অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অঞ্জন দত্ত (শিল্পী)

অঞ্জন দত্ত এজন ভাৰতীয় বাঙালী গায়ক, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। তেওঁ সংগীতৰ বাবেহে‍ বেছি পৰিচিত। তেওঁৰ বিখ্যাত গীতসমূহৰ ভিতৰত 'বেলা বোস', 'ৰঞ্জনা আমি আৰ আছবোনা' অন্যতম। তেওঁৰ শৈশৱকাল অতিবাহিত হৈছিল দাৰ্জিলিঙত। অঞ্জন দত্ত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

হালনাগাদ: ২০ জুন ২০২৫ ৪৬৩ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

অঞ্জন দত্ত এজন ভাৰতীয় বাঙালী গায়ক, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। তেওঁ সংগীতৰ বাবেহে‍ বেছি পৰিচিত। তেওঁৰ বিখ্যাত গীতসমূহৰ ভিতৰত 'বেলা বোস', 'ৰঞ্জনা আমি আৰ আছবোনা' অন্যতম। তেওঁৰ শৈশৱকাল অতিবাহিত হৈছিল দাৰ্জিলিঙত। অঞ্জন দত্ত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। অঞ্জন দত্তৰ বিষয়ে‍ বাংলাদেশৰ সাজ্জাদ হুছেইনে অঞ্জনযাত্ৰা নামেৰে‍ এখন কিতাপ লিখি উলিয়াইছে।১

প্ৰাৰম্ভিক জীৱন

অঞ্জন দত্তৰ জন্ম ১৯৫৩ চনৰ ১৯ জানুৱাৰীত। তেওঁৰ শৈশৱ অতিবাহিত হৈছিল দাৰ্জিলিঙত। দাৰ্জিলিঙৰ ছেইণ্ট পল স্কুলতেই তেওঁৰ শিক্ষাজীৱন আৰম্ভ।

জীৱিকাৰ বাবে কাম-কাজ নথকাৰ দিনবোৰত তেওঁ কিছুদিনৰ বাবে‍ কলিকতাস্থিত দৈনিক কাকত দ্য ষ্টেটছমেন কাকতত সাংবাদিক হিচাপে কাম কৰিছিল।

অভিনয়

১৯৮১ চনৰ পৰাই চলচ্চিত্ৰত অভিনয় কৰি অহা অঞ্জন দত্তই ১৯৯৮ চনৰ পৰা চলচ্চিত্ৰ নিৰ্মাণত হাত দিয়ে‍।২ ‘একদিন অচানক’, ‘যুগান্ত’, ‘অন্তৰীণ’, ‘নিৰ্বাক’, ‘জানি দেখা হবে’, ‘চিত্ৰাঙ্গদা’, ‘দেখা’, ‘মিষ্টাৰ এণ্ড মিচেছ আয়েৰ’কে ধৰি কেইবাখনো চিনেমাত তেওঁক দেখা গৈছিল। মৃণাল সেন পৰিচালিত ‘চালচিত্ৰ’ৰ যোগেদি‍ অভিনয় জগতত আত্মপ্ৰকাশ। এই চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে‍ই তেওঁ ভেনিচ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

অঞ্জন দত্তই ‘দা বং কানেকচন’, ‘ৰঞ্জনা আমি আৰ আসবো না’, ‘চলো...লেটছ গ’, ‘দত্ত ভাৰ্চাছ দত্ত’, ‘মে‍ডলি বাঙালী’, ‘শেষ বলে কিছু নেই’কে ধৰি কেইবাখনো ব্যুমকেশ চিৰিজৰ চলচ্চিত্ৰ পৰিচালনা কৰিছিল।

দত্তই ৰঞ্জনা আমি আৰ আসবো না ছবিৰ বাবে দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

  • ২০১২ – ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – ৰঞ্জনা আমি আৰ আসবো নাৰ বাবে বিশেষ জুৰী বঁটা।৩
  • ২০১২ - ৰঞ্জনা আমি আৰ আসবো নাৰ বাবে বাংলা ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা।৪

অৱসৰ ঘোষণা

২০২৪ চনৰ ছেপ্টেম্বৰ মাহত অঞ্জন দত্তই মঞ্চৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। ৰাজহুৱা ঘোষণাত অভিনেতাজনে অতি সোনকালে পৰিবেশন হ’বলগীয়া তেওঁৰ নাটক আৰো একতা লিয়াৰৰ পোষ্টাৰ প্ৰকাশ কৰে।৫৬

অঞ্জন দত্তৰ গীতৰ এলবাম

  • শুনতে কি চাও? - ১৯৯৪
  • পুৰোনো গীটাৰ - ১৯৯৫ চন
  • ভালবাসি তোমায় - ১৯৯৬ চন
  • কেউ গান গায় - ১৯৯৭ চন
  • প্ৰিয় বন্ধু (বাংলাদেশত "গানে গানে ভালবাসা " নামেৰে‍ মুক্তিপ্ৰাপ্ত; অঞ্জন দত্ত, নিমা ৰহমান আৰু পৰশ পাথৰ) - ১৯৯৮
  • চলো বদলাই - ১৯৯৮ চন
  • হেল্ল' বাংলাদেশ - ১৯৯৯ চন
  • কলকাতা-১৬ - ১৯৯৯ চন
  • বান্দ্ৰা ব্লুজ (ইংৰাজী এলবাম) - ২০০০
  • অসময় - ২০০০ চন
  • ৰং পেঞ্চিল - ২০০১
  • অনেকদিন পৰ (অঞ্জন দত্ত আৰু কবীৰ সুমন) - ২০০৪
  • ইচ্ছে কৰে‍ই একসাথে (অঞ্জন দত্ত আৰু বাপ্পা মজুমদাৰ) - ২০০৫
  • দা বং কানেকচন (চলচ্চিত্ৰৰ গীত) - ২০০৭
  • আমি আৰ গদদ (নীল দত্ত আৰু অঞ্জন দত্ত) - ২০০৭
  • আবাৰ পথে দেখা (অঞ্জন দত্ত, বাপ্পা মজুমদাৰ আৰু এছ.আই. টুটুল) - ২০০৭
  • ঊনষাট -২০১৪

পৰিচালিত চলচ্চিত্ৰ

  • ০১. বৰদিন - ১৯৯৮
  • ০২. বো বেৰাকছ ফৰ এভাৰ - ২০০৪
  • ০৩. কলকাতা- ২০০৫
  • ০৪. দা বং কানেকচন - ২০০৬
  • ০৫. চলো, লেটছ গ!" - ২০০৮''
  • ০৬. চৌৰাস্তা ক্ৰছৰোডছ অফ লাভ - ২০০৯
  • ০৭. মে‍ডলি বাঙালী - ২০০৯
  • ০৮. ব্যুমকেশ বক্সী - ২০১০
  • ০৯. ৰঞ্জনা আমি আৰ আছাবো না - ২০১১
  • ১০. আবাৰ ব্যুমকেশ - ২০১২
  • ১১. দত্ত ভাৰ্চাছ দত্ত - ২০১২
  • ১২. গণেশ টকিছ - ২০১৩
  • ১৩. শেষ বলে কিছু নেই - ২০১৪
  • ১৪. ব্যুমকেশ - ২০১৫
  • ১৫. ব্যুমকেশ ও চিৰিয়াখানা - ২০১৬
  • ১৬. হেমন্ত - ২০১৬
  • ১৭. ব্যুমকেশ ও অগ্নিবান - ২০১৭

তথ্যসূত্ৰ

  1. ↑ মোছাব্বেৰ হোসেন. যা হতে চেয়েছি, পাৰিনি: অঞ্জন দত্ত
  2. ↑ বিখ্যাত হতে চেয়েছিলাম: অঞ্জন দত্ত
  3. ↑ archives.anandabazar.com/archive/1120309/8binoda link|date=June 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
  4. ↑ archives.anandabazar.com/archive/1120309/8binoda link|date=June 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
  5. ↑ (2024-10-01). Anjan Dutt bids farewell to the stage; announces his final act, ‘Aro Ekta Lear’. The Times of India
  6. ↑ Arts & Entertainment Desk. (2024-09-27). Anjan Dutt to bid farewell to theatre with ‘Aro Ekta Lear’. The Daily Star

সম্পৰ্কিত শ্ৰেণী

অভিনয় শিল্পীচলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অঞ্জন দত্ত (শিল্পী)” প্ৰবন্ধৰ সংশোধন ৫১৯৩৯৮ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।