অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লাবা উৎসৱ

লাবা উৎসৱ (Laba Festival, চীনা: 臘八節) হৈছে চীনা দিনপঞ্জীৰ দ্বাদশ মাহ অৰ্থাৎ লা মাহৰ (বা লায়ুৱে 臘月) অষ্টম দিনা উদ্‌যাপন কৰা এটা পৰম্পৰাগত চীনা উৎসৱ। ইয়াৰ জৰিয়তে চীনা নৱবৰ্ষৰ সময়ছোৱাৰ সূচনা হয়। এই দিনটোত লাবা কঞ্জী (একপ্ৰকাৰৰ চাউলৰ জাউ বা পায়স) খোৱাটো এক পৰম্পৰাগত ৰীতি।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৩৩৪ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

লাবা উৎসৱ (Laba Festival, চীনা: 臘八節) হৈছে চীনা দিনপঞ্জীৰ দ্বাদশ মাহ অৰ্থাৎ লা মাহৰ (বা লায়ুৱে 臘月) অষ্টম দিনা উদ্‌যাপন কৰা এটা পৰম্পৰাগত চীনা উৎসৱ। ইয়াৰ জৰিয়তে চীনা নৱবৰ্ষৰ সময়ছোৱাৰ সূচনা হয়। এই দিনটোত লাবা কঞ্জী (একপ্ৰকাৰৰ চাউলৰ জাউ বা পায়স) খোৱাটো এক পৰম্পৰাগত ৰীতি।

উত্তৰ আৰু দক্ষিণ ৰাজবংশৰ সময়লৈকে লাবা উৎসৱ কোনো এক নিৰ্দিষ্ট দিনত অনুষ্ঠিত হোৱা নাছিল। পৰৱৰ্তী সময়ত ই বৌদ্ধ ধৰ্মৰদ্বাৰা প্ৰভাবিত হয় আৰু দ্বাদশ মাহৰ অষ্টম দিনটোত ইয়াক স্থিৰ কৰা হয়, যিটো দিন বুদ্ধদেৱৰ দিব্যজ্ঞান লাভৰ দিনো আছিল। সেয়েহে, লাবা উৎসৱৰ বহুতো আচাৰ-পৰম্পৰা বৌদ্ধ ধৰ্মৰ সৈতে জড়িত। ই জাপানী ৰোহাটছু আৰু দক্ষিণ এছিয়াৰ বোধি দিৱসৰ সৈতে পোনপটীয়াভাৱে সাদৃশ্যপূৰ্ণ।

ইতিহাস

লাবা উৎসৱৰ নামকৰণে চীনা দিনপঞ্জীত ইয়াৰ তিথি বা তাৰিখটোক প্ৰতিনিধিত্ব কৰে। 'লা' হৈছে দ্বাদশ তথা অন্তিম মাহটোৰ নাম, আৰু 'বা' মানে হৈছে "আঠ।" ১ প্ৰাচীন চীনত, এই "আঠ" সংখ্যাটোৱে বছৰৰ শেষত আঠগৰাকী দেৱতাৰ উদ্দেশ্যে উৎসৰ্গিত বলিপ্ৰথাক বুজাইছিল।২

মূলতঃ, নতুন বছৰত সৌভাগ্য, স্বাস্থ্য, সুৰক্ষা আৰু প্ৰচুৰ শস্য উৎপাদনৰ কামনা কৰি দেৱ-দেৱী আৰু পূৰ্বপুৰুষসকলৰ উদ্দেশ্যে বলিদান বা নৈৱেদ্য আগবঢ়াই এই উৎসৱ উদ্‌যাপন কৰা হৈছিল।৩২ 'লা' শব্দটোৱে প্ৰথমাৱস্থাত এই ধৰ্মীয় বলি-বিধানকে বুজাইছিল।৩

খ্ৰীষ্টীয় প্ৰথম শতিকাত চীন দেশত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ ঘটাৰ পিছত, এই উৎসৱটো গৌতম বুদ্ধৰ দিব্যজ্ঞান লাভৰ স্মাৰক হিচাপে পালিত হ’বলৈ ধৰে।২ উত্তৰ আৰু দক্ষিণ ৰাজবংশৰ ৰাজত্বকালত ইয়াক এটা নিৰ্দিষ্ট দিনত (দ্বাদশ মাহৰ অষ্টম দিন) স্থিৰ কৰা হয়।৩

চিং ৰাজবংশৰ সময়ত বেইজিঙৰ য়োংহে মন্দিৰত লাবা উৎসৱৰ ধৰ্মীয় অনুষ্ঠানসমূহ অনুষ্ঠিত হৈছিল।৪

আচাৰ-পৰম্পৰা

লাবা উৎসৱক চীনা নৱবৰ্ষৰ প্ৰাক-পৰ্ব হিচাপে গণ্য কৰা হয়, যাৰ প্ৰায় তিনি সপ্তাহৰ পিছত মূল নৱবৰ্ষ আহে।৩৫

ৰোগ-ব্যাধি দূৰ কৰাৰ বাবে ঢোল বজোৱাটো ইয়াৰ এক প্ৰাচীন পৰম্পৰা। তন্ত্ৰ-মন্ত্ৰ বা ডাইনী বিদ্যাৰ প্ৰাচীন পৰম্পৰাৰপৰা উৎপত্তি হোৱা এই প্ৰথা আজিও হুনান প্ৰদেশৰ চিনহুৱাৰ দৰে ঠাইত প্ৰচলিত হৈ আছে।৬

লাবা কঞ্জী

মূল প্ৰবন্ধ: লাবা কঞ্জী

পৰম্পৰাগতভাৱে, লাবা কঞ্জী গ্ৰহণ কৰাটো এই উৎসৱৰ এটা গুৰুত্বপূৰ্ণ অংগ। এই খাদ্যবিধৰ উৎপত্তিৰ সন্দৰ্ভত একাধিক পৌৰাণিক বা কিংবদন্তিমূলক আখ্যান আছে।৭ এটা কাহিনী অনুসৰি, ছং ৰাজবংশৰ সময়ত বৌদ্ধ মঠ-মন্দিৰসমূহে মানুহক এই কঞ্জী বা জাউ বিতৰণ কৰাৰপৰাই ইয়াৰ আৰম্ভণি হৈছিল। এই প্ৰথাটো সেই আখ্যানৰ সন্মানত প্ৰচলিত হৈছিল য’ত উল্লেখ আছে যে শাক্যমুনিয়ে (গৌতম বুদ্ধ) দ্বাদশ মাহৰ অষ্টম দিনা কঞ্জী খোৱাৰ পাছতহে দিব্যজ্ঞান লাভ কৰিছিল।২

চীনৰ বহু ঠাইত লাবা কঞ্জী বা লাবা পায়স অত্যন্ত জনপ্ৰিয়। বিভিন্নপ্ৰকাৰৰ চাউল, মাহ, বাদাম আৰু শুকান ফল ইয়াৰ প্ৰধান উপাদান। শীতকালত ই স্বাস্থ্যৰ বাবে উপকাৰী বুলি মানুহে বিশ্বাস কৰে।১

ইয়াক "অষ্ট-ৰত্ন কঞ্জী" ৮ বুলিও জনা যায় আৰু ইয়াক সাধাৰণতে আঠ বা ততোধিক উপাদানেৰে প্ৰস্তুত কৰা হয়, যিয়ে সৌভাগ্যৰ প্ৰতীক বহন কৰে।১ চীন দেশত 'আঠ' সংখ্যাটোক ভাগ্যশালী সংখ্যা হিচাপে গণ্য কৰা হয়,৯ আৰু লাবাৰ 'বা' শব্দৰ অৰ্থও হৈছে আঠ।১

চীনৰ বিভিন্ন অঞ্চলত লাবা কঞ্জীৰ বহুতো ভিন্ন ৰূপ দেখা পোৱা যায়।৭ ইয়াৰ উপাদানসমূহৰ ভিতৰত মিশ্ৰিত শস্য যেনে চাউল, বাজৰা আৰু যৱ; মাহ আৰু বাদাম জাতীয় শস্য যেনে মগু মাহ, ৰঙা মাহ, পদুমৰ বীজ, চীনাবাদাম, আখৰোট আৰু চেষ্টনাট; শুকান ফল যেনে বগৰী, লংগান, কিচমিচ আৰু গোজি বেৰী; আৰু অন্যান্য উপাদান যেনে শাক-পাচলি আৰু মাংস অন্তৰ্ভুক্ত হ’ব পাৰে।৮১০৬৭

লাবা নহৰু

মূল প্ৰবন্ধ: লাবা নহৰু

লাবা নহৰু
লাবা নহৰুছবি: Yupeng Wu from sydney, Australia · CC BY-SA 2.0

লাবা উৎসৱৰ আন এবিধ খাদ্য হৈছে লাবা নহৰু, যিটো বিশেষকৈ উত্তৰ চীনত অতি জনপ্ৰিয়।১১ চীনা ভাষাত নহৰুৰ উচ্চাৰণ ‘হিচাপ কৰা’ বা গণনা কৰা শব্দটোৰ সৈতে একে। লোকবিশ্বাস অনুসৰি লাবা উৎসৱৰদিনা ব্যৱসায়ীসকলে তেওঁলোকৰ হিচাপ-নিকাচ মিলাব লাগে আৰু বছৰটোৰ আয়-ব্যয়ৰ গণনা কৰিব লাগে।৮ ভিনেগাৰত নহৰু ডুবাই থৈ লাবা নহৰু প্ৰস্তুত কৰা হয়।৬ লাবা উৎসৱৰদিনাৰপৰা চীনা নৱবৰ্ষ অহালৈকে নহৰুখিনি ভিনেগাৰত ভিজাই ৰখা হয়। ইয়াৰ পিছত চীনা নৱবৰ্ষৰ সময়ত চীনা ডাম্পলিং (একপ্ৰকাৰৰ মʼমʼ)ৰ সৈতে এই নহৰু আৰু ভিনেগাৰ ব্যৱহাৰ কৰা হয়।৫

জনপ্ৰিয় সংস্কৃতিত

জিন ইয়ং নামৰ ঔপন্যাসিকগৰাকীৰ ওড টু গেলেণ্ট্ৰী নামৰ উপন্যাসখনৰ পটভূমিৰ সৈতে এই উৎসৱটো প্ৰাসংগিকভাৱে জড়িত।

২০১১ চনত গুগলে এই উৎসৱৰ স্মৃতিত এটা গুগল ডুডল প্ৰকাশ কৰিছিল।১২

লগতে চাওক

  • লিটল নিউ ইয়াৰ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ 'Eight treasure congee' shines during Laba Festival. www.chinadaily.com.cn
  2. ↑ Guang, Xing. (November 2013). Buddhist Impact on Chinese Culture. Asian Philosophy. পৃ. 305–322
  3. ↑ The Laba Festival. www.magzter.com
  4. ↑ 新年纳余庆 嘉节启新芳——古诗词里的春节习俗. guoqing.china.com.cn
  5. ↑ Gong, Wen. (2007). Lifestyle in China. 五洲传播出版社. পৃ. 14. ISBN 978-7-5085-1102-3
  6. ↑ 腊八节的传说和习俗(图)
  7. ↑ Stepanchuk, Carol. (1991). Mooncakes and Hungry Ghosts: Festivals of China. China Books & Periodicals. পৃ. 3–6. ISBN 0-8351-2481-9
  8. ↑ 农历腊八节:有悠久传统和历史 喝腊八粥腌腊八蒜. 中新网
  9. ↑ Hoon Ang, Swee. (1 January 1997). Chinese consumers' perception of alpha-numeric brand names. Journal of Consumer Marketing. পৃ. 220–233
  10. ↑ (5 April 2019). 7 Chinese dishes that are completely plant-based. South China Morning Post
  11. ↑ Block, E. (2010). Garlic and Other Alliums: The Lore and the Science. Royal Society of Chemistry. ISBN 978-0-85404-190-9
  12. ↑ Laba Rice Porridge Festival 2011

সম্পৰ্কিত শ্ৰেণী

চীনা সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাবা উৎসৱ” প্ৰবন্ধৰ সংশোধন ৬৩৮৫০৫ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।