ছাং ইয়াং(Shang Yang, ৩৯০ খ্ৰীষ্টপূৰ্ব – ৩৩৮ খ্ৰীষ্টপূৰ্ব), যাৰ প্ৰকৃত নাম আছিল ৱেই ইয়াং (Wei Yang), আছিল প্ৰাচীন চীনৰ চিন ৰাজ্য (State of Qin)-ৰ এজন অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজনীতিবিদ, সংস্কাৰক আৰু দাৰ্শনিক। তেওঁক চীনা দৰ্শনৰ আইনবাদ (Legalism) শাখাৰ এজন প্ৰধান প্ৰৱৰ্তক হিচাপে গণ্য কৰা হয়।
জীৱন আৰু কৰ্ম
চীন ৰাজ্যৰ সংস্কাৰ
ছাং ইয়াংয়ে চীন ৰাজ্যত ৰাজনৈতিক আৰু সামাজিক সংস্কাৰ আৰম্ভ কৰিছিল। ছাং ইয়াঙে চীন ৰাজ্যৰ শাসনকৰ্তা ডিউক খিয়াও (Duke Xiao)-ৰ অধীনত ধাৰাবাহিকভাৱে বহুতো কঠোৰ সামৰিক, অৰ্থনৈতিক আৰু আইনী সংস্কাৰ সাধন কৰিছিল। এই সংস্কাৰসমূহৰ ফলতেই চীন ৰাজ্য এখন দুৰ্বল ৰাজ্যৰপৰা সেই সময়ৰ আটাইতকৈ শক্তিশালী সাম্ৰাজ্যত পৰিণত হৈছিল, যিয়ে পৰৱৰ্তী সময়ত সমগ্ৰ চীন দেশক একত্ৰিত কৰাত সহায় কৰিছিল। ১
- যোগ্যতাৰ ভিত্তিত প্ৰথা (Meritocracy):তেওঁ কৃষি আৰু সামৰিক শক্তিক গুৰুত্ব দিয়ে, আৰু অভিজাতসকলৰ বিশেষাধিকাৰ হ্ৰাস কৰে। তেওঁ পূৰ্বপুৰুষৰপৰা পোৱা অভিজাত শ্ৰেণীৰ বিশেষ অধিকাৰসমূহ বিলুপ্ত কৰি সামৰিক আৰু প্ৰশাসনিক ক্ষেত্ৰত কেৱল যোগ্যতা আৰু পাৰদৰ্শিতাৰ ভিত্তিতহে পদোন্নতিৰ ব্যৱস্থা কৰিছিল।
- কঠোৰ আইন: তেওঁৰ শাসন-ব্যৱস্থাত অপৰাধৰ বাবে অতি কঠোৰ শাস্তিৰ ব্যৱস্থা আছিল আৰু সমগ্ৰ সমাজখনক এক সামূহিক দায়িত্ববোধৰ নিয়মৰে বান্ধি ৰাখিছিল। তেওঁৰ সংস্কাৰে চীন ৰাজ্যক শক্তিশালী কৰি তোলে, যাৰ ফলত চিন সাম্ৰাজ্যৰ উত্থান সম্ভৱ হয়।২
কৃতিত্ব
ছাং ইয়াংৰ সংস্কাৰ "ছাং ইয়াংৰ আইন" (Shang Yang’s reforms) নামেৰে জনা যায়।
তেওঁ "The Book of Lord Shang" (商君書) ৰচনা কৰিছিল, য’ত লিগেলিজমৰ মূলনীতি বৰ্ণনা কৰা হৈছে।
মৃত্যু
খ্ৰীষ্টপূৰ্ব ৩৩৮ চনত ছাং ইয়াংক মৃত্যুদণ্ড দিয়া হৈছিল। তেওঁৰ সংস্কাৰ আৰু কঠোৰ আইন-ব্যৱস্থাই শত্ৰুতা জন্মাইছিল।
মৃত্যুৰ পাছতো তেওঁৰ চিন্তাধাৰা লিগেলিজমৰ মূলভিত্তি হিচাপে চীনা ৰাজনৈতিক ইতিহাসত প্ৰভাৱ বিস্তাৰ কৰে।
তথ্যসূত্ৰ
- ↑ Pines, Yuri, "Legalism in Chinese Philosophy", The Stanford Encyclopedia of Philosophy (Winter 2014 Edition), Edward N. Zalta (ed.), 1.1 Major Legalist Texts, plato.stanford.edu/archives/win2014/entries/chin
- ↑ name="Cua">Antonio S. Cua (ed.), 2003, p. 362, Encyclopedia of Chinese Philosophy "The fifth important legalist, Shang Yang (Wei Yang, c. 390–338 B.C.E.), was born in Wei; his original surname was Gongsun."
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাং ইয়াং” প্ৰবন্ধৰ সংশোধন ৬৪০৬৪৯ (১ অক্টোবৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।