অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লীনা যাদৱ

লীনা যাদৱ (Leena Yadav), জন্ম- ৬ জানুৱাৰী ১৯৭১) হৈছে এগৰাকী ভাৰতীয় ছবি পৰিচালক, প্ৰযোজক, চিত্ৰনাট্য লেখক আৰু সম্পাদক৷ লীনা যাদৱে টেলিভিছন উদ্যোগত নিজৰ কৰ্মজীৱনৰ পাতনি মেলে আৰু পৰৱৰ্তী সময়ত পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়ে৷ তেখেতৰ প্ৰথমখন আন্তৰ্জাতিক ছবি আছিল পাৰ্চড্৷ ২০১৫ চনত…

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৬৫ শব্দ · ১ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

লীনা যাদৱ (Leena Yadav), জন্ম- ৬ জানুৱাৰী ১৯৭১) হৈছে এগৰাকী ভাৰতীয় ছবি পৰিচালক, প্ৰযোজক, চিত্ৰনাট্য লেখক আৰু সম্পাদক৷ লীনা যাদৱে টেলিভিছন উদ্যোগত নিজৰ কৰ্মজীৱনৰ পাতনি মেলে আৰু পৰৱৰ্তী সময়ত পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়ে৷ তেখেতৰ প্ৰথমখন আন্তৰ্জাতিক ছবি আছিল পাৰ্চড্৷ ২০১৫ চনত ছবিখনৰ টৰণ্টো আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হৈছিল৷১২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

লীনা যাদৱে ভাৰতীয় স্থলসেনাৰ এগৰাকী জেনেৰেলৰ ঘৰত জন্মলাভ কৰিছিল৷ তেখেতৰ জন্মস্থান আছিল মধ্যপ্ৰদেশ৷ নতুন দিল্লীস্থ লেডি শ্ৰী ৰাম কলেজ ফ'ৰ ৱমেনৰ পৰা তেখেতে অৰ্থনীতি বিষয়ত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে৷ মুম্বাইত থকা ছ;ফিয়া কলেজৰ পৰা তেখেতে লাভ কৰে গণ সংযোগৰ শিক্ষা৷২৩৪

ব্যক্তিগত জীৱন

খেমচান্দ প্ৰকাশৰ নাতি আৰু ৰাম গোপাল বাজাজৰ পুত্ৰ অসীম বাজাজৰ লগত লীনা যাদৱৰ যুগ্ম জীৱন আৰম্ভ হয়৷ অসীম বাজাজ এগৰাকী ভাৰতীয় চিত্ৰগ্ৰহণকাৰী আৰু চলচ্চিত্ৰ প্ৰযোজক৷ হাজাৰো খোৱাইছ' এইচি, শব্দ, ইউ মি অউৰ হাম আৰু চামেলী আদি ছবিত কেমেৰাৰ জৰিয়তে উপস্থাপন কৰা কাব্যসুলভ প্ৰতীকৰ বাবে অসীম বাজাজ জনাজাত৷ দিছ উইক ডেট ইয়েৰ নামৰ টেলিভিছন শ্ব'টো পৰিচালনা কৰি থকাৰ সময়ত লীনা যাদৱে অসীমক লগ পাইছিল৷ সেইখন আছিল লীনা যাদৱৰ প্ৰথমটো টেলিভিছন শ্ব'৷৩

কৰ্মজীৱন

চলচ্চিত্ৰৰ সম্পাদনাৰ কামটোৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈ লীনা যাদৱে চলচ্চিত্ৰ সম্পাদনা শিকিবলৈ আৰম্ভ কৰে৷ সেইসময়ত তেখেতে গণমাধ্যমৰ বিষয়তো ডিপ্লমা কৰি আছিল৷ লীনা যাদৱে কাৰোৰে অধীনত সহকাৰী হিচাপে কাম কৰা নাছিল৷ সম্পাদনাৰ কৌশলৰ পৰাই পাছলৈ তেখেতে ছবি পৰিচালনা আৰু চিত্ৰনাট্য লিখিবলৈ শিকে৷ বিজ্ঞাপনৰ ছবিত তেখেতে সম্পাদক হিচাপে কাম কৰে, কিছুমান কৰ্পোৰেটৰ লগত কাম কৰে আৰু টেলিভিছনৰ বাবে কেতবোৰ কাম কৰে৷ তেখেতে ডিছ উইক ডেট ইয়েৰ নামৰ টিভি শ্ব'টো পৰিচালনা কৰিছিল৷ শ্ব'টো ষ্টাৰ মুভিছত সম্প্ৰচাৰিত হৈছিল৷ সফলতা লাভ কৰাৰ পাছত তেখেতে নিখিল কাপুৰৰ লগত নিজৰ প্ৰযোজনা গোষ্ঠী আৰম্ভ কৰে আৰু কিছুমান সফল শ্ব' পৰিচালনা আৰু প্ৰযোজনা কৰে৷ ১২৩৫

টিভিৰ পৰিচালক হিচাপে, লীনা যাদৱে কল্পনাশ্ৰয়ী আৰু অ-কাহিনীমূলক দুয়োটা প্ৰকাৰৰ কামতেই হাত দিয়ে আৰু এইধৰণৰ কৰ্মত তেখেত মোটামুটি ১২ বছৰ জড়িত হৈ থাকে৷ দুখনমান জনপ্ৰিয় আৰু সফল অনুষ্ঠান হৈছে-Say Na Something to Anupam Uncle, Sanjeevani ইত্যাদি১

মূলসুঁতিৰ চলচ্চিত্ৰ পৰিচালক হিচাপে লীনা যাদৱে পোনপ্ৰথমে শব্দ নামৰ ছবিখন পৰিচালনা কৰে৷ ছবিখনে মুক্তি লাভ কৰে ২০০৫ চনত৷ ইয়াৰ পাঁচটা বছৰৰ বিৰতিৰ মূৰত তেখেতে টিন পট্টি নামৰ ছবিখন নিৰ্মাণ কৰে৷ ৬ পাৰ্ছড নামৰ ছবিখনত টন্নিষ্ঠা চেটাৰ্জী, ৰাধিকা আপ্টে,সুৰভিন চাওলা আৰু আদিল হুছেইনে কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে৷ ৭৮লীনা যাদৱে পৰিচালনা আৰু প্ৰযোজন কৰা শেহতীয়া ছবিখন হৈছে ৰাজমা চাৱল৷ ছবিখনৰ এটা চৰিত্ৰত বৰ্ষীয়ান অভিনেতা ঋষি কাপুৰেও অভিনয় কৰিছিল৷ ৯

পৰিচালক হিচাপে

চলচ্চিত্ৰ

বৰ্ষচলচ্চিত্ৰপৰিচালকলেখকপ্ৰযোজকসম্পাদকটোকা
২০০০ডেদ এণ্ডটেলিভিছনৰ চিনেমা, গীতিকাৰ হিচাপেও জড়িত৪
২০০৫শব্দ
২০০৯থেংক ইউ ফৰ নাওShort film
২০১০টিন পট্টি
২০১৫পাৰ্চড্
২০১৮ৰাজমা চাৱল

টেলিভিছনৰ শ্ব

  • ডিছ উইক ডেট ইয়েৰ –ষ্টাৰ মুভিজ
  • ছেই না চামথিং টু অনুপম আংকল
  • সঞ্জীৱনী
  • গুঞ্জ – ছনি টিভি
  • কহী না কহী কৌই হ্যেয় মাধুৰী দিক্ষীতৰ লগত কৰা এটা অনুষ্ঠান
  • টেম্পটেছন আইলেণ্ড.
  • ডেড এণ্ড.
  • খৌফ১২৫

তথ্যচিত্ৰ

  • হাউছ অৱ ছিক্ৰেটছ (২০২১)১০

তথ্যসূত্ৰ

  1. ↑ Playing Teen Patti with Leena Yadav. starboxoffice.com
  2. ↑ (20 August 2002). Indiantelevision.com's Interview with TV director Leena Yadav. indiantelevision.com
  3. ↑ (1 February 2005). Meet the woman behind Shabd. Rediff.com
  4. ↑ Leena Yadav – Director, editor, and writer. imdb.com
  5. ↑ (13 January 2012). Leena Yadav – Film director. scmsophia.com
  6. ↑ (23 January 2010). No film without Big B says Leena Yadav. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  7. ↑ (11 February 2014). Oscar Winner Russell Carpenter to Lens U.S.-India Co-Production 'Parched' (Exclusive). Hollywood Reporter
  8. ↑ (2016-09-27). Getting threats over Parched, says director Leena Yadav. The Indian Express
  9. ↑ www.imdb.com/title/tt6747420/
  10. ↑ Netflix India Unveils 4 Documentary Films and TV Series. NDTV Gadgets 360

সম্পৰ্কিত শ্ৰেণী

চলচ্চিত্ৰ প্ৰযোজকচলচ্চিত্ৰ পৰিচালকচিত্ৰনাট্য লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীনা যাদৱ” প্ৰবন্ধৰ সংশোধন ৩৮২৮৬৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।