়ে নাচিছিল আৰু গাইছিল। দৰ্শকসকলে মুগ্ধ হৈ পৰিৱেশনকাৰীসকলক "দেৱী" বুলি প্ৰশংসা কৰিছিল (তিব্বতীয়ঃ ল্হামো) আৰু তেতিয়াৰ পৰা তেওঁলোকক দেৱী ভগ্নী বুলি জনা গৈছিল। এই আৰম্ভণিৰ পৰাই আচে লমোৰ পৰম্পৰা বিকশিত হৈছিল।

চহৰ আৰু গাওঁবোৰত ৫৮ খন লোহাৰ দলং আৰু ৬০ খন কাঠৰ দলং নিৰ্মাণ কৰাত থাং টং গ্যালপোৰ বহু বছৰৰ পৰিশ্ৰম জড়িত হৈ আছিল। ১৪৮৫ চনত টো ৰিৱ'চত তেওঁৰ মৃত্যু হয়।

তিব্বত আৰু ভূটানৰ কিছু ঠাইত আজিও তেওঁলোকৰ লোহাৰ শিকলিৰ কিছুমান দলঙৰ অৱশিষ্ট আছে। নতুন ঘৰ এখনত থাকিবলৈ যোৱাৰ সময়ত তিব্বতীয়সকলে তেওঁৰ ছবি আৰু মূৰ্তি স্থাপন কৰাটো এক প্ৰথা হৈ পৰিছিল। উদ্বোধনী অনুষ্ঠানৰ নৃত্যৰ সময়ত, প্ৰতিটো লামো বা অপেৰা দলে মঞ্চৰ মাজত তেওঁৰ মূৰ্তি স্থাপন কৰে আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তথ্যসূত্ৰ

  1. ↑ Ahmed. (Spring 2006). Tibetan Folk Opera: "Lhamo" in Contemporary Cultural Politics. Asian Theatre Journal. পৃ. 149–178
  2. ↑ Fitzgerald, Kati. (Spring 2014). Tibetan Opera in and outside the Tibet Autonomous Region. Asian Theatre Journal. পৃ. 271
  3. ↑ Dorjee; Josayma, C. B.; Tsering, Migmar. (Summer 1984). Lhamo: The folk opera of Tibet. The Tibet Journal. পৃ. 21
  4. ↑ Tibetan opera - intangible heritage - Culture Sector - UNESCO. United Nations Education Scientific and Cultural Organization

সম্পৰ্কিত শ্ৰেণী

চীনা সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লামো” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৬৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।